'এৰাবাটৰ সুৰ'। ১০৫৬ত চিত্ৰগৃহলৈ অহা এখন অসমীয়া চিনেমা। ভূপেন হাজৰিকাৰ পৰিচালনা। ভূপেন হাজৰিকাই ঠিক (মনৰ মাজতে) কৰিলিছিল। মনৰ কথা হেমন্ত মুখাৰ্জীক কৈছিল। কাৰণ সেই সময়ত ভূপেন হাজৰিকাই লতা মংগেশকাৰক চিনি নাপাইছিল ("তেতিয়ালৈকে লতাক মই চিনিও নাপাওঁ। মই আমেৰিকাত থাকোঁতেই লতা শীৰ্ষস্থানলৈ উঠিছিল।" --ভূপেন হাজৰিকা)। মনতে ঠিক কৰা কথা-- ভূপেন হাজৰিকাই "এৰাবাটৰ সুৰ"ৰ চৰিত্ৰ মিনিৰ ওঁঠত লতা মংগেশকাৰে গোৱা গীত দিব। ("হেমন্ত মুখাৰ্জীক কলোঁ যে লতাক লাগিব ' জোনাকৰে ৰাতি' গানটো আৰু 'ৰ'দ পুৱাবৰ কাৰণে' কোৰাছটো গোৱাবলৈ। কোৰাছটোত তিনিটা Voice লাগিব।..." --ভৃপেন হাজৰিকা) --এদিন হেমন্ত মুখাৰ্জীয়ে মুম্বাইৰ পৰা খবৰ পঠিয়ালে-- " - 'ভূপেন, তুমি আহিব পাৰাঁ৷ মই লতাক কৈছোঁ।"
--ভূপেন হাজৰিকা ৰৈ নাথাকিল। মুম্বাই পালে। পকেতত লতা মংগেশকাৰক দিবলৈ চাৰি হাজাৰ টকা।("লতাই এটা গানত তেতিয়া দুই নে তিনি হাজাৰ টকাকৈ লয়। দুটা গান হ'ব। গতিকে দুই হাজাৰকৈ মই চাৰি হাজাৰ টকা লৈ গৈছিলোঁ। পইচা বচাবলৈ হেমন্ত কুমাৰৰ লগতে ৰাতি আছিলোঁ। হোটেলত নহয়। হেমন্তদাই বেয়া পায় বুলি মই ৰাতিপুৱাই মাছ কিনি লৈ আহোঁ। মোক মাছ কিনি অনাৰ কাৰণে ধমকি দিয়ে। তেতিয়া হেমন্ত কুমাৰৰ লাখ লাখ টকা।..." --ভূপেন হাজৰিকা)
--ভূপেন হাজৰিকা গৈ লতা মংগেশকাৰৰ ঘৰ পাইছিল। ঘৰটো সাগৰৰ পাৰত। সাধাৰণ সাজ-পাৰ পিন্ধি লতা মংগেশকাৰে মাটিত বহি আছিল। হেমন্ত মুখাৰ্জীয়ো বহি আছিল। ভূপেন হাজৰিকা গৈ পোৱাৰ লগে লগে হেমন্ত মুখাৰ্জীয়ে লতা মংগেশকাৰক কৈছিল-- "এয়া ভূপেন হাজৰিকা, তোমাক যে মই কৈছিলোঁ। ..."
--লতা মংগেশকাৰে ভূপেন হাজৰিকালৈ চাইছিল। মাটিৰপৰা উঠি।
ভূপেন হাজৰিকাৰ ভৰিৰপৰা মূৰলৈ চাই লতা মংগেশকাৰে কৈছিল-- "আপোনাৰ যিমান নাম শুনিছোঁ, বয়স তাতকৈ বহুত কম। বলৰাজ ছাহানিয়ে মোক কৈছে, বিমল ৰয়ে কৈছে, সলিলদাই কৈছে, আব্বাচ চাহাবেও কৈছে।"
লতা মংগেশকাৰে কৈছিল-- "গীত গাম..." ( " 'জোনাকৰে ৰাতি' গাবৰ বাবে তেওঁ মোক ৰিহাৰ্ছেল ৰূমলৈ নিবলৈ বিচাৰিলে যদিও নিনিলে। হেমন্তদাক বুজাই দিলে। তেওঁৰ শোৱা কোঠাটোতে হাৰমনিয়ামটো দিলে, মই গালোঁ। তেতিয়া লতাই ক'লে, 'আপোনাক দাদা বুলিয়েই মাতিম।' সুৰটো বৰ ভাল পালে। মোক ক'লে-- গানটোৰ অৰ্থটো মোক বুজাই দিয়ক। মই বুজাই দিলোঁ। কোঠাটোত অন্য একো নাই, শিৱাজীৰ ছবি এখন আছিল। তেওঁৰ দেউতাক দীননাথ মংগেশকাৰৰ ছবিখনো আছিল। দেউতাকৰ যাত্ৰাপাৰ্টি আছিল, আমাৰ ব্ৰজ শৰ্মাৰ নিচিনা। কোঠাটোত মহালক্ষ্মী মন্দিৰৰ আৰ্হি এটাও আছিল। লতাক বৰ আধ্যাত্মিক ভাবৰ যেন লাগিল। মোৰ কিন্তু কোঠাটোত সোমাই নিজকে বৰ পাপী পাপী যেন লাগিছিল। মই চিগাৰেট খাই থাকোঁ। দিনটোত বহুত খাওঁ। এটাৰ পাছত আনটো জ্বলাই থাকোঁ। ছাই-টাই পৰিছে। মই ৰূমটোত একেবাৰে মিলা নাই। 'ৰ'দ পুৱাবৰ কাৰণে' কোৰাছটো হেমন্ত কুমাৰ, লতা আৰু মই গালোঁ। ..." --ভূপেন হাজৰিকা) --গীত ৰেকৰ্ডিং হ'ল। অসমৰ শ্ৰোতাই শুনাৰ আগতে মহাৰাষ্ট্ৰৰ সংগীত ৰসিকৰ মাজত চৰ্চাৰ বিষয় হ'ল। উৎসাহ মনত লৈ লতা মংগেশকাৰে ভূপেন হাজৰিকাক কৈছিল-- "আপুনি ইয়াত এটা ষ্টুডিঅ' কৰক। ৰাজ কাপুৰে আৰ, কে, ষ্টুডিঅ' কৰিছে, আপুনি বি, কে, ষ্টুডিঅ' কৰক। মই আছোঁ।..." ভূপেন হাজৰিকাই একো কোৱা নাছিল! হাঁহিছিল। ("মোৰ যেন কিবা গুণ আছে! মই যেন সাংঘাতিক কিবা এটা কৰিব পাৰিম! এনে ভাৱত কথাবোৰ কৈছিল। লতাই যেতিয়া 'জোনাকৰে ৰাতি ...' গাই দিলে, তেতিয়া মাৰাঠী প্ৰেছ, গোটেইবোৰতে হুলস্থুল লাগি গ'ল। কিমানবোৰ যে হেডলাইন ওলাইছিল। লতায়ো ক'লে, 'মই এনেকুৱা কথা, সুৰ আগতে পোৱা নাই।' গানটো Golden- ত উঠি গ'ল। কৃষ্ণ চৈতন্যই Times of India-ত লিখিলে---- 'Along India with Lata' ৰেকৰ্ডখনৰ শ্ৰেষ্ঠ গান হ'ল ভূপেন হাজৰিকাৰ গানটো'..." --ভূপেন হাজৰিকা)
--দিলীপ কুমাৰ দত্তই লিখিছে, "'জোনাকৰে ৰাতি অসমীৰে মাটি' গীতটো লতাই ইমান আন্তৰিকতাৰে গাব পৰাৰ প্ৰধান কাৰণ হৈছে ভূপেন দাদাৰ যোগেদি অসম আৰু অসমীয়া গীতৰ প্ৰতি লতাৰ মনত ওপজা অকৃত্রিম ভাল পোৱা।..." কোৱা হয় "জোনাকৰে..." ভাৰতৰ সংগীত বজাৰলৈ যোৱা, দখল কৰা প্ৰথম অসমীয়া গীত।
--এই কথা স্পষ্ট, "জোনাকৰে..."ৰে ভূপেন-লতাৰ সংগীতৰ জোনাকী বাট নিৰ্মাণ হৈছিল। ("লতাই গাড়ীখন লৈ আহি হেমন্ত কুমাৰৰ ঘৰৰপৰা মোক লৈ যায়৷ কোলহাপুৰ, পুণা - এইবোৰ দেখুৱাই লৈ আহে৷ বহুত আলোচনা হ’ল তাৰ পাচত৷ তুলনামূলক কথা৷ আমাৰ লাচিত বৰফুকন আছে৷ মহাৰাষ্ট্ৰত শিৱাজী আছে। ৰামদাস আছে তাত৷ আমাৰ আছে শঙ্কৰদেৱ৷ উষাই কান্দে তেজপুৰত৷ সীতাই কান্দে মহাৰাষ্ট্ৰত৷ অসমৰ আছে আইনাম, বিহুনাম, বৰগীত৷ মহাৰাষ্ট্ৰত আছে ওভি, পোৱাড়া, তামাচা৷ লতাই ক’লেঃ আৰু বহু কথাই মিলে৷ কিছু আৱেগ-গধুৰ হৈ ক’লে - 'ভূপেনদা, আচৰিত হৈছোঁ যে ভাৰতৰ কোনো ঠাইতে 'আই' নোবালে৷ অসমৰ দৰে আমিও মাৰাঠীতে আইহে কওঁ৷'" -- ভূপেন হাজৰিকা)

[ উৎস: ভূপেন হাজৰিকাৰ "গীত আৰু জীৱন ৰথ" /দিলীপ কুমাৰ দত্ত, মই এটি যাযাবৰ/ড°ভূপেন হাজৰিকা, শিল্পীৰ পৃথিৱী, 'Swarratn - Lata Mangeshkar" /Aaryaa Joshi, "Mid-Day"]
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন