সরাসরি প্রধান সামগ্রীতে চলে যান

কপৌ পাহি তোৰে খোপাত.../১

Apurba bezbaruahঅপূৰ্ব বেজবৰুৱাঅপূৰ্ব বেজবৰুৱা আৰু নাই! (জন্ম: ১৫ অক্টোবৰ,১৯৫১/  নাজিৰাত। মৃত্যু: ০৯ ফেব্ৰুৱাৰী, ২০২২/ গুৱাহাটীত।) --'গীতেৰে,সুৰেৰে' সদায় থাকিব। সদায় থাকিব মাদলী, মাইচানা, চাহফুল, মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰাদৈ, ৰূপহী, ৰূপে মোহনীয়া, ৰাংঢালি, মাকন ঐ, দোমাজাতে, মৌপিয়া, মৰম তৃষ্ণা, চঞ্চলা, সন্ধান, কপৌ পাহি তোৰে খোপাত, কাষত গাগৰি শ্ৰাব্য সংকলনৰ থলুৱা সুৰৰ সাজ পিন্ধোৱা গীতবোৰ। 'কপৌ পাহি তোৰে খোপাত...’, ‘নাচনী অ শৰীৰত ..., ‘নিবিচাৰো আজি কাৰো...', ‘পানী অনাৰ চলেৰে নৈৰে ঘাটলৈ...’, ‘কি ফুল ফুলিলে অ' মোৰ মাইচানা’, ‘কোন পাহি ফুল...', ‘নিবিচাৰো আজি কাৰো...’, 'চাহ গছৰ কোমল পাতত...'আদি গীত সদায় সেউজ হৈ থাকিব। 
--অপূৰ্ব বেজবৰুৱাৰ সংগীত প্ৰেম তেতিয়াৰে,যেতিয়া সংগীত বুজা নাছিল, সংগীত শুনিলেই শিৰাই শিৰাই ভাললগা অনুভৱ বৈছিল।
--২০০২ চনৰ কোনো এটা দিনত দ্বিতীয়বাৰ লগ পাইছিলো অপূৰ্ব বেজবৰুৱাক। সেই সময়ত সাংবাদিকতা কৰা, বৰ্তমান ৰাজনীতিৰ সৈতে জড়িত হৈ সমাজৰ কাম কৰা অমৰজ্যোতি ডেকাই সংগীত শিল্পী গৰাকীৰ ওচৰলৈ লৈ গৈছিল, চিনাকী কৰি দিছিল। গীতিকাৰ-গায়ক,সুৰকাৰ গৰাকীয়ে কৈছিল, "বহুদিন আগতে আমি কথা পাতিছিলো নহয়! সৰমটৰীয়াত। মোৰ মনত আছে। তুমি হয়তো পাহৰিছা!"
--হয়, ১৯৯৪ চনৰ এটা দিনত অপূৰ্ব বেজবৰুৱা আহিছিল সৰুমটৰীয়াৰ (গুৱাহাটী) আমাৰ কাৰ্যালয়লৈ। আমাৰ কাৰ্যালয় মানে--, সেই সময়ত আমি সম্পাদনাৰ কাম কৰা দৈনিক কাকত 'আজিৰ সংবাদ'ৰ কাৰ্যালয়লৈ। সৰু 'খবৰ' এটা লৈ আহিছিল। কাকত খনৰ 'নিউজ এডিটৰ' পুলিন ডেকাই অপূৰ্ব বেজবৰুৱাক মোৰ হাতত খবৰটো দিলে নিৰ্দিষ্ট পৃষ্টাটোত ওলাব (ছপা হব) বুলিছিল। আমি 'খবৰ'টো অপূৰ্ব বেজবৰুৱাৰ পৰা লৈ ১০-১৫ মিনিট সময় কথা পাতিছিলো, 'খবৰ'টোক কেন্দ্ৰ কৰি।
--সেয়াই আছিল অপূৰ্ব বেজবৰুৱাৰ সৈতে আমাৰ প্ৰথম সাক্ষাৎ। আমাৰো মনত আছিল সেই 'প্ৰথম সাক্ষাৎ'। অপূৰ্ব বেজবৰুৱাৰ নাই বুলি ভাবিছিলো!
'আছে দাদা' বুলি সেই দিনা অমৰজ্যোতি আৰু মই অপূৰ্বদাৰ (বহুতে মতাৰ দৰে মই 'অপুদা' বুলি নামাতিছিলো।) সৈতে বহু সময় কথা পাতিছিলো, গীতৰ, গীতৰ ভাষাৰ, সংগীতৰ ভাষাৰ। মনত আছে, অপূৰ্বদাই কৈছিল, "গীতৰ ভাষা হব লাগে সহজ সৰল। সুৰ হব লাগে থলুৱা। তেতিয়া গীত মিঠা হয়। আৰু আমি পাহৰিব নালাগে সেই তাহানিতে গুৰুজনাই আমাক সংগীত দি গৈছে, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকাই 'গুৰুজনাৰ সংগীত'ক অসমীয়া সংগীতৰ বুনিয়াদ বুলি মানি লৈ সংগীত সৃষ্টি কৰি আমাক চহকী কৰিছে। ভূপেনদাই আমাক এৰাবাটৰ সুৰ বুটলিব শিকাইছে। জ্যোতি প্ৰসাদ আগৰৱালাই আমাৰ থলুৱা সুৰেৰেই 'অসমীয়া আধুনিক গীত'ৰ ভেটি নিৰ্মাণ কৰা নাছিল জানো! ভূপেনদাৰ গীততো নুশুনো জানো, অসমীয়া বিয়ানাম, আইনাম, বিহু আদিৰ সুৰ! গতিকে মই বুজো--, অসমীয়া গীত মানে, অসমীয়ৰ থলুৱা সুৰেৰে নিৰ্মাণ হোৱা গীত।...'
by: Utpal Mena

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...