সরাসরি প্রধান সামগ্রীতে চলে যান

চিত্ৰনাট্য /৮

আমাৰ চৰ্চাৰ বিষয় আছিল— চিত্রনাট্য। প্রযোজক-পৰিচালক বিধু বিনোদ চোপ্ৰাই কৈছিল,‘আমি যাক ‘পেপাৰৱৰ্ক’ কওঁ, শেষ পৰ্যায়ৰ ‘পেপাৰ ৱৰ্ক’ক কোৱা হয় চিত্রনাট্য। চিত্রনাট্যত পৰিচালকে ‘সম্পূর্ণ চিনেমা’ এখন দেখে। মই তেতিয়ালৈকে চিত্রনাট্য এখন লৈ ফ্ল’ৰলৈ নাযাও, যেতিয়ালৈকে চিত্রনাট্যত মই ধাৰণা কৰি লোৱা চিনেমাখন নেদেখো, চিনেমাখন অনুভৱ কৰাত দিগদাৰ অনুভৱ কৰো। চিত্রনাট্য এখন সাজু কৰিবলৈ মোক দীর্ঘ সময় লাগে। মোৰ ধাৰণাত চিত্রনাট্যত ৫-২০ বছৰ পৰিশ্ৰম কৰিব লাগে। কৰা উচিত। ‘পৰিন্দা’ৰ বাবে কেইবাবাৰো চিত্রনাট্য লিখাছিলো। আন্না (নানা পাটেকাৰ), কিষাণ (জেকিশ্রুফ), পাৰো (মাধুৰী দীক্ষিত) আৰু কৰণ (অনিল কাপুৰ) চৰিত্ৰ চাৰিটাক নিৰ্মাণক কেন্দ্ৰ কৰি বহু পৰিশ্ৰম কৰিছিলো। মোৰ ধাৰণাত চিত্রনাট্যত ৫-২০ বছৰ পৰিশ্ৰম কৰিব লাগে। কৰা উচিত। ‘পৰিন্দা’ৰ বাবে কেইবাবাৰো চিত্রনাট্য লিখাছিলো। আন্না (নানা পাটেকাৰ), কিষাণ (জেকিশ্রুফ), পাৰো (মাধুৰী দীক্ষিত) আৰু কৰণ (অনিল কাপুৰ) চৰিত্ৰ চাৰিটাক নিৰ্মাণক কেন্দ্ৰ কৰি বহু পৰিশ্ৰম কৰিছিলো। চৰিত্ৰ চাৰিটাৰে ঠিয় কৰাইছিলো ‘গল্প’টো। মোৰ কেতিয়াবা ভাব হয় ‘পৰিন্দা’ৰ দৰে পৰিশ্ৰম হয়তো আনকেইখন চিনেমাত কৰা নাছিলো।' বিধু বিনোদ চোপ্ৰাৰ চিত্ৰনাট্য কৰ্ম আগবাঢ়ে এনেদৰে-- প্ৰথম পৰ্যায়ত 'গল্প' নিৰ্মাণ। পৰিচালক গৰাকীয়ে নিজে ৰচনা কৰা 'গল্প'টোক কেন্দ্ৰ কৰি চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্রামণিয়ামৰ সৈতে আলোচনাত বহিছিল। আলোচনাৰ অন্তত চৰিত্ৰ নিৰ্মাণ কৰি 'গল্প'টো ঠিয় কৰাইছিল। শিৱ কুমাৰ সুব্রামণিয়াম। অভিনেতা, চিত্ৰনাট্যকাৰ। 'তিনপাত্তি', হাজাৰো খোৱাচ এইছি, চামেলি, 'অৰ্জুন পণ্ডিত', ' ইছ ৰাত কি ছুবাহ নহী', '1942: এ লাভ ষ্টোৰী'ৰ চিত্ৰনাট্যকাৰ সুব্রামণিয়ামে 'পৰিন্দা'ৰ চিত্ৰনাট্য লিখিছিল। ' ইছ ৰাত কি ছুবাহ নহী' সুধিৰ মিশ্ৰাৰ পৰিচালনা। কেইবাটাও পৰ্যায়ত তিনি গৰাকী চিত্ৰনাট্যকাৰে চিত্ৰনাট্যৰ কাম কৰিছিল। সুধিৰ মিশ্ৰাৰ গল্পৰ আধাৰত প্ৰথম খন চিত্ৰনাট্য লিখিছিল নিখিল আদৱানিয়ে। দ্বিতীয় পৰ্যায়ত শিৱ কুমাৰ সুব্রামণিয়ামে। আৰু শেষ পৰ্যায়ত পৰিচালক মিশ্ৰাই। কিন্তু 'পৰিন্দা'ৰ চিত্ৰনাট্য কেইবাটাও পৰ্যায়ত লিখিছিল শিৱ কুমাৰ সুব্রামণিয়ামে। "পৰিপাটি কাম আছিল 'ইছ ৰাত কি ছুবাহ নহী'। গতিকে আমাৰ সমস্যা হোৱা নাছিল। সমস্যা যে হোৱা নাছিল, কাৰণ-- চিত্ৰনাট্যৰ চিন্তা কৰিছিল পৰিচালকে। চিত্ৰনাট্যৰ বুনিয়াদ নিৰ্মাণ, শেষ স্পৰ্শ পৰিচালকৰ। আমি সহায় কৰিছিলো মাত্ৰ। এনে কামত সৃষ্টিৰ তাগিদা নাথাকে, পৰিপাটিকৈ কাম কৰাৰ তাগিদা থাকে। বিপৰীতে 'পৰিন্দা'ত আছিল সৃষ্টিৰ তাগিদা। চিত্ৰনাট্যৰ কাম অকলে আগবঢ়াইছিলো। পৰিচালকৰো চিন্তা আছিল। পৰিচলকে নিজৰ চিন্তা মোক কৈছিল। কিন্তু পৰিচালক গৰাকীয়ে মোক বান্ধি ৰখা নাছিল, মুকলি মনেৰ চিত্ৰনাট্যৰ কাম কৰাৰ অধিকাৰ দিছিল। মোৰ ধাৰণাত --চিত্ৰনাট্য ৰচনাৰ সয়য়ত পৰিচালকে চিত্ৰনাট্যকাৰক বান্ধি ৰাখিব নালাগে। আৰু চিত্ৰনাট্যকাৰ-পৰিচালকে মত বিনিময় কৰি থাকিব লাগে। আৰু মোৰ অনুভৱ চিত্ৰনাট্য চিত্ৰনাট্যকাৰৰ চিন্তাৰে আগবাঢ়িব লাগে।" (সৌজন্য: আৰছদ ৰিয়াজ) চিত্ৰনাট্যকাৰ বিধু বিনোদ চোপ্ৰা আৰু চিত্ৰনাট্যকাৰ জে পি দত্তাৰ সমস্যা হেনো একেটাই। ‘আখৰি মুগল’ নামৰ চিনেমা এখনৰ কাম হাতত লৈছিল চৰ্চিত পৰিচালক জে পি দত্তাই। মূল চৰিত্ৰটো ৰচনা কৰিছিল দিলীপ কুমাৰক মনত ৰাখি। দিলীপ কুমাৰে চিত্রনাট্য বিচাৰিলে। পৰিচালকে দিলে। কেইদিনমান পিছতে অভিনেতাগৰাকীয়ে পৰিচালকক স্পষ্টভাৱে জনাই দিলে (বিভিন্ন কাকত-আলোচনীত হোৱা চৰ্চা মতে)— ‘ইমান দুর্বল চিত্রনাট্যৰ চিনেমাত কাম কৰিব নোৱাৰিম।... ' এইখনেই নহয় জে পিৰ প্ৰায়কেইখন চিনেমাৰ চিত্ৰনাট্য দুৰ্বল৷ মোৰ বুজাত অসুবিধা হয়— বৰ্তমান সময়ৰ শ্ৰেষ্ঠ পৰিচালকগৰাকীয়ে ইমান দুর্বল চিত্রনাট্য লৈ কিয় কাম কৰে।...' চিনেমা আলোচকসকলেও ক’ব খোজে, কেইবাটাও শ্রেষ্ঠ চৰিত্ৰ নিৰ্মাণ কৰা জে পি দত্তাৰ কেৰিয়াত প্ৰতিটো দিশতে প্রশংসা কৰিব পৰা চিনেমা নাই। সমস্যা-- দুর্বল চিত্রনাট্য। এক সমীক্ষা চলাইছিল ‘ফিল্ম চিটী’ নামৰ চিনেমা বিষয়ৰ সাপ্তাহিক কাকতখনে। বলীউডৰ চিনেমাৰ নিৰ্মাতাই ‘পেপাৰ ৱৰ্ক’ত কিমান সময় খৰচ কৰে। সমীক্ষাটোত স্পষ্ট হৈছিল, অতি কম সময় খৰচ কৰে, বিশেষকৈ চিনেমাৰ তুলনাত। কেৱল চিত্রনাট্য ৰচনাতে হলীউডৰ চিত্ৰনিৰ্মাৰ্তাই ১০ বছৰপৰ্যন্ত খৰচ কৰাৰ উদাহৰণ আছে। 'টাইটানিক’ৰ চিত্ৰনাট্য সাজু কৰা হৈছিল ৫ বছৰৰো বেছি সময় খৰচ কৰি। ‘জুৰাচিক পার্ক’ (প্রথম)ত চিত্রনাট্যকাৰে সময় খৰচ কৰিছে ৬ বছৰ। ইয়াৰ বিপৰীতে বলীউডত দেখা যায় ৬ বছৰত এগৰাকী চিত্রনাট্যকাৰ-পৰিচালকে ৬খন চিনেমা সম্পূৰ্ণ কৰি চিত্ৰগৃহত মুক্তি দিয়ে, অতি সহজেই। সমীক্ষাটোৰ মতে, বলীউডৰ চিত্ৰনিৰ্মাৰ্তাই চিত্রনাট্যৰ সময় খৰচ কৰে ১০ শতাংশ, ফ্ল’ৰত ৭০ শতাংশ। এগৰাকী পৰিচালক-- ৱাংকাৰ ৱাই। ' ইন দ্য মুড ফৰ লাভ’ চিনেমাখনৰ পৰিচালক ৱাং কাৰ ৱাই। বিশ্ব চিনেমাৰ চৰ্চিত পৰিচালক। ইতিমধ্যে কেইবাখনো চিনেমাৰে বিশ্ব চিনেমাৰ ক্ষেত্ৰখনত বিশেষ আসন দখল কৰিছে। ১৯৫৮ চনত চীনৰ চাংহাই প্ৰদেশত জন্মগ্ৰহণ কৰা এইগৰাকী পৰিচালকে চিনেমা নিৰ্মাণৰ কাম হাতত লৈ হংকঙলৈ আহে। পৰিচালকগৰাকীৰ বাবে প্ৰথম অৱস্থাত সমস্যা সৃষ্টি কৰিছিল ভাষাই ৷ মান্দাৰিক আৰু চাংহানিজ ভাষাৰ বাহিৰে আন একো ভাষা ক’ব পৰা নাছিল আৰু বুজাৰ ক্ষমতাও নাছিল ৷ তেনেদৰে বুজা-নুবুজাৰ মাজেৰেই হংকঙৰ স্থানীয় তাৰকাসকলৰ সৈতে ব্যস্ত হৈ পৰিছিল পৰিচালকগৰাকী। ৱা কাৰ ৱাই দৰাচলতে হংকঙলৈ পৰিচালক হ'বলৈ অহা নাছিল, আহিছিল গ্রাফিক ডিজাইনাৰ হিচাপে কাম কৰিবলৈহে। গ্রাফিক ডিজাইনাৰ হিচাপে কামত ব্যস্ত হৈও পৰিছিল। কিন্তু যিখন চিনেমাৰ বাবে গ্ৰাফিক ডিজাইনক লৈ ব্যস্ত হৈছিল, সেইখনৰ প্ৰযোজকেই উমান পাইছিল ৱাং কাৰৰ মাজত লুকাই থকা সৃষ্টিশীল পৰিচালকগৰাকীৰ। গতিকে প্রযোজকগৰাকীৰ প্ৰেৰণাতেই চিত্রনাট্য ৰচনাৰ লগতে পৰিচালনাৰো সুযোগ পাইছিল AS TEARS GO BY চিনেমাখন। চিনেমাখনৰ প্ৰযোজক আছিল এলান টং। চিনেমাখনেৰে পৰিচালকগৰাকীয়ে বিশ্ব চিনেমাৰ ক্ষেত্ৰখনত হাইলাইটলৈ আহে যদিও প্রযোজকে বেয়া ধৰণে মাৰ খাব লগা হৈছিল। বক্স অফিচত সামান্যও সুবিধা কৰিব পৰা নাছিল। ইয়াৰ পাছতে প্রযোজকগৰাকীয়ে ৱাং কাৰক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়ে DAYS OF BEING WILD চিনেমাখন পৰিচালনা কৰিবলৈ দি। দুখৰ বিষয় এইখনতো প্রযোজকগৰাকীয়ে কেইবাকোটি টকা লোকচান ভৰিব লগা হ'ল। প্রথম দুখন পৰিচালনাৰে চৰ্চালৈ অহা ৱাং কাৰে পৰিচালক হিচাপে বিশেষ স্থান দখল কৰি লয় ২০০০ চনতহে। কেইবাবাৰো বিফলতাৰ পাছত বক্স অফিচত সফলতা লাভ কৰে ‘ইন দ্য মুড ফৰ লাভ’ চিনেমাখনেৰে। এই চিনেমাখন কাঁৰ দৰে আগশাৰীৰ চলচ্চিত্র মহোৎসৱতো চৰ্চাৰ বিষয় হৈ পৰে। আৱশ্যে ইয়াৰ পূৰ্বে ১৯৯৭ চনত কা চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল HAPPY TOGETHER চিনেমাখনেৰে। পৰিচালকগৰাকীৰ প্ৰসংগত আগশাৰীৰ চিনে পণ্ডিতসকলে দিয়া মন্তব্যটো হ'ল— ‘ৱাং কাৰ ৱাইয়ে সংগীতৰ আৰু কেমেৰাৰ ভাষাৰ যি সুমধুৰ কম্প’জিচন কাৰে, সেয়া আন কোনো পৰিচালকৰ পক্ষেই সম্ভৱ নহয় যেন অনুভৱ হয়।' (উৎস: Movie Weekly) ‘ইন দ্য মুভ ফৰ লাভ’—৯৮ মিনিট দৈৰ্ঘৰ অনবদ্য দৃশ্যকাব্য। প্রেম-নিঃসংগতাৰ ‘গল্প’টোক বিশেষ পর্যায়লৈ, উপভোগ্য পর্যায়লৈ লৈ যোৱা হৈছিল চিত্রনাট্যতে। পৰিচালকগৰাকীয়ে কৈছিল— 'ছয় বছৰৰো বেছি সময় পৰিশ্ৰম কৰা হৈছিল। এই চিনেমাখনৰ গল্পটো ৰচনা কৰিছিলো ১৯৮৯ চনতে। মোৰ প্ৰথমখন চিনেমা সম্পূর্ণ হোৱাৰ পিছত। চিত্রনাট্যৰ কাম এবাৰতে সম্পূৰ্ণ কৰিব পৰা নাছিলো। সন্তুষ্ট হোৱা নাছিলো, বাৰে বাৰে কৰিছিলো। মাজতে পাঁচখন চিনেমাৰ কাম শেষ কৰিলো। ১৯৯৮ চনতহে চিত্রনাট্য শেষ কৰিছিলো। মোৰ ধাৰণাত চিত্রনাট্যত কৰা পৰিশ্ৰমেই চিনেমাখন সফল হোৱাৰ কাৰণ। মই বিশ্বাস কৰো চিত্রনাট্য চিনেমাৰ বুনিয়াদ।' (উৎস: Vogue Film) কব পাৰি এই চিনেমা খনৰ চিত্ৰনাট্য কৰ্মত সময় খৰচ কৰিছিল ৭০% শতাংশৰো বেছি।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...