বৰষুণৰ টোপাল সৰে। টোপাল সৰাৰ গতি দ্রুত হয়। টোপাল (পুখুৰী নে নদীৰ) পানীত পৰে। টোপালে পানীত এক ছন্দৰ সৃষ্টি কৰে। ছন্দই সৌন্দৰ্যৰ সৃষ্টি কৰে। ‘ক্রেডিট টাইটলছ’ শেষ নোহোৱালৈকে বৰষুণৰ টোপালৰ সৌন্দৰ্য দৰ্শকৰ চকুত পৰিয়ে থাকে। সন্দেহ নাই সেই সৌন্দর্যই দৰ্শকক বহুৱাই ৰখাত সহায় কৰেবৰষুণৰ টোপাল সৰে। টোপাল সৰাৰ গতি দ্রুত হয়। টোপাল (পুখুৰী নে নদীৰ) পানীত পৰে। টোপালে পানীত এক ছন্দৰ সৃষ্টি কৰে। ছন্দই সৌন্দৰ্যৰ সৃষ্টি কৰে। ‘ক্রেডিট টাইটলছ’ শেষ নোহোৱালৈকে বৰষুণৰ টোপালৰ সৌন্দৰ্য দৰ্শকৰ চকুত পৰিয়ে থাকে। সন্দেহ নাই সেই সৌন্দর্যই দৰ্শকক বহুৱাই ৰখাত সহায় কৰে। আমাকো বহুৱাই ৰাখিছিল। সেই ‘চিনেমেটিক’ সৌন্দর্যই। এখন নিঃশব্দ চুটি চিনেমা। নাম—‘ব্লেক লিলি’। পৰিচালক মহেশ পি ম’ৰে আৰু চিনেমাটোগ্ৰাফাৰ বিজয় মহাজন-প্রশান্ত যাদৱ যুটীয়ে ‘ব্লেক লিলি’ নামেৰে কেৱল ‘চিনেমেটিক সৌন্দর্য'ই নিৰ্মাণ কৰা নাই, সু-পৰিকল্পিতভাৱে, সহজ সৰলভাৱে কাহিনী এটাও কৈছে। পৰিচালকগৰাকীয়ে হাতে-কামে প্ৰমাণ কৰি দেখুৱাইছে ৰেণে ক্লেয়াৰে কোৱা— ‘কেমেৰাৰ ভাষা প্রয়োগহে মূল কথা, সাহিত্যৰ ভাষা নোহোৱাকৈয়ে চিনেমা নির্মাণ হ’ব পাৰে, দৰ্শকে বুজাকৈ।' - কথাষাৰ। এটা কথা ঠিক— চিনেমালৈ কথা অহাৰ পাছত কেমেৰাৰ ভাষাৰ লগতে ‘সাহিত্যৰ ভাষা’ৰ সু-প্ৰয়োগ হোৱা চিনেমাখনকহে ‘ভাল চিনেমা’ বুলি কোৱা হয়। ‘চিনেমাৰ ব্যাকৰণ’ অধ্যয়ন নকৰা বা নজনাসকলৰ মতে আকৌ ‘সাহিত্যৰ ভাষা’ৰ সু-প্ৰয়োগ হোৱাখনেই ‘ভাল চিনেমা’। সংলাপ আৰু ‘বিষয়বস্তু’তেই শেষ ‘চিনেমা আলোচনা’। এনে পৰিৱেশত ‘কথাচিনেমা’ স্তৰৰ ‘চিনেকর্ম’কে আমি ‘ভাল চিনেমা’ বুলি হজম কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু তেনে চিনেমাক ‘ছিৰিয়াছ চিনেমা’ বা ‘আৰ্ট চিনেমা’ নাম দি ছিৰিয়াছ আলোচনীত ছিৰিয়াছ সমালোচনা লিখি আনন্দ লাভ কৰিছোঁ। বাস্তৱত এই ভুল চিনেমা আলোচনাৰ বাবেই আজিৰ তাৰিখতো অসমীয়া চিনেমা বহুদূৰ পিছপৰি আছে।
চিনেমাৰ ভাষা এটায়েই বুলি কোৱা হয়। ইয়াৰ অৰ্থ কেমেৰাৰ ভাষাই চিনেমাৰ ভাষা ৷ সেয়েহে সেইখন চিনেমাকে ভাল চিনেমা বুলি কোৱা হয়, যিখন চিনেমা বুজাত ‘ভাষা’ বাধা নহয়। এনে এখন চিনেমা— ‘চ’লমা’। অসমৰ অন্যতম জনগোষ্ঠী তিৱা ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা। সুমীৰ দেউৰীয়ে পৰিচালনা কৰা চিনেমাখন ত্রুটিমুক্ত নহয়, সু-পৰিকল্পিত নহয়, কিন্তু সুন্দৰ। সংলাপ নুবুজাকৈ চিনেমাখন বুজাত দিগদাৰ পোৱা নাই।‘ব্লেক লিলি’ৰ দৰে এই চিনেমাখনতো আছে দৰ্শকক বহুৱাই ৰাখিব পৰা, ‘কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা চিকুৱেন্স।
‘সাহিত্যৰ ভাষা’ (সংলাপ)ক গুৰুত্ব দি নিৰ্মাণ হোৱা চিনেমা এখনকো তেতিয়াহে সফল ‘চিনেকৰ্ম’ বুলি ক’ব পাৰি, যেতিয়া কেমেৰাৰ ভাষাৰ সু-প্রয়োগ হয়। অন্যথা সু-বিষয়বস্তু, সংলাপৰ চিনেমা এখনো ‘Canned theatre’ পর্যায়তে থাকি যায়। চিনেমাৰ ছাত্ৰ হিচাপে আমি অনুভৱ কৰোঁ, ‘চিনেপণ্ডিত’ ৰুডলফ আর্নহেইমে কোৱাৰ দৰে সবাক চিত্ৰত সংলাপক বাস্তৱৰ অংশ হিচাপেহে ব্যৱহাৰ কৰিব লাগে, শিল্পৰ ৰূপ হিচাপে নহয়। অসম মুলুকত কিন্তু সংলাপকো চিনেমা শিল্পৰ ৰূপ বুলি ধৰা হয়। কেবল সংলাপ ব্যৱহাৰৰ সফলতাৰ বাবেই চিনেমা এখনক ‘শ্রেষ্ঠ চিনেমা’ৰ আসনত ৰখা হয়। ("চিনেমা-চিনেমা"ৰ পৰা।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন