ৰমেন নাথ, জোনাক, বিদুৰভাই ইত্যাদি
(এক)
কেইটামান শব্দ। সুৰেৰে বান্ধি ছন্দত ছটিয়াই (নে দলিয়াই! কিয় জনো প্ৰথমবাৰ শুনাৰ সময়ত শব্দবোৰ দলিয়াই দিয়া যেন লাগিছিল। একাংশ শব্দ!) দিয়া শব্দ। মগজুত স্পৰ্শ কৰি হৃদয়ত ৰৈ যোৱা শব্দ। শব্দবোৰ বাক্য হৈছিল। বাক্যবোৰ গল্প হৈছিল। নিৰ্মাণ হোৱা গল্পটোত বাস্তৱৰ ছবি স্পষ্ট হৈছিল। --হয়, গীতৰ কথা কৈছো। এটা গীতৰ-- "ৰমেন নাথ নামৰ এজন সুখী লোক..."। গীতটোৰ "গল্পৰ বৃত্ত' তিনিটা পৰিয়াল -- ৰমেন নাথৰ, ভড়ালী খুড়া, কাকতি জেঠীৰ। পৰিয়াল তিনিটাৰ সুখ-দুখৰ কথাৰে নাৰীজনিত অপৰাধ, যুৱ-উচ্ছৃংখলতাৰ সুৰীয়া ছবি আঁকিছে কণ্ঠশিল্পী ৰূপম ভূঞাই। ৰূপমৰ গায়ন শৈলী সুকীয়া,কণ্ঠ হৃদয় ছুই যোৱা। কিন্তু এই গীতটোৰ সৌন্দৰ্য গায়কী-কণ্ঠতে শেষ নহয়। গীতটোৰ সৌন্দৰ্য নিৰ্মাণ হৈছে কথা, সংগীত সুৰকে ধৰি প্ৰতিটো দিশৰ সুপৰিকল্পিত প্ৰয়োগত। সৌন্দৰ্য নিৰ্মাণৰ মূল মন্ত্ৰ-- ফ্রেম। গীতৰ ফ্ৰেম নিৰ্মাণ কথা-সুৰ কেন্দ্ৰীক। গতিকে কব লাগিব গীতটোক শব্দ দিয়া চন্দনা পাঠক, সুৰ দিয়া ৰাণা বুঢ়াগোহাই আৰু গায়ক ৰূপম ভূঞাৰ সাংগিতিক সৌন্দৰ্য-- "ৰমেন নাথ নামৰ এজন সুখী লোক..."।
(দুই)
কোৱা হয়, সেইটোৱে "ভাল গীত" য'ত নান্দনিক অনুভৱৰ অৱকাশ থাকে। এই গুণ স্পষ্ট "মাতিলেই নামি অহা জোনাক..."ত। তৰালি শৰ্মাৰ "ডেউকা" প্ৰকল্পৰ গীত। গীতটোৰ সম্পূৰ্ণ নিৰ্মাণ কৰ্ম তৰালিৰ। লেখিকা-গায়িকা তৰালিয়ে শ্ৰোতাক "জোনাকৰ ছবি" অনুভৱৰ অৱকাশ দিছে। শ্ৰোতাক মনৰ মাজত জোনাকৰ ছবি এখন অঁকাৰ অৱকাশ দিছে। আমি গীতটো শুনিছিলো গীতটোৰ দৃশ্যকৰ্মৰ কাৰবাৰ আৰম্ভ হোৱাৰ আগতে। কিন্তু দৃশ্যমাধ্যমত গীতটো জনপ্ৰিয় হোৱাৰ পিছত গীতটো শ্ৰোতা-দৰ্শকে ভিডিঅ' পৰিচালকৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈছে বা চাইছে। দৃশ্যমাধ্যমত গীতটোৰ "গল্প"ই দুটা বিন্দু হৈ গতি কৰিছে-- আকাশৰ জোনাক, মাটিৰ জোনাক। মাটিৰ জোনাক মানে পৰিচালকে নিৰ্মাণ কৰা জোনাক নামৰ 'নায়ক চৰিত্ৰ'। গীতটো নাটক-সংলাপেৰে আৰম্ভ কৰিছে, গীতৰ মাজে-মাজেও নাটক-সংলাপ প্ৰয়োগ কৰিছে। কব পাৰি পৰিচালক মঞ্জুল বৰুৱাই তৰালিৰ গীতটো সংগীত প্ৰধান চুটি চিনেমালৈ ৰূপান্তৰ কৰিছে। কব পাৰি এখন সুপৰিকল্পিত musical short cinema "মাতিলেই নামি অহা..."।
( তিনি)
arranged -- চুটি চিনেমা। সমুজ্বল কাশ্যপৰ পৰিচালনা। অভিনয় কৰিছে ৰঞ্জীৱ লাল বৰুৱা, লিমা দাস, উদয়ন দুৱৰা আদিয়ে। দুটা "গল্প" চাইছো। মন ছুই গৈছে। গল্প কোৱাৰ শৈলী, মেদ মুক্ত সংলাপ আৰু নাটকীয় মেদ শূন্য অভিনয়ৰ (real acting!)ৰ বাবে।
গল্প কোৱাৰ শৈলী আৰু মেদ মুক্ত সংলাপৰ লগতে বিষয়বস্তুৰ বাবে মন চুই আছে আন ( এটা web series) এক চুটি চিনেকৰ্ম-- "বিদুৰভাই"-এ।
(চাৰি)
"বেল বটম"-- এখন হিন্দী চিনেমা। বেয়া দিনত বেয়া ব্যবসায় কৰা চিনেমা। ১৭০ কোটি টকা বাজেটৰ হিন্দী চিনেমা খনে ব্যবসায় কৰিছে ৫০. ৫৮ কোটি টকাহে। ৰঞ্জিত এম তিৱাৰীয়ে পৰিচালনা কৰা চিনেমা খনৰ কাহিনী ১৯৮০ ৰ দশকৰ খালিস্তানি বিচ্ছিন্নতাবাদী কেন্দ্ৰীক। অভিনয় কৰিছে অক্ষয় কুমাৰ,লাৰা দত্তা, হুমা কুৰেছি আদিয়ে। স্বাভাবিকতে চিনেমা খনে ভাল ব্যবসায় কৰিব লাগিছিল। এটা ধাৰণ আছে অক্ষয় কুমাৰৰ চিনেমা মানেই "ভাল চিনেমা"! অক্ষয় কুমাৰৰ "ভাল চিনেমা"ৰ বজাৰ আছে! ট্ৰেড ৰিপ'ৰ্টত স্পষ্ট-- এই ধাৰণা যে অশুদ্ধ নহয়। এতিয়া আমি এনেদৰে কম নেকি --ওটিটি (over-the-top) মাধ্যমত প্ৰায় প্ৰতিদিনে হৈ থকা ভিন্ন ৰসৰ, উন্নত মানৰ চিনেকৰ্ম হেঙাৰ হৈছে বিগবাজেটৰ ৰূপালীকৰ্ম!
ওটিটি মাধ্যমৰ বাবে কৰা চিনেকৰ্মৰ বাবে কোনো চেঞ্চৰ ব্যৱস্থা নাই। আৰু হোৱাৰ আশাও নাই। বিষয়টো চৰ্চলৈ নহা নহয়। যি সময়ত চৰ্চ হৈছিল, সেই সময়ত ভাৰত চৰকাৰৰ নিৰ্দিষ্ট বিভাগটোৰ ফালৰ পৰা কোৱা হৈছিল-- "It is easy to censor 50 or 100 movies released in a year. But censoring OTT's thousands of content is not an easy task. That is why we have drafted a policy as is being done in other countries including India which will be issued in the form of notification after scrutiny. So that our culture, culture, heritage is not damaged or misleading the society and people, foreign culture is not encouraged or can not confuse our young society." গতিকে মুকলি মনেৰে চিনেকৰ্ম কৰাৰ বাট মুকলি হৈ আছে আজিৰ তাৰিখতো। মুকলি মনেৰে চিনেকৰ্ম কৰাৰ বাট মুকলি মানে ভাল কাম কৰাৰ বাটো মুকলি-- নহয় জানো!

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন