পৱিত্ৰ দাই কৈছিল— ‘তুমি নজনাটো স্বাভাৱিক। তোমাৰ তেতিয়া জন্ম হোৱাই নাছিল। আজি তোমালোকে হীৰেন ভট্টক কবিতাৰ বাবে জানা। মই জনাত তেওঁ কবিতাতকৈ চিনেমাহে ভাল পাইছিল। সম্ভৱতঃ ১৯৫৬ চনৰ মাৰ্চ মাহৰ পৰা ‘চিত্ৰবন’ নামৰ আলোচনী এখন উলিয়াইছিল। মোৰ 'ৰূপকাৰ' যেনেকুৱা, তেনেকুৱা আছিল ৷ চিনেমাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। সাহিত্য, ৰংগমঞ্চ আদিৰ নামতো পৃষ্ঠা খৰচ কৰিছিল। প্রতি ইংৰাজী মাহৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাইছিল। অমূল্য বৰুৱা, ড° মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, আৰু বহুতে লিখিছিল। চিনেমা সমালোচনা লিখিছিল নাম নিদিয়াকৈ হীৰেন ভট্টই।'
আন এদিন হীৰুদাৰ উপস্থিতিত পৱিত্ৰ দাই ‘চিত্ৰবন’ৰ প্ৰসংগটো উলিয়াইছিল। পৱিত্ৰ দাই হীৰুদাক সুধিছিল— ‘চিত্র সাংবদিকতা’, চিনেমা সমালোচনা কিয় বাদ দিলে। হীৰুদাৰ সংক্ষিপ্ত উত্তৰ— ‘টান বিষয়। বহু পঢ়া-শুনা কৰিব লাগে। চাব লাগে। মোৰ ধৈৰ্য কম হৈ আহিছে। সেই দিনা আমাৰ মাজৰে এগৰাকীয়ে সুধিছিল— কেতিয়াবা চিনেমাপৰিচালনা কৰাৰ ইচ্ছা মনলৈ নাহেনে?
হীৰুদা...
তেওঁ মোৰ ওচৰৰ নাছিল।... কিন্তু তেওঁৰ ‘শব্দ’বোৰ আছিল মোৰ অতি ওচৰৰ। তেওঁৰ মুখামুখি হৈছিলোঁ তিনিবাৰ। মাত্ৰ তিনিবাৰ। তিনিবাৰ, তিনিটা ‘ইমেজ’ত হৃদয়ত ভৰাই লৈ আহিছিলোঁ।
প্ৰথমবাৰ মোক লৈ গৈছিল মোৰ এজন সাংবাদিক বন্ধুৱে। তেওঁ ঘৰত নাছিল। আমাক বহিবলৈ কোৱা হ’ল। ঘৰত নবহি আমি বহিলোঁ তেওঁৰ প্ৰেছ ‘চিত্ৰবন’ত। চিত্ৰবন। মই ‘চিনেমা’ৰ গোন্ধ পালোঁ।... তেওঁ আহিল৷ তেওঁৰ সৈতে বন্ধুৱে মোক চিনাকি কৰি দিয়াৰ পাছতে ক'লোঁ— ‘চিত্রবন’ কবিতা কবিতা যেন নালাগে, চিনেমা যেন লাগে। উত্তৰত তেওঁৰ কেইটামান শব্দ ক'লে— ‘কবিতা-চিনেমাৰ সম্পৰ্ক আছে। গীত-কবিতাৰ সম্পৰ্ক আছে। চিনেমাত গীত থাকে।'কবিতা-চিনেমাৰ সম্পৰ্ক আছে। গীত-কবিতাৰ সম্পৰ্ক আছে। চিনেমাত গীত থাকে।'
সেই কাৰণেইনে ‘চিত্রবন’?
চিত্র সাংবাদিক পৱিত্ৰ কুমাৰ ডেকা আজি আমাৰ মাজত নাই। সেই সময়ত সপ্তাহত কমেও এটা দিনত ২০-৩০ মিনিট পৱিত্ৰ দাৰ সুন্দৰ পুথিভঁৰালটোত বহি আড্ডা দিয়াটো যেন ৰুটিনৰ ভিতৰত আছিল। এদিন ‘চিত্ৰবন’ৰ কথা উলিয়াইছিলোঁ। মোৰ সন্দেহৰ কথা কৈছিলোঁ। পৱিত্ৰ দাই কৈছিল— মোৰ সন্দেহৰ যুক্তি আছে। পৱিত্ৰ দাই কৈছিল— ‘তুমি নজনাটো স্বাভাৱিক। তোমাৰ তেতিয়া জন্ম হোৱাই নাছিল। আজি তোমালোকে হীৰেন ভট্টক কবিতাৰ বাবে জানা। মই জনাত তেওঁ কবিতাতকৈ চিনেমাহে ভাল পাইছিল। সম্ভৱতঃ ১৯৫৬ চনৰ মাৰ্চ মাহৰ পৰা ‘চিত্ৰবন’ নামৰ আলোচনী এখন উলিয়াইছিল। মোৰ 'ৰূপকাৰ' যেনেকুৱা, তেনেকুৱা আছিল ৷ চিনেমাক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। সাহিত্য, ৰংগমঞ্চ আদিৰ নামতো পৃষ্ঠা খৰচ কৰিছিল। প্রতি ইংৰাজী মাহৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাইছিল। অমূল্য বৰুৱা, ড° মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, আৰু বহুতে লিখিছিল। চিনেমা সমালোচনা লিখিছিল নাম নিদিয়াকৈ হীৰেন ভট্টই।'
আন এদিন হীৰুদাৰ উপস্থিতিত পৱিত্ৰ দাই ‘চিত্ৰবন’ৰ প্ৰসংগটো উলিয়াইছিল। পৱিত্ৰ দাই হীৰুদাক সুধিছিল— ‘চিত্র সাংবদিকতা’, চিনেমা সমালোচনা কিয় বাদ দিলে। হীৰুদাৰ সংক্ষিপ্ত উত্তৰ— ‘টান বিষয়। বহু পঢ়া-শুনা কৰিব লাগে। চাব লাগে। মোৰ ধৈৰ্য কম হৈ আহিছে। সেই দিনা আমাৰ মাজৰে এগৰাকীয়ে সুধিছিল— কেতিয়াবা চিনেমা
পৰিচালনা কৰাৰ ইচ্ছা মনলৈ নাহেনে?
‘যায়। একেটাই সমস্যা। ধৈর্য। ৪-৫ মিনিটত যদি সম্ভৱ হয়, চেষ্টা কৰি চাব পাৰি।' — হীৰুদাৰ উত্তৰ। (পৱিত্ৰ ঘৰত, এয়া হীৰুদাৰ সৈতে মোৰ দ্বিতীয় মুখামুখি।) তৃতীয় মুখামুখিৰ অভিজ্ঞতা মোৰ বাবে আছিল ‘অদ্ভুত'।
এখন গ্ৰন্থ উন্মোচন কৰিব হীৰুদাই। উৎপল দাই (লেখক, সমালোচক উৎপল দত্তই) দায়িত্ব দিলে নিৰ্দিষ্ট সময়ত হীৰুদাক ‘গৌৰী সদন'লৈ আনিব লাগে। নিৰ্দিষ্ট সময় দিনৰ ১২ বজাত আমি গৈ পাব লাগিছিল। আমি গৈ পালোঁ ১২ বাজি কেইমিনিটমান যোৱাৰ পাছত। গৈ জানিব পাৰালো কবি ঘৰত নাই।কেইটামান নিৰ্দিষ্ট স্থানত বিচাৰিলোঁ। যিকেইটা স্থানত হীৰুদাক পোৱা যায় বুলি দুই-একে ক’লে। নাই, সেই স্থানবোৰতো নাই। সময় আগবাঢ়িল। দুই বাজিল। উন্মোচন কৰিবলগীয়া গ্ৰন্থখনৰ বিষয় আছিল— ‘কেশৱ মহন্ত'। ঠিক কৰা হ’ল কেশৱ মহন্তই গ্ৰন্থখন উন্মোচন কৰিব। সভা আৰম্ভ হ'ল। গ্রন্থ উন্মোচন কৰিবলৈ সাজু... । তেনেতে উপস্থিত হীৰুদা। ছাৰ্টৰ বুটাম খোলা, ঘামত শৰীৰ তিতিছে।... সকলোৰে দৃষ্টিত ‘?’।
"মোক লৈ অহাৰ কথা আছিল ১২ বজাত। ৫ মিনিট সময় বাট চালোঁ। পাহৰিলে বুলি ভাবিলোঁ । ভাবিলোঁ— খোজ কাঢ়িয়ে গৈ থাকোঁ। ৰাস্তাত লগ পালোঁ...।" হীৰুদাই কৈ গ'ল।
হীৰুদাই গীত জানে। সেয়েহে তেওঁৰ কবিতাবোৰ সুৰ দিব পাৰি। ‘তিনিদিনীয়া অগ্ৰদূত’ৰ বাবে লোৱা এটা সাক্ষাৎকাৰত মোক কৈছিল ৰুবী সিংহই। ৰুবী সিংহই গাইছিল হীৰুদাৰ ‘গ’লিগৈ বগলী বগা পাখি মেলি...’, "গানে কি আনে/সুৰৰ সোপানে সোপানে...", "বন্ধু মেলি দে তোৰ..."আদি।
বীৰেন্দ্ৰনাথ দত্তই গাইছিল "মোৰ সপোনৰ , সৌ শিৰীষ ডালত, মোৰ আই সাতোখন শুৱনি...। আৰু ?
অপূর্ব কুমাৰ দাসে "মই বাটৰুৱা দুচকুত মোৰ...", চাৰু গোহাঁয়ে "ৰাতি বাঁহী বাই ...", পুলক বেনাৰ্জীয়ে "গানে কি আনে...", "আন্ধাৰলে হাত...", অৰ্চনা মহন্তই "যা বাৰিষা...", তৰালি শৰ্মাই গাইছিল ‘মন কমোৱা তুলাৰ দৰে....’, অনিন্দিতা পালে ‘বকুল বনৰ দৰে/জোনাকৰ পখী উৰে...’, জুবিন গাৰ্গে ‘অ’ মোৰ ৰণৰ তেজী ঘোঁৰা অ' মোৰ মনৰ বেগী ঘোঁৰা...’, গানে কি আনে...", "হেৰ' বাঁহী...", দুৰ্গাময়ী বৰাই "মোৰ পাহৰা গানৰ...", "কিয়বা দুটি নয়ন...", লোকনাথ গোস্বামীয়ে "আমোলমোল শোৱালিৰ গোন্ধ...", পাৰবিন চুলতানাই "নীলা চৰাই...", সংগীতা বৰঠাকুৰে "সোণ সুৱদী...", দীগেন মহন্তই "মোৰ জীৱনৰে..." দিলীপ চৌধুৰীয়ে "আজি জোনাক ৰাতি...", "হেমেন দাসে "ফুলৰে চাকি...", নিবেদিতা শৰ্মা বৰাই "বকুল ফুলৰ দৰেই...", পাপৰি দাসে "জোনাক নাছিল...", ৰুমী অঞ্জনা চৌধুৰীয়ে "সোণ সুৱদী চৰাই উৰে...", জয়প্ৰকাশ মেধি "অ মোৰ মিঠা মৌ..." আৰু টফি দেয়ে গাইছিল "এটি তৰা আপোন পাহৰা..."। এই প্ৰতিটো গীতেই অসমীয়া ‘গীত’ৰ একোটা ‘চমক’।
গীতৰ চমক শব্দ? এই প্ৰসংগত হীৰুদাৰ ব্যাখ্যা আছিল এনেধৰণৰ—
"শব্দ— নহয়। কেৱল শব্দ নহয়। কণ্ঠ আৰু অলংকাৰো। অলংকাৰ গায়কী, সুৰ, সংগীত ইত্যাদি। গীত মানে কেৱল শব্দ নহয়। কেৱল কণ্ঠ নহয়...। সকলো মিলিহে গীত।" (প্রকাশ : মাহেকীয়া গল্প/২০১২)

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন