সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেমা Cinem

চিনেমা পৰিচালকৰ মাধ্যম ৷ কেমেৰাৰ মাধ্যম ৷ কেমেৰাৰ ভাষা প্রয়োগক গুৰুত্ব দিহে নিৰূপিত হয় চিনেমাৰ মান, স্তৰ আদি। কেমেৰাৰ ভাষাৰ পিছতহে এই মাধ্যমটোত গুৰুত্ব দিয়া হয় বা দিয়ে ‘বিষয়বস্তু', কাহিনীক। এই বাবেই গতানুগতিক কাহিনী, বিষয়বস্তুৰ অসমীয়া চিনেমা ‘গঙা চিলনীৰ পাখি’ক কোৱা হয় ‘শ্রেষ্ঠ চিনেমা’ বুলি ৷ চিনেমাখনৰ কেমেৰাৰ ভাষা প্রয়োগ, শ্বটৰ গাণিতিক ব্যৱহাৰক আজিৰ চিনেমাৰ সৈতেও তুলনা কৰিব পাৰি ৷ অসমীয়া ভাষা নুবুজা ‘চিনে পণ্ডিত’সকলেও স্বীকাৰ কৰিব পৰিচালকগৰাকীৰ ‘আধুনিক চিন্তা' আৰু দক্ষতাৰ। চিনেমাখনৰ পৰিচালক পদুম বৰুৱাই সেই সময়তে কেমেৰাৰে কৰা কামক তুলনা কৰিব পৰা পৰিচালক অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত পৰৱৰ্তী সময়ত দেখা নগ'ল। আজিৰ তাৰিখতো আছে বুলি ক'ব নোৱাৰি। তেনেহ'লে.....।
এটা স্বাভাবিক প্রশ্নঃ তেনেহলে পৰিচালকগৰাকীয়ে দ্বিতীয়খন চিনেমাৰ পৰা চিত্ৰৰসিকসকলক বঞ্চিত কৰিলে কিয়? – প্ৰযোজকৰ আকালত নে অন্য কিবা কাৰণত? কথা প্ৰসংগত এবাৰ প্ৰশ্নটো পদুম বৰুৱাৰ সন্মুখত উত্থাপন কৰিছিলো। পৰিচালকগৰাকীয়ে কৈছিল— '... চিনেমা বুজা প্রযোজকৰ আকালত।' উত্তৰটোৰ ব্যাখ্যা পৰিচালকগৰাকীৰ পৰা পোৱা নাছিলো। 'ব্যাখ্যা’ পাইছিলো পৰিচালকগৰাকীৰ প্ৰতিটো খবৰ ৰখা চিত্ৰৰসিক এজনৰ পৰা। চিত্ৰৰসিকগৰাকীয়ে কৈছিল— পদুম বৰুৱাই দ্বিতীয়খন চিনেমা পৰিচালনাৰ কাম হাতত লৈছিল। প্রযোজক এগৰাকীয়ে আগ্ৰহ কৰাত বিষয়বস্তু নির্বাচন, চিত্রনাট্য ৰচনাৰ কামতো আগবাঢ়িল। পৰিচালকগৰাকীয়ে অনুভৱ কৰিলে বিষয়বস্তুৱে ‘ৰং’ দাবী নকৰে। ক’লা-বগা হ'লেহে চিত্ৰৰসিকে বিষয়বস্তু ভালদৰে উপলব্ধি কৰিব। ৰঙৰ সৈতে বিষয়বস্তুৰ কি সম্পর্ক থাকিব পাৰে! আৰম্ভ হ’ল প্রযোজক-পৰিচালকৰ সংঘাত। 'ৰঙ’ৰ দিনত ক’লা-বগা চিনেমা নির্মাণ ‘মুৰ্খ প্রযোজকেহে কৰিব' বুলি মন্তব্য দি প্ৰযোজকগৰাকীয়ে চিনেমাৰ শ্বট লোৱাৰ পূৰ্বেই ‘পেক-আপ’ ঘোষণা কৰিলে ।

‘পদুম বৰুৱাই সময়ৰ সৈতে খোজ দিব পৰা নাই।'— সেই সময়ত পদুম বৰুৱাৰ ক’লা-বগা চিনেমাখনৰ চৰ্চাত অংশ লৈ মন্তব্য কৰিছিল এগৰাকী অসমীয়া ‘চিনে পণ্ডিতে’। ‘চিনে পণ্ডিত’গৰাকীয়ে কৈছিল— ‘ক’লা-বগা যুগ যে গ'ল সেই খবৰ পদুম বৰুৱাই পোৱা নাই। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিলে পাব। ঘৰৰ চাৰিবেৰৰ মাজত থকা পৰিচালকগৰাকীয়ে অসমীয়া চিনেমা নির্মাণ নকৰিলে একো ক্ষতি নহয়।’ যোৱা জুন (২০০৯)ত এই ‘চিনেপণ্ডিত’গৰাকীৰ লেখা এটা পঢ়িলো। লেখাটোত ‘ফ্ৰ'জেন’ক প্ৰশংসা কৰিছে।‘পদুম বৰুৱাই সময়ৰ সৈতে খোজ দিব পৰা নাই।'— সেই সময়ত পদুম বৰুৱাৰ ক’লা-বগা চিনেমাখনৰ চৰ্চাত অংশ লৈ মন্তব্য কৰিছিল এগৰাকী অসমীয়া ‘চিনে পণ্ডিতে’। ‘চিনে পণ্ডিত’গৰাকীয়ে কৈছিল— ‘ক’লা-বগা যুগ যে গ'ল সেই খবৰ পদুম বৰুৱাই পোৱা নাই। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিলে পাব। ঘৰৰ চাৰিবেৰৰ মাজত থকা পৰিচালকগৰাকীয়ে অসমীয়া চিনেমা নির্মাণ নকৰিলে একো ক্ষতি নহয়।’ যোৱা জুন (২০০৯)ত এই ‘চিনেপণ্ডিত’গৰাকীৰ লেখা এটা পঢ়িলো। লেখাটোত ‘ফ্ৰ'জেন’ক প্ৰশংসা কৰিছে।

‘ফ্ৰ’জেন’ চাইছিলো, চিত্ৰগৃহলৈ অহাৰ পাছতে। ক'লা-বগা এই চিনেমাখনৰ পটভূমি কাশ্মীৰৰ লাডাখ অঞ্চল। শূন্যৰ পৰা ২৫ ডিগ্ৰী উষ্ণতাত, সমুদ্রপৃষ্ঠৰ পৰা ১২০০০ ফুট উচ্চতাত চিত্ৰগ্ৰহণ কৰিছিল। চিনেমাখনৰ কাহিনী, বিষয়বস্তু সাধাৰণ। অসাধাৰণ কেমেৰাৰ কাম আৰু পৰিচালনা শৈলী। চিনেমাখনত লাডাখৰ দুর্বিসহ জীৱন সুন্দৰভাৱে উপস্থাপন কৰিছে চন্দ্ৰভূষণে। চিনেমাখনৰ কাহিনীভাগ এনেধৰণৰ— তিনিটা ‘চৰিত্ৰ’ৰ এটা পৰিয়াল। মূল মানুহজনৰ নাম কৰ্ম (অভিনয় কৰিছে ডেনীয়ে)। কৰ্মই ঘৰতে জাম প্রস্তুত কৰি বিক্ৰী কৰে। এদিন সি প্ৰত্যাহ্বানৰ সন্মুখীন হয়, মেচিনত জাম প্রস্তুত কৰা কোম্পানী এটাৰ । সমস্যাৰ সন্মুখীন হয়। সম্পত্তি বুলিবলৈ আছে উত্তৰাধিকাৰীসূত্রে পোৱা ঘৰটো। সেইটোৰো বেছিভাগ দখল কৰি আছে ভাৰতীয় সেনা বাহিনীয়ে। পৰিচালকে মাত্ৰ কেইটামান শটতে সুন্দৰভাৱে স্পষ্ট কৰি দিছে— এটি শান্ত-সমাহিত লাডাখী পৰিয়ালৰ জীৱনত কিদৰে ভাৰতীয় সেনা আৰু আনুষংগিক কাৰকবোৰে কঠোৰ প্ৰভাৱ পেলায়। চিনেমাখন নিৰ্মাণ হৈছে হিন্দী আৰু লাডাখী ভাষাত। লাডাখী ভাষাত দখল নথকা সকলেও চিনেমাখন বুজাত দিগদাৰ অনুভৱ কৰা নাই পৰিচালনা শৈলীৰ বাবে। অৱশ্যে চিনেমাখনৰ গতি মন্থৰ। মন্থৰ গতিয়ে চিত্ৰৰসিকক দিগদাৰ দিয়া নাই। ‘ক’লা-বগা’ সৌন্দৰ্যৰ বাবে। ‘ৰং’ ব্যৱহাৰ কৰিলে হয়তো বৰফেৰে বগা হৈ থকা লাডাখৰ সৌন্দৰ্যত চেকা লাগিলহেঁতেন। চেং লী নামৰ সমালোচক এগৰাকীয়ে লিখিছে— ‘ক’লা-বগা'ত যে নিৰ্মাণ হৈছে সেয়াই চিনেমাখনৰ সৌন্দৰ্য। সৌন্দর্যখিনিয়ে চিনেমাখনৰ বিশেষত্ব ।... মই ভাবো এই ৰঙীণ যুগত নিৰ্মিত ‘ফ্ৰ'জেন’ক বাদ দি ভাৰতীয় চিনেমাৰ সম্পূৰ্ণ আলোচনা সম্ভৱ নহয়।

‘ফ্ৰ'জেন’ত দেখিলো ‘ক’লা-বগা’ৰ সৌন্দর্য। ‘ফ্র’জেন’-এ শিকালে, স্পষ্ট কৰি দিলে চিনেমাৰ বিষয়বস্তুৰ সৈতে ‘ৰঙ’ৰ সম্পৰ্ক আছে।

‘ৰঙীণ চিনেমা’— চিনেশিল্পৰ উত্তৰণ নহয়, পৰিৱৰ্তন। এই দিশত আমাৰ ধাৰণা স্পষ্ট, এই পৰিৱৰ্তনে চিনেশিল্পৰ ক্ষতি কৰিছে। চিনে পণ্ডিত আৰ্থাৰ নাইটৰ ৰচনাত পোৱা যায়— ‘দুটা পৰিৱৰ্তনত চিনেমাৰ ক্ষতি হৈছে। ‘শিল্প’ৰ পৰা চিনেমা আঁতৰি গৈছে। সবাকযুগ আৰম্ভ হোৱাৰ সময়ত স্থবিৰ হৈ পৰিছিল, দুই তিনি বছৰলৈ সৰহ সংখ্যক পৰিচালক ব্যস্ত হৈ পৰিছিল ‘চিনেমা’ত ‘কথা’ দিয়াত। তেনেদৰে ৰং ব্যৱহাৰত, কেৱল ৰঙৰ চিন্তাত কেইবাটাও বছৰ খৰচ কৰিছিল সৰহসংখ্যক পৰিচালকে। এই সময়ছোৱাত চিনেমাত ‘সাহিত্য’ বাঢ়িছিল, ‘কেমেৰাৰ ভাষা’ৰ ক্ষতি হৈছিল।'

‘A trip to the Moon'— প্ৰথমখন ৰঙীণ চিনেমা। ১৯০২ চনত নির্মাণ কৰিছিল ফ্ৰান্সৰ পৰিচালকে। দ্বিতীয়খন ৰঙীণ চিনেমায়ো ফ্ৰান্সৰ নিৰ্মাতাৰ – La Vie et Passion du Christ (১৯০৩)। হলিউডত ৰঙীন চিনেমা নির্মাণ আৰম্ভ হৈছিল ১৯১২ চনত হে। (প্রথমঃ ‘with our king and queen through India ')। ভাৰতত ৰঙীন চিনেকৰ্ম আৰম্ভ হৈছিল ‘কিষাণ কন্যা' (১৯৩৭)ৰে। ১৯৬১ চনত আংশিক ৰঙীন ‘শকুন্তলা’ৰে অসমীয়া চিনেমাৰ ‘ৰঙীন যুগ’ আৰম্ভ হয়। এই যে আংশিক ৰঙীন, সেইবাবে ‘ভাইটি’ — প্ৰথম অসমীয়া ৰঙীন চিনেমা বুলি কোৱা হয় । ভাৰতৰ, অসমৰ পৰিচালকসকলে হয়তো ধৰি ল'লে ‘ৰঙীন চিনেমা’ চিনে শিল্পীৰ উত্তৰণ । যাৰ বাবে ‘ৰঙীন যুগ’ত পদুম বৰুৱাৰ ‘ক’লা-বগা’ চিনেচিন্তাক অসমীয়া ‘চিনে পণ্ডিতে’ তাচ্ছিল্য কৰিছিল। অসমীয়া চিনেমাৰ প্ৰযোজকে সহজভাৱে ল'ব পৰা নাছিল। সন্দেহ নাই— তাচ্ছিল্য কৰা, সহজভাৱে ল’ব নোৱাৰা সকলে পোৱা নাছিল, বিশ্বৰ বিভিন্ন প্ৰান্তত ‘ৰঙীন যুগ’তো নিৰ্মাণ হৈ থকা ক’লা-বগা চিনেমাৰ খবৰ। ‘Pi’(১৯৯৮), 'Kafka (1991), The girl on the Bridge'(১৯৯৯), Tetro' (২০০৯), Angel-A' (২০০৫), The Man who wasn't there' (২০০১), The Artist' (২০১১), In the Shadow of woman' (২০১৫), The eyes of My Mother’(২০১৬) আদি ‘ৰঙীন যুগ’ৰ ক'লা-বগা চিনেচিন্তা। চিত্ৰৰসিকক চুই যাব পৰা চিনেচিন্তা ।
(২০১৯। ‘দৈনিক অসম’ত প্ৰকাশ পাইছিল।)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...