সরাসরি প্রধান সামগ্রীতে চলে যান

হৰেকলা হাজাব্বা / Harekala Hajabba ಹರೇಕಳ ಹಾಜಬ್ಬ

প্ৰকৃত নায়ক। চৰ্চা তেনেদৰেই হৈছে।
 A Real Hero, Nijavāda nāyaka --চৰ্চ এনেদৰেই হৈছে।
'আমি একমাত্র কন্নড় ভাষাহে জানো। ইংৰাজী নাজানো, হিন্দীও নাজানো। আপুনি আমাক কন্নড় ভাষাতে কওক! 
'Nijavāda nāyaka'--কন্নড় ভাষাত দখল থকা সাংবাদিক গৰাকীয়ে কৈছিল। মানুহ জনৰ চেহেৰালৈ হাঁহি আহিছিল, তেওঁক 'প্ৰকৃত নায়ক' বুলি কোৱাত। আৰু কৈছিল, 'এনে ধৰণৰ কাম কৰিলে প্ৰকৃত নায়ক বুলি কয় নেকি? প্ৰকৃত নায়ক হবলৈ নহয়, মই কামটো কৰিছিলো এই কথা ভাবি, মোৰ দৰে যাতে লাজ পাবলগীয়া নহয়।'
আপোনভোলা মানুহ জনে কৈ গৈছিল-- 'জনা নাছিলো জীৱন চলাবলৈ বিদ্যালয়লৈ যাব লাগে, শিক্ষা লব লাগে, ইংৰাজী জানিব লাগে! ভাবিছিলো কমলা বিক্ৰী কৰিম, কমলা বিক্ৰী কৰি সামান্য টকা উপাৰ্জন কৰিম, তেনেদৰেই চলি যাব জীৱন! কিন্তু সেই দিনা অনুভৱ কৰিলো, শিক্ষা নোহোৱা জীৱন যিকোনো মূহুৰ্ততে অচল হব পাৰে!'
'কোন দিনাৰ কথা কৈছে?' --সাংবাদিক গৰাকীয়ে সুধিলে।
'মোৰ মনত নাই বাৰ, তাৰিখ। হাতত কমলা ভৰা খৰাহিটো লৈ মই পথত ৰৈ থকা গাড়ীৰ মাজেৰে গৈ আছো। গ্ৰাহকৰ সন্ধান কৰিছো। গ্ৰাহক পাইছো। কমলা লৈছে কোনোৱে, কোনোৱে লোৱা নাই। গৈ আছো, হঠাতে ৰৈ যাবলৈ বাধ্য হলো। ইংৰাজীত মানুহ এজনে মোক কিবা সুধিছে। মই বুজা নাই। বিদেশী মানুহ জন আগবাঢ়িল। মই একো বুজিব নোৱাৰি ঠিয় হৈ থকা ঠাইতে স্থিৰ হলো। এজন আহি মোক ক'লে-- কমলাৰ দাম সুধিছিল। মোৰ মনত বেজাৰ বাঢ়িল। এজন ক্ৰেতা হেৰুৱালো, সেই বাবে নহয়। ভাষা বুজি নপোৱাৰ বাবে উত্তৰ দিব নোৱাৰিলো যে, সেই বাবে। আৰু সেই দিনায়ে ঠিক কৰিলো, বিদ্যালয় এখন নিৰ্মাণ কৰিম। মই যিটো অঞ্চলত বাস কৰো, সেই অঞ্চলটোৰ সৰহ সংখ্যকেই আৰ্থিক হেচাৰ মাজত কোনোমতে উশাহ লৈ থকা। মই নিজে আৰ্থিক সমস্যাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰা কিশোৰ-কিশোৰীৰ দায়িত্ব ললো। তেতিয়াৰ পৰা চলাই আছো। বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ১৮২ গৰাকী।' --অপোনভোলা মানুহ গৰাকীয়ে ক'লে। মনুহ জনৰ নাম হৰেকালা হাজাব্বা। এই মাহত,পদ্ম বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এই গৰাকী প্ৰকৃত নায়কে। খালী ভৰিৰে আহি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৬৮ বছৰীয়া হৰেকালাই  পদ্মশ্ৰী সন্মান গ্ৰহণ কৰা মূহুৰ্ততো আছিল কৰ্মশক্তিক বিশ্বাস কৰা সকলৰ বাবে বিশেষ সময়, সেউজ সময়।
               কৰ্ণাটকৰ মাংগালোৰ চহৰ নিবাসী হাজাব্বাই ২০০০ চনত গঢ়ি তুলিছিল এখন বিদ্যালয়। স্বাভাবিকতে এই খবৰ বিশেষ নহ'ল হেতেন যদিহে হাজাব্বা পদ পথত কমলা বিক্ৰী কৰা সহজ-সৰল, আৰ্থিক সমস্যাৰ মাজত জীৱন পাৰ কৰা মানুহ নহ'ল হেতেন! নিজৰ সামান্য উপাৰ্জনৰ পৰা ৰাহি কৰি বিদ্যালয় খনৰ কাম আগবঢ়াইছিল। অৱশ্যে পৰৱৰ্তী সময়ত আন বহুতে হাজাব্বালৈ সহায়ৰ হাত আগবঢ়াইছিল।
               হাজাব্বাই ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা দেশৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী গ্ৰহণৰ পিছত সাংবাদিকক ক'লে-- 'আমাৰ বিদ্যালয় খনত দশম শ্ৰেণীলৈকে আছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাম আমাৰ গাওঁত এখন প্রাক-বিশ্ববিদ্যালয় কলেজ স্থাপন কৰক। মোৰ মন, আমাৰ গাওঁত বিদ্যালয়ৰ সংখ্যা বঢ়োৱা।'
               লেখক ইছমথ পজিৰে হাজাব্বা কেন্দ্ৰীক গ্ৰন্থ এখন লিখিছে। নাম--Harekala Hajabbara Jeevana Charitre (Life story of Harekala Hajabba)। এই গ্ৰন্থ খনত 'মানুহ' হাজাব্বাক অনুভৱ কৰিব পাৰি।লেখক ইছমথ পজিৰে হাজাব্বা কেন্দ্ৰীক গ্ৰন্থ এখন লিখিছে। নাম--Harekala Hajabbara Jeevana Charitre (Life story of Harekala Hajabba)। এই গ্ৰন্থ খনত 'মানুহ' হাজাব্বাক অনুভৱ কৰিব পাৰি।
               উল্লেখ্য যে, পদ্মশ্ৰীৰে সন্মানিত হোৱাৰ পূৰ্বে হাজাব্বা Mangalore Universityৰ পাঠ্যক্ৰমৰ বিষয় হৈছে, বিবিচিৰ অনুষ্ঠান ('Unlettered fruit-seller's Indian education dream') হৈছে, ভালেমান বঁটাৰে সন্মিনিত হৈছে।
               (উৎস: CHAMARAJANAGAR, Hubballi)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...