সরাসরি প্রধান সামগ্রীতে চলে যান

মনত আছেনে?দৰিকা দিচাঙে পানী বাঢ়ি গ'লে ... ভূপেন হাজৰিকাই লিখিছিল লতা মংগেশকাৰৰ অনুৰোধত /২

"অসমৰ ভূপেন হাজৰিকাৰ সংগীতে মোক আকৰ্ষণ কৰিছিল। কিন্তু ভূপেন দাদা ৰাজি নাছিল হিন্দী চিনেমাৰ যি ধাৰা, সেই ধাৰাত কাম কৰিবলৈ। মই কেইবা গৰাকীয়ো পৰিচলকৰ সৈতে কথা পাতিছিলো। কাম নিসিজিল। চিনেমাৰ পৰিচালকে সংগীতৰ কাম ভূপেন হাজৰিকাক এৰি নিদিয়ে, ভূপেন দাদাই পৰিচালকক সন্তুষ্ট কৰিবলৈ সংগীত কৰিব নখোজে। মন আছিল কিন্তু কম কাম কৰাৰ সুযোগ পাইছিলো। এবাৰ মই কৈছিলো-- "খাটি অসমীয়া গাম।... ("শ্ৰীমতী লতা মঙ্গেশকৰৰ ঘৰৰ পৰা ট্রাঙ্ক কল পালো—অসমীয়া গীতৰ সঙ্কলন এটিৰ লং-প্লেয়িং ৰেকৰ্ড এখনৰ বাবে এটি বিহুসুৰীয়া গীত যেন মই লেখো।..." --ভৃপেন হাজৰিকা) "জোনাকেৰে ৰাতি..." সুৰ মই কেইবাবাৰো গাইছো। অসমীয়াৰ পাছত বাংলা, হিন্দীত। হিন্দীত দাদাৰ কেইবাটাও গাইছো।" --হয়, কেইবাটাও গীত গাইছে।  'আৰোপ"ৰ  ‘'নেইনো মে দর্পন হে..."ৰ পৰা "ৰুদালি"ৰ  "দিল হুম হুম কৰে...", "সময় অ’ ধীৰে চলো..." , "ঝুঠী মুঠী মিতৱা..."লৈ, কেইবাটিও গীত।জনপ্রিয়তাৰ কথা সর্বজনবিদত।
--দিলীপ কুমাৰ দত্তই লিখিছে, "লতাৰ কাৰণে ভূপেন দাদাই ৰচিছিল 'গোদাবৰী নৈৰ পাৰৰে পৰা অসমী আইলৈ যাটো প্রণাম'। অৱশ্যে, সেই গীতটো লতাই বহুত দিন পাচতহে বাণীবদ্ধ কৰে। সেই গীতটো আনে বাণীৱদ্ধ কৰিবলৈ বিচাৰিছিল যদিও ভূপেন দাদাই আনক নিদি লতাৰ কাৰণেই গীতটো সাঁচি ৰাখিছিল। ভূপেন দাদাৰ মতে লতাৰ গীত কেৱল কণ্ঠৰ পৰা নাহে সি আছে তেঁওৰ প্ৰাণৰ একেবাৰে গভীৰতম কোণৰ পৰা।..." --এই গীতটোৰে অসম-মহাৰাষ্ট্ৰৰ মাজত কথা-সুৰেৰে সাঁকো সাজিছিল লতা মংগেশকাৰৰ হতুৱাই ভূপেন হাজৰিকাই।( " 'গোদাবৰী নৈৰ পাৰৰ পৰা অসমী আইলৈ যাচো প্ৰণাম...' গীতটো আৱেগ, সুৰ, কায়িক সৌন্দর্য্য আৰু অতুলনীয় পৰিবেশনৰ পিনৰ পৰা এটা অতি মনোৰম গীত। অসমীয়াই গীতটোক যথাযথ ভাবে মর্যাদা নিদিয়া কাৰণেই হয়তো লতাই অসম অসমীয়ালৈ আগ বঢ়েৱা মৰম আৰু শ্ৰদ্ধাৰ উত্তৰ আজিলৈকে দিব পৰা নাই।" --দিলীপ কুমাৰ দত্ত)
--লতা মংগেশকাৰৰ বাবে ভূপেন হাজৰিকাই লিখিছিল, সুৰ-সংগীতেৰে সজাইছিল, " মই অথাই জলধিৰ মাজলৈ/ আহিলোঁ সাঁতুৰি/ দূৰ দূৰণিত দুপাৰ এৰি/ খাইছোঁ হাবাথুৰি... (চিনেমা: পানী)

[ উৎস: ভূপেন হাজৰিকাৰ "গীত আৰু জীৱন ৰথ" /দিলীপ কুমাৰ দত্ত, মই এটি যাযাবৰ/ড°ভূপেন হাজৰিকা, শিল্পীৰ পৃথিৱী, 'Swarratn - Lata Mangeshkar" /Aaryaa Joshi, "Mid-Day"]

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...