সরাসরি প্রধান সামগ্রীতে চলে যান

ৰমেন নাথ, জোনাক, বিদুৰভাই ইত্যাদি

ৰমেন নাথ, জোনাক, বিদুৰভাই ইত্যাদি
                          (এক)
  কেইটামান শব্দ। সুৰেৰে বান্ধি ছন্দত ছটিয়াই (নে দলিয়াই! কিয় জনো প্ৰথমবাৰ শুনাৰ সময়ত শব্দবোৰ দলিয়াই দিয়া যেন লাগিছিল। একাংশ শব্দ!) দিয়া শব্দ। মগজুত স্পৰ্শ কৰি হৃদয়ত ৰৈ যোৱা শব্দ। শব্দবোৰ বাক্য হৈছিল। বাক্যবোৰ গল্প হৈছিল। নিৰ্মাণ হোৱা গল্পটোত বাস্তৱৰ ছবি স্পষ্ট হৈছিল। --হয়, গীতৰ কথা কৈছো। এটা গীতৰ-- "ৰমেন নাথ নামৰ এজন সুখী লোক..."। গীতটোৰ "গল্পৰ বৃত্ত' তিনিটা পৰিয়াল -- ৰমেন নাথৰ, ভড়ালী খুড়া, কাকতি জেঠীৰ। পৰিয়াল তিনিটাৰ সুখ-দুখৰ কথাৰে নাৰীজনিত অপৰাধ, যুৱ-উচ্ছৃংখলতাৰ সুৰীয়া ছবি আঁকিছে কণ্ঠশিল্পী ৰূপম ভূঞাই। ৰূপমৰ গায়ন শৈলী সুকীয়া,কণ্ঠ হৃদয় ছুই যোৱা। কিন্তু এই গীতটোৰ সৌন্দৰ্য গায়কী-কণ্ঠতে শেষ নহয়। গীতটোৰ সৌন্দৰ্য নিৰ্মাণ হৈছে কথা, সংগীত  সুৰকে ধৰি প্ৰতিটো দিশৰ সুপৰিকল্পিত প্ৰয়োগত। সৌন্দৰ্য নিৰ্মাণৰ মূল মন্ত্ৰ-- ফ্রেম। গীতৰ ফ্ৰেম নিৰ্মাণ কথা-সুৰ কেন্দ্ৰীক। গতিকে কব লাগিব গীতটোক শব্দ দিয়া চন্দনা পাঠক, সুৰ দিয়া ৰাণা বুঢ়াগোহাই আৰু গায়ক ৰূপম ভূঞাৰ সাংগিতিক সৌন্দৰ্য-- "ৰমেন নাথ নামৰ এজন সুখী লোক..."।
                         (দুই)
        কোৱা হয়, সেইটোৱে "ভাল গীত" য'ত নান্দনিক অনুভৱৰ অৱকাশ থাকে। এই গুণ স্পষ্ট  "মাতিলেই নামি অহা জোনাক..."ত। তৰালি শৰ্মাৰ "ডেউকা" প্ৰকল্পৰ গীত। গীতটোৰ সম্পূৰ্ণ নিৰ্মাণ কৰ্ম তৰালিৰ। লেখিকা-গায়িকা তৰালিয়ে শ্ৰোতাক "জোনাকৰ ছবি" অনুভৱৰ অৱকাশ দিছে। শ্ৰোতাক মনৰ মাজত জোনাকৰ ছবি এখন অঁকাৰ অৱকাশ দিছে। আমি গীতটো শুনিছিলো গীতটোৰ দৃশ্যকৰ্মৰ কাৰবাৰ আৰম্ভ হোৱাৰ আগতে। কিন্তু দৃশ্যমাধ্যমত গীতটো জনপ্ৰিয় হোৱাৰ পিছত গীতটো শ্ৰোতা-দৰ্শকে ভিডিঅ' পৰিচালকৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈছে বা চাইছে। দৃশ্যমাধ্যমত গীতটোৰ "গল্প"ই দুটা বিন্দু হৈ গতি কৰিছে-- আকাশৰ জোনাক, মাটিৰ জোনাক। মাটিৰ জোনাক মানে পৰিচালকে নিৰ্মাণ কৰা জোনাক নামৰ 'নায়ক চৰিত্ৰ'। গীতটো নাটক-সংলাপেৰে আৰম্ভ কৰিছে, গীতৰ মাজে-মাজেও নাটক-সংলাপ প্ৰয়োগ কৰিছে। কব পাৰি পৰিচালক মঞ্জুল বৰুৱাই তৰালিৰ গীতটো সংগীত প্ৰধান চুটি চিনেমালৈ ৰূপান্তৰ কৰিছে। কব পাৰি এখন সুপৰিকল্পিত musical short cinema "মাতিলেই নামি অহা..."।
                       ( তিনি)
arranged -- চুটি চিনেমা। সমুজ্বল কাশ্যপৰ পৰিচালনা। অভিনয় কৰিছে ৰঞ্জীৱ লাল বৰুৱা, লিমা দাস, উদয়ন দুৱৰা আদিয়ে। দুটা "গল্প" চাইছো। মন ছুই গৈছে। গল্প কোৱাৰ শৈলী, মেদ মুক্ত সংলাপ আৰু নাটকীয় মেদ শূন্য অভিনয়ৰ  (real acting!)ৰ বাবে।
গল্প কোৱাৰ শৈলী আৰু মেদ মুক্ত সংলাপৰ লগতে বিষয়বস্তুৰ বাবে মন চুই আছে আন ( এটা web series) এক চুটি চিনেকৰ্ম-- "বিদুৰভাই"-এ।
                         (চাৰি)
"বেল বটম"-- এখন হিন্দী চিনেমা। বেয়া দিনত বেয়া ব্যবসায় কৰা চিনেমা। ১৭০ কোটি টকা বাজেটৰ হিন্দী চিনেমা খনে ব্যবসায় কৰিছে ৫০. ৫৮ কোটি টকাহে। ৰঞ্জিত এম তিৱাৰীয়ে পৰিচালনা কৰা চিনেমা খনৰ কাহিনী ১৯৮০ ৰ দশকৰ খালিস্তানি বিচ্ছিন্নতাবাদী কেন্দ্ৰীক। অভিনয় কৰিছে অক্ষয় কুমাৰ,লাৰা দত্তা, হুমা কুৰেছি আদিয়ে। স্বাভাবিকতে চিনেমা খনে ভাল ব্যবসায় কৰিব লাগিছিল। এটা ধাৰণ আছে অক্ষয় কুমাৰৰ চিনেমা মানেই "ভাল চিনেমা"! অক্ষয় কুমাৰৰ "ভাল চিনেমা"ৰ বজাৰ আছে! ট্ৰেড ৰিপ'ৰ্টত স্পষ্ট-- এই ধাৰণা যে অশুদ্ধ নহয়। এতিয়া আমি এনেদৰে কম নেকি --ওটিটি (over-the-top) মাধ্যমত প্ৰায় প্ৰতিদিনে হৈ থকা ভিন্ন ৰসৰ, উন্নত মানৰ চিনেকৰ্ম হেঙাৰ হৈছে বিগবাজেটৰ ৰূপালীকৰ্ম!
            ওটিটি মাধ্যমৰ বাবে কৰা চিনেকৰ্মৰ বাবে কোনো চেঞ্চৰ ব্যৱস্থা নাই। আৰু হোৱাৰ আশাও নাই। বিষয়টো চৰ্চলৈ নহা নহয়। যি সময়ত চৰ্চ হৈছিল, সেই সময়ত ভাৰত চৰকাৰৰ নিৰ্দিষ্ট বিভাগটোৰ ফালৰ পৰা কোৱা হৈছিল-- "It is easy to censor 50 or 100 movies released in a year. But censoring OTT's thousands of content is not an easy task. That is why we have drafted a policy as is being done in other countries including India which will be issued in the form of notification after scrutiny. So that our culture, culture, heritage is not damaged or misleading the society and people, foreign culture is not encouraged or can not confuse our young society." গতিকে মুকলি মনেৰে চিনেকৰ্ম কৰাৰ বাট মুকলি হৈ আছে আজিৰ তাৰিখতো। মুকলি মনেৰে চিনেকৰ্ম কৰাৰ বাট মুকলি মানে ভাল কাম কৰাৰ বাটো মুকলি-- নহয় জানো!

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...