সরাসরি প্রধান সামগ্রীতে চলে যান

হৰেকলা হাজাব্বা / Harekala Hajabba ಹರೇಕಳ ಹಾಜಬ್ಬ

প্ৰকৃত নায়ক। চৰ্চা তেনেদৰেই হৈছে।
 A Real Hero, Nijavāda nāyaka --চৰ্চ এনেদৰেই হৈছে।
'আমি একমাত্র কন্নড় ভাষাহে জানো। ইংৰাজী নাজানো, হিন্দীও নাজানো। আপুনি আমাক কন্নড় ভাষাতে কওক! 
'Nijavāda nāyaka'--কন্নড় ভাষাত দখল থকা সাংবাদিক গৰাকীয়ে কৈছিল। মানুহ জনৰ চেহেৰালৈ হাঁহি আহিছিল, তেওঁক 'প্ৰকৃত নায়ক' বুলি কোৱাত। আৰু কৈছিল, 'এনে ধৰণৰ কাম কৰিলে প্ৰকৃত নায়ক বুলি কয় নেকি? প্ৰকৃত নায়ক হবলৈ নহয়, মই কামটো কৰিছিলো এই কথা ভাবি, মোৰ দৰে যাতে লাজ পাবলগীয়া নহয়।'
আপোনভোলা মানুহ জনে কৈ গৈছিল-- 'জনা নাছিলো জীৱন চলাবলৈ বিদ্যালয়লৈ যাব লাগে, শিক্ষা লব লাগে, ইংৰাজী জানিব লাগে! ভাবিছিলো কমলা বিক্ৰী কৰিম, কমলা বিক্ৰী কৰি সামান্য টকা উপাৰ্জন কৰিম, তেনেদৰেই চলি যাব জীৱন! কিন্তু সেই দিনা অনুভৱ কৰিলো, শিক্ষা নোহোৱা জীৱন যিকোনো মূহুৰ্ততে অচল হব পাৰে!'
'কোন দিনাৰ কথা কৈছে?' --সাংবাদিক গৰাকীয়ে সুধিলে।
'মোৰ মনত নাই বাৰ, তাৰিখ। হাতত কমলা ভৰা খৰাহিটো লৈ মই পথত ৰৈ থকা গাড়ীৰ মাজেৰে গৈ আছো। গ্ৰাহকৰ সন্ধান কৰিছো। গ্ৰাহক পাইছো। কমলা লৈছে কোনোৱে, কোনোৱে লোৱা নাই। গৈ আছো, হঠাতে ৰৈ যাবলৈ বাধ্য হলো। ইংৰাজীত মানুহ এজনে মোক কিবা সুধিছে। মই বুজা নাই। বিদেশী মানুহ জন আগবাঢ়িল। মই একো বুজিব নোৱাৰি ঠিয় হৈ থকা ঠাইতে স্থিৰ হলো। এজন আহি মোক ক'লে-- কমলাৰ দাম সুধিছিল। মোৰ মনত বেজাৰ বাঢ়িল। এজন ক্ৰেতা হেৰুৱালো, সেই বাবে নহয়। ভাষা বুজি নপোৱাৰ বাবে উত্তৰ দিব নোৱাৰিলো যে, সেই বাবে। আৰু সেই দিনায়ে ঠিক কৰিলো, বিদ্যালয় এখন নিৰ্মাণ কৰিম। মই যিটো অঞ্চলত বাস কৰো, সেই অঞ্চলটোৰ সৰহ সংখ্যকেই আৰ্থিক হেচাৰ মাজত কোনোমতে উশাহ লৈ থকা। মই নিজে আৰ্থিক সমস্যাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰা কিশোৰ-কিশোৰীৰ দায়িত্ব ললো। তেতিয়াৰ পৰা চলাই আছো। বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ১৮২ গৰাকী।' --অপোনভোলা মানুহ গৰাকীয়ে ক'লে। মনুহ জনৰ নাম হৰেকালা হাজাব্বা। এই মাহত,পদ্ম বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এই গৰাকী প্ৰকৃত নায়কে। খালী ভৰিৰে আহি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৬৮ বছৰীয়া হৰেকালাই  পদ্মশ্ৰী সন্মান গ্ৰহণ কৰা মূহুৰ্ততো আছিল কৰ্মশক্তিক বিশ্বাস কৰা সকলৰ বাবে বিশেষ সময়, সেউজ সময়।
               কৰ্ণাটকৰ মাংগালোৰ চহৰ নিবাসী হাজাব্বাই ২০০০ চনত গঢ়ি তুলিছিল এখন বিদ্যালয়। স্বাভাবিকতে এই খবৰ বিশেষ নহ'ল হেতেন যদিহে হাজাব্বা পদ পথত কমলা বিক্ৰী কৰা সহজ-সৰল, আৰ্থিক সমস্যাৰ মাজত জীৱন পাৰ কৰা মানুহ নহ'ল হেতেন! নিজৰ সামান্য উপাৰ্জনৰ পৰা ৰাহি কৰি বিদ্যালয় খনৰ কাম আগবঢ়াইছিল। অৱশ্যে পৰৱৰ্তী সময়ত আন বহুতে হাজাব্বালৈ সহায়ৰ হাত আগবঢ়াইছিল।
               হাজাব্বাই ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা দেশৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী গ্ৰহণৰ পিছত সাংবাদিকক ক'লে-- 'আমাৰ বিদ্যালয় খনত দশম শ্ৰেণীলৈকে আছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাম আমাৰ গাওঁত এখন প্রাক-বিশ্ববিদ্যালয় কলেজ স্থাপন কৰক। মোৰ মন, আমাৰ গাওঁত বিদ্যালয়ৰ সংখ্যা বঢ়োৱা।'
               লেখক ইছমথ পজিৰে হাজাব্বা কেন্দ্ৰীক গ্ৰন্থ এখন লিখিছে। নাম--Harekala Hajabbara Jeevana Charitre (Life story of Harekala Hajabba)। এই গ্ৰন্থ খনত 'মানুহ' হাজাব্বাক অনুভৱ কৰিব পাৰি।লেখক ইছমথ পজিৰে হাজাব্বা কেন্দ্ৰীক গ্ৰন্থ এখন লিখিছে। নাম--Harekala Hajabbara Jeevana Charitre (Life story of Harekala Hajabba)। এই গ্ৰন্থ খনত 'মানুহ' হাজাব্বাক অনুভৱ কৰিব পাৰি।
               উল্লেখ্য যে, পদ্মশ্ৰীৰে সন্মানিত হোৱাৰ পূৰ্বে হাজাব্বা Mangalore Universityৰ পাঠ্যক্ৰমৰ বিষয় হৈছে, বিবিচিৰ অনুষ্ঠান ('Unlettered fruit-seller's Indian education dream') হৈছে, ভালেমান বঁটাৰে সন্মিনিত হৈছে।
               (উৎস: CHAMARAJANAGAR, Hubballi)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...