এনেদৰেই হেৰাই যাব অসমীয়া গীতৰ শিপা। কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ কণ্ঠত শুনিছিলো --"মাই তই জলে না যায়ও..."। এই কামৰূপী গীতটো এতিয়া "অসমীয়া" হৈ থকা নাই। থাকিব দিয়া পশ্চিম বংগৰ একাংশ সংগীত শিল্পীয়ে। কোৱা হৈছে --গীতটোৰ ভাষা বাংলা। গীতটোৰ প্ৰসংগত আমি চৰ্চা কৰিছিলো লোকসংগীত চৰ্চা কৰা অসমৰ কেইবাগৰাকীও শিল্পীৰ সৈতে। দৃশ্য-শ্ৰাব্য "বাংলা কামৰূপী লোকগীত" কেইটাৰ বাহিৰে কোনো ধৰণৰ তথ্য দিব নোৱাৰিলে। এই যে তথ্য দিব নোৱাৰিলে বা লোকগীতটোৰ চৰ্চ নাই, বিপৰীতে পশ্চিমবংগ আৰু বাংলাদেশৰ শিল্পীয়ে লোকগীতটো চৰ্চাৰ পিছত চৰ্চা কৰি গৈছে --এই কথাই স্পষ্ট কৰি দিছে অতি কম দিনতে "মাই তই জলে না যায়ও..." বাংলা লোকগীত বুলি আমি সকলোৱে মানি লব লাগিব। ইতিমধ্যে জনপ্ৰিয় কামৰূপী লোকগীতটোৰ শব্দ কেইটামান ইফাল-সিফাল কৰি বিশেষ বাঙালি গীতিকাৰে লিখা বুলিয়ো উল্লেখ কৰা হৈছে। এয়া কামৰূপী লোকগীতটোক "বাংলা লোকগীত"লৈ ৰূপান্তৰ কৰাৰ যে প্ৰথম খোজ তিলমানো সন্দেহ নাই।
ভাষা গ'ল, ভাষা যাব! অসমীয়া ভাষা-সংস্কৃতি নথাকিব!-- আমি এনেদৰে নাভাবো। যি ভাষা চহকী, যি সংস্কৃতি চহকী, সেই ভাষা-সংস্কৃতি চিৰকাল থাকিব। অৱশ্যে হেৰাই যাব তেতিয়া, যেতিয়া উৎকৃষ্ট সাহিত্য সৃষ্টি নহব, "সংস্কৃতি কৰ্ম" নহব। কোনো আন্দোলনে জাতিৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে। জাতি ৰক্ষা সম্ভৱ "সাহিত্য-সংস্কৃতি" ইত্যাদি উৎকৃষ্ট কৰ্মৰেহে। তামিল-তেলেগু সুৰেৰে, সংগীতেৰে ভালেমান গীত নিৰ্মাণ কৰি "অসমীয়া সংস্কৃতি"ৰ ভড়াল ভৰাইছে ঠিকেই, বিপৰীতে অসমীয়া লোক সংগীত, গীত আনৰ হাতলৈ যোৱৰ সময়তো কৈছে, "কোনে কাক বাধা দিব!" আৱশ্যে কথাটো হয়-- যি গৰাকীয়ে তামিল, তেলেগু সুৰ-সংগীতেৰে "জনপ্ৰিয়তাৰ জখলা" বগাইছে, সেই গৰাকীয়ে "বাংলা কামৰূপী লোকগীত"ৰ বিৰূদ্ধে মাত মাতিব কেনেকৈ!
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন