"অসমৰ ভূপেন হাজৰিকাৰ সংগীতে মোক আকৰ্ষণ কৰিছিল। কিন্তু ভূপেন দাদা ৰাজি নাছিল হিন্দী চিনেমাৰ যি ধাৰা, সেই ধাৰাত কাম কৰিবলৈ। মই কেইবা গৰাকীয়ো পৰিচলকৰ সৈতে কথা পাতিছিলো। কাম নিসিজিল। চিনেমাৰ পৰিচালকে সংগীতৰ কাম ভূপেন হাজৰিকাক এৰি নিদিয়ে, ভূপেন দাদাই পৰিচালকক সন্তুষ্ট কৰিবলৈ সংগীত কৰিব নখোজে। মন আছিল কিন্তু কম কাম কৰাৰ সুযোগ পাইছিলো। এবাৰ মই কৈছিলো-- "খাটি অসমীয়া গাম।... ("শ্ৰীমতী লতা মঙ্গেশকৰৰ ঘৰৰ পৰা ট্রাঙ্ক কল পালো—অসমীয়া গীতৰ সঙ্কলন এটিৰ লং-প্লেয়িং ৰেকৰ্ড এখনৰ বাবে এটি বিহুসুৰীয়া গীত যেন মই লেখো।..." --ভৃপেন হাজৰিকা) "জোনাকেৰে ৰাতি..." সুৰ মই কেইবাবাৰো গাইছো। অসমীয়াৰ পাছত বাংলা, হিন্দীত। হিন্দীত দাদাৰ কেইবাটাও গাইছো।" --হয়, কেইবাটাও গীত গাইছে। 'আৰোপ"ৰ ‘'নেইনো মে দর্পন হে..."ৰ পৰা "ৰুদালি"ৰ "দিল হুম হুম কৰে...", "সময় অ’ ধীৰে চলো..." , "ঝুঠী মুঠী মিতৱা..."লৈ, কেইবাটিও গীত।জনপ্রিয়তাৰ কথা সর্বজনবিদত।
--দিলীপ কুমাৰ দত্তই লিখিছে, "লতাৰ কাৰণে ভূপেন দাদাই ৰচিছিল 'গোদাবৰী নৈৰ পাৰৰে পৰা অসমী আইলৈ যাটো প্রণাম'। অৱশ্যে, সেই গীতটো লতাই বহুত দিন পাচতহে বাণীবদ্ধ কৰে। সেই গীতটো আনে বাণীৱদ্ধ কৰিবলৈ বিচাৰিছিল যদিও ভূপেন দাদাই আনক নিদি লতাৰ কাৰণেই গীতটো সাঁচি ৰাখিছিল। ভূপেন দাদাৰ মতে লতাৰ গীত কেৱল কণ্ঠৰ পৰা নাহে সি আছে তেঁওৰ প্ৰাণৰ একেবাৰে গভীৰতম কোণৰ পৰা।..." --এই গীতটোৰে অসম-মহাৰাষ্ট্ৰৰ মাজত কথা-সুৰেৰে সাঁকো সাজিছিল লতা মংগেশকাৰৰ হতুৱাই ভূপেন হাজৰিকাই।( " 'গোদাবৰী নৈৰ পাৰৰ পৰা অসমী আইলৈ যাচো প্ৰণাম...' গীতটো আৱেগ, সুৰ, কায়িক সৌন্দর্য্য আৰু অতুলনীয় পৰিবেশনৰ পিনৰ পৰা এটা অতি মনোৰম গীত। অসমীয়াই গীতটোক যথাযথ ভাবে মর্যাদা নিদিয়া কাৰণেই হয়তো লতাই অসম অসমীয়ালৈ আগ বঢ়েৱা মৰম আৰু শ্ৰদ্ধাৰ উত্তৰ আজিলৈকে দিব পৰা নাই।" --দিলীপ কুমাৰ দত্ত)
--লতা মংগেশকাৰৰ বাবে ভূপেন হাজৰিকাই লিখিছিল, সুৰ-সংগীতেৰে সজাইছিল, " মই অথাই জলধিৰ মাজলৈ/ আহিলোঁ সাঁতুৰি/ দূৰ দূৰণিত দুপাৰ এৰি/ খাইছোঁ হাবাথুৰি... (চিনেমা: পানী)
[ উৎস: ভূপেন হাজৰিকাৰ "গীত আৰু জীৱন ৰথ" /দিলীপ কুমাৰ দত্ত, মই এটি যাযাবৰ/ড°ভূপেন হাজৰিকা, শিল্পীৰ পৃথিৱী, 'Swarratn - Lata Mangeshkar" /Aaryaa Joshi, "Mid-Day"]
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন