সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৩

ভূপেন হাজৰিকা"জীৱন তৃষ্ণা"-- অসিত সেনৰ পৰিচালনা। ২৫ ডিচেম্বৰ ১৯৫৭ত চিত্ৰগৃহলৈ অহা ১৪০ মিনিট দৈৰ্ঘৰ চিনেমা খন ব্যৱসায়িক দিশত সফল হৈছিল। সফলতাৰ এটা কাৰণ আছিল সংগীত।
"সাগৰ সঙ্গমত..."ৰ লগতে ব্যৱহাৰ কৰিছিল "আকৌ নতুন প্ৰভাত হব ..." , "হে জয় ৰঘুৰ নন্দন..." গীতদুটাত ব্যৱহাৰ কৰা সুৰ। আৱহ সংগীততো "ভূপেন্দ্ৰ সুৰ" স্পষ্ট।
--উত্তম কুমাৰে কৈছিল, "ভূপেন হাজৰিকাৰ অসাধাৰণ সংগীত কৰ্মই মোক মুগ্ধ কৰিছিল। 'জীবন তৃষ্ণা'ৰ চিত্ৰগ্ৰহন আৰম্ভ হোৱাৰ দুদিনমান আগতে ভূপেন হাজৰিকাক ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰন কৰিছিলো। সেইদিনা মোক শুনাইছিল এটা অসমীয়া গীত-- 'সাগৰ সংগমত কতনা সাঁতৰিলো/
তথাপিটো হোৱা নাই ক্লান্ত…'। মই তেতিয়ালৈকে জনা নাছিলো মোৰ ওঁঠত যে এই সুৰ ব্যৱহাৰ কৰিব। সেই সুৰ মোৰ মনৰ মাজত সোমাই আছিল বাবেই চিত্ৰায়নৰ সময়ত সহজতে ওঁঠ মিলাইছিলো। পৰৱৰ্তী সময়ত মই অভিনয় কৰা দুখন ছবিৰ বাবে ভূপেন হাজৰিকাৰ গীত বিচাৰিছিলো। নিদিলে। তেতিয়া মই বুজিছিলো--, ভূপেন হাজৰিকাই বজাৰ বিছাৰি কলিকতালৈ অহা নাই।..." (উৎস: Indian Movie News)
--ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা আন এখন বাংলা চিনেমা "জোনাকিৰ আলো"। এই চিনেমা খনৰ গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা, লতা মংগেশকাৰে। চিনেমা খনত এটা বাউল গীত ব্যৱহাৰ কৰিছিল। কণ্ঠদান কৰিছিল পূৰ্ণদাসে।
--এই খিনিতে চৰ্চা কৰিব পাৰি "অসিত সেন"
প্ৰসংগ। ভূপেন হাজৰীকাৰ বাংলা চিনেযাত্ৰাত অসিত সেনৰ সহায় অস্বীকাৰ কৰিব নোৱাৰি। "সহায়"ৰ পৰিবৰ্তে আমি নিশ্চয় এনেদৰেও কব পাৰো--, ভূপেন হাজৰিকাৰ সংগীতেৰে নিজৰ চিনেমাৰ সৌন্দৰ্য বঢ়াইছিল।

"সীমানা পেৰিয়ে"-- ভূপেন হজৰিকাই "সুৰ" ৰচনা কৰা আন এখন বাংলা চিনেমা। বাংলাদেশৰ চিনেমা। চিনেমা খনৰ সংগীত পৰিচাল কৰিছিল বুলি কোৱা হয়; কিন্তু "সুৰ"হে ব্যৱহাৰ কৰিছিল নয়ীম গহৰ, কবি ফজল চাহাবুদ্দিনে লিখা ( অনুবাদ!) গীতত। গীতত কণ্ঠদান কৰিছিল ভূপেন হাজৰিকা আৰু আবিদা চুলতানাই। আবিদাই কণ্ঠদান কৰা "বিমূর্ত এই ৰাত্রি আমাৰ..." চিনেমা খনৰ বিশেষ চৰ্চা বুলি হৈছিল। চিনেমা খনত ব্যৱহাৰ হোৱা আন দুটা গীত-- "মেঘ থম থম কৰে...", "আজ জোৎস্না ৰাতে..."। এই তিনিটা গীতৰ লগতে চিনেমা খনৰ কাহিনীৰ দাবিত আদিবাসী ভাষাৰ এটি গীতো ব্যৱহাৰ কৰিছিল।
--১৯৭৭ চনত চিত্ৰগৃহলৈ অহা "সীমানা পেৰিয়ে"ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৭৫ চনৰ পৰা। বন্ধু এজনৰ সৈতে পৰিচলক আলমগীৰ কবিৰ আহিছিল ভূপেন হাজৰিকাক লগ কৰিবলৈ। ভূপেন হাজৰিকাই শুনাইছিল-- (ৰচনা কাল : ১৯৭১)
"বিমূৰ্ত মোৰ নিশাতি যেন
মৌনতাৰ সূতাৰে বোৱা
এখনি নীলা চাদৰ ।
এখনি নীলা চাদৰ..
তাৰেই এটি মিঠা ভাঁজত
নিশ্বাসৰে উম
আৰু জীয়া জীয়া আদৰ্
এখনি নীলা চাদৰ ..."
"এই গীতটো মোৰ চিনেমাত লাগিব! গীতটোৰ সুৰে মোক চুই গৈছে। এই গীতটোৱে নহয়, চিনেমা খনৰ সংগীত আপুনিয়ে কৰিব লাগিব।" বুলিছিল আলমগীৰ কবিৰে। কবিৰে চিনেমাৰ কাহিনী, বিষয়বস্তু শুনাইছিল সংগীতসূৰ্যক।
--আন এদিন আলমগীৰ কবিৰ আহি ভূপেন হাজৰিকাৰ ওচৰ পালে, গায়িকা এগৰাকীক লৈ। নাম-- আবিদা সুলতানা। আবিদাৰ কণ্ঠত "বিমূৰ্ত..." ৰেকৰ্ডিং কৰাৰ মন পৰিচালক কবিৰৰ। পৰিচালক গৰাকীয়ে সংগীতসূৰ্যক ক'লে --, আবিদাই সংগীতসূৰ্যৰ সুৰত গীত গাবলৈ ভয় অনুভৱ কৰিছে! "দাদা, আপুনি মোক গীতৰ বিষয়বস্ত বুজাই দিয়ক। গাবলৈ চেষ্টা কৰিম। আপোনাৰ বেয়া লাগিলে মই গোৱা গীতটো ৰাখিব নালাগে।" --আবিদাই কৈছিল। সংগীতসূৰ্যই বুজাই দিছিল। আৰু সেই গীতটোৱে আবিদা চুলতানাক সংগীতৰ সুৰীয়া বাট কাটি দিছিল। পৰৱৰ্তী সময়ত গায়িকা গৰাকীয়ে ৪৫০ৰো (চিনেমাৰ) অধিক গীতত কণ্ঠদান কৰিছে। আবিদা চুলতানা বাংলাদেশত জনপ্ৰিয় চিনেমা-আধুনিক গীত, ৰবীন্দ্র সঙ্গীত আৰু নজৰুল সঙ্গীতৰ গায়কীৰ বাবে। "ভূপেন দাদাৰ 'বিমূৰ্ত...'ই মোক শ্ৰোতাৰ ওচৰলৈ নিছিল। ভূপেন দাদাৰ সুৰ, শিকোৱা পদ্ধতিয়ে মোক বহুত শিকাইছিল। গীত গোৱাৰ আগতে কেনে ধৰণৰ কচৰৎ কৰিব লাগে, সেয়া ভূপেন দাদাৰ পৰা শিকিছিলো। দাদাই কৈছিল, গীত এটা গোৱাৰ আগতে গীতটোৰ মাজত সোমাই বুজি লব লাগে। চিনেমাৰ গীত হ'লে পৰিচালকে গীতটো কেনেদৰে ব্যৱহাৰ কৰে, গীতিকাৰ-সুৰকাৰ ভাৱ কেনেধৰণৰ বুজি লব লাগে।" --আবিদা চুলতানাই কৈছিল। (উৎস: দৈনিক জনকণ্ঠ, দৈনিক পূর্বকোণ)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...