সরাসরি প্রধান সামগ্রীতে চলে যান

চিনেমা Cinem

চিনেমা পৰিচালকৰ মাধ্যম ৷ কেমেৰাৰ মাধ্যম ৷ কেমেৰাৰ ভাষা প্রয়োগক গুৰুত্ব দিহে নিৰূপিত হয় চিনেমাৰ মান, স্তৰ আদি। কেমেৰাৰ ভাষাৰ পিছতহে এই মাধ্যমটোত গুৰুত্ব দিয়া হয় বা দিয়ে ‘বিষয়বস্তু', কাহিনীক। এই বাবেই গতানুগতিক কাহিনী, বিষয়বস্তুৰ অসমীয়া চিনেমা ‘গঙা চিলনীৰ পাখি’ক কোৱা হয় ‘শ্রেষ্ঠ চিনেমা’ বুলি ৷ চিনেমাখনৰ কেমেৰাৰ ভাষা প্রয়োগ, শ্বটৰ গাণিতিক ব্যৱহাৰক আজিৰ চিনেমাৰ সৈতেও তুলনা কৰিব পাৰি ৷ অসমীয়া ভাষা নুবুজা ‘চিনে পণ্ডিত’সকলেও স্বীকাৰ কৰিব পৰিচালকগৰাকীৰ ‘আধুনিক চিন্তা' আৰু দক্ষতাৰ। চিনেমাখনৰ পৰিচালক পদুম বৰুৱাই সেই সময়তে কেমেৰাৰে কৰা কামক তুলনা কৰিব পৰা পৰিচালক অসমীয়া চিনেমাৰ ক্ষেত্ৰখনত পৰৱৰ্তী সময়ত দেখা নগ'ল। আজিৰ তাৰিখতো আছে বুলি ক'ব নোৱাৰি। তেনেহ'লে.....।
এটা স্বাভাবিক প্রশ্নঃ তেনেহলে পৰিচালকগৰাকীয়ে দ্বিতীয়খন চিনেমাৰ পৰা চিত্ৰৰসিকসকলক বঞ্চিত কৰিলে কিয়? – প্ৰযোজকৰ আকালত নে অন্য কিবা কাৰণত? কথা প্ৰসংগত এবাৰ প্ৰশ্নটো পদুম বৰুৱাৰ সন্মুখত উত্থাপন কৰিছিলো। পৰিচালকগৰাকীয়ে কৈছিল— '... চিনেমা বুজা প্রযোজকৰ আকালত।' উত্তৰটোৰ ব্যাখ্যা পৰিচালকগৰাকীৰ পৰা পোৱা নাছিলো। 'ব্যাখ্যা’ পাইছিলো পৰিচালকগৰাকীৰ প্ৰতিটো খবৰ ৰখা চিত্ৰৰসিক এজনৰ পৰা। চিত্ৰৰসিকগৰাকীয়ে কৈছিল— পদুম বৰুৱাই দ্বিতীয়খন চিনেমা পৰিচালনাৰ কাম হাতত লৈছিল। প্রযোজক এগৰাকীয়ে আগ্ৰহ কৰাত বিষয়বস্তু নির্বাচন, চিত্রনাট্য ৰচনাৰ কামতো আগবাঢ়িল। পৰিচালকগৰাকীয়ে অনুভৱ কৰিলে বিষয়বস্তুৱে ‘ৰং’ দাবী নকৰে। ক’লা-বগা হ'লেহে চিত্ৰৰসিকে বিষয়বস্তু ভালদৰে উপলব্ধি কৰিব। ৰঙৰ সৈতে বিষয়বস্তুৰ কি সম্পর্ক থাকিব পাৰে! আৰম্ভ হ’ল প্রযোজক-পৰিচালকৰ সংঘাত। 'ৰঙ’ৰ দিনত ক’লা-বগা চিনেমা নির্মাণ ‘মুৰ্খ প্রযোজকেহে কৰিব' বুলি মন্তব্য দি প্ৰযোজকগৰাকীয়ে চিনেমাৰ শ্বট লোৱাৰ পূৰ্বেই ‘পেক-আপ’ ঘোষণা কৰিলে ।

