সরাসরি প্রধান সামগ্রীতে চলে যান

মনত আছেনে?দৰিকা দিচাঙে পানী বাঢ়ি গ'লে ... ভূপেন হাজৰিকাই লিখিছিল লতা মংগেশকাৰৰ অনুৰোধত /৩

...আকাশ অ’ আকাশ
 মোক জোনাক এমুঠি দিয়া
অজি মৰম উতলা মোৰ হিয়া
দিয়া জোনাক এমুঠি দিয়া৷
ডাৱৰৰ সুৰঙাৰে জোনাক নামিল
 জিলমিল, জিলমিল
এন্ধাৰ ঘৰত মোৰ পোহৰ পৰিল
 জিলমিল জিলমিল
জীৱনত জাগে (আজি) নতুন মায়া
 মন হৰি নিয়া-
 দিয়া জোনাক এমুঠি দিয়া৷
 সপোনৰ দিনবোৰ উজলি উঠিল
 নীল নীল, নীল নীল
অতীতৰ আশাবোৰ উভতি আহিল
নীল নীল, নীল নীল৷
কণমানি লাগে (মোক) শীতল ছায়া
হিয়া জুৰণীয়া
দিয়া জোনাক এমুঠি দিয়া৷”
 --লতা মংগেশকাৰে গাইছিল, সলিল চৌধুৰীৰ পৰিচালনাৰে। চিনেমা: "অপৰাজেয়"। চতুৰংগ (ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনিন বায়ন আৰু গৌৰী বর্মন)ৰ পৰিচালনা। ("...চিনেমাৰ কাম আগবাঢ়িছিল। ফ্ল'ৰলৈ যোৱা নাছিল। আমি সলিল চৌধুৰীৰ সৈতে গীতৰ কথা পাতিছিলো। আমাৰ আগ্ৰহত সলিল চৌধুৰীয়ে কৈছিল-- ঠিক আছে। লতা মংগেছকাৰৰ সৈতে কথা পাতি জনাম। আমাৰ আগ্ৰহৰ কথা ভূপেন হাজৰিকাকো জনাইছিলো। কোনে সন্মত কৰাইছিল নাজানো। লতা মংগেশকাৰৰ কণ্ঠত ফণী তালুকদাৰে লিখা গীতটো ৰেকৰ্ডিং কৰা হৈছিল।" --গৌৰী বৰ্মন/ "জনক্ৰান্তি") শ্ৰুতিমধুৰ গীতটো আঁৰতে থাকি গ'ল। হয়তো চিনেমা খনৰ বাণিজ্যিক বিফলতাৰ বাবে! কথাটো এনেদৰেও আগবাঢ়িছিল-- গৌৰী বৰ্মনে বিচাৰিছিল চিনেমা খনৰ সংগীত ভূপেন হাজৰিকাই পৰিচালনা কৰক। ("ভূপেন হাজৰিকা মুডি মানুহ। এদিন ক'লে --'তোমাৰ ছবি হ'লে দিগদাৰ নাছিল। তোমালোকৰ চিনেমা, নকৰো দিয়া! পাছত কেতিয়াবা তোমাৰ বাবে সংগীত কৰিম দিয়া!' সময়ত ছবি খন হ'লে হয়তো আৰু ভূপেন হাজৰিকাৰ ওচৰলৈ গৈ অনুৰোধা কৰিলো হেতেন! ভূপেন হাজৰিকাৰ সৈতে কথা পতাৰ ৭-৮ মাহ মান পাছতহে আমি চিত্ৰনাট্য সাজু কৰি ছবিৰ কামত আগবঢ়িছিলো। পাছত মোৰ 'অকন'ৰ বাবে ভূপেন হাজৰিকাই সংগীত কৰিছিল। মোৰ আশা আছিল ভূপেন হাজৰিকাই সংগীতৰ কাম কৰিলে "অপৰাজেয়"ত লতা মংগেশকাৰক গীত গোৱাব পাৰিম। যি নহওক সলিল চৌধুৰীয়ে আমাৰ আশা পুৰণ কৰিছিল।" --আমাৰ প্ৰশ্নৰ উত্তৰত গৌৰী বৰ্মন/ "জনক্ৰান্তি", "আজিৰ সংবাদ")

--১৯৪৮ চনত চিত্ৰগৃহলৈ আহিছিল প্ৰথম "ছুপাৰ হিট" অসমীয়া চিনেমা "চিৰাজ"। বিষ্ণু প্ৰসাদ ৰাভা-ফণী শৰ্মাৰ পৰিচালনা। চিনেমা খনত ভূপেন হাজৰিকাই গোৱা এই গীতটো ব্যৱহাৰ কৰিছিল: 
"হায়! হায়! হায়! হায়! হায়! হায়!
কঁপি উঠে কিয় তাজমহল ?
পুৱতী নিশাৰ অজানাৰ সতে আজান
যমুনাত তুলি শত ধুমুহাৰ কোলাহল
তাজমহল ! তাজমহল! ..."
--ভূপেন হাজৰিকাই গীতটো লিখিছিল,সুৰেৰেও সজাইছিল। আৰু গীতটো বিষ্ণু প্ৰসাদ ৰভাই ভাল পাইছিল। ফণী শৰ্মাক কৈছিল, "ভূপেনৰ গীতটো লগাই দিলে ভাল হব।" সেই গীতটো ভূপেন হাজৰিকাই পুণৰ পৰিচালনা কৰা "চিৰাজ"তো ৰাখিছিল। গীতটো নিজৰ আৰু লতা  মংগেশকাৰৰ (দ্বৈত কণ্ঠত) কণ্ঠত ৰেকৰ্ডিং কৰিছিল।
--সম্ভৱত এই গীতটো গোৱাৰ আগতে 'খাটি অসমীয়া" এটা গীত লিখাৰ কথা কৈছিল লতা মংগেশকাৰে। আৰু ভূপেন হাজৰিকাই লিখিছিল,
"মনত আছেনে?
দৰিকা দিচাঙে পানী বাঢ়ি গ'লে
ময়ো বৰ এজনী হলো..."
[ উৎস: ভূপেন হাজৰিকাৰ "গীত আৰু জীৱন ৰথ" /দিলীপ কুমাৰ দত্ত, মই এটি যাযাবৰ/ড°ভূপেন হাজৰিকা, শিল্পীৰ পৃথিৱী, 'Swarratn - Lata Mangeshkar" /Aaryaa Joshi, "Mid-Day", "জনক্ৰান্তি", "আজিৰ সংবাদ"]

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...