সরাসরি প্রধান সামগ্রীতে চলে যান

চিত্ৰনাট্য /৭

'জয়মতী'ৰ'জয়মতী'ৰ চিত্ৰনাট্য কৰ্ম এটা পৰ্যয়ত কৰা নাছিল জ্যোতি প্ৰসাদ আগৰৱালাই। এই কথা স্পষ্ট। উদাহৰণ: (ক) 
1. Fade in on title বনৰীয়া সৌন্দৰ্য্যৰ নন্দন ফুলনি নেদেখা নজনা নির্জনত আপোনাতে আপুনি বিকশি ফুলি মৰহি যোৱা লাখো ফুলকলিৰ হাঁহিৰ নিজৰাৰে ভৰপূৰ নগা পৰ্ব্বত।
Fade out
2. Fade in on -
Ext. Long shot slow panoram right and left of distant Naga Hills.
Mix to
Ext. Close view of certain part of Naga Hills with its jungles-view of several falls and vast flower fields.
Fade out
3. Fade in on title
         এই চিত্ৰনাট্য অংশ মন কৰক। কেমেৰাৰ ভাষা প্ৰয়োগৰ কথা আছে। আৰু মন কৰক--
      ( খ)  ৰূপধৰা নাগবন সৌন্দৰ্য্য— অনাঘ্ৰাত সুৰভি সঁফুৰা— আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা— আপোনাৰ নৃত্যতেই আপুনিয়ে বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে, শিলনিৰ গায়ে গায়ে— দেও দি নাচি ফুৰা— চৰগী ৰাজ্যৰ বাট চিৰআনন্দ– চিৰসৌন্দৰ্য্যৰ জ্বলন্ত কণিকা— আজলী, ৰূপহী— ডালিমী।
      কোনে কয় মানৱী লয়ে হায় বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি ডেও দি চাপৰি বায় ।
      ৰূপ ধৰা নাগবন সৌন্দৰ্য্য অনাঘ্ৰাত সুৰভি সঁফুৰা আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা, আপোনাৰ নৃত্যতেই আপুনি বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে।
      (খ)ত চিত্ৰনাট্যকাৰ গৰাকীয়ে ছবি আকি লৈছিল। সন্দেহ নাই এয়া (ক)ৰ পূৰ্বে লিখা। কেমেৰাৰ 'চকু'ৰে যি দেখুৱাব, সেয়া নিশ্চয় নিজৰ মনৰ চকুৰে চায় 'সাহিত্য'ৰ ভাষাৰে বৰ্ণনা কৰি লৈছিল।
      'জয়মতী'ৰ আন এখন চিত্ৰনাট্য পোৱা যায়, যি খন চিত্ৰনাট্যৰ ৰচনাশৈলী নাটকৰ দৰে। কব পাৰি এই চিত্ৰনাট্য খন সংলাপ কেন্দ্ৰীক। আমি এনেদৰে কব পাৰো নেকি 'নাট্যকাৰ জ্যোতি প্ৰসাদ আগৰৱালা'ই চিনেমা খনৰ চিত্ৰনাট্যৰ বুনিয়াদ 'নাটকে'ৰে নিৰ্মাণ কৰি লৈছিল! ( 'জয়মতী'ৰ নিৰ্মাণ প্ৰক্ৰিয়া কেন্দ্ৰীক চৰ্চা পোৱা যায় বাংলা আলোচনী 'চিত্ৰপঞ্জী', 'চিনেমা জগৎ', 'নন্দন', অজয় মাহ্‌ত্ৰেৰ মাৰাঠী গ্ৰন্থ 'আজছা চিত্ৰপট', 'Filmindia'ৰ বিশেষ সংকলন আদিত।জয়মতী'ৰ নিৰ্মাণ প্ৰক্ৰিয়া কেন্দ্ৰীক চৰ্চা পোৱা যায় বাংলা আলোচনী 'চিত্ৰপঞ্জী', 'চিনেমা জগৎ', 'নন্দন', অজয় মাহ্‌ত্ৰেৰ মাৰাঠী গ্ৰন্থ 'আজছা চিত্ৰপট', 'Filmindia'ৰ বিশেষ সংকলন আদিত। এই প্ৰসংগ চৰ্চা কৰিম বৰ্তমান আমি ব্যস্ত থকা 'জয়মতী' প্ৰকল্প শেষ হোৱাৰ পিছত। উল্লেখ কৰা গ্ৰন্থ, আলোচনী কেইখনত 'জয়মতী'ৰ চিত্ৰগ্ৰহণকাৰীয়ে কোৱা, 'জয়মতী'ৰ চিত্ৰনাট্য কেন্দ্ৰীক 'চৰ্চা' আছে। সেই 'চৰ্চা'ৰ পৰা ধাৰণা কৰিব পাৰি জ্যোতি প্ৰসাদ আগৰৱালাই ফ্ল'ৰতো চিত্ৰনাট্যৰ কাম কৰিছিল, চিত্ৰনাট্য সলনি কৰিছিল, চিত্ৰগ্ৰহণকাৰীক বুজাবলৈ 'ৰেখা'ৰ আশ্ৰয় লৈছিল। । আগলৈ চৰ্চাৰ বাট মুকলি ৰাখি আৰু উল্লেখ কৰিলো জ্যোতি প্ৰসাদ আগৰৱালাই ১৯২২ চনত শিশিৰকুমাৰ ভাদুড়ী আৰু নৰেশ মিত্রৰ পৰিচালনাৰে নিৰ্মিত 'আঁধাৰে আলো' (The Influence of Love ) চোৱাৰ পিছৰে পৰা চিত্ৰনাট্য অধ্যয়ণ আৰু লিখাত ব্যস্ত হৈছিল। সেই সময়ত, 'আঁধাৰে আলো' খন চোৱাৰ পিছত হেনো জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমা খনৰ চিত্ৰগ্ৰহণকাৰী ননি গোপাল ছান্যালক দুবাৰমান লগ কৰিছিল। চিনেমা চৰ্চা কৰিছিল। )
      আহিছো 'ইন্দ্ৰ-মালতী' প্ৰসংগলৈ। আমি ধাৰণা কৰিব পাৰো জ্যোতি প্ৰসাদ আগৰৱালাই দ্বিতীয়খন পৰিচলনাৰ বাবে প্ৰথমে 'গল্প' লিখিছিল। দ্বিতীয় পৰ্যায়ত 'গল্প'টো 'খণ্ড গল্প-খণ্ড গল্প'লৈ ৰূপান্তৰ কৰিছিল। আৰু তৃতীয় পৰ্যায়ত এনেদৰে চিত্ৰনাট্যলৈ ৰূপান্তৰ কৰিছিল--
      Part VI 
      1. মালতীক লুকাই থোৱা ঘৰৰ বাহিৰত গাঁৱলীয়া গুণ্ডাকেইটাই লাওপানী খাই কথা পাতি আছে।
      2. ইফালে উপীনা মনে মনে চাঙত সোমায়।
      3. মালতীক চাঙৰ পৰা উলিয়াই মনে মনে লৈ যায়
      4. গুণ্ডাকেইটাই কেনেবাকৈ গম পায়।
      5. উপীনা-লেদেমে মালতীক লৈ নৈৰ ফালে যায়। 
      6. গুণ্ডাকেইটাই গম পাই উঠি আহি পাছ লয় । গুণ্ডাকেইটাই লেদেমক মাৰি পানীত পেলাই দিয়ে। লেদেম উটি যায়। গুণ্ডাকেইটা নাৱলৈ পলাই যায়। উপীনাই অকলে হাতেৰে নাও মাৰি আহে।
      End of the Part VI

                ********
যোৱা সংখ্যাত 'কোজাংগাল’ (Pebbles)ৰ প্ৰসংগেৰে চৰ্চা শেষ কৰিছিলো। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৪ ফেব্ৰুৱাৰী,২০২১ত।  পি. এছ বিনোদৰাজ (P. S. Vinothraj)ৰ প্ৰথম স্বাধীন পৰিচালনা। চিনেমা খনৰ চিত্ৰনাট্য ৰচনাত বিনোদৰাজে সময় খৰচ কৰিছিল প্ৰায় তিনি বছৰ। চিনেমা খন চোৱাৰ সুযোগ পোৱা নাই। দৃশ্য আৰু ছপা মাধ্যমত অনুভৱহে কৰিছো। চিনেমা খনৰ গল্পই গতি লৈছে কিশোৰ পুত্ৰ-সুৰাসক্ত পিতৃৰ সম্পৰ্কক কেন্দ্ৰ কৰি। পিতৃৰ সুৰাসক্তৰ দোষতেই মাতৃয়ে ঘৰ এৰি যায়। কিশোৰটিয়ে মাতৃক ঘৰলৈ ওভতাই অনাৰ বাবে পিতৃৰ লগ লয়। ইয়াৰ মাজতে পৰিচালকে সাহিত্য-কেমেৰাৰ ভাষাৰে স্পষ্ট কৰে পিতা-পুত্ৰৰ সম্পৰ্কৰ সমীকৰণ।
           পৰিচালক-চিত্ৰনাট্যকাৰ বিনোদৰাজে নিজৰ অভিজ্ঞতাৰে গল্পটো ৰচনা কৰিছিল। চৰিত্ৰ কেইটা কল্পনাৰ আশ্ৰয় নলোৱাকৈ থিয় কৰাইছিল। 'মই কাহিনীটো সজাই লৈ চৰিত্ৰ নিৰ্মাণ কৰিছিলো। তাৰ পিছত ঠিক কৰিছিলো কাহিনীতো পৰ্দাত কেনেকৈ দেখুৱাম।...' দৃশ্য মাধ্যমত বিনোদৰাজে কৈছে। কেইবাখনো কাকতত প্ৰকাশ পোৱা 'কোজাংগাল’ৰ নিৰ্মাণ প্ৰক্ৰিয়া পঢ়ি অনুভৱ কৰিছো তিনি-চাৰিটা পৰ্যায়ত এখন চিত্ৰনাট্য ৰচনা হৈছিল; কিন্তু চূড়ান্ত নাছিল। দৃশ্যগ্ৰহণৰ শেষ দিনটোলৈ চিত্ৰনাট্য কৰ্ম কৰি আছিল।  প্ৰসংগক্ৰমে সাংবাদিকক চিনেমা খনৰ এগৰাকী চিত্ৰগ্ৰহণকাৰী Vignesh Kumulaiয়ে কৈছে, 'আমি শ্বট লোৱাৰ সময়ত  সিদ্ধান্ত  লৈছিলো কেনেদৰে আগবাঢ়িম। পৰিচলকে চিত্ৰনাট্যত থকাৰ দৰে বহু সময়ত আগবঢ়া নাছিল। শ্বট লোৱাৰ সময়ত পৰিচালকে মোৰ সৈতে বহু সময়ত কথা পাতিছিল। আৰু আমি সিদ্ধান্ত লৈছিলো।' ( উৎস: Dina Mani, Viduthalai, Galatta Cinema)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...