সরাসরি প্রধান সামগ্রীতে চলে যান

সুৰৰ মালিতা /১

Lata Mangeshkar /1

‘সেইটো মন্দিৰ!'— গোৱালৈ ফুৰিবলৈ যাওঁতে সাগৰৰ পাৰতে থকা ঘৰ এটা দেখুৱাই ‘গাইড’গৰাকীয়ে কৈছিল।

নহয়, সেইটো ঘৰহে! – মন্দিৰ যেন নালাগে। — আমি কৈছিলোঁ।

হয়, সেইটো ঘৰেই; কিন্তু মন্দিৰ। কাৰণ গোৱালৈ আহিলে সেই ঘৰটোতে থাকে লতা মংগেশকাৰ।' — ‘গাইড’জনে পুনৰ কৈছিল।

২০০১ চনৰ সেই বিশেষ দিনটোতে আমাৰ মনত এক 'ধাৰণা' ই আকাৰ লৈছিল, কেৱল 'সুৰ’ৰ লতা নহয়, সুৰীয়া লতা নহয়, লতা মংগেশকাৰ বহুতৰে বাবে ভাৰতীয় ‘গীত’ৰ দেৱী, ৰাণী। প্রায় ২৫,০০০ গীতেৰে কোটি কোটি সংগীত ৰসিকৰ মনত আকাৰ লোৱা— ‘স্বৰবাণী'। (২০১৫ চনৰ ১৮ মাৰ্চত ‘ভাৰতীয় চিনেমাৰ সংগীত 'কেন্দ্ৰিক আলোচনা হৈছিল মুম্বাইৰ ফিল্মচিটি চৌহদত। আয়োজক ‘স্বৰ'ৰ সম্পাদক প্রকাশ নান্দেটকাৰে আদৰণী ‘প্রতিবেদন ত কৈছিল— ..... ভাৰতীয় জনপ্রিয় গীতৰ তালিকাখনত স্থান পাব লতা মংগেশকাৰে গোৱা প্ৰায় ২৫,০০০ গীতৰ ২৪,০০০টাই। আমি ভাবোঁ— এই প্ৰসংগত বিতৰ্কৰ অৱকাশ নাই। প্রকাশ নান্দেটকাৰে লতা মংগেশকাৰে প্ৰায় ১১০০খন ভাৰতীয় চিনেমাত গীত গোৱাৰ তথ্য জনাইছিল।)

সেই সময়ত, ১৯৮৫ চনৰ পাছৰ সময়ছোৱাত বলীউডৰ চিনেকৰ্মীসকলৰ বহুতে ধাৰণা কৰি লৈছিল 'লতা যুগ' শেষ। স্বাভাবিক ধাৰণা। যাঠি বছৰীয়া লতা মংগেশকাৰৰ 'কণ্ঠ' ১৬-২৫ বছৰীয়া 'নায়িকা'ৰ ওঁঠত শ্রোতা-দর্শকে কিয় গ্রহণ কৰিব? -এনে বহু চৰ্চাৰ সময়তে বিখ্যাত বাজশ্রী প্রডাকচনৰ সুৰজ বৰজাত্যই ঘোষণা কৰিলে—‘মেইনে প্যাৰ কিয়া'ত ২০ বছৰীয়া ভাগ্যশ্ৰীৰ ওঁঠত দিয়াৰ বাবে গীত গালে ৬০ বছৰীয়া লতা মংগেশকাৰে। লগে লগে চর্চা ঃ শ্রোতা-দর্শকে পছন্দ কৰিব নে? “কিয় নকৰিব! 'সুৰক প্ৰাণ দিয়া লতাজীৰ কণ্ঠৰ বাবেহে ভাগ্যশ্রীক শ্রোতা-দর্শকে আদৰিব।" সুৰজ বৰজাত্যই কৈছিল। এইখিনিতে মনলৈ আহিছে সোনিক-অ'মিৰ যুটিৰ সোনিক শৰ্মাই কোৱা কথা। সংগীত পৰিচালকগৰাকীয়ে লতা মংগেশকাৰৰ প্ৰসংগত মাত্ৰ দুটা শব্দ কৈছিল— ‘সুৰ'ব লতা। এই দুটা শব্দতে স্পষ্ট হৈ আছে 'সুৰ'ৰ বাবে জন্ম হৈছে লতা মংগেশকাৰৰ। 'সুৰ'ৰ বাবে লতাৰ কণ্ঠ।

ভাৰতীয় চিনেমাৰ শ্ব'মেন ৰাজ কাপুৰে 'প্ৰেমৰোগ'ৰ প্ৰথমখন সংবাদ মেলত কৈছিল, ‘চিনেমা উৰি গ'লেও গীত ৰৈ যাব।— কিয়? লক্ষ্মীকান্ত প্যাৰেলালৰ 'সুৰ', মোৰ আৱেগ আছে লতা মংগেশকাৰৰ কণ্ঠত। তাৰ পাছতে সংবাদ মেলত বজাই দিছিল—'য়ে গলিয়া চে চৌবাৰা... । পৰৱৰ্তী সময়ত প্যাবেলালে কৈছিল, .... সেই গীতটো এবাৰ বিশ্ব সংগীত যাত্ৰাত লতাজীয়ে ১৮ দিনত, ১৮খন মঞ্চত ৪৯বাৰ গাবলৈ বাধ্য হৈছিল। গীতটোত কি আৱেদন আছে, যাৰ বাবে বিদেশৰ মঞ্চতো আদৰ।— সন্দেহ নাই আদৰৰ কাৰণ কেৱল লতাজীৰ কণ্ঠ, গায়কী। সেই সময়ত জাপানৰ দৰ্শকে চিনেমাখন কেইবাবাৰো চাইছিল লতাজীৰ গীতৰ বাবেই।— সেই সময়ত এনে ধৰণৰ চৰ্চা হৈছিল 'মায়াপুৰী' জাতীয় আলোচনীত, লতা মংগেশকাৰৰ কণ্ঠ, গায়কীৰ জনপ্ৰিয়তাৰ বাবেহে ৰাজকাপুৰৰ চিনেমাই জাপানত ‘বজাৰ' পাইছিল।— এইখিনিতে উল্লেখ কৰিব পাৰি ৰাজকাপুৰৰ চিনেমাৰ গীতেৰে 'গায়িকা লতা' নির্মাণ হোৱা নাছিল, লতা মংগেশকাৰৰ যিকেইটা গীত বিদেশৰ শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈছিল, তাৰ ভিতৰত ৰাজকাপুৰৰ চিনেমাৰ ‘য়ে গলিয়া... হে আছিল।

১৯৮৪-৮৫ৰ 'সময়'ছোৱাত ‘লণ্ডন টাইমছ'কে ধৰি বিদেশৰ ভালেমান কাকত আলোচনীত 'লতা চর্চা' হৈছিল, কেৱল গায়কী আৰু 'কণ্ঠ'ৰ বাবে। 'কিংষ্টাৰ' (১৭ জুন, ১৯৯৭)ত পঢ়িছিলোঁ— ‘লণ্ডন টাইমছ'ৰ ৮ পৃষ্ঠাৰ পৰিপূৰিকাত মাইকেল জেকছনক তৃতীয় স্থানত ৰাখি, বিশ্বৰ ১০গৰাকী ‘গায়ক’ৰ তালিকাত প্রথম স্থানত ৰাখিছিল লতা মংগেশকাৰক। ১৯৮৪ চনত।
( প্ৰকাশ: জনমভূমি/ ২০১৯) by Utpal Mena
 

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...