নতুন চিন্তা, মুকলি মনৰ চিন্তা, শুদ্ধ চিনেমা চৰ্চাৰে তৰুণ পৰিচালকসকলে ‘ভাৰতীয় চিনেমা’ক ‘বিশ্ব চিনেমা'ৰ এৰিব নোৱাৰা ‘অংগ' হিচাপে প্রতিষ্ঠা কৰিব পাৰিবনে?— নোৱাৰাৰ কাৰণ নাই। মণিপুৰৰ অৰিবামে পাৰিছিল, অৰিবাম শ্যাম শৰ্মাৰ চিনেমা ‘কাঁ'ৰ দৰে চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হৈছিল— চর্চা হৈছিল৷ তেতিয়াৰ পৰাই পৰিচালকগৰাকীয়ে চিঞৰিছিল—— শুদ্ধ চিনেমা চৰ্চাই ভাৰতীয় চিনেমাক ‘বিশ্ব চিনেমা'ৰ স্তৰত সহজে বহুৱাব পাৰে।
দিন হ'ল ! অৰিবাম শ্যাম শৰ্মাক (Aribam Syam Sharma) লগ পাইছিলোঁ, কিছু সময়ৰ বাবে। “চিনেমাৰ ভঁৰাল"— প্রথম আলাপতে অনুভৱ কৰিছিলোঁ। ‘চিত্ৰকৰ্মী’গৰাকীৰ চিন্তা-চৰ্চা কোনো বিশেষ বৃত্তৰ মাজত বন্দী নহয়। কলা-বাণিজ্যৰ বিভাজন চিনেমাত বিশ্বাস নকৰে। কৈছিল— "মই চিনেমা নাজানো, কিন্তু চিনেমা কেনে হোৱা উচিত সেয়া জানো।... সত্যজিৎ ৰায় মোৰ প্ৰিয় পৰিচালক। কিন্তু মই তেওঁৰ ছাত্ৰ হ'বলৈ চেষ্টা কৰা নাছিলোঁ। ভিটাৰিঅ' দি চিকাৰ ( Vittorio De Sica) "বাইচাইকেল থীফ"ৰ ( Bicycle Thieves) এই মহৎ শৈলী। তেনেদৰে মই অধ্যয়ন কৰিছিলোঁ, ঋত্বিক ঘটকৰ ‘অযান্ত্ৰিক’। সেইখনো মই চৰ্চা কৰিছিলোঁ, কিন্তু মগজুত থাকিব দিয়া নাছিলোঁ। মন-মগজুত সেই চিনেমাসমূহ থকা হ'লে হয়তো মই 'ইছনৌ’( Ishanou / Screened at the Un Certain Regard section of the 1991 Cannes International Film Festival. Best Feature Film in Manipuri at the 38th National Film Awards.) ৰচনা কৰাত উজুটি খালোঁহেঁতেন।..." —অৱশ্যে পৰিচালকগৰাকীয়ে স্বীকাৰ কৰে তেওঁৰ ৰচনাশৈলী, পৰিচালনাশৈলীত যে জাপানী শৈলীৰ প্ৰভাৱ স্পষ্ট।
পৰিচালকগৰাকীৰ ব্যাখ্যা— "মংগোলীয় মূলৰ চাৰিত্ৰিক, সাংস্কৃতিক বৈশিষ্ট্য থকা হেতু বোধহয় জাপানী চলচ্চিত্র নির্মাতাৰ প্ৰভাৱ মোৰ কামত পৰিছে। সমালোচক আৰু বিশেষজ্ঞসকলে মোক ওজুৰ সৈতে তুলনা কৰে। মই পিছে তেওঁৰ বেছি চিনেমা চোৱা নাই। মোৰ কথা— আঞ্চলিক আৰু থলুৱা লোকৰ জীৱনধাৰা আৰু চাৰিত্ৰিক বৈশিষ্ট্য আমাৰ চিনেমাৰ ভেটি হ’ব লাগে। অসমীয়া চিনেমাৰ প্ৰসংগতো মই তেনেদৰেই ক’ম— অসমৰ চহকী ঐতিহ্য আৰু পৰম্পৰাৰ পৰা বহু চিনেমা নিৰ্মাণ কৰিব লগা আছে আৰু এইবোৰ নিৰ্মাণ কৰি উলিয়াব পাৰিলে যিকোনো ভাষাৰ চিনেমাৰ লগত ফেৰ মাৰিব পাৰিব।... নিজা সংস্কৃতিলৈ পিঠি দি, আন বিষয়বস্তু অনুসৰণ কৰাৰ সময় উকলি গৈছে। মুম্বাইকেন্দ্রিক হিন্দী চিনেমাই দিয়া সোৱাদ দৰ্শকৰ মনত বেয়াকৈ লাগিছে। আমি এই স্বাদক ধীৰে ধীৰে অতি সচেতনভাৱে নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগিব। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'বলৈ গ’লৈ মোৰ বিশ্বাস যে আমাৰ আঞ্চলিক ভাষাৰ ছবিবোৰত বলীউডকেন্দ্ৰিক হিন্দী ছবিৰ আগত মুখামুখি হোৱাৰ শক্তি আছে।..."
এইখিনিতে 'ভাৰত গৌৰৱ’ পৰিচালকগৰাকীৰ প্ৰসংগত কিছু চৰ্চা কৰা প্রয়োজন নিশ্চয় আছে। ‘ইছ’নৌ’ খ্যাত পৰিচালকগৰাকীৰ ‘এদিন চিনেমা পৰিচালক হ’ম’ ধৰণৰ কোনো সপোন নাছিল। চেন্নাইত ইঞ্জিনীয়াৰিং পাঠ্যক্ৰমত অধ্যয়ন কৰি ইম্ফলত শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল। অৱশ্যে নাটক, সংগীত চৰ্চা আছিল তেওঁৰ প্ৰিয় বিষয়। হিন্দুস্থানী সংগীতৰ সুগায়ক আছিল। লক্ষ্ণৌৰ ভাটখাণ্ডে প্ৰতিষ্ঠানৰ পৰা স্নাতক উপাধি লাভ কৰিছিল। সেইবাবেই তেওঁ ইম্ফলৰ আকাশবাণী কেন্দ্ৰত নিয়মীয়াকৈ গীত পৰিৱেশনৰ সুযোগ পাইছিল। ক’ব পাৰি ‘ইছ’নৌ’ অৰিবাম শ্যাম শৰ্মা মণিপুৰী আধুনিক গীতৰ বুনিয়াদ গঢ়োঁতাসকলৰ অন্যতম। এই যে সংগীতৰ সৈতে জড়িত হৈ আছিল, সেই ‘পৰিচয়’ৰ বাবেই কলকাতাৰ চিনেমা পৰিচালকগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হয়। কলকাতাৰ পৰা পৰিচালকগৰাকীলৈ অনুৰোধ— সংগীতৰ দায়িত্ব ল'ব লাগে। তেনেদৰেই চিনেমাৰ ক্ষেত্ৰখনত প্ৰৱেশ। সেই বিশেষ চিনেমাখনত সংগীতৰ দায়িত্ব আছিল যদিও অৰিবাম শ্যাম শৰ্মাই অভিনয়, সম্পাদনা আদিৰ সৈতেও জড়িত হৈ দায়িত্ব লৈছিল। পৰিচালকগৰাকীৰ ভাষাত — "মনত সাহস নির্মাণ হৈছিল। মনটোৱে কৈছিল— তই চিনেমা পৰিচালনা কৰিব নোৱাৰাৰ কোনো কাৰণ নাই।... মই ভাবিলোঁ মনটোৱে কৈছে যেতিয়া পৰীক্ষা হিচাপে কৰি চাব পৰা যায় ৷ কৰি চালোঁ। প্ৰথমখন কৰাৰ পিছত চিনেমা জনা, চিনেমা বুজাসকলে সাহস দিলে। সেই সাহসতে ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিলোঁ। চেষ্টা কৰি আছোঁ।..."
মণিপুৰৰ চিত্ৰৰসিক বন্ধু এগৰাকীয়ে ‘অৰিবাম শ্যাম শৰ্মা' বিষয়ৰ ৰচনা কেইখনমান দিছিল। সেই ৰচনাসমূহ মাজতে পালোঁ : এক বিশেষ পৰ্যায়ৰ চিত্ৰৰসিককে নহয়, সাধাৰণ দৰ্শককো স্পৰ্শ কৰিছিল অৰিবাম শৰ্মাৰ 'চিত্ৰকৰ্ম'ই। উদাহৰণ— 'Olangthagee Wangmadasoo' ( Best Feature Film in Manipuri at the 27th National Film Awards. মণিপুৰত একেৰাহে ৩২ সপ্তাহ প্ৰদৰ্শন হৈছিল।)। মণিপুৰত এই চিনেমাখনৰ মুক্তিৰ সময়ত চলি আছিল ‘শ্বোলে’। ‘Olangthagee Wangmadasoo'য়ে ব্যৱসায়ৰ দিশত ‘শ্বোলে’ক চেৰ পেলাইছিল। তেনেদৰে দৰ্শকে আদৰি লৈছিল ‘ইনামী লিংথেম’ক। এই চিনেমাখনে প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ কঢ়িয়াই আনিছিল— ১৯৮২ চনৰ নানটেজ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ গ্ৰেণ্ড প্রিন্স। —এই ‘তথ্যই এটা দিশ স্পষ্ট নকৰেনে— শ্রেষ্ঠ চিনেমাই সকলো শ্ৰেণীৰ দৰ্শককে স্পৰ্শ কৰে। ‘কলা’, ‘বাণিজ্য’ সংঘাতৰ ঊর্ধ্বত থকা চিনেমাহে ‘শ্রেষ্ঠ চিনেমা’। এইখিনিতে উল্লেখ কৰিব পাৰি যে সত্যজিৎ ৰায়ৰ ‘পথেৰ পাঁচালী’, ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘সন্ধ্যাৰাগ’ও আছিল ‘স্থানীয় বজাৰ’ দুখনত সফল। (প্রকাশ : নতুন সময়/২০০৮)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন