Joymotiজ্যোতি চৰ্চা /৫
Shakuntala has a charm entirely its own" (The New York Times /1947) --সেই সময়তে বিদেশৰ বজাৰৰ পৰা চিনেমা খনৰ প্ৰযোজকে লাভ কৰিছিল প্ৰায় ২ লাখ টকা। ৫০ হাজাৰ টকা বাজেটৰ 'শকুন্তলা' দেশৰ চিত্ৰগৃহত (প্ৰথম পৰ্যায়ৰ) একে লেঠাৰিয়ে ১০৪ সপ্তাহ চলিছিল। বক্স অ'ফিচ ৰিপ'ৰ্ট-- "major hit"। এই বজাৰ সফলতাৰ বাবেই দৰ্শকৰ মন বুজি চিনেমা পৰিচালনা কৰিবলৈ বাধ্য হৈছেল বা পৰিচালনা কৰিছিল। আৰু সম্ভৱতঃ এই কাৰণেই জ্যোতি প্ৰসাদ আগৰৱালাই "নিজকে কিমানখিনি তললৈ নমাই আনিছিল" বুলি লিখিছিল শান্তাৰামৰ "শকুন্তলা" প্ৰসংগত!
শান্তাৰামে "নিজকে তললৈ নমায়" চিনেমা পৰিচালনা কৰিছিল নাটকৰ মাজত ডুবি থকা দৰ্শকক সন্তুষ্ট কৰিবলৈ।
--সেই সময়ত ভাৰতীয় দৰ্শক "চিনেমা"ৰ অভিনৰ সৈতে অভ্যস্থ নাছিল। বুজিছিল, অভিনয় মানে নাটকৰ অভিনয়। "ৰাজা হৰিচন্দ্র"ৰ (৩ মে ,১৯১৩) পৰিচালক দাদাচাহেব ফালকেয়ে বুজিছিল, গুৰুত্ব দিছিল "চিনেমা অভিনয়"ত। "আলম আৰা"ৰ (১৪মার্চ, ১৯৩১) পৰিচালক অৰ্দেশিৰ ইৰাণীয়ে অভিনয়ক নাটকৰ ওচৰত ৰাখিছিল। সংলাপ কম, সংগীত বেছি আছিল। "দে দে খোদা কে নাম পৰ..." গীতটো আজিৰ তাৰিখতো সংগীত ৰসিকে গুণগুণাই। এক ফকিৰৰ ওঁঠত দিয়া এই গীতটো ভাৰতীয় চিনেমাৰ প্ৰথম গীত, (দৃশ্য গ্ৰহণৰ সময়তে হাৰমনিয়াম-তবলা বজায় গীতটোৰ শব্দ-শ্ৰাব্য গ্ৰহণ কৰিছিল। --"আলম আৰা"ৰ দৃশ্য গ্ৰহণ কৰা হৈছিল তানাৰ ছিঙ্গল-ছিষ্টেম কেমেৰাৰ সহায়ত। এটা কেমেৰা এটা স্থানত বহুৱাই শ্বট লোৱা হৈছিল, প্ৰাকৃতিক পোহৰত।) প্ৰথম হিট গীত বুলি কোৱা হয়। আৰু কোৱা হয়, এই গীতটোৰ বাবেই চিনেমা খন ব্যবসায়িক দিশত সফল হৈছিল; [দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ সহায় লবলৈ বাধ্য হৈছিল মুম্বাই (তেতিয়াৰ বোম্বাই)ৰ চিনেমা ম্যাজেষ্টিক থিয়েটাৰ পক্ষই। চিনেমা ম্যাজেষ্টিকত একেৰাহে ১৪ সপ্তাহ চলিছিল।] আৰু এই উৎসাহতে ভাৰতীয় চিনেমাই "গীত অলংকাৰ"-এৰে দৰ্শকৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছিল। অৰ্থাৎ পৰিচালকে ধৰি লৈছিল--"গীত" চিনেমাৰ "বজাৰ সফলতা মন্ত্ৰ"।
--হয়, জ্যোতি প্ৰসাদ আগৰৱালয়ো "গীত অলংকাৰ"ত গুৰুত্ব দিছিল। "জয়মতী"ৰ গীতে শ্ৰোতা-দৰ্শকক আমোদো দিছিল। কিন্তু দৰ্শকে হজম কৰিব পৰা নাছিল চিনেমেটিক অভিনয়। অৰ্দেশিৰ ইৰাণীয়ে সংলাপৰ নামত যি কম ফুটেজ ব্যৱহাৰ কৰিছিল, সেয়া আছিল নাট্যাভিনয়ত অভ্যস্থ দৰ্শকে হজম কৰিব পৰা। অসমৰ দৰ্শকো বংগৰ প্ৰভাৱত গঢ়ি উঠা, নাট্যাভিনয়ৰ ওচৰৰ। "'জয়মতী' ফিল্মতো এই সমস্যাই হৈছে। 'জয়মতী' ফিল্মখন ইংৰাজী আৰু ৰুছীয় ফিল্মৰ আচল ফিল্মীয় পৰিচালনা আৰু অভিনয়ৰে কৰিবলৈ চেষ্টা কৰা হৈছে। 'জয়মতী'ত অভিনয়ৰ ভঙ্গী স্বাভাৱিক আৰু তাৰ উপৰিও অসমীয়া কথা কোৱাৰ বিশিষ্ট ভঙ্গী, অসমীয়া মাত-কথাৰ বিশেষ প্রশ্ন ইত্যাদিলৈ ইয়াত অতি সূক্ষ্মভাৱে মন দিয়া হৈছে। অসমীয়া বচন, প্রকাশ-ভঙ্গী, ঠাঁচ ইত্যাদি যে আমাৰ সাধাৰণতে চলিত ষ্টেজবোৰতকৈ বহুত বেলেগ হোৱা উচিত তাকো এই ছবিত দেখুৱাব খোজা হৈছে।" --জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল। এই যে বেলেগ কৰিবলৈ গৈছিল, সেয়াই সমস্যা হৈছিল। ইৰানিৰ দৰে অভিনয় শৈলী ব্যৱহাৰ কৰিলে হয়তো "জয়মতী"ক অধিক দৰ্শকে আদৰি ল'লে হেতেন!
"জয়মতী"ৰ ব্যবসায়িক বিফলতাৰ এটা কাৰণ "বজাৰ সমস্যা" ইতিমধ্যে যথা স্থানত চৰ্চা কৰিছো। --মূল কাৰণ পৰিবেশ নিৰ্মাণৰ আগতেই চিনেমা নিৰ্মাণৰ কাম হাতত লৈছিল জ্যোতি প্ৰসাদ আগৰৱালাই। সূন্যত সূন্যৰ পৰা চিনেকৰ্ম আৰম্ভ কৰিছিল, "লোকচান হ'লেও টকী (Talking Picture) কৰিবয়ে লাগিব" বুলি। "গীত"ৰ চিন্তা নাছিল! "খাটি অসমীয়া সুৰ" জ্যোতি প্ৰসাদৰ শিৰাই শিৰাই বৈয়ে আছে! আৰু পৰিচালক গৰাকীৰ ধাৰণা আছিল-- চলমান ছবিৰে গুঠা গীত দৰ্শকে আদৰিব, ছবিৰে গুঠা কথাহে দৰ্শকে আদৰি নলব পাৰে! পৰিচালক গৰাকীৰ ধাৰণা এশ শতাংশয়ে শুদ্ধ আছিল। চৰিত্ৰৰ মুখত দিয়া কথাবোৰ --নাটকৰ সংলাপৰ দৰে নাছিল। নাটকৰ দৰে নাছিল বাবেই বহুতে ভেকাহি মাৰি কৈছিল, এয়া আৰু বচন হ'ল নে? কেৱল চলমান ছবিত নাটক বা ভাওনা চাম বুলি অহা সকলে কেমেৰাৰ কাম আদি বুজি পোৱা হ'লে জ্যোতি প্ৰসাদ আগৰৱালাক হিয়া উবুৰিয়াই প্রশংসা কৰিলে হেতেন।(উৎস: আজিৰ সংবাদ। শিক্ষক, ৰাজনীতিক, অভিনেতা-পৰিচালক, নাট্যকাৰ লক্ষ্যধৰ চৌধুৰীয়ে কৈছিল। আমি লিখি গৈছিলো। প্ৰথম পুৰুষত। "আজিৰ সংবাদ"ৰ সুন্দৰম পৃষ্ঠাত ছপা হৈছিল।) --লক্ষ্যধৰ চৌধুৰীয়ে আৰু কৈছিল, "তুমি যে চিনেমাৰ কথা সুধিছা, লগে লগে মোৰ মন ভটিয়াই লৰ মাৰিছিল ১৯৩৫ চনলৈ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে এখন অসমীয়া কথাছবি নিৰ্মাণ কৰাৰ সেই অভূতপূর্ব আনন্দময় দিনবোৰলৈ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কথাছবিৰ কাৰণেই এই কথাছবি নিৰ্মাণ কৰিছিল বুলি ভবাতো ভুল হ'ব। কথাছবি শিল্পৰ কথা ভাবি কাম কৰিছিল। সেই সময়ত ৰূপকোঁৱৰে ঘৰুৱা বৈঠকত, সভা-সমিতিত আৰু কাকতে-পত্রে এইবোৰৰ বহু কথা বহু ধৰণে লেখি অসমীয়া সমাজলৈ নিজ কর্তব্য নিৰূপণ আৰু নিজক গঢ় দিবলৈ পথৰ সন্ধানো দি গৈছিল। আৰু কি কৈছিল জানা!-- বংগত ছবি হব পাৰে, আমাৰ ইয়াত কিয় নোৱাৰিম! গালি শপনি খাই হলেও ছবি কৰিব লাগিব!"
এই কথা নিশ্চয় অস্পষ্ট নহয়-- বজাৰ চিন্তাৰে 'জয়মতী'ৰ কাম হাতত লোৱা নাছিল জ্যোতি প্ৰসাদ আগৰৱালাই। মনত এটায়ে চিন্তা আছিল --এখন উন্নত মানৰ অসমীয়া চিনেমা নিৰ্মাণৰ।

(৬)
'জয়মতী'ৰ চিত্ৰপ্ৰহণৰ কাম এদিন শেষ হৈছিল। চেহেৰালৈ হাঁহি আহিছিল, আৰু সম্পাদনৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালা অকলে গৈ লাহোৰত উপস্থিত হৈছিল। হাঁহি হেৰাইছিল প্ৰথম গৰাকী অসমীয়া চিনেকৰ্মীৰ, যেতিয়া দেখিছিল--, ছবি আছে, কথা নাই। শব্দ গ্ৰহণত ক্ৰুটি। সংলাপ বেছি নাইয়ে, থকা খিনিও আছিল অস্পষ্ট। জ্যোতিপ্ৰসাদৰ কানত লাগিছিল--, মাথোঁ যন্ত্ৰৰ কৰ্কশ শব্দ। অশান্ত মনক মুহুৰ্ততে শান্ত কৰিছিল আৰু কাৰকৰী দিশত দক্ষ লোকৰ সহায়ত বাট বিছাৰি লৈছিল। বিছাৰি পোৱা বাটটোৰ নাম আছিল --ডাবিং (Dubbing)। এই পোষ্ট উৎপাদন প্রক্রিয়া সেই সময়লৈ দুই-তিনিটা চিনেকৰ্মতহে ব্যৱহাৰ হৈছিল। ভালেকেইটা সংগীত কৰ্মতো ব্যৱহাৰ কৰা হৈছিল।
[২৫মাৰ্চ, ১৮৫৭ চনত আৱিস্কাৰ হৈছিল প্ৰথমটো শব্দ গ্ৰহণ যন্ত্ৰ। আৱিষ্কাৰক--, গায়ক এডৱাৰ্ড লিয়ঁ স্কট। ফ্ৰান্সৰ। যন্ত্ৰটোৰ নাম ৰাখিছিল ফোনাটোগ্ৰাফ* (Phonograph.)। ৯ এপ্ৰিল, ১৮৬০ত শ্ৰোতাৰ বাবে মুকলি কৰি দিছিল বিশেষ যন্ত্ৰটোত ৰেকৰ্ডিং কৰা প্ৰথমটো গীত--, "Au clair de la lune..." (Genre: Children's, Style: Nursery Rhymes)। যন্ত্ৰটো যে আৱিষ্কাৰ হৈছে, সেয়া জনাবলৈ-- ২৬ জানুৱাৰী, ১৮৫৭ ত "ফোনোটোগ্রাফি"ৰ বৈজ্ঞানিক তথ্য Académie des Sciences-লৈ প্ৰমাণ সহ চিঠি প্ৰেৰণ কৰিছিল।
--এই তথ্য পোহৰলৈ আহিছে ২০০৮ চনত। ইয়াৰ আগলৈকে এডিচনক শব্দগ্ৰহণ যন্ত্ৰৰ পিতৃ বুলি কোৱা হৈছিল।১৮৭৭চনত এডিচনে ( Thomas Alva Edison) আৱিষ্কাৰ কৰিছিল-- গ্ৰামোফোন (phonograph/ কোৱা হৈছিল-- first device to play back recorded sound.)।]
ছবিক গতি দিব পৰা যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ ('kinetograph' আাগৰ সময় ছোৱাত, 'aeroscope' আৱিষ্কাৰৰ) বহু বছৰ আগতে স্থিৰচিত্ৰত শব্দ দি কাহিনী কোৱাৰ বিশেষ শিল্প আৰম্ভ হৈছিল। আৰু পৰৱৰ্তী সময়ত এই বিশেষ শিল্প 'ডাবিং শিল্প'লৈ ৰূপান্তৰ হৈছিল। এই পদ্ধতিৰে চিনেমাৰ সবাক যুগ আৰম্ভ হোৱাৰ পাছত কেইবাখনো নিৰ্বাক চলমান ছবিৰ চৰিত্ৰৰ মুখত সংলপ দিয়া হৈছিল। সম্ভৱতঃ এইবোৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাই জানিছিল; আৰু "জয়মতী"ৰ নিৰ্বাক চৰিত্ৰৰ ওঁঠ মিলাই অকলে ভিন্ন মাত উলিয়াই সংলাপ দি গৈছিল। পুৰুষ চৰিত্ৰৰ লগতে নাৰী চৰিত্ৰতো। (আৰু আছে)
by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন