জয়মতী চাৰি নে পাঁচ নম্বৰ... প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী’কেন্দ্রিক দুটা চর্চা প্রায়ে হয়—(ক) ভাৰতৰ চতুর্থখন সবাক চিনেমা, (খ) ডাবিং কৰা প্ৰথমখন ভাৰতীয় চিনেমা। —হয় জানো? ২০ মার্চ, ১৯৩৫ চনৰ আগৰ সময়ছােৱাত মাত্র তিনিখনহে সবাক ভাৰতীয় চিনেমা নির্মাণ হােৱা 'তথ্য’টো কিমান সত্য? প্রথমবাৰ এই 'তথ্য’টো পঢ়িছিলাে এখন সাপ্তাহিক অসমীয়া কাকতত, কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যােৱা চিত্র সাংবাদিক এগৰাকীৰ লেখাত। তাৰ পাছত সেই 'তথ্য’ কেইবাখনাে কাকত-আলােচনীৰ পৃষ্ঠাত পঢ়িছিলাে। সেই প্রসঙ্গ এই লেখাৰ বিষয় নহয়। এই লেখাৰ বিষয়— প্রকৃত তথ্যৰ সন্ধান। প্ৰথমখন 'সবাক ভাৰতীয় ছবি (সেই সময়ত ‘চিনেমা’ ধাৰণা নাছিল) বা ভাৰতীয় বােলছবি ‘আলম আৰা'। ইমানদিনে আলমআৰা ভাৰতৰ প্ৰথমখন সবাক ছবি বুলি কৈ অহা হৈছে। কিন্তু শেহতীয়াভাৱে কেইবাগৰাকীও ছবি আলােচকে উল্লেখ কৰিছে যে কানাড়া ভাষাৰ 'ভক্ত কবীৰ'হে ভাৰতৰ প্ৰথমখন সবাক ছবি বা বােলছবি। (ভাৰতৰ চিনেমা ইতিহাসত ১৯৩৪ চনতহে 'সতী সুলােচনা'ৰে কন্নড় চিনেমাৰ ‘সবাক যুগ' আৰম্ভ হােৱা যি তথ্য পােৱা যায়, সেয়া যে সত্য নহয়, যুক্তি আগবঢ়াইছে একাংশ চিনে পণ্ডিতে।) ১৯৩০ চনত বােলছবি খন দর্শকে চোৱাৰ সুযােগ পাইছিল। 'ইণ্ডিয়ান চিনেমা’ নামৰ সংকলন এটাত সন্নিবিষ্ট লেখা এটাত এই বিষয়ে এনেদৰে উল্লেখ কৰিছে- 'গাব্বি বিৰান্না এগৰাকী মঞ্চকর্মী। তেওঁক নাটকৰ ন-ন শৈলীৰ আৱিষ্কাৰক বুলি কোৱা হয়। আজিও এইগৰাকী নাট্যকর্মীৰ নাম শ্রদ্ধাসহকাৰে লােৱা হয়। ১৯২২-২৩ চনৰ সময়ছােৱাত গাব্বিৰ এখন নাটকে দর্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল। দর্শকসকলৰ মাজত জনপ্রিয় হােৱা বাবে নাটকখন অসংখ্যবাৰ মঞ্চস্থ কৰিবলগীয়া হৈছিল। কিন্তু গাব্বিৰ পক্ষে দর্শকে বিচৰা ধৰণে নাটকখন একেৰাহে ইমানবােৰ দর্শনী মঞ্চস্থ কৰাটো সম্ভৱ নাছিল। বিশেষকৈ নাটকখনৰ অভিনেতা-অভিনেত্ৰীসকলক গাব্বিয়ে ইয়াৰ বাবে সন্মত কৰাব পৰা নাছিল। সেই সময়ত দক্ষিণ ভাৰতৰ তামিল আৰু তেলেগু চিনেমাৰ ক্ষেত্ৰ দুখনত নির্বাক যুগ আৰম্ভ হৈছিল। গাব্বিয়ে ঠিক কৰিলে— নাটকখন কেমেৰাত বন্দী কৰা হওক। কিন্তু সংলাপৰ কি কৰা হ'ব? সেই কথা ভাবি গাব্বি প্রায় নিৰাশ হৈ পৰিছিল। কিন্তু নিৰাশ নহ’ল বিজ্ঞান চর্চা কৰি ভাল পােৱা তেওঁৰ দলৰে এজন অভিনেতা। অৱশ্যে ইয়াৰ বাবে গাব্বিয়ে ১৯৩০ চনলৈকে অপেক্ষা কৰিবলগীয়া হ’ল। সেই অভিনেতাজনে ১৯২৯ চনৰ কোনােবা এটা দিনত মুম্বাইৰ মে ডানা থিয়েটাৰত আমেৰিকান সবাক ছবি ‘মেল’ডী অব লাভ’ চোৱাৰ সুযােগ পাইছিল। অভিনেতাজনে ‘মেল’ডী অৱ লাভ’ৰ প্রযুক্তি ব্যৱহাৰ কৰি 'ভক্ত কবীৰ'ত শব্দ দিয়াৰ ব্যৱস্থা কৰিলে। এই সবাক ছবিখন দর্শকে চোৱাৰ সুযােগ পালে ১৯৩০ চনৰ ২৭ মার্চত। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি বিশ্বৰ প্ৰথমখন সবাক ছবি ১৯২৭ চনৰ ৬ অক্টোবৰত নিউয়র্কত মুক্তি পাইছিল।
All talking, all singing, all dancing বুলি প্ৰচাৰ চলােৱা হিন্দী ভাষাৰ ‘আলমআৰা’মুম্বাইত মুক্তি পাইছিল ১৯৩১ চনৰ ১৪ মার্চত, ‘ভক্ত কবীৰ'ৰ প্রায় এবছৰ পাছত। অৱশ্যে এটা কথা স্পষ্ট— ‘ভক্ত কবীৰ' প্ৰকৃতাৰ্থত পূর্ণদৈর্ঘ্যৰ ছবি নাছিল। সেই হিচাপত এম ইৰানীৰ ‘আলমআৰা'হে প্রথমখন ভাৰতীয় পূর্ণদৈর্ঘ্যৰ সবাক ছবি। আন এখন সবাক ছবি 'কালিদাস’ মুক্তি পাইছিল ১৯৩১ চনৰ জানুৱাৰীত, তৃতীয় শুকুৰবাৰে৷ কিন্তু এইখনো পূৰ্ণদৈৰ্ঘ্যৰ ছবি নাছিল৷ হ’লেও ‘কালিদাস' ‘আলমআৰাত’কৈ আগেয়ে চিত্ৰগৃহলৈ আহিছিল। এতিয়া স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে– চিনেমা সম্পর্কে চিন্তা-চৰ্চা কৰাসকলৰ মাজত এই তথ্য বিভ্রান্তি হােৱাৰ কাৰণ কি? এইখিনিতে এটা কথা স্পষ্ট কৰি হােৱা ভাল হ'ব—এই চিনেমাবােৰ মুক্তি পােৱাৰ সময়লৈকে কোনাে চেন্সৰৰ ব্যৱস্থা নাছিল। চিনেমাবােৰ সম্পূৰ্ণ হােৱাৰ লগে লগে দর্শকৰ ওচৰলৈ গুচি গৈছিল। সেই কাৰণেই সম্ভৱতঃ এই তথ্য বিভ্রান্তিৰ সূত্রপাত হৈছে। আৰু এটা কথা, চিনেপণ্ডিতসকলৰ চিনেমা চর্চা আছিল হয়তাে মুম্বাই কেন্দ্রিক। ফলত আঞ্চলিক ভাষাবােৰত নির্মাণ হােৱা ছবিবােৰ আঁৰতে ৰৈ গৈছিল। তাৰ ফলত ভাৰতীয় চিনেমাৰ বুনিয়াদ গঢ়ি তােলা ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ আঁৰতে ৰৈ গৈছিল। তাৰ ফলত ভাৰতীয় চিনেমাৰ বুনিয়াদ গঢ়ি তােলা ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ ভালেকেইগৰাকী চিত্রকর্মী স্বীকৃতিৰ পৰা বঞ্চিত হৈ আহিছে। এতিয়া কথা হ'ল— সেই মহান চিত্রকর্মসকলক আজিও স্বীকৃতি দিয়া নহ'ব নেকি? সেই কাৰণেই ভাৰতৰ চিনেমাৰ ইতিহাস নতুনকৈ লিখাৰ কাম চলিছে।
১৯৩৫ চনৰ ২৭ মার্চলৈকে 'ভাৰতীয় চিনেমাৰ ইতিহাস’ অধ্যয়ন কৰিছিলো বিভিন্ন মাধ্যমত। চিনেমা বিষয়ত গৱেষণা কৰি থকা আৰ কে ৰাঘৱনে ক'লে—১৯৩০ চনৰ ৭ মার্চলৈকে তামিল, তেলেগু ভাষাত ১৮খন পূর্ণদৈর্ঘৰ কথাছবি নির্মাণ হৈছিল। চুটি-চুটি বােলছবিও নির্মাণ হৈছিল। শুদ্ধ তথ্য পােৱা নাযায়।' তামিল চিনেমাৰ ‘সবাক’ আৰম্ভ হৈছিল 'কালিদাস’ৰে, ১৯৩১ চনত। 'ভক্ত প্রহ্লাদ’ৰে সেই একেটা বর্ষতে তেলেগু চিনেমাৰ 'সবাক যুগ’ আৰম্ভ হৈছিল। বাংলা চিনেমাৰাে 'সবাক যুগ’ আৰম্ভ হৈছিল এই বছৰটোতে। অমৰ চৌধুৰীয়ে পৰিচালনা কৰা ‘জামাই ষষ্ঠী’প্রথমখন বাংলা কথাছবি। দৈর্ঘ আছিল প্রায় ৩০ মিনিটহে। ৩০ ডিচেম্বৰ, ১৯৩১ ত ‘দর্শক’ৰ বাবে মুকলি কৰি দিয়া প্রেমাকুংৰ আতর্থীৰ 'দেনা-পাওনা’প্ৰথমখন পূর্ণদৈর্ঘ্য বাংলা কথাছবি। প্রথমখন অসমীয়া কথাছবি চিত্ৰগৃহলৈ অহাৰ বৰ্ষটোত নির্মাণ হৈছিল ১২ খন পূর্ণদৈর্ঘ্য বাংলা, ৮ খন মাৰাঠী আৰু দক্ষিণ ভাৰতৰ পৰা ২৫ খন কথাছবি। এই তথ্য মাৰাঠী গ্রন্থ ‘আজছা চিত্রপট’ৰ। গ্ৰন্থখনত প্ৰকাশ পােৱা তথ্যমতে, ১৯৩২ চনত চিত্ৰগৃহলৈ অহা সবাক মাৰাঠী চিত্রকর্ম ‘অযােধ্যেচা ৰাজা'ৰ লগতে পৰৱর্তী বৰ্ষত চিত্ৰগৃহলৈ অহা বাংলা চিনেমা নিতীন বােসৰ ‘ভাগ্যচক্র’ ‘ডাব’ কৰা হৈছিল। -- এই তথ্যত স্পষ্ট 'জয়মতী' চাৰি নম্বৰো নহয়, পাঁচ নম্বৰো নহয়।
তথ্যসন্ধানী লেখা৷
উত্তরমুছুনVery informative ink
উত্তরমুছুন