‘পদুম বৰুৱাই সময়ৰ সৈতে খোজ দিব পৰা নাই।'— সেই সময়ত পদুম বৰুৱাৰ ক’লা-বগা চিনেমাখনৰ চৰ্চাত অংশ লৈ মন্তব্য কৰিছিল এগৰাকী অসমীয়া ‘চিনে পণ্ডিতে’। ‘চিনে পণ্ডিত’গৰাকীয়ে কৈছিল— ‘ক’লা-বগা যুগ যে গ'ল সেই খবৰ পদুম বৰুৱাই পোৱা নাই। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিলে পাব। ঘৰৰ চাৰিবেৰৰ মাজত থকা পৰিচালকগৰাকীয়ে অসমীয়া চিনেমা নির্মাণ নকৰিলে একো ক্ষতি নহয়।’ যোৱা জুন (২০০৯)ত এই ‘চিনেপণ্ডিত’গৰাকীৰ লেখা এটা পঢ়িলো। লেখাটোত ‘ফ্ৰ'জেন’ক প্ৰশংসা কৰিছে।‘পদুম বৰুৱাই সময়ৰ সৈতে খোজ দিব পৰা নাই।'— সেই সময়ত পদুম বৰুৱাৰ ক’লা-বগা চিনেমাখনৰ চৰ্চাত অংশ লৈ মন্তব্য কৰিছিল এগৰাকী অসমীয়া ‘চিনে পণ্ডিতে’। ‘চিনে পণ্ডিত’গৰাকীয়ে কৈছিল— ‘ক’লা-বগা যুগ যে গ'ল সেই খবৰ পদুম বৰুৱাই পোৱা নাই। ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিলে পাব। ঘৰৰ চাৰিবেৰৰ মাজত থকা পৰিচালকগৰাকীয়ে অসমীয়া চিনেমা নির্মাণ নকৰিলে একো ক্ষতি নহয়।’ যোৱা জুন (২০০৯)ত এই ‘চিনেপণ্ডিত’গৰাকীৰ লেখা এটা পঢ়িলো। লেখাটোত ‘ফ্ৰ'জেন’ক প্ৰশংসা কৰিছে।

‘ফ্ৰ’জেন’ চাইছিলো, চিত্ৰগৃহলৈ অহাৰ পাছতে। ক'লা-বগা এই চিনেমাখনৰ পটভূমি কাশ্মীৰৰ লাডাখ অঞ্চল। শূন্যৰ পৰা ২৫ ডিগ্ৰী উষ্ণতাত, সমুদ্রপৃষ্ঠৰ পৰা ১২০০০ ফুট উচ্চতাত চিত্ৰগ্ৰহণ কৰিছিল। চিনেমাখনৰ কাহিনী, বিষয়বস্তু সাধাৰণ। অসাধাৰণ কেমেৰাৰ কাম আৰু পৰিচালনা শৈলী। চিনেমাখনত লাডাখৰ দুর্বিসহ জীৱন সুন্দৰভাৱে উপস্থাপন কৰিছে চন্দ্ৰভূষণে। চিনেমাখনৰ কাহিনীভাগ এনেধৰণৰ— তিনিটা ‘চৰিত্ৰ’ৰ এটা পৰিয়াল। মূল মানুহজনৰ নাম কৰ্ম (অভিনয় কৰিছে ডেনীয়ে)। কৰ্মই ঘৰতে জাম প্রস্তুত কৰি বিক্ৰী কৰে। এদিন সি প্ৰত্যাহ্বানৰ সন্মুখীন হয়, মেচিনত জাম প্রস্তুত কৰা কোম্পানী এটাৰ । সমস্যাৰ সন্মুখীন হয়। সম্পত্তি বুলিবলৈ আছে উত্তৰাধিকাৰীসূত্রে পোৱা ঘৰটো। সেইটোৰো বেছিভাগ দখল কৰি আছে ভাৰতীয় সেনা বাহিনীয়ে। পৰিচালকে মাত্ৰ কেইটামান শটতে সুন্দৰভাৱে স্পষ্ট কৰি দিছে— এটি শান্ত-সমাহিত লাডাখী পৰিয়ালৰ জীৱনত কিদৰে ভাৰতীয় সেনা আৰু আনুষংগিক কাৰকবোৰে কঠোৰ প্ৰভাৱ পেলায়। চিনেমাখন নিৰ্মাণ হৈছে হিন্দী আৰু লাডাখী ভাষাত। লাডাখী ভাষাত দখল নথকা সকলেও চিনেমাখন বুজাত দিগদাৰ অনুভৱ কৰা নাই পৰিচালনা শৈলীৰ বাবে। অৱশ্যে চিনেমাখনৰ গতি মন্থৰ। মন্থৰ গতিয়ে চিত্ৰৰসিকক দিগদাৰ দিয়া নাই। ‘ক’লা-বগা’ সৌন্দৰ্যৰ বাবে। ‘ৰং’ ব্যৱহাৰ কৰিলে হয়তো বৰফেৰে বগা হৈ থকা লাডাখৰ সৌন্দৰ্যত চেকা লাগিলহেঁতেন। চেং লী নামৰ সমালোচক এগৰাকীয়ে লিখিছে— ‘ক’লা-বগা'ত যে নিৰ্মাণ হৈছে সেয়াই চিনেমাখনৰ সৌন্দৰ্য। সৌন্দর্যখিনিয়ে চিনেমাখনৰ বিশেষত্ব ।... মই ভাবো এই ৰঙীণ যুগত নিৰ্মিত ‘ফ্ৰ'জেন’ক বাদ দি ভাৰতীয় চিনেমাৰ সম্পূৰ্ণ আলোচনা সম্ভৱ নহয়।

‘ফ্ৰ'জেন’ত দেখিলো ‘ক’লা-বগা’ৰ সৌন্দর্য। ‘ফ্র’জেন’-এ শিকালে, স্পষ্ট কৰি দিলে চিনেমাৰ বিষয়বস্তুৰ সৈতে ‘ৰঙ’ৰ সম্পৰ্ক আছে।

‘ৰঙীণ চিনেমা’— চিনেশিল্পৰ উত্তৰণ নহয়, পৰিৱৰ্তন। এই দিশত আমাৰ ধাৰণা স্পষ্ট, এই পৰিৱৰ্তনে চিনেশিল্পৰ ক্ষতি কৰিছে। চিনে পণ্ডিত আৰ্থাৰ নাইটৰ ৰচনাত পোৱা যায়— ‘দুটা পৰিৱৰ্তনত চিনেমাৰ ক্ষতি হৈছে। ‘শিল্প’ৰ পৰা চিনেমা আঁতৰি গৈছে। সবাকযুগ আৰম্ভ হোৱাৰ সময়ত স্থবিৰ হৈ পৰিছিল, দুই তিনি বছৰলৈ সৰহ সংখ্যক পৰিচালক ব্যস্ত হৈ পৰিছিল ‘চিনেমা’ত ‘কথা’ দিয়াত। তেনেদৰে ৰং ব্যৱহাৰত, কেৱল ৰঙৰ চিন্তাত কেইবাটাও বছৰ খৰচ কৰিছিল সৰহসংখ্যক পৰিচালকে। এই সময়ছোৱাত চিনেমাত ‘সাহিত্য’ বাঢ়িছিল, ‘কেমেৰাৰ ভাষা’ৰ ক্ষতি হৈছিল।'

‘A trip to the Moon'— প্ৰথমখন ৰঙীণ চিনেমা। ১৯০২ চনত নির্মাণ কৰিছিল ফ্ৰান্সৰ পৰিচালকে। দ্বিতীয়খন ৰঙীণ চিনেমায়ো ফ্ৰান্সৰ নিৰ্মাতাৰ – La Vie et Passion du Christ (১৯০৩)। হলিউডত ৰঙীন চিনেমা নির্মাণ আৰম্ভ হৈছিল ১৯১২ চনত হে। (প্রথমঃ ‘with our king and queen through India ')। ভাৰতত ৰঙীন চিনেকৰ্ম আৰম্ভ হৈছিল ‘কিষাণ কন্যা' (১৯৩৭)ৰে। ১৯৬১ চনত আংশিক ৰঙীন ‘শকুন্তলা’ৰে অসমীয়া চিনেমাৰ ‘ৰঙীন যুগ’ আৰম্ভ হয়। এই যে আংশিক ৰঙীন, সেইবাবে ‘ভাইটি’ — প্ৰথম অসমীয়া ৰঙীন চিনেমা বুলি কোৱা হয় । ভাৰতৰ, অসমৰ পৰিচালকসকলে হয়তো ধৰি ল'লে ‘ৰঙীন চিনেমা’ চিনে শিল্পীৰ উত্তৰণ । যাৰ বাবে ‘ৰঙীন যুগ’ত পদুম বৰুৱাৰ ‘ক’লা-বগা’ চিনেচিন্তাক অসমীয়া ‘চিনে পণ্ডিতে’ তাচ্ছিল্য কৰিছিল। অসমীয়া চিনেমাৰ প্ৰযোজকে সহজভাৱে ল'ব পৰা নাছিল। সন্দেহ নাই— তাচ্ছিল্য কৰা, সহজভাৱে ল’ব নোৱাৰা সকলে পোৱা নাছিল, বিশ্বৰ বিভিন্ন প্ৰান্তত ‘ৰঙীন যুগ’তো নিৰ্মাণ হৈ থকা ক’লা-বগা চিনেমাৰ খবৰ। ‘Pi’(১৯৯৮), 'Kafka (1991), The girl on the Bridge'(১৯৯৯), Tetro' (২০০৯), Angel-A' (২০০৫), The Man who wasn't there' (২০০১), The Artist' (২০১১), In the Shadow of woman' (২০১৫), The eyes of My Mother’(২০১৬) আদি ‘ৰঙীন যুগ’ৰ ক'লা-বগা চিনেচিন্তা। চিত্ৰৰসিকক চুই যাব পৰা চিনেচিন্তা ।
(২০১৯। ‘দৈনিক অসম’ত প্ৰকাশ পাইছিল।)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...