জুৰিয়ে ঘোষনা কৰিলে।
--নাই নিজৰ নিজৰ কৌশলেৰে প্ৰচাৰ কৰা এখনো চিনেমা নাথাকিল।
-- তামিল চিনেমা 'কুঝাংগল' অস্কাৰৰ ভাৰতৰ 'অফিচিয়েল এণ্ট্ৰী' বাবে নিৰ্বাচন কৰি বিচাৰক মণ্ডলিয়ে (ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াই ছাজি এন কৰুণৰ নেতৃত্বত গঠন কৰি দিয়া ১৫ জনীয়া নিৰ্বাচন কমিটীয়ে) যেন স্পষ্ট কৰি দিলে, প্ৰচাৰ কচৰৎ 'গুৰুত্ব শূন্য'।
--প্ৰচাৰ দৌৰত আছিল 'শ্বেৰনি',' ছৰ্দাৰ উধম', 'ব্ৰীজ', 'নয়াট্টু’ আৰু ‘মন্দেলা'। 'ব্ৰীজ'ৰ স্থানীয় প্ৰচাৰ দেখি এনে লাগিছিল-- চিনেমা খন যেন 'অস্কাৰ' বাবে নিৰ্বচন হৈছে! 'শ্বেৰনি',' ছৰ্দাৰ উধম'ৰ প্ৰচাৰ আছিল এখোপ চৰা। পিছে আটাই কেইখন চিনেমায়ে দৌৰাৰ আগতেই পিছল খালে। এয়া অৱশ্যে ঠিক-- প্ৰচাৰ বিলাস পূৰ্ণ হ'ল। (প্ৰচাৰ বিলাস পূৰ্ণ কৰাৰ স্বাৰ্থত কিন্তু প্ৰযোজক-পৰিচালক কেইগৰাকীয়ে অপৰাধ কৰিলে, সংবাদ মাধ্যমক 'মিছা'কৈ 'প্ৰচাৰ' লোৱাৰ অপৰাধ। আৰু 'অপৰাধী' শুনিয়ে 'সংবাদ'ৰ আকাৰ দিয়া সকলো।)
--ভাৰতৰ 'অফিচিয়েল এণ্ট্ৰী' হ'ল বাৰু! চিনেমা খনৰ নাম অহা বছৰৰ ২৭ মাৰ্চত লছ এঞ্জেলছৰ ৯৪ সংখ্যক একাডেমী বঁটাৰ মঞ্চৰ পৰা শুনিম নে? শুনিম বুলি আশা কৰিব পৰা পৰ্যায় পাবনে?
--পালে ভাল লাগিব! কিন্তু ভাল লাগিব পৰাকৈ আাশা কৰিবলৈ সাহস গোটাব নোৱাৰো দেখোন!
--এইবাৰ আবেদন জনোৱাৰ তালিকাত আছিল ৯ খন আঞ্চলিক ভাষাৰ চিনেমা। 'মন্দেলা'(তামিল), ‘আতা ভেল জ়ালি’ (মাৰাঠি), ‘কুঝাংগল ’ (তামিল), ‘ব্রিজ’ (অসমীয়া), ‘চেল্লো শো’ (গুজৰাটি), ‘গোদাভৰী’ (মাৰাঠি), ‘কাৰখানিছাঞ্চি ৱাড়ি’ (মাৰাঠি), ‘নায়াট্টু’ (মালায়ালাম) আৰু ‘লয়লা অউৰ সাত গীত’ (গোজৰি)।
--কথা প্ৰসংগত জুৰিৰ আসনত বহি ভাৰতৰ বিভিন্ন ভাষাৰ, ভিন্ন প্ৰান্তৰ চিনেম চোৱাৰ সুযোগ পোৱা অসমীয়া চিনেমাৰ পৰিচালক এগৰাকীয়ে কৈছিল, কেৱল দক্ষিণ ভাৰতৰ আঞ্চলিক ভাষাতে বছৰি ৩০-৪০ খন সাৰ্থক চিনেমা নিৰ্মাণ হয়। ইয়াৰে 'অস্কাৰ'ৰ টিলিঙা বজায় ২-৫ খনেহে। কেৱল আৰ্থিক কাৰণতে টিলিঙা বজোৱা কেইখনতকৈয়ো উন্নত মানৰ চিনেকৰ্ম 'অস্কাৰ নিৰ্বাচন'ৰ আতৰতে ৰৈ যায়। এনে দৰে ৰৈ যোৱা আঞ্চলিক ভাষাৰ চিনেমাৰ সংখ্যাও কম নহয়।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন