সরাসরি প্রধান সামগ্রীতে চলে যান

জয়মতী, জয়মতীৰ বাটেৰে/৪

Joymoti
 এৰাধৰাৰে আৰম্ভ হৈছিল অসমীয়া চিনেমাৰ যাত্ৰা। আৰু এৰাধৰাৰ মাজেৰেই আজিৰ তাৰিখতো অসমীয়া চিনেকৰ্ম চলি আছে। শিৱপ্ৰসাদ ঠাকুৰৰ চিনেকৰ্মৰ পৰা আমি দেখিছো, অনুভৱ কৰিছো। আৰু যাত্ৰাকালৰ, যাত্ৰাকালৰ পৰা শিৱপ্ৰসাদ  ঠাকুৰলৈ "অধ্যয়ণ" ( লেখা পঢ়ি, চিনেকৰ্মীৰ সৈতে কথা পাতি) কৰি অনুভৱ কৰিছো, জনিবলৈ চেষ্টা কৰিছো। অসমীয়া চিনেমাৰ পিতৃ জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল-- "আমি অসমীয়া মানুহ আন প্ৰদেশৰ দৰে ধনী হোৱা হ’লে আৰু ‘ছিকন্দৰ’ৰ (১৯৪১ চনত চিত্ৰগৃহলৈ অহা হিন্দী চিনেমা। মুখ্য চৰিত্ৰটোত অভিনয় কৰিছিল পৃথ্বীৰাজ কাপুৰে। এই মহাকাব্যিক খনৰ পৰিচালনা ছোহবাৰ মোদীৰ। দৈৰ্ঘ ১৪৬ মিনিট।) দৰে দহ লাখ টকা খৰচ কৰি ‘জয়মতী’ কৰিবলৈ পোৱা হ'লে অৱশ্যেই পৃথিৱী তভক্ খুৱাব পৰা বাঁহ-কাঠৰ কাৰেং দেখুৱাব পাৰিলোঁহেঁতেন। ..." কব পাৰি "জয়মতী"ৰ কাম শেষ কৰিছিল প্ৰয়োজনতকৈ ৯ লাখ ৫০ হাজাৰ কম বাজেটেৰে। আৰু কব পাৰি সেই সময়তো অসমীয়া চিনেমাৰ প্ৰধান সমস্যা আছিল-- "স্থানীয় বজাৰ", আজিৰ তাৰিখতো প্ৰধান সমস্যা সেই একেটায়ে। [জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল-- "অভ্যস্ত ৰুচিমতে নকৰিলে ফিল্মখন সৰবৰহী (box office success) হৈ নুঠে। ভি. এছ. শান্তাৰাম এজন প্রথম শ্ৰেণীৰ ভাৰতীয় পৰিচালক। (শান্তাৰামে, শান্তৰাম ৰাজাৰাম ভানকুদ্রে, ভিয়ে ভাৰতীয় চিনেমাক গতি দিছিল।) কিন্তু তেৱোঁ box office-ৰ খাতিৰত 'শকুন্তলা' ( 'শকুন্তলা' মুম্বাইৰ ৰাজকামাল কালামন্দিৰৰ বেনাৰত নিমাণ কৰা প্ৰথম চিনেমা। প্ৰযোজনা গোষ্ঠী প্রভাত ফিল্ম বাদ দিয়াৰ পাছত ১৯৪২ চনত ভি শান্তাৰামে প্ৰতিষ্ঠা কৰিছিল। 'অভিজ্ঞান শকুন্তলম'ৰ কাহিনীৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰা এই চিনেমা খনৰ দৈৰ্ঘ ১২২ মিনিট। ১৯৪২ চনত চিত্ৰগৃহলৈ অহা হিন্দী 'শকুন্তলা' মার্কিন যুক্তৰিষ্ট্রত বাণিজ্যিকভাবে প্রদর্শিত প্রথম ভাৰতীয় চিনেমা।) চিত্ৰত নিজকে কিমানখিনি তললৈ নমাই আনিছিল তাক এই বিষয়ে বুজোঁতাসকলে জানে। 'জয়মতী' ফিল্মতো এই সমস্যাই হৈছে।..." --এই লেখাৰ আট ধৰি কব পাৰি কোটি টকা ব্যৱসায় কৰা অসমীয়া চিনেমা 'ৰত্নাকৰ', 'মিছন চাইনা', 'কাঞ্চনজংঘা'ৰ পৰিচালকেও বজাৰ চিন্তাৰে 'নিজকে তললৈ নমাই আনিছিল।' --'চিৰাজ', 'আজলী নবৌ', 'বোৱাৰী' 'হিয়া দিয়া নিয়া', 'যৌৱনে আমনি কৰে' আদি অসমীয়া চিনেকৰ্মও আছিল বজাৰ কেন্দ্ৰীক।]"জয়মতী"ৰ পৰিচালক গৰাকীয়ে লিখিছিল, অসমীয়া চিনেমাৰ বজাৰ ছয় খন জিলাৰ আধা সংখ্যক লোকহে। আৰু আজিৰ তাৰিখতো ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইখন মান জিলাৰ কিছু সংখ্যক লোকহে।
--অসমীয়া চিনেমাৰ বয়স বাঢ়ি আছে, অসমীয়া     চিনেকৰ্ম চলি আছে, সেই একে সমস্যাৰ মাজেৰে।
             এই খিনিতে আলোচনাৰ বিষয় হব পাৰে জোতি প্ৰসাদ আগৰৱালাই ভি. এছ. শান্তাৰামৰ 'শকুন্তলা' প্ৰসংগ কিয় উল্লেখ কৰিছিল। ইয়াৰ কাৰণ এনেদৰে ব্যাখ্যা কৰিব পাৰি-- 'জয়মতী' আৰু 'ইন্দ্ৰমালতী'ৰ চিনেকৰ্মৰ যি পৰিবৰ্তন, সেই পৰিবৰ্তন হয়তো দেখা যায় 'নেতাজী পলকৰ' (১৯২৭) আৰু 'শকুন্তলা' (১৯৪২)ত।
             'নেতাজী পলকৰ' (Indian biopic historical silent film) গুৰুত্বপূর্ণ ঐতিহাসিক 'এক ব্যক্তিত্ব' [Netaji Palkar (1620–1681) was a Sardar Senapati or Sarnaubat (Commander-in-Chief) under Chhatrapati Shivaji Maharaj, founder of the Maratha empire./wikipedia.] কেন্দ্ৰীক চিনেমা। নিৰ্বাক। স্বাভাবিকতে কেমেৰাৰ ভাষায়ে আছিল ভৰসা। পৰিচালকে 'গল্প' কৈছিল 'কেমেৰা-ছাবজেক্ট' গতিৰে। --শান্তাৰামে 'অয়োধ্যেচা ৰাজা'ৰে (২৩ জানুৱাৰী,১৯৩২) মাৰাঠি চিনেমাৰ সবাক যুগৰ দুৱাৰ মুকলি কৰিছিল। চৰিত্ৰৰ মুখত মাৰাঠি সংলাপ আছিল, 'গল্প' কোৱাত কিন্তু কেমেৰাৰ ভাষাক গুৰুত্ব দিছিল। ১৪৬ মিনিট দৈৰ্ঘৰ এই মাৰাঠি চিনেমা খনত প্ৰায় ৯০ হাজাৰ টকা খৰচ হৈছিল; আৰু 'জয়মতী'ৰ দৰে ব্যৱসায়িক দিশত সফল হোৱা নাছিল। 'জয়মতী'ৰ দৰে কাৰিকৰী ত্ৰুটিৰ বাবে শান্তাৰামে সমস্যাত পৰিছিল। অৱশ্যে অভিজ্ঞ শান্তৰামে সহজতে ত্ৰুটি মুক্ত কৰিছিল। বাদ দিবলৈ বাধ্য হৈছিল প্ৰায় ৭ মিনিট দৈৰ্ঘ। (উৎস: Filmindia) অজয় মাহত্ৰেৰ 'আজছা চিত্ৰপট'ত পঢ়িছিলো-- "শান্তাৰামে নিৰ্বাক চলমান ছবিৰে মাৰাঠি চিনেমাক চহকী কৰিছিল। কিন্তু নিজে আৰ্থিক দিশত চহকী হব পৰা নাছিল। সবাক যুগত শান্তাৰামৰ হাততে মাৰাঠি চিনেমাৰ উত্তৰণ হৈছিল। কিন্তু আৰ্থিক হেচাত পৰি ৰৈছিল। অভিনয়ৰে (১৯২১ চনত) চিনেমাৰ কামত জড়িত হৈছিল। ৪৩ খন হিন্দী-মাৰাঠি চিনেমা পৰিচালনা কৰিছিল। ৮ খন চিনেমা প্ৰযোজনা কৰিছিল। প্ৰথম পৰ্যায়ত "চিনেমা শিল্প"ৰ বাবে চিনেমা কৰা শান্তাৰামে 'শকুন্তলা'ৰে বজাৰ কেন্দ্ৰীক চিনেমাৰ কাম আৰম্ভ কৰিছিল। শান্তাৰামে কৈছিল --'চলমান ছবি শিল্পৰ ধাৰাবাহিকতা তেতেয়াহে সম্ভৱ হব, যেতিয়া সৰহ সংখ্যক দৰ্শকক চুব পাৰিব।' বক্স অ'ফিছত 'শকুন্তলা' সফল হৈছিল। আৰু সেই সফলতাৰ পাছত শান্তাৰামৰ পৰিচালনা শৈলী সলনি হৈছিল।" by: Utpal Mena

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...