সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৪

bhupen hazarika"বিপ্লৱী" নামৰ অসমীয়া চিনেমা খনেৰে চিনেকৰ্ম আৰম্ভ কৰিছিল অসিত সেনে। প্ৰথম পৰিচালনাৰ সফলতাই পৰিচালক গৰাকীক বাংলা আৰু পৰৱৰ্তী সময়ত হিন্দী চিনেমালৈ আগবাঢ়িবলৈ উৎসাহ দিছিল। প্রায় ২০ খন  হিন্দি আৰু বাংলা চিনেমা পৰিচালনা কৰিছিল। কোৱা হয় "সত্যজিৎ-মৃণাল-ঋত্বিক" ত্রয়ৰ ব্যাপক খ্যাতি আৰু জনপ্ৰিয়তাই ঢাকি ৰিখিছিল অজয় কৰ, পিনাকী মুখার্জি, নীৰেন লাহিড়ীৰ দৰে প্রতিভাবান চিনেকৰ্মীৰ লগতে অসিত সেনকো। আৰু কোৱা হয়--, "বাংলা চিনেমাৰ স্বর্ণযুগ" চৰ্চা অসিত সেনৰ চিনেমাক বাদ দি সম্ভৱ নহয়। আৰু কোৱা হয়--অসিত সেনৰ "চলচ্চিত্রেৰ স্তম্ভ হয়ে উঠেছিল শক্তিশালী চিত্রনাট্য, নাৰী চৰিত্রেৰ শক্তিশালী চিত্রায়ন, উজ্জ্বল অভিনয় এবং অবশ্যই, গান।"
  --অসিত সেনক চিনেমাৰ "বিভাজন"-এ চুব পৰা নাছিল। "মূলধাৰা বা সমান্তৰাল"ৰ বিশেষ শৈলীৰে চিনেমা পৰিচালনা কৰা নাছিল। চিনেমা আলোচক সকলে কৈছিল--, অসিত সেনে নিজৰ শৈলীৰে কাম কৰিছিল। ভূপেন হাজৰিকাই কৈছিল-- "আমাৰ অসিত সেনে 'অসমীয়া চিনেমা'ক (নিশ্চয় শৈলীৰ কথা কৈছিল) বংগ-বোম্বাইলৈ আনিলে।" এই গৰাকী অসিত সেনে কৈছিল-- "মই বিচাৰিছিলো আমাৰ ভূপেন হাজৰিকাই মোৰ প্ৰতিখন চিনেমাৰে সৌন্দৰ্য বঢ়াওক, সংগীতেৰে। বয়সত মই ডাঙৰ, কেইবছৰমান। মই কিন্তু দা বুলিছিলো, সামাজিক স্থানত। ভূপেনদা বুলিছিলো। সেই সময়ত মই কলিকতাৰ বাট-পথ চিনি লৈ কাম আৰম্ভ কৰিছিলো। এদিন হেমন্ত কুমাৰ মুখার্জ্জীয়ে কৈছিল--, ভূপেন হাজৰিকাক কৈছো, 'তুমি কলিকতাৰ বাসিন্দা হোৱা।' কালি খবৰ পালো, ভূপেন হাজৰিকাই কলিকতাত বেছিভাগ সময় থকাৰ সিদ্ধান্ত লৈছে।...' [কলিকতালৈ যোৱাৰ আগে আগে মই মতামত বিচাৰিছিলোঁ হেমাঙ্গদাৰ (হেমাঙ্গ বিশ্বাস) পৰা। তেওঁ তেতিয়া ক'লে— 'পৃথিৱীৰ মানুহে তোমাক বিচাৰে। সেয়ে তুমি অকল অসমত থাকিলেই নহ'ব। তোমাক অসমৰ মানুহে বুজি পালেও নেতাসকলে বুজি নাপাব। পৃথিৱীৰ সৈতে যুঁজি জয়ী হ'বলৈ হ'লে কলিকতা মহানগৰীলৈ গুচি আহাঁ।' একেদৰে কৈছিল হেমন্ত কুমাৰ মুখার্জ্জীয়েও। --ভূপেন হাজৰিকা] ভূপেন হাজৰিকা আহিব! মোৰ মন ভৰিল। মোৰ হাতত তেতিয়া কেইবাখনো ছবিৰ কাম। মনতে ভাবিছিলো--, চিনেমা কেইখনৰ সংগীতৰ কাম ভূপেন হাজৰিকাৰ হতুৱাই কৰাম। ভূপেন হাজৰিকাই নিশ্চয় নকৰো বুলি নকব! কলিকতালৈ আহিব যেতিয়া টকাৰ বাবে নিশ্চয় কাম কৰিব! মোৰ ধাৰণা শুদ্ধ নাছিল। ভূপেন হাজৰিকাই নিজৰ ধাৰণাৰে সংগীতৰ কাম কৰিছিল। "বৈৰাগ"ৰ (১৯৭৬ চনত চিত্ৰগৃহলৈ আহিছিল। দিলীপ কুমাৰ-চায়েৰা বানু অভিনীত) চিত্ৰনাট্য লৈ মই ভূপেন হাজৰিকাৰ ওচৰ পাইছিলো। মন দি শুনিছিল। উৎসাহ দিছিল। আৰু কৈছিল--'এই চিনেমা খনত মোৰ সংগীত খাপ নাখাব।' তেনেদৰে 'উত্তৰ ফাল্গুনী'ৰো কাম প্ৰত্যখ্যান কৰিছিল। অৱশ্যে সংগীতত মোক পৰামৰ্শ দিছিল। আৱহ সংগীততো সহায় কৰি দিছিল। ছবি খনত ব্যৱহাৰ কৰা গীত কেইটা সুৰেৰে সজাই দিছিল ৰবীন চট্টোপাধ্যায়ে। ভূপেন হাজৰিকাই  চিনেমাৰ সংখ্যা বঢ়াব খুজিলে বা কেৱল টকাৰ বাবে সংগীতৰ কাম কৰিব খুজিলে বাংলা-হিন্দী ছবিৰ কেইবগৰাকীয়ো সংগীত পৰিচালকে 'জনপ্ৰিয়তাৰ বাট' বিছাৰিয়ে নাপালে হেতেন।..."
এতিয়া আমি এনেদৰে ব্যাখ্যা কৰিব পাৰো--, ভূপেন হাজৰিকাই সংগীতক "প্ৰডাক্ট"লৈ ৰূপান্তৰ কৰাৰ পক্ষত নাছিল। আৰু এই বাবেই ভাৰতৰ সংগীত ক্ষেত্ৰখনৰ বিশেষ স্থানত বহি আছিল। --হয়, বলিউড, টালিগঞ্জৰ "এন্দুৰ দৌৰ"ত কোনো দিনে অংশ লোৱা নাছিল, সংগীতসূৰ্যই। কিন্তু সংগীতসূৰ্যৰ কৰ্ম বা সৃষ্টিক নিৰ্লজ্যভাবে নিজৰ কৰি লৈ বহুতে "এন্দুৰ দৌৰ"ত অংশ লৈছিল। সংগীতসূৰ্যৰ উদাৰ মনৰ সুযোগ লৈছিল। সংগীতহসূৰ্যৰ সৃষ্টিক নিজৰ কৰি লোৱাৰ "সুপৰিকল্পিত কাম" কলকাতাৰ একাংশ "শিল্পী"য়ে কৰি আছে, আজিৰ তাৰিখতো (১/৩/২০২২) এটা উদাহৰণ "দৈনিক অসম"ৰ ২৫ চেপ্তেম্বৰ, ২০২১ সংখ্যাত প্ৰকাশ পোৱা এই লেখা। লিখিছিলো--

ৰহা (Raha,) লৈ নহয়, ৰোহা (Roha) লৈ গৈছিলো। মহাৰাষ্ট্রৰ ৰায়গড় জিলাৰ এখন চহৰ ৰোহা। মুম্বাইৰ পৰা ১২০ কিলোমিটাৰ দক্ষিণ-পূৱত চহৰ খন। এই চহৰ খনতে কোঙ্কন ৰেলেৱে আৰম্ভ, চেণ্ট্ৰেল ৰেলেৱেৰ শেষ সীমা। চহৰ খন  কুণ্ডলিকা ( Kundalika) নদীৰ পাৰত, কলাছগিৰি ( Kalasgiri)  পাহাৰৰ মাজত। মুম্বাইৰ পৰা ৰেলেৰে ৩ ঘণ্টা ৩৪ মিনিটৰ বাট। আমি ৰেলেৰে গৈ নিৰ্দিষ্ট সময়ত ৰোহা পাইছিলো ১৯৯৫ চনৰ মাৰ্চ মাহৰ এটা দিনত। আমি বাট বিচাৰিছিলো। 
মই এজনক কৈছিলো-- 'মুম্বাইৰ পৰা আহিছো।'
মাৰাঠি ভাষাত মোক কৈছিল--'তুমি মাৰাঠি নাজানা!'
মই কৈছিলো--'নজানো। মই অসমৰ। মই অসমীয়া।'
এইবাৰ হিন্দী ভাষাত কৈছিল--'অসমীয়া! তেনেহ'লে দিল হুম হুম গোৱা'।
--অদ্ভুত কথা! মই অপ্ৰস্তুত হৈছিলো।
'মই গীত গোৱা মনুহ নহয়।'
'ময়ো জানো তুমি গায়ক নহয়। ময়ো নহও।'বুলি দিল হুম হুম গালে, 'সুৰ'ত থাকি। আৰু ক'লে 'তুমি অসমীয়া নহও। হ'লে ভূপেন হাজৰিকাক লৈ গৌৰৱ কৰিলা হয়, গৌৰৱ কৰিবলৈ ভূপেন হাজৰিকাৰ গীত শিকিলা হয়!'
-- সেই দিনা 'অসমীয়া হব নোৱাৰা'ৰ লাজে আজিও মাজে মাজে লাজ দিয়ে। আৰু এবাৰ, ৰোহাৰ বিশাল ঘাট্‌নে নামৰ সেই সংগীত ৰসিক গৰাকীয়ে আৰু এবাৰ লাজ দিলে যোৱা ২০ ছেপ্তেম্বৰ, ২০২১ত।

           প্ৰথমবাৰ লগ পোৱাৰ পিছত বিশাল ঘাট্‌নেৰ সৈতে আমাৰ বন্ধুত্ব ক্ৰমে ওচৰ হৈছিল। মাৰাঠি কাকত-আলোচনীৰ 'সংগীত বিশ্লেষক' বিশালে 'ভূপেন হাজৰিকা' কেন্দ্ৰীক কেইবাটাও লেখা লিখিছে। যোৱা ২০ ছেপ্তেম্বৰত কথা প্ৰসংগত ক'লো-- ভূপেনদাৰ এটা গীত 'ৰবীন্দ্ৰ সংগীত'ৰ মাজত সমোৱা হৈছে। এই প্ৰসঙ্গত চৰ্চা অনুভৱ কৰিছো। মোৰ কথাই বিশালক হহুৱালে। ক'লে--'নতুন নহয়। এই প্ৰসঙ্গত মই লিখিছো,   এবছৰ মানেই হ'ল। আৰু এটা গীত নহয়, কেইবাটাও।' আৰু কিছু সময় পিছতে এটা 'লিংক' দিলে। হয়, এটা নহয়, ৪৫টা। গীত ৪৫টাৰ মাজত আছে-- 'মই এটি যাযাবৰ..., 'মানুহে মানুহৰ বাবে...', 'দোলা হে দোলা...', '  বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে...', 'এটি কোলি দুটি পাত...', 'এটুকুৰা আলসুৱা মেঘ ভাহি যায়...', 'আমি একেখন নাৱৰে যাত্ৰী...', 'কি যে তোমাৰ সংগ প্ৰিয়া...', ' সহস্ৰ জনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম...', 'তুমি নতুন পুৰুষ...',  'আকাশী গংগা বিচৰা নাই ...' আদি সেউজ  সুৰেৰে বন্ধা, ভূপেনদাৰ কথাৰ স্পৰ্শ থকা বাংলা গীত, ভূপেনদাৰ কণ্ঠত। 

           কথাটো এনেদৰে কব পাৰি বকলাত "ৰবীন্দ্ৰ সংগীত", ভিতৰত ভূপেন হাজৰিকাৰ গীত।  Description ত ভূপেন হাজৰিকাৰ আৰু শিৱদাস বেনাৰ্জীৰ গীত বুলি উল্লেখ কৰিছে। 

           বকলাত ৰবীন্দ্ৰ সংগীত কিয়?

           --"বিজ্ঞাপন কৌশল"?(যদি "বিজ্ঞাপন কৌশল"-- ভূপেন হাজৰিকাৰ গীতক কেন্দ্ৰ কৰি এনে বিজ্ঞাপন কৌশল প্ৰয়োগ কৰিব কিয়?)

           --ভুল, ইচ্ছাকৃত ভুল?(ইচ্ছাকৃত ভুলেৰে "ভূপেন্দ্ৰ সংগীত"ক অপ্ৰাংগীক কৰিব খোজা নাইতো!)

           --আৰু এক ষড়যন্ত্ৰৰ আৰম্ভনী? (এয়া নহব বুলি কব নোৱাৰি-- সময়ত এই গীত বোৰ শিৱদাস বেনাৰ্জীৰ নামত ৰৈ যাব বাংলা সংগীতৰ ক্ষেত্ৰ খনত।) 

'কাৰণ', 'কাৰণ বিশ্লেষণ' অপ্ৰাসংগীক। সত্য কথা-- "ভূপেন্দ্ৰ সংগীত"ৰ ক্ষতি হৈছে। আজিৰ তাৰিখতে এই ক্ষতিৰ বিৰূদ্ধে প্ৰতিবাদ নকৰিলে আৰু ক্ষতি নহব বুলি ভবাৰ যুক্তি নাই। ইতিমধ্যে 'জোনাকৰে ৰাতি অসমীৰে মাটি /জিলিকি জিলিকি পৰে/ মলয়াৰে এছাটি দুহাতে সাবটি...'ৰ সুৰ হেমন্ত কুমাৰৰ হৈ যোৱাৰ দৰে আৰু নহব বুলি ভবাৰ যুক্তি নাই।

       'জোনাকৰে ৰাতি ...'ৰ ৰচনা কাল ১৯৫৬।

        ডঃ ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা 'এৰা বাটৰ সুৰ'ত (সংগীত, কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভূপেন হাজৰিকাৰ)    ব্যৱহাৰ হৈছে। 'এৰা বাটৰ সুৰ' চিত্ৰগৃহলৈ আহিছিল  ১৯৫৬ চনত। চিত্ৰগৃহলৈ অহাৰ পিছতে অসমৰ লগতে কলকাতাৰ (কলিকতা) সংবাদ মাধ্যমতো চৰ্চ হৈছিল 'এৰা বাটৰ সুৰ', 'জোনাকৰে ৰাতি...'। 'জোনাকৰে ৰাতি...'ৰ সুৰেৰেই নিৰ্মাণ কৰা হিন্দী গীত এটা ব্যৱহাৰ কৰিছিল পৰিচালক লেখৰাজ ভকৰীয়ে (Lekhraj Bhakri) ১৯৫৮ চনত চিত্ৰঘৃহলৈ অহা 'চাহাৰা' (Sahara)    চিনেমা খনত।  চিনেমা খনৰ সংগীত হেমন্ত কুমাৰৰ। 'জোনাকৰে ৰাতি...'ৰ গায়িকা লতা মংগেশকাৰৰ কণ্ঠতে ৰেকৰ্ডিং হৈছিল হিন্দী গীতটো। 'কিংষ্টাৰ' নামৰ সাপ্তাহিক কাকত খনে হেমন্ত কুমাৰৰ 'টপ-টেন' হিন্দী গীতৰ তালিকাত 'জোনাকৰে ৰাতি...'ৰ সুৰেৰে নিৰ্মাণ কৰা গীতটোও ৰাখিছে। গতিকে ব্যখ্যাৰ প্ৰয়োজন নাই হেমন্ত কুমাৰৰ 'সুৰ' বুলিহে অসমৰ বাহিৰৰ সংগীত ৰসিকে মনত ৰাখিব, চৰ্চা কৰিব 'জোনাকৰে ৰাতি...'ৰ সুৰ।

        কথা প্ৰসংগত অসমীয়া চিনেমাৰ পৰিচালক এগৰাকীয়ে কৈছিল--'সেই সময়ত মই মোম্বাইত (মুম্বাই) আছিলো। ভূপেনদাই চিনেমাৰ পাৰ্টি এটালৈ মোকো লৈ গৈছিল। সেই পাৰ্টিতে লতা মংগেশকাৰে ভূপেনদাক অনুৰোধৰ সুৰত কৈছিল--'মই জোনাকৰে ৰাতি আৰু এবাৰ গাব বিছাৰো, হিন্দীত। আপুনি যদি অনুমতি দিয়ে!' সেই দিনায়ে গীতৰ সুৰটো ব্যৱহাৰ কৰাৰ অনুমতি দিছিল হেমন্ত কুমাৰক।...' --ধৰি ললো অনুমতি দিছিল! কিন্তু 'সুৰকাৰ ভূপেন হাজৰিকা'ৰ সৃষ্টিৰ স্বীকৃতি?

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...