সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু সান্নিধ্য/৩ (গ)

১৯৭৬ চন। শিৱপ্ৰসাদ ঠাকুৰে হাতত লৈছিল ‘ফাগুনী’ নামৰ চিনেমাখন। ‘বর্ণালী ফিল্মছ’ নামেৰে কো-অপাৰেটিভ ছ'চাইটী এটা গঠন কৰা হ’ল। ঠিক হ’ল এই ছ'চাইটীটোৰ বেনাৰতে চিনেমাখন নিৰ্মাণ হ'ব। ১৯৭৬ চন। শিৱপ্ৰসাদ ঠাকুৰে হাতত লৈছিল ‘ফাগুনী’ নামৰ চিনেমাখন। ‘বর্ণালী ফিল্মছ’ নামেৰে কো-অপাৰেটিভ ছ'চাইটী এটা গঠন কৰা হ’ল। ঠিক হ’ল এই ছ'চাইটীটোৰ বেনাৰতে চিনেমাখন নিৰ্মাণ হ'ব। সমিতিখনৰ সভাপতি আছিল শিৱপ্ৰসাদ ঠাকুৰ। সম্পাদকৰ দায়িত্বত আছিল মুনিন বৰুৱা। সম্পাদকৰ লগতে আৰু দুটা দায়িত্ব দিয়া হৈছিল সহকাৰী পৰিচালনা আৰু অভিনয়ৰ। সেই সময়ৰ স্মৃতি ৰোমন্থন কৰি ভাইমনদাই জানিবলৈ দিলে— “সহকাৰী পৰিচালক হিচাপে কাম কৰি মই বেছি ভাল পালোঁ। কেমেৰাৰ পিছত থাকি যিখিনি কাম কৰিব লাগে, সেইখিনিতহে মনোযোগ দিলোঁ। কেমেৰাৰ সন্মুখলৈ আহিবলৈ বেয়া পালোঁ। নাহিলোঁ। গতিকে ছাৰে কোৱা সত্ত্বেও চিনেমাখনৰ চৰিত্ৰ এটাত অভিনয় নকৰিলোঁ। মোৰ বাবে যিটো চৰিত্ৰ ৰচনা কৰা হৈছিল, সেইটোত পিছত অভিনয় কৰিলে প্ৰাঞ্জল শইকীয়াই। কিন্তু আমাৰ বাবে দুখৰ বিষয় হৈ পৰিল চিনেমাখনে ব্যৱসায়িক দিশত সুবিধা কৰিব নোৱাৰিলে। ফ্লপ হ’ল। তুমি হয়তো জানা, ‘ফ্লপ’ লেবেলখন চিনেমা নির্মাতা-পৰিচালকৰ বাবে বৰ বেয়া চেকা। পিছৰ কামত দিগদাৰ দিয়ে। সেয়া মই অনুভৱ কৰিছিলোঁ, যেতিয়া ছাৰৰ সৈতে ‘বোৱাৰী’ৰ পৰিকল্পনাত ব্যস্ত হৈছিলোঁ। চিনেমাৰ ব্যৱসায়ৰ লগত যিসকল জড়িত, সেইসকলে আমাক বিশেষ উৎসাহ দিয়া নাছিল।... সি যি কি নহওক, আমি ‘বোৱাৰী’ৰ কামত আগবাঢ়িলোঁ। কাহিনী বসন্ত দাসৰ। ছাৰে ক'লে ব্যৱসায়িক দিশটোৰ কথা মনত ৰাখি তুমিয়ে চিত্রনাট্য লিখা। ছাৰৰ মতে, মোৰ প্ৰচুৰ চিনেমা চোৱাৰ অভ্যাস আৰু বঙালী নাটকৰ অনুবাদ কৰাৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাৰে মই অতি সুন্দৰভাৱে চিত্রনাট্যখন ৰচনা কৰিব পাৰিম। অৱশ্যে ছাৰক মই হতাশ কৰা নাছিলোঁ। ব্যৱসায়িক দিশত ‘বোৱাৰী’ সফল হৈছিল। কিমান সফল হৈছিল, সেয়া তোমালোকে নিশ্চয় জানা। পুনৰ কোৱাৰ প্ৰয়োজন নাই। আৰু এটা কথাই মোক আনন্দ দিলে — ‘ফাগুনী’ৰ বিফলতাৰ বাবে যিকেইগৰাকী চিনেমা হলৰ মালিকে আমাক বেয়া ধৰণে কৈছিল, তেওঁলোকেই ‘বোৱাৰী’ৰ বাবে হেতা-ওপৰা লগাইছিল।”
             ‘বোৱাৰী’ৰ সফলতাৰ পিছত ভাইমনদাই শিৱপ্ৰসাদ ঠাকুৰৰ ‘ঘৰ-সংসাৰ’, ‘সোণমইনা’ৰ চিত্ৰনাট্য ৰচনাৰ লগতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ পিছৰ সময়ছোৱাত মুক্তি পোৱা শিৱপ্ৰসাদ ঠাকুৰৰ ‘মন মন্দিৰ’, ‘এই দেশ মোৰ দেশ’, ‘শেৱালি’ৰ কেৱল চিত্রনাট্যহে ৰচনা কৰিছিল। সেই সময়ত (১৯৮৯-৯০ চন) চৰ্চা হৈছিল মুনিন বৰুৱাই স্বাধীনভাৱে পৰিচালনাৰ কামত ব্যস্ত হ’ব। কিন্তু কিছুদিন পিছতে শুনা গ'ল স্বাধীনভাৱে নহয়, অভিনেতা নিপন গোস্বামীৰ সৈতে যুটীয়াভাৱেহে চিনেমা এখন পৰিচালনা কৰিব। চিনেমাখনৰ নাম ‘প্রতিমা'। স্বাধীনভাৱে চিনেমা আৰম্ভ কৰিলে ‘পিতা-পুত্র’ৰেহে। এই চিনেমাখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল অমুল্য কাকতিৰ ‘অংকুৰ' নামৰ বহুচৰ্চিত গল্প এটিৰ আধাৰত। এই চিনেমাখনেই অসমৰ চিত্ৰৰসিকক আশা দেখুৱাইছিল। আশা দেখুওৱাৰ মূল দিশটো আছিল গভীৰ বিষয়বস্তু এটা লৈ চিনেমাখন ৰচনা কৰা হৈছিল আৰু দৰ্শকেও আদৰি লৈছিল। সততে এটা ধাৰণা কৰা হয়, গভীৰ বিষয়বস্তুৰ চিনেমা বক্স অফিচত সফল নহয়। এই ধাৰণাটো শুদ্ধ নহয় বুলি প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল মুনিন বৰুৱা। অৱশ্যে পৰিচালকগৰাকীৰ পৰৱৰ্তী সময়ত ‘পিতা-পুত্র’ৰ এই বিশেষ ধাৰাটোত সোমাই থকা নাছিল। দ্বিতীয়খন স্বাধীন পৰিচালনা ‘পাহাৰী কন্যা’। ‘পাহাৰী কন্যা'ৰ পৰিচালনা শৈলী আৰু বিষয়বস্তু আছিল সম্পূর্ণ বেলেগ। ক'ব পাৰি চিনেমাখনৰ দূৰত্ব আছিল বহুত। সেই দূৰত্ব অসমৰ আন কোনো পৰিচালকৰ পৰিচালনাতে দেখা নাযায়। ‘প্রভাতী পখীৰ গান’ৰ পিছত পৰিচালকগৰাকীয়ে পৰিচালনা শৈলী
আকৌ সলনি কৰিছে। সেই পৰিচালনা শৈলী আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ। যাৰ বাবে ‘হিয়া দিয়া নিয়া' ছবিখন বলীউডৰ ব্যৱসায়িক সফল চিনেমাকো অসমৰ বজাৰত নিষ্প্রভ কৰি পেলাইছিল। ইয়াৰ পিছৰ পৰাই দৰ্শকৰ মাজত -এটা ধাৰণাৰ সৃষ্টি হৈছিল— মুনিন বৰুৱাৰ চিনেমা মানেই ভাল চিনেমা, চিত্ৰগৃহত বহি আমনি নলগাকৈ ৰস ল’ব পৰা চিনেমা। পৰিচালকগৰাকীৰ পৰিচালনা শৈলীৰ কথা মনত ৰাখি এতিয়ালৈকে চিত্ৰগৃহলৈ অহা চিনেমাকেইখনক দুভাগত ভাগ কৰিব পাৰি। এটা ভাগ আগবাঢ়ি গৈছে ‘পিতা-পুত্র’ৰ পৰিচালনা শৈলীৰে। এই ভাগটোত আমি ৰাখিব পাৰোঁ ‘পাহাৰী কন্যা’, ‘প্রভাতী পখীৰ গান' আৰু 'দীনবন্ধু’ক। আনটো ভাগ আগবাঢ়িছে ‘হিয়া দিয়া নিয়া’ৰ পৰিচালনা শৈলীৰে। এই ভাগটোত ৰাখিব পাৰোঁ— ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’ আৰু ‘ৰঙ’ক। সম্ভৱতঃ ‘ৰামধেনু’কো এই ভাগটোত ৰাখিব পৰা যাব। পৰিচালনা শৈলীৰে ভাগ কৰা এই কথাখিনি মানি ল'ব নোখোজে পৰিচালকগৰাকীয়ে। পৰিচালকগৰাকীৰ মতে— “বিষয়বস্তু মনত ৰাখি চিত্রনাট্য ৰচনা কৰা হয়। কোনো শৈলীৰ কথা মনত ৰাখি মই আজিলৈকে বিষয়বস্তু বা কাহিনী নির্বাচন কৰা নাই। কাহিনীটো কেনেকৈ দেখুৱালে দৰ্শকে সহজে বুজি পাব, সেই কথাটোতহে মই গুৰুত্ব দি আহিছোঁ। অৱশ্যে কিছু ইমেজে পৰিচালকক বান্ধি নৰখা নহয়। যেনেদৰে ‘দীনবন্ধু’ৰ ইমেজ এটা ইতিমধ্যে দৰ্শকৰ মাজত সোমাই পৰিছে (‘দীনবন্ধু’ আছিল ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ভ্রাম্যমাণ থিয়েটাৰৰ মঞ্চত মঞ্চস্থ জনপ্রিয় নাটক। এই নাটকখনক লৈয়ে মুনিন বৰুৱাই ‘দীনবন্ধু’ চিনেমাখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল।)। (চন:২০০৬)
 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...