সরাসরি প্রধান সামগ্রীতে চলে যান

সুৰৰ মালিতা /১

Lata Mangeshkar /1

‘সেইটো মন্দিৰ!'— গোৱালৈ ফুৰিবলৈ যাওঁতে সাগৰৰ পাৰতে থকা ঘৰ এটা দেখুৱাই ‘গাইড’গৰাকীয়ে কৈছিল।

নহয়, সেইটো ঘৰহে! – মন্দিৰ যেন নালাগে। — আমি কৈছিলোঁ।

হয়, সেইটো ঘৰেই; কিন্তু মন্দিৰ। কাৰণ গোৱালৈ আহিলে সেই ঘৰটোতে থাকে লতা মংগেশকাৰ।' — ‘গাইড’জনে পুনৰ কৈছিল।

২০০১ চনৰ সেই বিশেষ দিনটোতে আমাৰ মনত এক 'ধাৰণা' ই আকাৰ লৈছিল, কেৱল 'সুৰ’ৰ লতা নহয়, সুৰীয়া লতা নহয়, লতা মংগেশকাৰ বহুতৰে বাবে ভাৰতীয় ‘গীত’ৰ দেৱী, ৰাণী। প্রায় ২৫,০০০ গীতেৰে কোটি কোটি সংগীত ৰসিকৰ মনত আকাৰ লোৱা— ‘স্বৰবাণী'। (২০১৫ চনৰ ১৮ মাৰ্চত ‘ভাৰতীয় চিনেমাৰ সংগীত 'কেন্দ্ৰিক আলোচনা হৈছিল মুম্বাইৰ ফিল্মচিটি চৌহদত। আয়োজক ‘স্বৰ'ৰ সম্পাদক প্রকাশ নান্দেটকাৰে আদৰণী ‘প্রতিবেদন ত কৈছিল— ..... ভাৰতীয় জনপ্রিয় গীতৰ তালিকাখনত স্থান পাব লতা মংগেশকাৰে গোৱা প্ৰায় ২৫,০০০ গীতৰ ২৪,০০০টাই। আমি ভাবোঁ— এই প্ৰসংগত বিতৰ্কৰ অৱকাশ নাই। প্রকাশ নান্দেটকাৰে লতা মংগেশকাৰে প্ৰায় ১১০০খন ভাৰতীয় চিনেমাত গীত গোৱাৰ তথ্য জনাইছিল।)

সেই সময়ত, ১৯৮৫ চনৰ পাছৰ সময়ছোৱাত বলীউডৰ চিনেকৰ্মীসকলৰ বহুতে ধাৰণা কৰি লৈছিল 'লতা যুগ' শেষ। স্বাভাবিক ধাৰণা। যাঠি বছৰীয়া লতা মংগেশকাৰৰ 'কণ্ঠ' ১৬-২৫ বছৰীয়া 'নায়িকা'ৰ ওঁঠত শ্রোতা-দর্শকে কিয় গ্রহণ কৰিব? -এনে বহু চৰ্চাৰ সময়তে বিখ্যাত বাজশ্রী প্রডাকচনৰ সুৰজ বৰজাত্যই ঘোষণা কৰিলে—‘মেইনে প্যাৰ কিয়া'ত ২০ বছৰীয়া ভাগ্যশ্ৰীৰ ওঁঠত দিয়াৰ বাবে গীত গালে ৬০ বছৰীয়া লতা মংগেশকাৰে। লগে লগে চর্চা ঃ শ্রোতা-দর্শকে পছন্দ কৰিব নে? “কিয় নকৰিব! 'সুৰক প্ৰাণ দিয়া লতাজীৰ কণ্ঠৰ বাবেহে ভাগ্যশ্রীক শ্রোতা-দর্শকে আদৰিব।" সুৰজ বৰজাত্যই কৈছিল। এইখিনিতে মনলৈ আহিছে সোনিক-অ'মিৰ যুটিৰ সোনিক শৰ্মাই কোৱা কথা। সংগীত পৰিচালকগৰাকীয়ে লতা মংগেশকাৰৰ প্ৰসংগত মাত্ৰ দুটা শব্দ কৈছিল— ‘সুৰ'ব লতা। এই দুটা শব্দতে স্পষ্ট হৈ আছে 'সুৰ'ৰ বাবে জন্ম হৈছে লতা মংগেশকাৰৰ। 'সুৰ'ৰ বাবে লতাৰ কণ্ঠ।

ভাৰতীয় চিনেমাৰ শ্ব'মেন ৰাজ কাপুৰে 'প্ৰেমৰোগ'ৰ প্ৰথমখন সংবাদ মেলত কৈছিল, ‘চিনেমা উৰি গ'লেও গীত ৰৈ যাব।— কিয়? লক্ষ্মীকান্ত প্যাৰেলালৰ 'সুৰ', মোৰ আৱেগ আছে লতা মংগেশকাৰৰ কণ্ঠত। তাৰ পাছতে সংবাদ মেলত বজাই দিছিল—'য়ে গলিয়া চে চৌবাৰা... । পৰৱৰ্তী সময়ত প্যাবেলালে কৈছিল, .... সেই গীতটো এবাৰ বিশ্ব সংগীত যাত্ৰাত লতাজীয়ে ১৮ দিনত, ১৮খন মঞ্চত ৪৯বাৰ গাবলৈ বাধ্য হৈছিল। গীতটোত কি আৱেদন আছে, যাৰ বাবে বিদেশৰ মঞ্চতো আদৰ।— সন্দেহ নাই আদৰৰ কাৰণ কেৱল লতাজীৰ কণ্ঠ, গায়কী। সেই সময়ত জাপানৰ দৰ্শকে চিনেমাখন কেইবাবাৰো চাইছিল লতাজীৰ গীতৰ বাবেই।— সেই সময়ত এনে ধৰণৰ চৰ্চা হৈছিল 'মায়াপুৰী' জাতীয় আলোচনীত, লতা মংগেশকাৰৰ কণ্ঠ, গায়কীৰ জনপ্ৰিয়তাৰ বাবেহে ৰাজকাপুৰৰ চিনেমাই জাপানত ‘বজাৰ' পাইছিল।— এইখিনিতে উল্লেখ কৰিব পাৰি ৰাজকাপুৰৰ চিনেমাৰ গীতেৰে 'গায়িকা লতা' নির্মাণ হোৱা নাছিল, লতা মংগেশকাৰৰ যিকেইটা গীত বিদেশৰ শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈছিল, তাৰ ভিতৰত ৰাজকাপুৰৰ চিনেমাৰ ‘য়ে গলিয়া... হে আছিল।

১৯৮৪-৮৫ৰ 'সময়'ছোৱাত ‘লণ্ডন টাইমছ'কে ধৰি বিদেশৰ ভালেমান কাকত আলোচনীত 'লতা চর্চা' হৈছিল, কেৱল গায়কী আৰু 'কণ্ঠ'ৰ বাবে। 'কিংষ্টাৰ' (১৭ জুন, ১৯৯৭)ত পঢ়িছিলোঁ— ‘লণ্ডন টাইমছ'ৰ ৮ পৃষ্ঠাৰ পৰিপূৰিকাত মাইকেল জেকছনক তৃতীয় স্থানত ৰাখি, বিশ্বৰ ১০গৰাকী ‘গায়ক’ৰ তালিকাত প্রথম স্থানত ৰাখিছিল লতা মংগেশকাৰক। ১৯৮৪ চনত।
( প্ৰকাশ: জনমভূমি/ ২০১৯) by Utpal Mena
 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...