সরাসরি প্রধান সামগ্রীতে চলে যান

চিত্ৰনাট্য /৮

আমাৰ চৰ্চাৰ বিষয় আছিল— চিত্রনাট্য। প্রযোজক-পৰিচালক বিধু বিনোদ চোপ্ৰাই কৈছিল,‘আমি যাক ‘পেপাৰৱৰ্ক’ কওঁ, শেষ পৰ্যায়ৰ ‘পেপাৰ ৱৰ্ক’ক কোৱা হয় চিত্রনাট্য। চিত্রনাট্যত পৰিচালকে ‘সম্পূর্ণ চিনেমা’ এখন দেখে। মই তেতিয়ালৈকে চিত্রনাট্য এখন লৈ ফ্ল’ৰলৈ নাযাও, যেতিয়ালৈকে চিত্রনাট্যত মই ধাৰণা কৰি লোৱা চিনেমাখন নেদেখো, চিনেমাখন অনুভৱ কৰাত দিগদাৰ অনুভৱ কৰো। চিত্রনাট্য এখন সাজু কৰিবলৈ মোক দীর্ঘ সময় লাগে। মোৰ ধাৰণাত চিত্রনাট্যত ৫-২০ বছৰ পৰিশ্ৰম কৰিব লাগে। কৰা উচিত। ‘পৰিন্দা’ৰ বাবে কেইবাবাৰো চিত্রনাট্য লিখাছিলো। আন্না (নানা পাটেকাৰ), কিষাণ (জেকিশ্রুফ), পাৰো (মাধুৰী দীক্ষিত) আৰু কৰণ (অনিল কাপুৰ) চৰিত্ৰ চাৰিটাক নিৰ্মাণক কেন্দ্ৰ কৰি বহু পৰিশ্ৰম কৰিছিলো। মোৰ ধাৰণাত চিত্রনাট্যত ৫-২০ বছৰ পৰিশ্ৰম কৰিব লাগে। কৰা উচিত। ‘পৰিন্দা’ৰ বাবে কেইবাবাৰো চিত্রনাট্য লিখাছিলো। আন্না (নানা পাটেকাৰ), কিষাণ (জেকিশ্রুফ), পাৰো (মাধুৰী দীক্ষিত) আৰু কৰণ (অনিল কাপুৰ) চৰিত্ৰ চাৰিটাক নিৰ্মাণক কেন্দ্ৰ কৰি বহু পৰিশ্ৰম কৰিছিলো। চৰিত্ৰ চাৰিটাৰে ঠিয় কৰাইছিলো ‘গল্প’টো। মোৰ কেতিয়াবা ভাব হয় ‘পৰিন্দা’ৰ দৰে পৰিশ্ৰম হয়তো আনকেইখন চিনেমাত কৰা নাছিলো।' বিধু বিনোদ চোপ্ৰাৰ চিত্ৰনাট্য কৰ্ম আগবাঢ়ে এনেদৰে-- প্ৰথম পৰ্যায়ত 'গল্প' নিৰ্মাণ। পৰিচালক গৰাকীয়ে নিজে ৰচনা কৰা 'গল্প'টোক কেন্দ্ৰ কৰি চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্রামণিয়ামৰ সৈতে আলোচনাত বহিছিল। আলোচনাৰ অন্তত চৰিত্ৰ নিৰ্মাণ কৰি 'গল্প'টো ঠিয় কৰাইছিল। শিৱ কুমাৰ সুব্রামণিয়াম। অভিনেতা, চিত্ৰনাট্যকাৰ। 'তিনপাত্তি', হাজাৰো খোৱাচ এইছি, চামেলি, 'অৰ্জুন পণ্ডিত', ' ইছ ৰাত কি ছুবাহ নহী', '1942: এ লাভ ষ্টোৰী'ৰ চিত্ৰনাট্যকাৰ সুব্রামণিয়ামে 'পৰিন্দা'ৰ চিত্ৰনাট্য লিখিছিল। ' ইছ ৰাত কি ছুবাহ নহী' সুধিৰ মিশ্ৰাৰ পৰিচালনা। কেইবাটাও পৰ্যায়ত তিনি গৰাকী চিত্ৰনাট্যকাৰে চিত্ৰনাট্যৰ কাম কৰিছিল। সুধিৰ মিশ্ৰাৰ গল্পৰ আধাৰত প্ৰথম খন চিত্ৰনাট্য লিখিছিল নিখিল আদৱানিয়ে। দ্বিতীয় পৰ্যায়ত শিৱ কুমাৰ সুব্রামণিয়ামে। আৰু শেষ পৰ্যায়ত পৰিচালক মিশ্ৰাই। কিন্তু 'পৰিন্দা'ৰ চিত্ৰনাট্য কেইবাটাও পৰ্যায়ত লিখিছিল শিৱ কুমাৰ সুব্রামণিয়ামে। "পৰিপাটি কাম আছিল 'ইছ ৰাত কি ছুবাহ নহী'। গতিকে আমাৰ সমস্যা হোৱা নাছিল। সমস্যা যে হোৱা নাছিল, কাৰণ-- চিত্ৰনাট্যৰ চিন্তা কৰিছিল পৰিচালকে। চিত্ৰনাট্যৰ বুনিয়াদ নিৰ্মাণ, শেষ স্পৰ্শ পৰিচালকৰ। আমি সহায় কৰিছিলো মাত্ৰ। এনে কামত সৃষ্টিৰ তাগিদা নাথাকে, পৰিপাটিকৈ কাম কৰাৰ তাগিদা থাকে। বিপৰীতে 'পৰিন্দা'ত আছিল সৃষ্টিৰ তাগিদা। চিত্ৰনাট্যৰ কাম অকলে আগবঢ়াইছিলো। পৰিচালকৰো চিন্তা আছিল। পৰিচলকে নিজৰ চিন্তা মোক কৈছিল। কিন্তু পৰিচালক গৰাকীয়ে মোক বান্ধি ৰখা নাছিল, মুকলি মনেৰ চিত্ৰনাট্যৰ কাম কৰাৰ অধিকাৰ দিছিল। মোৰ ধাৰণাত --চিত্ৰনাট্য ৰচনাৰ সয়য়ত পৰিচালকে চিত্ৰনাট্যকাৰক বান্ধি ৰাখিব নালাগে। আৰু চিত্ৰনাট্যকাৰ-পৰিচালকে মত বিনিময় কৰি থাকিব লাগে। আৰু মোৰ অনুভৱ চিত্ৰনাট্য চিত্ৰনাট্যকাৰৰ চিন্তাৰে আগবাঢ়িব লাগে।" (সৌজন্য: আৰছদ ৰিয়াজ) চিত্ৰনাট্যকাৰ বিধু বিনোদ চোপ্ৰা আৰু চিত্ৰনাট্যকাৰ জে পি দত্তাৰ সমস্যা হেনো একেটাই। ‘আখৰি মুগল’ নামৰ চিনেমা এখনৰ কাম হাতত লৈছিল চৰ্চিত পৰিচালক জে পি দত্তাই। মূল চৰিত্ৰটো ৰচনা কৰিছিল দিলীপ কুমাৰক মনত ৰাখি। দিলীপ কুমাৰে চিত্রনাট্য বিচাৰিলে। পৰিচালকে দিলে। কেইদিনমান পিছতে অভিনেতাগৰাকীয়ে পৰিচালকক স্পষ্টভাৱে জনাই দিলে (বিভিন্ন কাকত-আলোচনীত হোৱা চৰ্চা মতে)— ‘ইমান দুর্বল চিত্রনাট্যৰ চিনেমাত কাম কৰিব নোৱাৰিম।... ' এইখনেই নহয় জে পিৰ প্ৰায়কেইখন চিনেমাৰ চিত্ৰনাট্য দুৰ্বল৷ মোৰ বুজাত অসুবিধা হয়— বৰ্তমান সময়ৰ শ্ৰেষ্ঠ পৰিচালকগৰাকীয়ে ইমান দুর্বল চিত্রনাট্য লৈ কিয় কাম কৰে।...' চিনেমা আলোচকসকলেও ক’ব খোজে, কেইবাটাও শ্রেষ্ঠ চৰিত্ৰ নিৰ্মাণ কৰা জে পি দত্তাৰ কেৰিয়াত প্ৰতিটো দিশতে প্রশংসা কৰিব পৰা চিনেমা নাই। সমস্যা-- দুর্বল চিত্রনাট্য। এক সমীক্ষা চলাইছিল ‘ফিল্ম চিটী’ নামৰ চিনেমা বিষয়ৰ সাপ্তাহিক কাকতখনে। বলীউডৰ চিনেমাৰ নিৰ্মাতাই ‘পেপাৰ ৱৰ্ক’ত কিমান সময় খৰচ কৰে। সমীক্ষাটোত স্পষ্ট হৈছিল, অতি কম সময় খৰচ কৰে, বিশেষকৈ চিনেমাৰ তুলনাত। কেৱল চিত্রনাট্য ৰচনাতে হলীউডৰ চিত্ৰনিৰ্মাৰ্তাই ১০ বছৰপৰ্যন্ত খৰচ কৰাৰ উদাহৰণ আছে। 'টাইটানিক’ৰ চিত্ৰনাট্য সাজু কৰা হৈছিল ৫ বছৰৰো বেছি সময় খৰচ কৰি। ‘জুৰাচিক পার্ক’ (প্রথম)ত চিত্রনাট্যকাৰে সময় খৰচ কৰিছে ৬ বছৰ। ইয়াৰ বিপৰীতে বলীউডত দেখা যায় ৬ বছৰত এগৰাকী চিত্রনাট্যকাৰ-পৰিচালকে ৬খন চিনেমা সম্পূৰ্ণ কৰি চিত্ৰগৃহত মুক্তি দিয়ে, অতি সহজেই। সমীক্ষাটোৰ মতে, বলীউডৰ চিত্ৰনিৰ্মাৰ্তাই চিত্রনাট্যৰ সময় খৰচ কৰে ১০ শতাংশ, ফ্ল’ৰত ৭০ শতাংশ। এগৰাকী পৰিচালক-- ৱাংকাৰ ৱাই। ' ইন দ্য মুড ফৰ লাভ’ চিনেমাখনৰ পৰিচালক ৱাং কাৰ ৱাই। বিশ্ব চিনেমাৰ চৰ্চিত পৰিচালক। ইতিমধ্যে কেইবাখনো চিনেমাৰে বিশ্ব চিনেমাৰ ক্ষেত্ৰখনত বিশেষ আসন দখল কৰিছে। ১৯৫৮ চনত চীনৰ চাংহাই প্ৰদেশত জন্মগ্ৰহণ কৰা এইগৰাকী পৰিচালকে চিনেমা নিৰ্মাণৰ কাম হাতত লৈ হংকঙলৈ আহে। পৰিচালকগৰাকীৰ বাবে প্ৰথম অৱস্থাত সমস্যা সৃষ্টি কৰিছিল ভাষাই ৷ মান্দাৰিক আৰু চাংহানিজ ভাষাৰ বাহিৰে আন একো ভাষা ক’ব পৰা নাছিল আৰু বুজাৰ ক্ষমতাও নাছিল ৷ তেনেদৰে বুজা-নুবুজাৰ মাজেৰেই হংকঙৰ স্থানীয় তাৰকাসকলৰ সৈতে ব্যস্ত হৈ পৰিছিল পৰিচালকগৰাকী। ৱা কাৰ ৱাই দৰাচলতে হংকঙলৈ পৰিচালক হ'বলৈ অহা নাছিল, আহিছিল গ্রাফিক ডিজাইনাৰ হিচাপে কাম কৰিবলৈহে। গ্রাফিক ডিজাইনাৰ হিচাপে কামত ব্যস্ত হৈও পৰিছিল। কিন্তু যিখন চিনেমাৰ বাবে গ্ৰাফিক ডিজাইনক লৈ ব্যস্ত হৈছিল, সেইখনৰ প্ৰযোজকেই উমান পাইছিল ৱাং কাৰৰ মাজত লুকাই থকা সৃষ্টিশীল পৰিচালকগৰাকীৰ। গতিকে প্রযোজকগৰাকীৰ প্ৰেৰণাতেই চিত্রনাট্য ৰচনাৰ লগতে পৰিচালনাৰো সুযোগ পাইছিল AS TEARS GO BY চিনেমাখন। চিনেমাখনৰ প্ৰযোজক আছিল এলান টং। চিনেমাখনেৰে পৰিচালকগৰাকীয়ে বিশ্ব চিনেমাৰ ক্ষেত্ৰখনত হাইলাইটলৈ আহে যদিও প্রযোজকে বেয়া ধৰণে মাৰ খাব লগা হৈছিল। বক্স অফিচত সামান্যও সুবিধা কৰিব পৰা নাছিল। ইয়াৰ পাছতে প্রযোজকগৰাকীয়ে ৱাং কাৰক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়ে DAYS OF BEING WILD চিনেমাখন পৰিচালনা কৰিবলৈ দি। দুখৰ বিষয় এইখনতো প্রযোজকগৰাকীয়ে কেইবাকোটি টকা লোকচান ভৰিব লগা হ'ল। প্রথম দুখন পৰিচালনাৰে চৰ্চালৈ অহা ৱাং কাৰে পৰিচালক হিচাপে বিশেষ স্থান দখল কৰি লয় ২০০০ চনতহে। কেইবাবাৰো বিফলতাৰ পাছত বক্স অফিচত সফলতা লাভ কৰে ‘ইন দ্য মুড ফৰ লাভ’ চিনেমাখনেৰে। এই চিনেমাখন কাঁৰ দৰে আগশাৰীৰ চলচ্চিত্র মহোৎসৱতো চৰ্চাৰ বিষয় হৈ পৰে। আৱশ্যে ইয়াৰ পূৰ্বে ১৯৯৭ চনত কা চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল HAPPY TOGETHER চিনেমাখনেৰে। পৰিচালকগৰাকীৰ প্ৰসংগত আগশাৰীৰ চিনে পণ্ডিতসকলে দিয়া মন্তব্যটো হ'ল— ‘ৱাং কাৰ ৱাইয়ে সংগীতৰ আৰু কেমেৰাৰ ভাষাৰ যি সুমধুৰ কম্প’জিচন কাৰে, সেয়া আন কোনো পৰিচালকৰ পক্ষেই সম্ভৱ নহয় যেন অনুভৱ হয়।' (উৎস: Movie Weekly) ‘ইন দ্য মুভ ফৰ লাভ’—৯৮ মিনিট দৈৰ্ঘৰ অনবদ্য দৃশ্যকাব্য। প্রেম-নিঃসংগতাৰ ‘গল্প’টোক বিশেষ পর্যায়লৈ, উপভোগ্য পর্যায়লৈ লৈ যোৱা হৈছিল চিত্রনাট্যতে। পৰিচালকগৰাকীয়ে কৈছিল— 'ছয় বছৰৰো বেছি সময় পৰিশ্ৰম কৰা হৈছিল। এই চিনেমাখনৰ গল্পটো ৰচনা কৰিছিলো ১৯৮৯ চনতে। মোৰ প্ৰথমখন চিনেমা সম্পূর্ণ হোৱাৰ পিছত। চিত্রনাট্যৰ কাম এবাৰতে সম্পূৰ্ণ কৰিব পৰা নাছিলো। সন্তুষ্ট হোৱা নাছিলো, বাৰে বাৰে কৰিছিলো। মাজতে পাঁচখন চিনেমাৰ কাম শেষ কৰিলো। ১৯৯৮ চনতহে চিত্রনাট্য শেষ কৰিছিলো। মোৰ ধাৰণাত চিত্রনাট্যত কৰা পৰিশ্ৰমেই চিনেমাখন সফল হোৱাৰ কাৰণ। মই বিশ্বাস কৰো চিত্রনাট্য চিনেমাৰ বুনিয়াদ।' (উৎস: Vogue Film) কব পাৰি এই চিনেমা খনৰ চিত্ৰনাট্য কৰ্মত সময় খৰচ কৰিছিল ৭০% শতাংশৰো বেছি।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...