Bhupen Hazarika
'পিয়লি ফুকন'ৰ আগতে জ্যোতি প্ৰসাদ আগৰৱালাৰ 'ইন্দ্ৰ-মালতী'ত অভিনয় কৰিছিল, গীত গাইছিল কিশোৰ ভূপেন হাজৰিকাই। 'বদন বৰফুকন'ত বৈৰাগীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে "কত দিন আৰু আশাৰ ..." ( কথা: নলিনীবালা দেবী) গীতটো গাইছিল। 'চিৰাজ'তো অভিনয় কৰিছিল, গীত গাইছিল, সুৰ দিছিল। আৰু সংগীতৰ কামো কৰিছিল বুলি কোৱা হয়। কিন্তু চিনেমা খনৰ ক্ৰেডিট টাইটেলত সংগীত পৰিচালক হিচাবে সংগীতসূৰ্যৰ নামটো ৰখা নাছিল। ("চিৰাজ"ৰ সংগীত প্ৰসংগত লোকসংগীতৰ সাধক, বাঁহীবাদক প্ৰভাত শৰ্মাই কৈছিল--"...'ছিৰাজ'ৰ সংগীতৰ দায়িত্বত আছিল বিষ্ণুপ্ৰসাদ ৰাভা। এদিনৰ কথা-- কলিকতাৰ ষ্টুডিঅ'ত শ্বুটিং চলি আছে। সকলোৱে মন কৰি আছিল--বিষ্ণু ৰাভাই কিছু সময়হে থাকে। তাৰ পাছত নহোৱা হয়। এদিন ফণী শৰ্মাই সুধিলে-- কি কামতনো ইমান ব্যস্ত! "কি কামত মানে! গানত। চিনেমাৰ গানত।" কিনো গান কৰিছা শুনো বুলি বিষ্ণু ৰাভাৰ সৈতে গৈ ফণী শৰ্মা যথাস্থান পালে। গীত শুনি মূৰে-কপালে হাত দিলে। সুন্দৰ গীত কৰিছে বিষ্ণু ৰাভাই। কিন্তু চিনেমাৰ সৈতে গীতৰ সামান্যও সম্পৰ্ক নাই। কি কৰা যায়! বিষ্ণু ৰাভাই বেয়া গীত কৰিব নে! কিন্তু চিনেমাৰ কাহিনীয়ে যে গীত কেইটা নিবিছাৰে! শেষত শিৱ ভট্টাচাৰ্য্যৰক গীত কৰিব দিলে। ভূপেনদাৰো দুটা গীত বিষ্ণু ৰাভাৰ পছন্দতে ল'লে।" --তেনেদৰেই 'ছিৰাজ'ৰ গীত কৰিছিল। সেই সময়ত চিনেমাৰ পৰিচালক কোন, সংগীত পৰিচালক কোন, সেয়া অৱান্তৰ আছিল। সকলোৰে উদ্দেশ্য আছিল--, ভাল কাম হব লাগে। 'ছিৰাজ'ৰ ভাল সংগীত হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা, শিৱ ভট্টাচাৰ্য আৰু ভূপেন হাজৰিকাৰ বাবে।) --সংগীত পৰিচালনা কৰিছিল "সতী বেউলা"ৰ।
'পিয়লি ফুকন'ৰ কাম কৰিব ভূপেন হাজৰিকাই। যি কৰে কলিকতাতে কৰিব। সেই সময়ত ভূপেন হাজৰিকাক সাহস দিছিল এগৰাকী চিনেমা পৰিৱেশকে। নাম-- কে. কে. চৌধুৰী। পৰিৱেশক গৰাকীয়ে বাংলা চিনেমা এখনৰ পৰিকল্পনা কৰিছিল। আৰু ভূপেন হাজৰিকাক সংগীতৰ কামৰ দায়িত্ব দিছিল। ("তেওঁ মোক ক'লে, 'হাজৰিকা, ব’লক কলিকতালৈ। এখন বাংলা ছবি কৰিব খুজিছে। নাম 'কড়ি ও কমল'। এই বাংলা ছবিখনৰ সঙ্গীত পৰিচালনাৰ দায়িত্ব আপুনিয়েই লওক। ল'লোঁও। তাৰ বাবে তেওঁ মোক দিছিল বাৰশ টকা। বাংলা ছবিৰ সঙ্গীত পৰিচালনাৰ ক্ষেত্ৰত সেয়াই আছিল মোৰ শুভাৰম্ভ।" --ভূপেন হাজৰিকা)
যথা সময়ত 'পিয়লি ফুকন' আৰম্ভ হৈছিল। শেষ হৈছিল। ভূপেন হাজৰিকাই পাৰিশ্ৰমিক পাইছিল ৬০০ টকা। সেই সময়তে 'কড়ি ও কমল’ৰ লগতে আন এখন বাংলা চিনেমা, উত্তম কুমাৰ আৰু সুচিত্রা সেন অভিনীত ‘জীৱন তৃষ্ণা'ৰো সংগীত পৰিচালনা কৰিলে। 'জীৱন তৃষ্ণা'ত ব্যৱহাৰ (উত্তম কুমাৰৰ ওঁঠত) কৰিছিল-- "সাগৰ সঙ্গমত..." গীতটোৰ বাংলা ৰূপান্তৰ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন