Apurba bezbaruahঅপূৰ্ব বেজবৰুৱাঅপূৰ্ব বেজবৰুৱা আৰু নাই! (জন্ম: ১৫ অক্টোবৰ,১৯৫১/ নাজিৰাত। মৃত্যু: ০৯ ফেব্ৰুৱাৰী, ২০২২/ গুৱাহাটীত।) --'গীতেৰে,সুৰেৰে' সদায় থাকিব। সদায় থাকিব মাদলী, মাইচানা, চাহফুল, মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰাদৈ, ৰূপহী, ৰূপে মোহনীয়া, ৰাংঢালি, মাকন ঐ, দোমাজাতে, মৌপিয়া, মৰম তৃষ্ণা, চঞ্চলা, সন্ধান, কপৌ পাহি তোৰে খোপাত, কাষত গাগৰি শ্ৰাব্য সংকলনৰ থলুৱা সুৰৰ সাজ পিন্ধোৱা গীতবোৰ। 'কপৌ পাহি তোৰে খোপাত...’, ‘নাচনী অ শৰীৰত ..., ‘নিবিচাৰো আজি কাৰো...', ‘পানী অনাৰ চলেৰে নৈৰে ঘাটলৈ...’, ‘কি ফুল ফুলিলে অ' মোৰ মাইচানা’, ‘কোন পাহি ফুল...', ‘নিবিচাৰো আজি কাৰো...’, 'চাহ গছৰ কোমল পাতত...'আদি গীত সদায় সেউজ হৈ থাকিব।
--হয়, ১৯৯৪ চনৰ এটা দিনত অপূৰ্ব বেজবৰুৱা আহিছিল সৰুমটৰীয়াৰ (গুৱাহাটী) আমাৰ কাৰ্যালয়লৈ। আমাৰ কাৰ্যালয় মানে--, সেই সময়ত আমি সম্পাদনাৰ কাম কৰা দৈনিক কাকত 'আজিৰ সংবাদ'ৰ কাৰ্যালয়লৈ। সৰু 'খবৰ' এটা লৈ আহিছিল। কাকত খনৰ 'নিউজ এডিটৰ' পুলিন ডেকাই অপূৰ্ব বেজবৰুৱাক মোৰ হাতত খবৰটো দিলে নিৰ্দিষ্ট পৃষ্টাটোত ওলাব (ছপা হব) বুলিছিল। আমি 'খবৰ'টো অপূৰ্ব বেজবৰুৱাৰ পৰা লৈ ১০-১৫ মিনিট সময় কথা পাতিছিলো, 'খবৰ'টোক কেন্দ্ৰ কৰি।
--সেয়াই আছিল অপূৰ্ব বেজবৰুৱাৰ সৈতে আমাৰ প্ৰথম সাক্ষাৎ। আমাৰো মনত আছিল সেই 'প্ৰথম সাক্ষাৎ'। অপূৰ্ব বেজবৰুৱাৰ নাই বুলি ভাবিছিলো!
'আছে দাদা' বুলি সেই দিনা অমৰজ্যোতি আৰু মই অপূৰ্বদাৰ (বহুতে মতাৰ দৰে মই 'অপুদা' বুলি নামাতিছিলো।) সৈতে বহু সময় কথা পাতিছিলো, গীতৰ, গীতৰ ভাষাৰ, সংগীতৰ ভাষাৰ। মনত আছে, অপূৰ্বদাই কৈছিল, "গীতৰ ভাষা হব লাগে সহজ সৰল। সুৰ হব লাগে থলুৱা। তেতিয়া গীত মিঠা হয়। আৰু আমি পাহৰিব নালাগে সেই তাহানিতে গুৰুজনাই আমাক সংগীত দি গৈছে, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকাই 'গুৰুজনাৰ সংগীত'ক অসমীয়া সংগীতৰ বুনিয়াদ বুলি মানি লৈ সংগীত সৃষ্টি কৰি আমাক চহকী কৰিছে। ভূপেনদাই আমাক এৰাবাটৰ সুৰ বুটলিব শিকাইছে। জ্যোতি প্ৰসাদ আগৰৱালাই আমাৰ থলুৱা সুৰেৰেই 'অসমীয়া আধুনিক গীত'ৰ ভেটি নিৰ্মাণ কৰা নাছিল জানো! ভূপেনদাৰ গীততো নুশুনো জানো, অসমীয়া বিয়ানাম, আইনাম, বিহু আদিৰ সুৰ! গতিকে মই বুজো--, অসমীয়া গীত মানে, অসমীয়ৰ থলুৱা সুৰেৰে নিৰ্মাণ হোৱা গীত।...'
--অপূৰ্ব বেজবৰুৱাৰ সংগীত প্ৰেম তেতিয়াৰে,যেতিয়া সংগীত বুজা নাছিল, সংগীত শুনিলেই শিৰাই শিৰাই ভাললগা অনুভৱ বৈছিল।
--২০০২ চনৰ কোনো এটা দিনত দ্বিতীয়বাৰ লগ পাইছিলো অপূৰ্ব বেজবৰুৱাক। সেই সময়ত সাংবাদিকতা কৰা, বৰ্তমান ৰাজনীতিৰ সৈতে জড়িত হৈ সমাজৰ কাম কৰা অমৰজ্যোতি ডেকাই সংগীত শিল্পী গৰাকীৰ ওচৰলৈ লৈ গৈছিল, চিনাকী কৰি দিছিল। গীতিকাৰ-গায়ক,সুৰকাৰ গৰাকীয়ে কৈছিল, "বহুদিন আগতে আমি কথা পাতিছিলো নহয়! সৰমটৰীয়াত। মোৰ মনত আছে। তুমি হয়তো পাহৰিছা!"--হয়, ১৯৯৪ চনৰ এটা দিনত অপূৰ্ব বেজবৰুৱা আহিছিল সৰুমটৰীয়াৰ (গুৱাহাটী) আমাৰ কাৰ্যালয়লৈ। আমাৰ কাৰ্যালয় মানে--, সেই সময়ত আমি সম্পাদনাৰ কাম কৰা দৈনিক কাকত 'আজিৰ সংবাদ'ৰ কাৰ্যালয়লৈ। সৰু 'খবৰ' এটা লৈ আহিছিল। কাকত খনৰ 'নিউজ এডিটৰ' পুলিন ডেকাই অপূৰ্ব বেজবৰুৱাক মোৰ হাতত খবৰটো দিলে নিৰ্দিষ্ট পৃষ্টাটোত ওলাব (ছপা হব) বুলিছিল। আমি 'খবৰ'টো অপূৰ্ব বেজবৰুৱাৰ পৰা লৈ ১০-১৫ মিনিট সময় কথা পাতিছিলো, 'খবৰ'টোক কেন্দ্ৰ কৰি।
--সেয়াই আছিল অপূৰ্ব বেজবৰুৱাৰ সৈতে আমাৰ প্ৰথম সাক্ষাৎ। আমাৰো মনত আছিল সেই 'প্ৰথম সাক্ষাৎ'। অপূৰ্ব বেজবৰুৱাৰ নাই বুলি ভাবিছিলো!
'আছে দাদা' বুলি সেই দিনা অমৰজ্যোতি আৰু মই অপূৰ্বদাৰ (বহুতে মতাৰ দৰে মই 'অপুদা' বুলি নামাতিছিলো।) সৈতে বহু সময় কথা পাতিছিলো, গীতৰ, গীতৰ ভাষাৰ, সংগীতৰ ভাষাৰ। মনত আছে, অপূৰ্বদাই কৈছিল, "গীতৰ ভাষা হব লাগে সহজ সৰল। সুৰ হব লাগে থলুৱা। তেতিয়া গীত মিঠা হয়। আৰু আমি পাহৰিব নালাগে সেই তাহানিতে গুৰুজনাই আমাক সংগীত দি গৈছে, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকাই 'গুৰুজনাৰ সংগীত'ক অসমীয়া সংগীতৰ বুনিয়াদ বুলি মানি লৈ সংগীত সৃষ্টি কৰি আমাক চহকী কৰিছে। ভূপেনদাই আমাক এৰাবাটৰ সুৰ বুটলিব শিকাইছে। জ্যোতি প্ৰসাদ আগৰৱালাই আমাৰ থলুৱা সুৰেৰেই 'অসমীয়া আধুনিক গীত'ৰ ভেটি নিৰ্মাণ কৰা নাছিল জানো! ভূপেনদাৰ গীততো নুশুনো জানো, অসমীয়া বিয়ানাম, আইনাম, বিহু আদিৰ সুৰ! গতিকে মই বুজো--, অসমীয়া গীত মানে, অসমীয়ৰ থলুৱা সুৰেৰে নিৰ্মাণ হোৱা গীত।...'
by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন