সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /২

Bhupen Hazarika
'পিয়লি ফুকন'ৰ আগতে জ্যোতি প্ৰসাদ আগৰৱালাৰ 'ইন্দ্ৰ-মালতী'ত অভিনয় কৰিছিল, গীত গাইছিল কিশোৰ ভূপেন হাজৰিকাই। 'বদন বৰফুকন'ত বৈৰাগীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে "কত দিন আৰু আশাৰ ..." ( কথা: নলিনীবালা দেবী) গীতটো গাইছিল। 'চিৰাজ'তো অভিনয় কৰিছিল, গীত গাইছিল, সুৰ দিছিল। আৰু সংগীতৰ কামো কৰিছিল বুলি কোৱা হয়। কিন্তু চিনেমা খনৰ ক্ৰেডিট টাইটেলত সংগীত পৰিচালক হিচাবে সংগীতসূৰ্যৰ নামটো ৰখা নাছিল। ("চিৰাজ"ৰ সংগীত প্ৰসংগত লোকসংগীতৰ সাধক, বাঁহীবাদক প্ৰভাত শৰ্মাই কৈছিল--"...'ছিৰাজ'ৰ সংগীতৰ দায়িত্বত আছিল বিষ্ণুপ্ৰসাদ ৰাভা। এদিনৰ কথা-- কলিকতাৰ ষ্টুডিঅ'ত শ্বুটিং চলি আছে। সকলোৱে মন কৰি আছিল--বিষ্ণু ৰাভাই কিছু সময়হে থাকে। তাৰ পাছত নহোৱা হয়। এদিন ফণী শৰ্মাই সুধিলে-- কি কামতনো ইমান ব্যস্ত! "কি কামত মানে! গানত। চিনেমাৰ গানত।" কিনো গান কৰিছা শুনো বুলি বিষ্ণু ৰাভাৰ সৈতে গৈ ফণী শৰ্মা যথাস্থান পালে। গীত শুনি মূৰে-কপালে হাত দিলে। সুন্দৰ গীত কৰিছে বিষ্ণু ৰাভাই। কিন্তু চিনেমাৰ সৈতে গীতৰ সামান্যও সম্পৰ্ক নাই। কি কৰা যায়! বিষ্ণু ৰাভাই বেয়া গীত কৰিব নে! কিন্তু চিনেমাৰ কাহিনীয়ে যে গীত কেইটা নিবিছাৰে! শেষত শিৱ ভট্টাচাৰ্য্যৰক গীত কৰিব দিলে। ভূপেনদাৰো দুটা গীত বিষ্ণু ৰাভাৰ পছন্দতে ল'লে।" --তেনেদৰেই 'ছিৰাজ'ৰ গীত কৰিছিল। সেই সময়ত চিনেমাৰ পৰিচালক কোন, সংগীত পৰিচালক কোন, সেয়া অৱান্তৰ আছিল। সকলোৰে উদ্দেশ্য আছিল--, ভাল কাম হব লাগে। 'ছিৰাজ'ৰ ভাল সংগীত হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা, শিৱ ভট্টাচাৰ্য আৰু ভূপেন হাজৰিকাৰ বাবে।) --সংগীত পৰিচালনা কৰিছিল "সতী বেউলা"ৰ।

'পিয়লি ফুকন'ৰ কাম কৰিব ভূপেন হাজৰিকাই। যি কৰে কলিকতাতে কৰিব। সেই সময়ত ভূপেন হাজৰিকাক সাহস দিছিল এগৰাকী চিনেমা পৰিৱেশকে। নাম-- কে. কে. চৌধুৰী। পৰিৱেশক গৰাকীয়ে বাংলা চিনেমা এখনৰ পৰিকল্পনা কৰিছিল। আৰু ভূপেন হাজৰিকাক সংগীতৰ কামৰ দায়িত্ব দিছিল। ("তেওঁ মোক ক'লে, 'হাজৰিকা, ব’লক কলিকতালৈ। এখন বাংলা ছবি কৰিব খুজিছে। নাম 'কড়ি ও কমল'। এই বাংলা ছবিখনৰ সঙ্গীত পৰিচালনাৰ দায়িত্ব আপুনিয়েই লওক। ল'লোঁও। তাৰ বাবে তেওঁ মোক দিছিল বাৰশ টকা। বাংলা ছবিৰ সঙ্গীত পৰিচালনাৰ ক্ষেত্ৰত সেয়াই আছিল মোৰ শুভাৰম্ভ।" --ভূপেন হাজৰিকা)

যথা সময়ত 'পিয়লি ফুকন' আৰম্ভ হৈছিল। শেষ হৈছিল। ভূপেন হাজৰিকাই পাৰিশ্ৰমিক পাইছিল ৬০০ টকা। সেই সময়তে 'কড়ি ও কমল’ৰ লগতে আন এখন বাংলা চিনেমা, উত্তম কুমাৰ আৰু সুচিত্রা সেন অভিনীত ‘জীৱন তৃষ্ণা'ৰো সংগীত পৰিচালনা কৰিলে। 'জীৱন তৃষ্ণা'ত ব্যৱহাৰ (উত্তম কুমাৰৰ ওঁঠত) কৰিছিল-- "সাগৰ সঙ্গমত..." গীতটোৰ বাংলা ৰূপান্তৰ। 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...