...আকাশ অ’ আকাশ
মোক জোনাক এমুঠি দিয়া
অজি মৰম উতলা মোৰ হিয়া
দিয়া জোনাক এমুঠি দিয়া৷
ডাৱৰৰ সুৰঙাৰে জোনাক নামিল
জিলমিল, জিলমিল
এন্ধাৰ ঘৰত মোৰ পোহৰ পৰিল
জিলমিল জিলমিল
জীৱনত জাগে (আজি) নতুন মায়া
মন হৰি নিয়া-
দিয়া জোনাক এমুঠি দিয়া৷
সপোনৰ দিনবোৰ উজলি উঠিল
নীল নীল, নীল নীল
অতীতৰ আশাবোৰ উভতি আহিল
নীল নীল, নীল নীল৷
কণমানি লাগে (মোক) শীতল ছায়া
হিয়া জুৰণীয়া
দিয়া জোনাক এমুঠি দিয়া৷”
--লতা মংগেশকাৰে গাইছিল, সলিল চৌধুৰীৰ পৰিচালনাৰে। চিনেমা: "অপৰাজেয়"। চতুৰংগ (ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনিন বায়ন আৰু গৌৰী বর্মন)ৰ পৰিচালনা। ("...চিনেমাৰ কাম আগবাঢ়িছিল। ফ্ল'ৰলৈ যোৱা নাছিল। আমি সলিল চৌধুৰীৰ সৈতে গীতৰ কথা পাতিছিলো। আমাৰ আগ্ৰহত সলিল চৌধুৰীয়ে কৈছিল-- ঠিক আছে। লতা মংগেছকাৰৰ সৈতে কথা পাতি জনাম। আমাৰ আগ্ৰহৰ কথা ভূপেন হাজৰিকাকো জনাইছিলো। কোনে সন্মত কৰাইছিল নাজানো। লতা মংগেশকাৰৰ কণ্ঠত ফণী তালুকদাৰে লিখা গীতটো ৰেকৰ্ডিং কৰা হৈছিল।" --গৌৰী বৰ্মন/ "জনক্ৰান্তি") শ্ৰুতিমধুৰ গীতটো আঁৰতে থাকি গ'ল। হয়তো চিনেমা খনৰ বাণিজ্যিক বিফলতাৰ বাবে! কথাটো এনেদৰেও আগবাঢ়িছিল-- গৌৰী বৰ্মনে বিচাৰিছিল চিনেমা খনৰ সংগীত ভূপেন হাজৰিকাই পৰিচালনা কৰক। ("ভূপেন হাজৰিকা মুডি মানুহ। এদিন ক'লে --'তোমাৰ ছবি হ'লে দিগদাৰ নাছিল। তোমালোকৰ চিনেমা, নকৰো দিয়া! পাছত কেতিয়াবা তোমাৰ বাবে সংগীত কৰিম দিয়া!' সময়ত ছবি খন হ'লে হয়তো আৰু ভূপেন হাজৰিকাৰ ওচৰলৈ গৈ অনুৰোধা কৰিলো হেতেন! ভূপেন হাজৰিকাৰ সৈতে কথা পতাৰ ৭-৮ মাহ মান পাছতহে আমি চিত্ৰনাট্য সাজু কৰি ছবিৰ কামত আগবঢ়িছিলো। পাছত মোৰ 'অকন'ৰ বাবে ভূপেন হাজৰিকাই সংগীত কৰিছিল। মোৰ আশা আছিল ভূপেন হাজৰিকাই সংগীতৰ কাম কৰিলে "অপৰাজেয়"ত লতা মংগেশকাৰক গীত গোৱাব পাৰিম। যি নহওক সলিল চৌধুৰীয়ে আমাৰ আশা পুৰণ কৰিছিল।" --আমাৰ প্ৰশ্নৰ উত্তৰত গৌৰী বৰ্মন/ "জনক্ৰান্তি", "আজিৰ সংবাদ")
--১৯৪৮ চনত চিত্ৰগৃহলৈ আহিছিল প্ৰথম "ছুপাৰ হিট" অসমীয়া চিনেমা "চিৰাজ"। বিষ্ণু প্ৰসাদ ৰাভা-ফণী শৰ্মাৰ পৰিচালনা। চিনেমা খনত ভূপেন হাজৰিকাই গোৱা এই গীতটো ব্যৱহাৰ কৰিছিল:
"হায়! হায়! হায়! হায়! হায়! হায়!
কঁপি উঠে কিয় তাজমহল ?
পুৱতী নিশাৰ অজানাৰ সতে আজান
যমুনাত তুলি শত ধুমুহাৰ কোলাহল
তাজমহল ! তাজমহল! ..."
--ভূপেন হাজৰিকাই গীতটো লিখিছিল,সুৰেৰেও সজাইছিল। আৰু গীতটো বিষ্ণু প্ৰসাদ ৰভাই ভাল পাইছিল। ফণী শৰ্মাক কৈছিল, "ভূপেনৰ গীতটো লগাই দিলে ভাল হব।" সেই গীতটো ভূপেন হাজৰিকাই পুণৰ পৰিচালনা কৰা "চিৰাজ"তো ৰাখিছিল। গীতটো নিজৰ আৰু লতা মংগেশকাৰৰ (দ্বৈত কণ্ঠত) কণ্ঠত ৰেকৰ্ডিং কৰিছিল।
--সম্ভৱত এই গীতটো গোৱাৰ আগতে 'খাটি অসমীয়া" এটা গীত লিখাৰ কথা কৈছিল লতা মংগেশকাৰে। আৰু ভূপেন হাজৰিকাই লিখিছিল,
"মনত আছেনে?
দৰিকা দিচাঙে পানী বাঢ়ি গ'লে
ময়ো বৰ এজনী হলো..."
[ উৎস: ভূপেন হাজৰিকাৰ "গীত আৰু জীৱন ৰথ" /দিলীপ কুমাৰ দত্ত, মই এটি যাযাবৰ/ড°ভূপেন হাজৰিকা, শিল্পীৰ পৃথিৱী, 'Swarratn - Lata Mangeshkar" /Aaryaa Joshi, "Mid-Day", "জনক্ৰান্তি", "আজিৰ সংবাদ"]
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন