সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰভাত শৰ্মা /৭

১৯৬৩ চন৷ বাৰ, মাহ মনত নাই। তেতিয়া মোৰ আন এটা পৰিচয় সংগীতৰ শিক্ষক। নলবাৰী ছোৱালী হাইস্কুলত এখন সংগীত বিদ্যালয় আৰম্ভ হৈছিল। বৰপেটাৰ পৰা আহি প্ৰতি শনি-দেওবাৰে মই ছাত্ৰ-ছাত্ৰী কেইগৰাকীমানৰ সৈতে সংগীত চর্চা কৰোঁ। মোৰ পৰা যিমানখিনি পাৰে শিকি লয়। — নলবাৰীত মোৰ ঢেৰ বন্ধু আছিল। শনি-দেও, সেই যে দুটা দিন আছিলোঁ আহৰি পোৱা সময়খিনি আড্ডা দি খৰচ কৰিছিলোঁ। আদ্য শৰ্মা, মনোজ শৰ্মা, গুণীন শৰ্মা, দেৱ দাস, ভবেন বৰুৱা, উদয় দাস... এখন দীঘল তালিকা। প্ৰতিগৰাকীয়ে আৰ্ট ভাল পোৱা, সংগীত ভাল পোৱা, অভিনয় ভাল পোৱা মানুহ। সংগীত-নাটক ইত্যাদিয়ে আছিল আমাৰ আড্ডাৰ মূল বিষয়। সেই আড্ডাতেই কোনো এজনে কৈছিল থিয়েটাৰৰ কথা। পাঠশালাৰ অচ্যুত লহকৰে ‘আধুনিক থিয়েটাৰ’ এখনৰ পৰিকল্পনা কৰিছে। তাৰদুটামান সপ্তাহ পিছতে নলবাৰীৰ সেই সংগীত বিদ্যালয়লৈ আহিছিল অচ্যুত লহকৰ। তেতিয়া মোৰ চিনাকি নাছিল। পূর্বে দেখা নাছিলোঁ। সেইদিনা আহিয়ে কৈছিল— “মই অচ্যুত লহকৰ। থিয়েটাৰ এখন কৰিব খুজিছোঁ। আপুনি সংগীতখিনি চাই দিব লাগে। যি টকা-পইচা লাগে মই দিম।...মোক আপোনাৰ কথা পাঠশালাৰ ৰত্নকান্ত তালুকদাৰে কৈছে। মই যেনে ধৰণৰ সংগীতৰ কাম বিচাৰিছোঁ, সেয়া হেনো আপোনাৰ দ্বাৰা সম্ভৱ হ'ব।” ‘মই ‘হ’ব’ বুলি কৈছিলোঁ। কৈছিলোঁ— “মই যাম। চেষ্টা কৰিম।”— গৈছিলোঁ। থিয়েটাৰৰ আখৰাৰ কাম আগবাঢ়িছিল। নৃত্য-সংগীতৰ কামো আৰম্ভ হৈছিল। গৈয়ে বুজিছিলোঁ— যাত্রা পাটী নহয়, বেলেগ ধৰণৰ ‘কিবা’ হ’ব। থিয়েটাৰৰ নাট্যযাত্ৰা আৰম্ভ হোৱাৰ পিছত দেখিলোঁ সঁচাকৈয়ে বেলেগ ধৰণৰ। চলন্ত ৰংগমঞ্চ। তেতিয়া এতিয়াৰ দৰে নাছিল। ভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পিছতহে আজিৰ ৰূপ পাইছে। সেই সময়ত টিনৰ বা প্লাষ্টিকৰ চকী নাছিল। ফল্ডিং চকীৰ ব্যৱস্থাহে আছিল। আজিৰ দৰে গেলাৰীও নাছিল। মোৰ যিমান দূৰ মনত পৰে তৃতীয় নাট্যবৰ্ষৰ পৰাহে গেলাৰীৰ ব্যৱস্থা কৰে। অচ্যুত লহকৰে গেলাৰীৰ ‘ধাৰণা’টো লৈছিল বজালীৰ ডাইমণ্ড চাৰ্কাছৰ পৰা। — হয়, মই নটৰাজ থিয়েটাৰৰ কথাই কৈছোঁ। সেই যে সেইদিনা গৈছিলোঁ নটৰাজ থিয়েটাৰৰ আখৰা শিবিৰলৈ, তেতিয়া নাটকৰ আখৰা চলি আছিল। চন্দ্ৰ চৌধুৰীৰ পৰিচালনাত আখৰা চলি আছিল। ভোলা কটকী, জিতেন পাল, ধৰণী বৰ্মন, ৰুদ্ৰ চৌধুৰী, নেত্ৰকমল বৰঠাকুৰ, মঞ্জিল বৰদলৈ, বলদেৱ শ‍ইকীয়া, সদানন্দ লহকৰ, অনুপমা ভট্টাচাৰ্য, অক্ষয় পাটগিৰী আদি আছিল সেই বৰ্ষৰ, অৰ্থাৎ প্রথম নাট্যবৰ্ষৰ অভিনেতা-অভিনেত্রী। — অচ্যুত লহকৰে মোক কৈছিল, “কামবোৰ চন্দ্ৰ চৌধুৰীৰ নেতৃত্বত হৈ আছে। সংগীতৰ কামো।...” মোৰ ওচৰলৈ চন্দ্ৰ চৌধুৰী আগবাঢ়ি আহিছিল। কৈছিল— “আপোনাৰ মতে, কিবা এটা কৰক। আপুনি কৰা ‘কিবা’টোৰে আমি ‘মঞ্চ’ মুকলি কৰিম।...” - তেতিয়া আজিৰ দৰে ‘আধুনিক’ বাদ্যযন্ত্ৰ নাছিল। মই ঠিক কৰিলোঁ যি আছে, সেইখিনিৰে ‘অৰ্কেষ্টা’ কৰা যাওক। সংগীতৰ দলটোত আছিল— গোপী দাস, ৰাজকৃষ্ণ বাঢ়ৈ, উপেন্দ্ৰ বৰ্মন, লীলা শইকীয়া, মুনীন্দ্ৰ বৰকটকী, ৰজনী ৰয়, উদয় দাস, কান্তেশ্বৰ দাস আদি। চন্দ্ৰ চৌধুৰীয়েও সহায় কৰিছিল। সেই নাট্যবৰ্ষত নাট্যদলটোত নৃত্যশিল্পী হিচাপে জড়িত আছিল জয়হৰি দাস। চন্দ্ৰ চৌধুৰীয়ে কৈছিল— “ইয়াৰ বাঁহী বজোৱাৰ মন। আপুনি শিকাই বুজাই ল’ব।...” জয়হৰি দাসো আমাৰ সংগীতৰ দলটোৰ এজন হৈ পৰিছিল। আমাৰ 'অৰ্কেষ্টা'ৰ কাম আগবাঢ়িছিল। গুৰুত্ব দিছিলোঁ লোকসংগীতৰ ‘সুৰ’ ব্যৱহাৰত। অচ্যুত লহকৰ-চন্দ্ৰ চৌধুৰীয়ে ‘নতুন কিবা এটা বিচাৰিছিল। ময়ো সদায় ‘নতুন কিবা' এটা কৰাৰ চেষ্টাত থাকোঁ।... আৰু ‘নতুন কিবা’ এটা হৈছিলো। সকলোৱে ভালো পাইছিল। কিন্তু মই ‘কিবা’ এটাৰ অভাৱ অনুভৱ কৰিছিলোঁ। এটা ‘শব্দ’ৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ। ‘শব্দ’টো— এডাল তাঁৰত হ'ব লাগিব। প্রেক্ষাগৃহ কঁপাব পৰা শব্দ হ'ব লাগিব। ‘ঢং’ শব্দ। কিন্তু কেনেকৈ দিয়া যায়!! বুদ্ধি এটা মগজুত সোমাল। চাহপাতৰ পেটি, বাঁহ আৰু এডাল তাঁৰৰ সহায়ত এই ‘শব্দ’ সম্ভৱ। মই মাটিত আঁকি সকলোকে বুজালোঁ। এনে ধৰণৰ ‘বাদ্যযন্ত্ৰ' এটা তৈয়াৰ কৰিব লাগিব। “... আজিয়ে হ'লে ভাল আছিল। মই কাইলৈ যাম। কাম আছে।” তেতিয়া ৰাতি। বাহিৰত বৰষুণ। তথাপি সকলো ব্যস্ত হৈ পৰিল। এজনে চাহপাতৰ পেটি এটা যোগাৰ কৰিলে৷ জয়হৰি দাসে বাঁহ কাটি আনি মই কোৱা ধৰণৰ ‘বাদ্যযন্ত্ৰ'বিধ তৈয়াৰ কৰিলে ৷ বাহিৰত তেতিয়া দবা-পিটা বৰষুণ। আমি ‘অৰ্কেষ্ট্রা’ আৰম্ভ কৰিলোঁ। নিৰ্দিষ্ট সময়ত সেই ‘শব্দ’— ‘ঢং’। বৰষুণৰ শব্দ তল পৰিল। সকলোকে স্পর্শ কৰিলে সেই শব্দই। আকৰ্ষণ কৰিছিল সেই ‘শব্দ’ই। মোৰ চিঞৰি দিবলৈ মন গৈছিল— ‘ইউৰেকা’। এটা ‘শব্দ’ সৃষ্টিৰ সুখ অনুভৱ কৰিছিলোঁ। সেই ‘শব্দ 'ই সংগপোনে মুখৰিত হৈ থকা আখৰা শিবিৰলৈ নীৰৱতা আনিছিল। অভিনেতা অভিনেত্ৰী আৰু থিয়েটাৰৰ অন্য কৰ্মীসকলে আমাৰ ‘সংগীত আখৰা কোঠা লৈ দৌৰি আহিছিল। আমি কৈছিলোঁ ‘শব্দ’ৰ উৎস আৰু নিৰ্মাণৰ কথা৷ চন্দ্ৰ চৌধুৰী “আগুৱাই আহিছিল। চেহেৰাত আনন্দ। হয়তো 'নতুন কিবা এটা পোৱাৰ। চন্দ্ৰ চৌধুৰীক আমি বাবা বুলি মাতিছিলোঁ। বাবাই কৈছিল— “বাদ্যৰ আখৰৰ এটা ‘শব্দই সৌন্দর্য অধিক কৰে, যদিহে ‘শব্দ'ৰ ব্যৱহাৰ স্থান ঠিক হয়, ব্যৱহাৰ পৰিপাটি হয়। তোমাৰ এই ‘শব্দ’ ঠিক ঠাইত বহিছে। পৰিপাটিকৈ বহুৱাইছা।” বাবাৰ এই কথাই মোৰ ‘শব্দ’ সৃষ্টিৰ সুখ আৰু বঢ়াইছিল। যেতিয়ালৈকে ‘নটৰাজ’ আছিল, তেতিয়ালৈকে মই জড়িত আছিলোঁ। 'নটৰাজ’ত সৃষ্টিৰ, মানে ‘নতুন কিবা’ এটা কৰাৰ পৰিৱেশ আছিল, তাগিদা আছিল। অচ্যুত লহকৰ, চন্দ্ৰ চৌধুৰীকে ধৰি সকলোৱে সৃষ্টিৰ তাগিদাত কাম কৰা যেন লাগে। ‘নাম’ৰ পিছত কোনেও দৌৰা নাছিল, ‘কাম’ৰ পিছত দৌৰিছিল। নাটক পৰিচালক কোন, সংগীত পৰিচালক কোন সেয়া কোনেও মনলৈ অনা নাছিল। সকলোৰে লক্ষ্য আছিল— ‘কাম’টো ভাল হ'ব লাগে। নাটকৰ সংগীতৰ লগতে সেই সময়ত ‘নৃত্য’ৰো ভালেমান ‘ভাল কাম’ আমি কৰিছিলোঁ। নৃত্য পৰিচালক যতীন গোস্বামী, চন্দ্ৰ চৌধুৰী আৰু মই। প্রযোজক অচ্যুত লহকৰেও গীত লিখি আমাক সহায় কৰিছিল। অচ্যুত লহকৰৰ মুখত সদায় এটা কথা শুনা গৈছিল—“নৃত্য নাটিকাই হওক, নাটকেই হওক— দৰ্শক, ৰাইজৰ বাবে। সমাজৰ বাবে। গতিকে সমাজলৈ সংবাদ থাকিব লাগিব, সমাজৰ ‘সঁচা ছবি’ থাকিব লাগিব।” মোৰ আজিও মনত আছে, সেই সময়ত কৰা দুখন নৃত্য-নাটিকাৰ কথা— ‘বাসৱ দত্তা’ আৰু ‘দেৱযানী’। সেই সময়ৰ কোনো নাট্যকর্মীয়ে লগ পালে মোক আজিও কয়, বিশেষভাৱে কয় এটা গীতৰ কথা— ‘ৰক্ত জবা তোমাৰ গালত কোনে সানি দিলে...’। থিয়েটাৰ’ৰ আজিৰ বহু কর্মীয়ে, দর্শকে মোক কয়, তেতিয়াৰ দৰে এতিয়া নৃত্য-নাটিকাৰ গুৰুত্ব নাই। কথাটোৱে মোক দুখ দিয়ে। আমি কৈ আছিলোঁ ‘নটৰাজ’ৰ প্ৰথম নাট্যবৰ্ষৰ কথা। সেই যে ‘অৰ্কেষ্ট্ৰা'টো কৰিলোঁ, সেই যে শব্দ’টোক লৈ চৰ্চা হ’ল, সেই যে সকলোৱে ভাল পালে— মোৰ দায়িত্ব বাঢ়িল। দায়িত্ব বঢ়া বুলি মই অনুভৱ কৰিলোঁ। চন্দ্ৰ চৌধুৰীয়ে ক'লে— “আমি নাটকৰ সংগীতো ভাল কৰিব লাগিব। '‘নতুন কিবা’ৰ বাবে চিন্তা কৰিব লাগিব।” নাটককেইখনৰ বিষয়ে মোৰ সৈতে আলোচনা কৰিলে৷ চাৰিখন নাটক— ফণী শৰ্মাৰ ‘ভোগজৰা’, অতুল হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’, উত্তম বৰুৱাৰ ‘জেৰেঙাৰ সতী’ আৰু এখন অনুবাদ নাটক— ‘হায়দৰ আলী’। অৱশ্যে নাটককেইখনৰ সংগীতৰ বেছিভাগ কাম, ক’ব পাৰি প্ৰায়খিনি কাম চন্দ্ৰ চৌধুৰীয়ে কৰিছিল। ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাৰ হৰিমন্দিৰৰ চৌহদত প্ৰথমবাৰৰ বাবে ‘নটৰাজে’ নাটক মঞ্চস্থ কৰিছিল। ‘ভোগজৰা’ নাটকখন মঞ্চস্থ কৰিছিল। নাটক মঞ্চস্থ হোৱাৰ পাছত, । থিয়েটাৰে যাত্ৰা কৰাৰ পাছত মোক বহুতে সেই '‘অৰ্কেষ্টা'ৰ কথা কৈছিল। 'ভাল হোৱা’ বুলি কৈছিল৷ মই সুখ অনুভৱ কৰিছিলোঁ। মই তেতিয়া ‘পাবলিচিটী’ত কাম কৰোঁ। 'সময়'ত গৈ ‘নটৰাজ’ৰ সংগীতৰ কামো কৰি আহোঁ। ১৯৬৬ চন৷ পুৱা কাৰ্যালয়তে কামত ব্যস্ত আছিলোঁ। মাহ-বাৰ মনত নাই। মানুহ এজনে আহি ক'লে— মোক ভূপেন দাই বিচাৰিছে। ডাক বঙলাতে আছে। — ভূপেন দাই মাতিছে! নাযাম নে!! — গ'লোঁ। ডাক বঙলাৰ ৰুম এটাৰ - বিছনাত ভূপেন দা বহি আছে। জিৰণি লোৱা ‘মুড’ত। মোক ‘হাৰনিয়াম’টো লৈ যোৱাৰ কথা কৈছিল। লৈ গৈছিলোঁ। মোক দেখিয়ে চিনাকি হাঁহিটো মুখত লৈ মাতিলে— “আহিছা! আহা আহা! তোমাক এটা ‘মিউজিকেল’ কামৰ বাবে মাতিছিলোঁ। ‘নটৰাজ’ৰ দৰে থিয়েটাৰ এখন হ'ব। হাজোেত। ‘পূর্বজ্যোতি’ নাম ৰাখিছে। ‘মালিক’জনৰ নাম কৰুণা মজুমদাৰ। মোক আহি ক'লে— সংগীতৰ কামখিনি কৰিব লাগে। মই ক'লোঁ— হৈ যাব। পিছে মোৰ সময় নহ'ব। তোমালোকে কৰিব লাগিব। ৰাণা (জয়ন্ত হাজৰিকা), দোস্ত হবিবুৰ ৰহমানো থাকিব। তোমাৰ চাকৰিৰ লগত সময় মিলাই ল’বা।...” ভূপেন দাই কৈছে! ‘নকৰোঁ' বুলিব পাৰোনে? মই ‘হয়-হয়' বুলি ভূপেন দাৰ কথা শুনি গ'লোঁ। বিছনাত ‘হামনিয়াম'টো লৈ কৈ গ'ল— ‘এনেকৈ’ কৰিবা, ‘তেনেকৈ’ কৰিবা— “বুজিছা বাপু, সাংঘাতিক কাম নহয়, তোমাৰ বাবে সহজ কাম! মই কৰুণা মজুমদাৰক তোমাৰ কথা কৈছোঁ। তুমি যাবা।” গৈছিলোঁ। গৈ দেখিছিলোঁ— সাংঘাতিক আয়োজন। 'নটৰাজ ’'ত একেলগে কাম কৰা যতীন গোস্বামীক পালোঁ। আকৌ নৃত্য-নাটিকাৰ পৰিকল্পনা কৰিলোঁ।১৯৬৬ চন৷ পুৱা কাৰ্যালয়তে কামত ব্যস্ত আছিলোঁ। মাহ-বাৰ মনত নাই। মানুহ এজনে আহি ক'লে— মোক ভূপেন দাই বিচাৰিছে। ডাক বঙলাতে আছে। — ভূপেন দাই মাতিছে! নাযাম নে!! — গ'লোঁ। ডাক বঙলাৰ ৰুম এটাৰ - বিছনাত ভূপেন দা বহি আছে। জিৰণি লোৱা ‘মুড’ত। মোক ‘হাৰনিয়াম’টো লৈ যোৱাৰ কথা কৈছিল। লৈ গৈছিলোঁ। মোক দেখিয়ে চিনাকি হাঁহিটো মুখত লৈ মাতিলে— “আহিছা! আহা আহা! তোমাক এটা ‘মিউজিকেল’ কামৰ বাবে মাতিছিলোঁ। ‘নটৰাজ’ৰ দৰে থিয়েটাৰ এখন হ'ব। হাজোেত। ‘পূর্বজ্যোতি’ নাম ৰাখিছে। ‘মালিক’জনৰ নাম কৰুণা মজুমদাৰ। মোক আহি ক'লে— সংগীতৰ কামখিনি কৰিব লাগে। মই ক'লোঁ— হৈ যাব। পিছে মোৰ সময় নহ'ব। তোমালোকে কৰিব লাগিব। ৰাণা (জয়ন্ত হাজৰিকা), দোস্ত হবিবুৰ ৰহমানো থাকিব। তোমাৰ চাকৰিৰ লগত সময় মিলাই ল’বা।...” ভূপেন দাই কৈছে! ‘নকৰোঁ' বুলিব পাৰোনে? মই ‘হয়-হয়' বুলি ভূপেন দাৰ কথা শুনি গ'লোঁ। বিছনাত ‘হামনিয়াম'টো লৈ কৈ গ'ল— ‘এনেকৈ’ কৰিবা, ‘তেনেকৈ’ কৰিবা— “বুজিছা বাপু, সাংঘাতিক কাম নহয়, তোমাৰ বাবে সহজ কাম! মই কৰুণা মজুমদাৰক তোমাৰ কথা কৈছোঁ। তুমি যাবা।” গৈছিলোঁ। গৈ দেখিছিলোঁ— সাংঘাতিক আয়োজন। 'নটৰাজ ’'ত একেলগে কাম কৰা যতীন গোস্বামীক পালোঁ। আকৌ নৃত্য-নাটিকাৰ পৰিকল্পনা কৰিলোঁ। ভূপেন দাই কিন্তু মোক দায়িত্ব দিছিল ‘শোণিত কুঁৱৰী'ৰ। জ্যোতিপ্ৰসাদৰ ‘শোণিত কুঁৱৰী পৰিচালনা কৰিছিল ফণী শৰ্মাই। অনিৰুদ্ধৰ চৰিত্ৰত অভিনয় কৰিছিল মহানন্দ শৰ্মাই। ঊষাৰ চৰিত্ৰত অভিনয় কৰিছিল নলিনী বৰুৱাই। নাটকখনত ভূপেন দাই ‘বুজাই দিয়া’ মতে আইনাম, বিয়ানামৰ সুৰ ব্যৱহাৰ কৰিছিলোঁ। ফণী শৰ্মা সন্তুষ্ট হৈছিল। তেতিয়া মোৰ মনত ফণী শৰ্মা ‘'নাটক-চিনেমাৰ তাৰকা’, শ্ৰদ্ধাৰ ব্যক্তি। নাটক-অভিনয়ৰ গুণী মানুহ। কিন্তু কাৰণ কি নাজানো, মই তেওঁৰ বেছি ওচৰ চপা নাছিলোঁ। নাটকখনৰ ‘সংগীতৰ কাম’ক লৈ যি ‘আলোচনা’, যি ‘সম্পর্ক'— সিমানতে শেষ। মই অনুভৱ কৰিছিলোঁ তেওঁৰ সম্পৰ্ক যেন দোস্ত হবিবুৰ ৰহমান, জয়ন্ত হাজৰিকা লগত বেছি! সেয়া অৱশ্যে স্বাভাৱিক। জয়ন্ত হাজৰিকা – দোষ্ট হবিবুৰ ৰহমানে ‘পূৰ্বজ্যোতি’ৰ সৈতে ভ্ৰমি ফুৰিছিল । ‘শোণিত কুঁৱৰী’ৰ ‘কাম’ শেষ হোৱাৰ পিছত মই ‘পূৰ্বজ্যোতি’ৰ আখৰালৈ যোৱা নাছিলোঁ। যোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ। কিন্তু যাব লগা হৈছিল। ‘পূৰ্বজ্যোতি’ৰ পৰা এজনে খবৰ লৈ আহিছিল— “আপোনাক ফণী শৰ্মাই বিচাৰিছে।” — ফণী শৰ্মাই বিচাৰিছে! — হয়তো ‘শোণিত কুঁৱৰী'ৰ ‘কিবা কাম’ ৰৈ গৈছে!!— গৈ বুজিছিলোঁ, ‘শোণিত কুঁৱৰী’ৰ কাম নহয়, ‘এমুঠি চাউল’ৰ। ফণী শৰ্মাৰ বিখ্যাত নাটক ‘এমুঠি চাউল’ৰ। সংগীতৰ ‘কাম’ হৈছিল; কিন্তু কেইটামান দৃশ্যৰ ‘সংগীত’ত সন্তুষ্ট হোৱা নাছিল। তেওঁ মোক পাঁচ-ছয়টামান দৃশ্য দেখুৱাই কৈছিল— “...তোমাৰ কাম মই অনুভৱ কৰিছোঁ। তুমিহে পাৰিবা বুলি মোৰ বিশ্বাস। মোক লোক-সংগীতৰ ‘সুৰ’ লাগে।”— কেনে ধৰণৰ লাগে বুজাই দিছিল। মই কৰি দেখুৱাইছিলোঁ। দুই-তিনিবাৰ কৰাৰ পিছত তেওঁ সন্তুষ্ট হৈছিল। তেওঁৰ মুখলৈ ‘সন্তুষ্টি’ আহিছিল। সেইদিনা মই অনুভৱ কৰিছিলোঁ—ফণী শৰ্মাৰ সম্পৰ্ক ‘ব্যক্তি’ৰ সৈতে কম, ‘কাম’ৰ সৈতে বেছি। সেইবাৰ ‘পূৰ্বজ্যোতি’ নাট্যাৰম্ভ, ‘নটৰাজ’ৰ নাট্যাৰম্ভ একেটা নিশাতে হৈছিল। অচ্যুত লহকৰে মোক এখন গাড়ী ঠিক কৰি দিছিল। সেইখনত গুৱাহাটীৰ পৰা গৈ মই প্ৰথমে ‘নটৰাজ’ পাইছিলোঁ।‘ পূর্বজ্যোতি’ যেতিয়া পাইছিলোঁ— নাটক আৰম্ভ হৈছিল। কৰুণা মজুমদাৰে বেয়া পাইছিল। ‘তোমাক বেয়া পাইছোঁ’ বুলি কৈ মোক ‘মিউজিক বক্স’লৈ আগুৱাই নিছিল। বহিব দিছিল। দেখিছিলোঁ—‘মিউজিক বক্স’ত ভূপেন দা। কাষত ৰত্ন ওজা। মঞ্চত—‘শোণিত কুঁৱৰী’। সেইদিনা ভূপেন দাই— ‘মিউজিক বক্স’ত বহি ‘নাট্য সন্ধিয়া ঘোষণা’ কৰিছিল, গীত গাইছিল। পিছত শুনিছিলোঁ বহু ব্যস্ততাৰ মাজতো ভূপেন দাই ‘মিউজিক বক্স’ত বহি ‘শোণিত কুঁৱৰী'ৰ গীত গাইছিল। ১৯৭০ চনত পাঠশালাৰ কুমুদ শমাই আৰম্ভ কৰে অসম ষ্টাৰ থিয়েটাৰ। ২ বছৰ এই নাট্যদলটোতো ‘কাম’ কৰিছিলোঁ। বৰপেটাৰ কেওটকুছিৰ পৰা ওলাইছিল ৰূপালী থিয়েটাৰ । তাতো সংগীতৰ কাম কৰিছিলোঁ। এই নাট্যদল দুটাতো পাইছিলে নৃত্য পৰিচালক যতীন গোস্বামীক। চন, তাৰিখ মনলৈ আনিব পৰা নাই। ভাগ্যদেৱী থিয়েটাৰৰ প্ৰযোজক শৰৎ মজুমদাৰ আৰু আলোকশিল্পী কল্যাণ দে’ আহিছিল, মোৰ ঘৰলৈ। এই নাট্যদলটোতো কিছু কাম কৰিছিলোঁ। ভবেন বৰুৱা, বলেন দত্ত আদি জড়িত আছিল ‘ভাগ্যদেৱী’ৰ সৈতে। নৃত্য-নাটিকাৰ ‘কাম’ কৰিছিলোঁ প্ৰফুল্ল হালৈৰ সৈতে। মুকুন্দ থিয়েটাৰতো নাটকৰ, নৃত্য-নাটিকাৰ ‘সংগীত’ৰ কাম কৰিছিলোঁ। তাত পাইছিলোঁ নাট্যকাৰ, পৰিচালক উগ্ৰ মেনাক। সংলাপ-অভিনয়-সংগীতত সমানেই কষ্ট কৰে। চিন্তাশীল পৰিচালক। ৰসিক মানুহ। তেওঁৰ ঘৰ আছিল বেলশৰত। বেলশৰৰে এখন বিদ্যালয়ৰ শিক্ষক আছিল। বিদ্যালয়ত শিক্ষাদান কৰি টিহুৰ মাখিবাহাত থকা ‘মুকুন্দ’ৰ আখৰা শিবিৰলৈ চাইকেল মাৰি আহিছিল। মই আখৰা শিবিৰলৈ গ'লে তেওঁ মোৰ ওচৰলৈ আহিছিল ‘সংগীতৰ কাম’ত ‘নাটক’ৰ আন বাদ দি হ’লেও ৷ মোৰ অনুভৱ হৈছিল— মূৰত যেন তেওঁ লৈ ফুৰিছিল নাটকৰ দৃশ্য, চৰিত্ৰসমূহ। মুকুন্দ থিয়েটাৰত ‘সংগীত’ কৰি ভাল পোৱা এখন নাটক হ’ল— ‘দধিচী’। মহেন্দ্ৰ বৰঠাকুৰৰ ‘ৰচনা’। পৰিচালনা কৰিছিল হেম ভট্টাচাৰ্যই। ১৯৪২ৰ স্বাধীনতা সংগ্ৰামী এগৰাকীৰ কথা, মনৰ বেদনা নাটকখনৰ বিষয়বস্তু। মূল চৰিত্ৰটোত মন চুই যোৱা অভিনয় কৰিছিল জীৱেশ্বৰ ডেকাই। ‘সংগীত’ ব্যৱহাৰত বহু সাৱধান হ’ব লগা হৈছিল। নাটকখনৰ বাবে ৰচনা কৰা এটা গীত আছিল এনে ধৰণৰ—‘যতনে ঘূৰাই যঁতৰ, নাইবা খতৰ...'। প্ৰভাত শৰ্মা গুৱাহাটী, ২ আগষ্ট ২০১৫ (অনুলেখন, সম্পাদনা: উৎপল মেনা)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...