সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু সান্নিধ্য/৩ (গ)

১৯৭৬ চন। শিৱপ্ৰসাদ ঠাকুৰে হাতত লৈছিল ‘ফাগুনী’ নামৰ চিনেমাখন। ‘বর্ণালী ফিল্মছ’ নামেৰে কো-অপাৰেটিভ ছ'চাইটী এটা গঠন কৰা হ’ল। ঠিক হ’ল এই ছ'চাইটীটোৰ বেনাৰতে চিনেমাখন নিৰ্মাণ হ'ব। ১৯৭৬ চন। শিৱপ্ৰসাদ ঠাকুৰে হাতত লৈছিল ‘ফাগুনী’ নামৰ চিনেমাখন। ‘বর্ণালী ফিল্মছ’ নামেৰে কো-অপাৰেটিভ ছ'চাইটী এটা গঠন কৰা হ’ল। ঠিক হ’ল এই ছ'চাইটীটোৰ বেনাৰতে চিনেমাখন নিৰ্মাণ হ'ব। সমিতিখনৰ সভাপতি আছিল শিৱপ্ৰসাদ ঠাকুৰ। সম্পাদকৰ দায়িত্বত আছিল মুনিন বৰুৱা। সম্পাদকৰ লগতে আৰু দুটা দায়িত্ব দিয়া হৈছিল সহকাৰী পৰিচালনা আৰু অভিনয়ৰ। সেই সময়ৰ স্মৃতি ৰোমন্থন কৰি ভাইমনদাই জানিবলৈ দিলে— “সহকাৰী পৰিচালক হিচাপে কাম কৰি মই বেছি ভাল পালোঁ। কেমেৰাৰ পিছত থাকি যিখিনি কাম কৰিব লাগে, সেইখিনিতহে মনোযোগ দিলোঁ। কেমেৰাৰ সন্মুখলৈ আহিবলৈ বেয়া পালোঁ। নাহিলোঁ। গতিকে ছাৰে কোৱা সত্ত্বেও চিনেমাখনৰ চৰিত্ৰ এটাত অভিনয় নকৰিলোঁ। মোৰ বাবে যিটো চৰিত্ৰ ৰচনা কৰা হৈছিল, সেইটোত পিছত অভিনয় কৰিলে প্ৰাঞ্জল শইকীয়াই। কিন্তু আমাৰ বাবে দুখৰ বিষয় হৈ পৰিল চিনেমাখনে ব্যৱসায়িক দিশত সুবিধা কৰিব নোৱাৰিলে। ফ্লপ হ’ল। তুমি হয়তো জানা, ‘ফ্লপ’ লেবেলখন চিনেমা নির্মাতা-পৰিচালকৰ বাবে বৰ বেয়া চেকা। পিছৰ কামত দিগদাৰ দিয়ে। সেয়া মই অনুভৱ কৰিছিলোঁ, যেতিয়া ছাৰৰ সৈতে ‘বোৱাৰী’ৰ পৰিকল্পনাত ব্যস্ত হৈছিলোঁ। চিনেমাৰ ব্যৱসায়ৰ লগত যিসকল জড়িত, সেইসকলে আমাক বিশেষ উৎসাহ দিয়া নাছিল।... সি যি কি নহওক, আমি ‘বোৱাৰী’ৰ কামত আগবাঢ়িলোঁ। কাহিনী বসন্ত দাসৰ। ছাৰে ক'লে ব্যৱসায়িক দিশটোৰ কথা মনত ৰাখি তুমিয়ে চিত্রনাট্য লিখা। ছাৰৰ মতে, মোৰ প্ৰচুৰ চিনেমা চোৱাৰ অভ্যাস আৰু বঙালী নাটকৰ অনুবাদ কৰাৰ অভিজ্ঞতা আছে। সেই অভিজ্ঞতাৰে মই অতি সুন্দৰভাৱে চিত্রনাট্যখন ৰচনা কৰিব পাৰিম। অৱশ্যে ছাৰক মই হতাশ কৰা নাছিলোঁ। ব্যৱসায়িক দিশত ‘বোৱাৰী’ সফল হৈছিল। কিমান সফল হৈছিল, সেয়া তোমালোকে নিশ্চয় জানা। পুনৰ কোৱাৰ প্ৰয়োজন নাই। আৰু এটা কথাই মোক আনন্দ দিলে — ‘ফাগুনী’ৰ বিফলতাৰ বাবে যিকেইগৰাকী চিনেমা হলৰ মালিকে আমাক বেয়া ধৰণে কৈছিল, তেওঁলোকেই ‘বোৱাৰী’ৰ বাবে হেতা-ওপৰা লগাইছিল।”
             ‘বোৱাৰী’ৰ সফলতাৰ পিছত ভাইমনদাই শিৱপ্ৰসাদ ঠাকুৰৰ ‘ঘৰ-সংসাৰ’, ‘সোণমইনা’ৰ চিত্ৰনাট্য ৰচনাৰ লগতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ পিছৰ সময়ছোৱাত মুক্তি পোৱা শিৱপ্ৰসাদ ঠাকুৰৰ ‘মন মন্দিৰ’, ‘এই দেশ মোৰ দেশ’, ‘শেৱালি’ৰ কেৱল চিত্রনাট্যহে ৰচনা কৰিছিল। সেই সময়ত (১৯৮৯-৯০ চন) চৰ্চা হৈছিল মুনিন বৰুৱাই স্বাধীনভাৱে পৰিচালনাৰ কামত ব্যস্ত হ’ব। কিন্তু কিছুদিন পিছতে শুনা গ'ল স্বাধীনভাৱে নহয়, অভিনেতা নিপন গোস্বামীৰ সৈতে যুটীয়াভাৱেহে চিনেমা এখন পৰিচালনা কৰিব। চিনেমাখনৰ নাম ‘প্রতিমা'। স্বাধীনভাৱে চিনেমা আৰম্ভ কৰিলে ‘পিতা-পুত্র’ৰেহে। এই চিনেমাখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল অমুল্য কাকতিৰ ‘অংকুৰ' নামৰ বহুচৰ্চিত গল্প এটিৰ আধাৰত। এই চিনেমাখনেই অসমৰ চিত্ৰৰসিকক আশা দেখুৱাইছিল। আশা দেখুওৱাৰ মূল দিশটো আছিল গভীৰ বিষয়বস্তু এটা লৈ চিনেমাখন ৰচনা কৰা হৈছিল আৰু দৰ্শকেও আদৰি লৈছিল। সততে এটা ধাৰণা কৰা হয়, গভীৰ বিষয়বস্তুৰ চিনেমা বক্স অফিচত সফল নহয়। এই ধাৰণাটো শুদ্ধ নহয় বুলি প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল মুনিন বৰুৱা। অৱশ্যে পৰিচালকগৰাকীৰ পৰৱৰ্তী সময়ত ‘পিতা-পুত্র’ৰ এই বিশেষ ধাৰাটোত সোমাই থকা নাছিল। দ্বিতীয়খন স্বাধীন পৰিচালনা ‘পাহাৰী কন্যা’। ‘পাহাৰী কন্যা'ৰ পৰিচালনা শৈলী আৰু বিষয়বস্তু আছিল সম্পূর্ণ বেলেগ। ক'ব পাৰি চিনেমাখনৰ দূৰত্ব আছিল বহুত। সেই দূৰত্ব অসমৰ আন কোনো পৰিচালকৰ পৰিচালনাতে দেখা নাযায়। ‘প্রভাতী পখীৰ গান’ৰ পিছত পৰিচালকগৰাকীয়ে পৰিচালনা শৈলী
আকৌ সলনি কৰিছে। সেই পৰিচালনা শৈলী আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ। যাৰ বাবে ‘হিয়া দিয়া নিয়া' ছবিখন বলীউডৰ ব্যৱসায়িক সফল চিনেমাকো অসমৰ বজাৰত নিষ্প্রভ কৰি পেলাইছিল। ইয়াৰ পিছৰ পৰাই দৰ্শকৰ মাজত -এটা ধাৰণাৰ সৃষ্টি হৈছিল— মুনিন বৰুৱাৰ চিনেমা মানেই ভাল চিনেমা, চিত্ৰগৃহত বহি আমনি নলগাকৈ ৰস ল’ব পৰা চিনেমা। পৰিচালকগৰাকীৰ পৰিচালনা শৈলীৰ কথা মনত ৰাখি এতিয়ালৈকে চিত্ৰগৃহলৈ অহা চিনেমাকেইখনক দুভাগত ভাগ কৰিব পাৰি। এটা ভাগ আগবাঢ়ি গৈছে ‘পিতা-পুত্র’ৰ পৰিচালনা শৈলীৰে। এই ভাগটোত আমি ৰাখিব পাৰোঁ ‘পাহাৰী কন্যা’, ‘প্রভাতী পখীৰ গান' আৰু 'দীনবন্ধু’ক। আনটো ভাগ আগবাঢ়িছে ‘হিয়া দিয়া নিয়া’ৰ পৰিচালনা শৈলীৰে। এই ভাগটোত ৰাখিব পাৰোঁ— ‘দাগ’, ‘নায়ক’, ‘কন্যাদান’, ‘বিধাতা’, ‘বাৰুদ’ আৰু ‘ৰঙ’ক। সম্ভৱতঃ ‘ৰামধেনু’কো এই ভাগটোত ৰাখিব পৰা যাব। পৰিচালনা শৈলীৰে ভাগ কৰা এই কথাখিনি মানি ল'ব নোখোজে পৰিচালকগৰাকীয়ে। পৰিচালকগৰাকীৰ মতে— “বিষয়বস্তু মনত ৰাখি চিত্রনাট্য ৰচনা কৰা হয়। কোনো শৈলীৰ কথা মনত ৰাখি মই আজিলৈকে বিষয়বস্তু বা কাহিনী নির্বাচন কৰা নাই। কাহিনীটো কেনেকৈ দেখুৱালে দৰ্শকে সহজে বুজি পাব, সেই কথাটোতহে মই গুৰুত্ব দি আহিছোঁ। অৱশ্যে কিছু ইমেজে পৰিচালকক বান্ধি নৰখা নহয়। যেনেদৰে ‘দীনবন্ধু’ৰ ইমেজ এটা ইতিমধ্যে দৰ্শকৰ মাজত সোমাই পৰিছে (‘দীনবন্ধু’ আছিল ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ভ্রাম্যমাণ থিয়েটাৰৰ মঞ্চত মঞ্চস্থ জনপ্রিয় নাটক। এই নাটকখনক লৈয়ে মুনিন বৰুৱাই ‘দীনবন্ধু’ চিনেমাখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল।)। (চন:২০০৬)
 

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...