সাহিত্যৰ ভাষাৰ মাজতে কেমেৰাৰ ভাষাই আমাক চুই যোৱা দুখন হিন্দী চিনেমা ‘শব্দ’ আৰু চৰকাৰ ৰাজ। কেমেৰাৰ ফ্লেমত অমিতাভ বচ্চনক, ঐশ্বর্য ৰায়ক, অমিতাভ-ঐশ্চর্যক লৈ ক্লোজ শট ব্যৱহাৰ কৰি ৰামগোপাল বাৰ্মাই ‘চৰকাৰ ৰাজত যি চিনেমেটিক সৌন্দৰ্য ৰচনা কৰিছে, সেয়া চিত্ৰৰসিকৰ মন-মগজুত ৰৈ যায়। শ্বটৰ গাণিতিক ব্যৱহাৰ দক্ষ পৰিচালকৰ পক্ষেহে এনে ‘সৌন্দৰ্য’ ৰচনা সম্ভৱ। চিনেমাখনৰ ছাবজেক্ট মুভমেণ্ট, কেমেৰা মুভমেণ্ট আদি অতি পৰিপাটি। তেনেদৰে লীনা যাদৱৰ পৰিচালনাৰে নিৰ্মাণ কৰা ‘শব্দ’ৰ কেমেৰাৰ ভাষা কেইবাটাও ছিকুৱেন্সত হৈ পৰিছিল সহজ-সৰল, মন চুই যোৱা কবিতা— মগজুত ৰৈ যোৱা সুন্দৰ কবিতা। কেমেৰাৰ ভাষাৰে এনে ‘কবিতা’ ৰচনাৰ বাবে ‘বিগ বাজেট’ৰ প্ৰয়োজন নাই, প্রয়োজন মাথোঁ ‘বিগ চিন্তা শক্তি’ৰ।
শেহতীয়াভাৱে অসমৰ তৰুণ পৰিচালকসকলেও কেমেৰাৰ ভাষাক গুৰুত্ব দিয়া দেখা গৈছে। বিশ্বজিত বৰাৰ ‘ফেঁহুজালি’, এম মণিৰাম ‘সন্ধিক্ষণ’ শেহতীয়া উদাহৰণ।
‘সন্ধিক্ষণ’ৰ কাহিনী আৰম্ভ কৰিছে ‘কেমেৰাৰ ভাষা’ৰে। উচ্চ কৌণিক শ্বট। কেমেৰাৰ ফ্ৰেমত মহানগৰীৰ ৰাজপথ, গাড়ী মটৰেৰে গিজগিজাই আছে। গোমা পৰিৱেশ। কিছু সময় পাছতে দৰ্শকে জানিব পাৰে— এজন ব্যক্তিক অপহৰণ কৰা হৈছে। তিনিদিন ধৰি সন্ধান পোৱা নাই। ক'ব পাৰি অপহৃত ব্যক্তিগৰাকীয়েই চিনেমাখনৰ ‘নায়ক’। (নায়কক পৰ্দালৈ অনা নাই। ‘কেমেৰাৰ ভাষাৰে আৰু কম সংলাপেৰে ‘আকাৰ’ দিছে।)
চিনেমাখনৰ শেষাংশত দেখা যায় অপহৃত ‘নায়ক’ৰ পত্নী হাহাকাৰৰ মাজত। সময় দুঃসময় হৈ পৰে। ক্ষোভত ‘সময়’ক স্তব্ধ কৰি দিব খোজে ঘৰত থকা ঘড়িবোৰ ভাঙি । সেয়া জানো সম্ভৱ ! ঘড়িৰ কাঁটাই গতি কৰিয়ে থাকে নিৰ্দিষ্ট ছন্দত। কেমেৰাৰ ভাষা, শব্দৰ সহায়ত অৰ্থপূৰ্ণ মোখনি। ক’ব পাৰি সু-পৰিকল্পিত চিনেমেটিক কবিতা, কিন্তু দুর্বোধ্য।
‘ফেঁহুজালি’ত দেখা যায়—‘নায়ক’ আছিল (শ্বিলং) কলেজৰ অধ্যাপক। পেঞ্চন নোপোৱা চাকৰি। অৱসৰৰ পিছত ভাড়াতীয়াৰ পইচাৰে চলিব লাগে। সেই কথা মানুহজনৰ বাবে সুখকৰ নহয়। কাহিনী আগবাঢ়ে। মানুহজনৰ পত্নী আছিল শিক্ষয়িত্রী। একমাত্ৰ জীয়ৰী বিয়াৰ পিছত স্বামীৰ সৈতে দেশৰ বাহিৰত থাকে। মানুহজনৰ পত্নী ডিমনেছিয়া ৰোগত আক্রান্ত। ক্ষোভ-বেদনাৰে ভৰি পৰে মানুহজনৰ মন। মৰমেৰে জীৱন সুন্দৰ কৰা পত্নীয়ে এতিয়া মানুহজনক চিনিয়ে নাপায় ৷ জীৱনৰ বিয়লি বেলাৰ মন-মগজু কঁপোৱা হৃদয়বিদাৰক ছবি আঁকিছে কেমেৰাৰ ভাষাক গুৰুত্ব দি, কম ‘সাহিত্যৰ ভাষা’ ব্যৱহাৰ কৰি। পৰিচালকে কেৱল কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰিছে কেইবাটাও হৃদয় চুই যাব পৰা ছিকুৱেন্স।
চিনেমাখনৰ প্ৰথমটো ছিকুৱেন্স আছিল তেনেই সৰলৰৈখিক। খটখটিৰে মানুহজন তললৈ নামি আহিছে, দৰ্শকে অস্পষ্টভাৱে শুনিছে ‘নাৰী কণ্ঠ’। কিছু সময় দর্শকক উৎকণ্ঠাৰ মাজত ৰাখিহে পৰ্দালৈ আনিছে সেই নাৰী কণ্ঠক— মানুহজনৰ ডিমনেছিয়াত আক্রান্ত পত্নীক ।
শেষত এটা কথা অৱশ্যেই স্পষ্ট কৰিম—‘ফেঁহুজালি’, ‘সন্ধিক্ষণ’ক মুকলি মনেৰে কেমেৰাৰ কবিতা বুলি ক’ব পৰা নাযায়, ‘কেমেৰাৰ ভাষা'ই গুৰুত্ব পোৱা চিনেমা বুলিহে ক'ব পৰা যায়।
( ৰচনাকাল ২০১৮। প্রকাশ পাইছিল'বিস্ময়'ত।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন