bhupen hazarika"বিপ্লৱী" নামৰ অসমীয়া চিনেমা খনেৰে চিনেকৰ্ম আৰম্ভ কৰিছিল অসিত সেনে। প্ৰথম পৰিচালনাৰ সফলতাই পৰিচালক গৰাকীক বাংলা আৰু পৰৱৰ্তী সময়ত হিন্দী চিনেমালৈ আগবাঢ়িবলৈ উৎসাহ দিছিল। প্রায় ২০ খন হিন্দি আৰু বাংলা চিনেমা পৰিচালনা কৰিছিল। কোৱা হয় "সত্যজিৎ-মৃণাল-ঋত্বিক" ত্রয়ৰ ব্যাপক খ্যাতি আৰু জনপ্ৰিয়তাই ঢাকি ৰিখিছিল অজয় কৰ, পিনাকী মুখার্জি, নীৰেন লাহিড়ীৰ দৰে প্রতিভাবান চিনেকৰ্মীৰ লগতে অসিত সেনকো। আৰু কোৱা হয়--, "বাংলা চিনেমাৰ স্বর্ণযুগ" চৰ্চা অসিত সেনৰ চিনেমাক বাদ দি সম্ভৱ নহয়। আৰু কোৱা হয়--অসিত সেনৰ "চলচ্চিত্রেৰ স্তম্ভ হয়ে উঠেছিল শক্তিশালী চিত্রনাট্য, নাৰী চৰিত্রেৰ শক্তিশালী চিত্রায়ন, উজ্জ্বল অভিনয় এবং অবশ্যই, গান।"
--অসিত সেনক চিনেমাৰ "বিভাজন"-এ চুব পৰা নাছিল। "মূলধাৰা বা সমান্তৰাল"ৰ বিশেষ শৈলীৰে চিনেমা পৰিচালনা কৰা নাছিল। চিনেমা আলোচক সকলে কৈছিল--, অসিত সেনে নিজৰ শৈলীৰে কাম কৰিছিল। ভূপেন হাজৰিকাই কৈছিল-- "আমাৰ অসিত সেনে 'অসমীয়া চিনেমা'ক (নিশ্চয় শৈলীৰ কথা কৈছিল) বংগ-বোম্বাইলৈ আনিলে।" এই গৰাকী অসিত সেনে কৈছিল-- "মই বিচাৰিছিলো আমাৰ ভূপেন হাজৰিকাই মোৰ প্ৰতিখন চিনেমাৰে সৌন্দৰ্য বঢ়াওক, সংগীতেৰে। বয়সত মই ডাঙৰ, কেইবছৰমান। মই কিন্তু দা বুলিছিলো, সামাজিক স্থানত। ভূপেনদা বুলিছিলো। সেই সময়ত মই কলিকতাৰ বাট-পথ চিনি লৈ কাম আৰম্ভ কৰিছিলো। এদিন হেমন্ত কুমাৰ মুখার্জ্জীয়ে কৈছিল--, ভূপেন হাজৰিকাক কৈছো, 'তুমি কলিকতাৰ বাসিন্দা হোৱা।' কালি খবৰ পালো, ভূপেন হাজৰিকাই কলিকতাত বেছিভাগ সময় থকাৰ সিদ্ধান্ত লৈছে।...' [কলিকতালৈ যোৱাৰ আগে আগে মই মতামত বিচাৰিছিলোঁ হেমাঙ্গদাৰ (হেমাঙ্গ বিশ্বাস) পৰা। তেওঁ তেতিয়া ক'লে— 'পৃথিৱীৰ মানুহে তোমাক বিচাৰে। সেয়ে তুমি অকল অসমত থাকিলেই নহ'ব। তোমাক অসমৰ মানুহে বুজি পালেও নেতাসকলে বুজি নাপাব। পৃথিৱীৰ সৈতে যুঁজি জয়ী হ'বলৈ হ'লে কলিকতা মহানগৰীলৈ গুচি আহাঁ।' একেদৰে কৈছিল হেমন্ত কুমাৰ মুখার্জ্জীয়েও। --ভূপেন হাজৰিকা] ভূপেন হাজৰিকা আহিব! মোৰ মন ভৰিল। মোৰ হাতত তেতিয়া কেইবাখনো ছবিৰ কাম। মনতে ভাবিছিলো--, চিনেমা কেইখনৰ সংগীতৰ কাম ভূপেন হাজৰিকাৰ হতুৱাই কৰাম। ভূপেন হাজৰিকাই নিশ্চয় নকৰো বুলি নকব! কলিকতালৈ আহিব যেতিয়া টকাৰ বাবে নিশ্চয় কাম কৰিব! মোৰ ধাৰণা শুদ্ধ নাছিল। ভূপেন হাজৰিকাই নিজৰ ধাৰণাৰে সংগীতৰ কাম কৰিছিল। "বৈৰাগ"ৰ (১৯৭৬ চনত চিত্ৰগৃহলৈ আহিছিল। দিলীপ কুমাৰ-চায়েৰা বানু অভিনীত) চিত্ৰনাট্য লৈ মই ভূপেন হাজৰিকাৰ ওচৰ পাইছিলো। মন দি শুনিছিল। উৎসাহ দিছিল। আৰু কৈছিল--'এই চিনেমা খনত মোৰ সংগীত খাপ নাখাব।' তেনেদৰে 'উত্তৰ ফাল্গুনী'ৰো কাম প্ৰত্যখ্যান কৰিছিল। অৱশ্যে সংগীতত মোক পৰামৰ্শ দিছিল। আৱহ সংগীততো সহায় কৰি দিছিল। ছবি খনত ব্যৱহাৰ কৰা গীত কেইটা সুৰেৰে সজাই দিছিল ৰবীন চট্টোপাধ্যায়ে। ভূপেন হাজৰিকাই চিনেমাৰ সংখ্যা বঢ়াব খুজিলে বা কেৱল টকাৰ বাবে সংগীতৰ কাম কৰিব খুজিলে বাংলা-হিন্দী ছবিৰ কেইবগৰাকীয়ো সংগীত পৰিচালকে 'জনপ্ৰিয়তাৰ বাট' বিছাৰিয়ে নাপালে হেতেন।..."
এতিয়া আমি এনেদৰে ব্যাখ্যা কৰিব পাৰো--, ভূপেন হাজৰিকাই সংগীতক "প্ৰডাক্ট"লৈ ৰূপান্তৰ কৰাৰ পক্ষত নাছিল। আৰু এই বাবেই ভাৰতৰ সংগীত ক্ষেত্ৰখনৰ বিশেষ স্থানত বহি আছিল। --হয়, বলিউড, টালিগঞ্জৰ "এন্দুৰ দৌৰ"ত কোনো দিনে অংশ লোৱা নাছিল, সংগীতসূৰ্যই। কিন্তু সংগীতসূৰ্যৰ কৰ্ম বা সৃষ্টিক নিৰ্লজ্যভাবে নিজৰ কৰি লৈ বহুতে "এন্দুৰ দৌৰ"ত অংশ লৈছিল। সংগীতসূৰ্যৰ উদাৰ মনৰ সুযোগ লৈছিল। সংগীতহসূৰ্যৰ সৃষ্টিক নিজৰ কৰি লোৱাৰ "সুপৰিকল্পিত কাম" কলকাতাৰ একাংশ "শিল্পী"য়ে কৰি আছে, আজিৰ তাৰিখতো (১/৩/২০২২) এটা উদাহৰণ "দৈনিক অসম"ৰ ২৫ চেপ্তেম্বৰ, ২০২১ সংখ্যাত প্ৰকাশ পোৱা এই লেখা। লিখিছিলো-- ৰহা (Raha) লৈ নহয়, ৰোহা (Roha) লৈ গৈছিলোঁ। #Maharashtra-ৰ #Raigad_district জিলাৰ এখন সৰু কিন্তু তাৎপৰ্যপূৰ্ণ চহৰ ৰোহা। মুম্বাইৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দক্ষিণ-পূৱত অৱস্থিত এই চহৰখন কোঙ্কণ অঞ্চলৰ এক স্বকীয় ভৌগোলিক পৰিসৰ বহন কৰে—এফালে আৰৱ সাগৰৰ আর্দ্ৰ বতাহ, আনফালে পশ্চিমঘাটৰ সেউজীয়া পাহাৰীয়া বেষ্টনী।
ইয়াতেই #KonkanRailway-ৰ আৰম্ভণি আৰু #CentralRailway-ৰ অন্তিম সীমা। কুণ্ডলিকা (#Kundalika) নদীৰ পাৰত, কলাছগিৰি (#Kalasgiri) পাহাৰৰ মাজত অৱস্থিত এই চহৰখন প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ। কুণ্ডলিকা নদী মহাৰাষ্ট্ৰত ৰিভাৰ ৰাফ্টিঙৰ বাবে সুপৰিচিত— এই নদী আৰু পাহাৰৰ সংযোগে স্থানীয় জীৱনযাপন, অৰ্থনীতি আৰু পৰ্যটনৰ মাজত এক বিশেষ ছন্দ সৃষ্টি কৰিছে।
সংস্কৃতিক দিশৰ পৰা ৰোহা কোঙ্কণী-মাৰাঠী জীৱনধাৰাৰ এক মিলনক্ষেত্ৰ। Ganesh Chaturthi ইয়াত অতি উল্লাসেৰে পালন কৰা হয়; লোকসংগীত, ঢোল-তাশাৰ তাল, আৰু গণ-অংশগ্ৰহণে উৎসৱক এক সামাজিক-সাংস্কৃতিক মহোৎসৱত পৰিণত কৰে। চহৰখনত ক্ষুদ্ৰ উদ্যোগ— বিশেষকৈ ৰাসায়নিক আৰু কাগজ উদ্যোগ গঢ় লৈ উঠিছে, যাৰ বাবে ই কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰ স্থান লগতে এক অৰ্থনৈতিক চৌহদ হিচাপেও গুৰুত্ব বহন কৰে।
মুম্বাইৰ পৰা ৰেলেৰে প্ৰায় ৩ ঘণ্টা ৩৪ মিনিট সময় লাগে। ১৯৯৫ চনৰ মাৰ্চ মাহৰ এটা দিনত আমি ৰেলেৰে গৈ নিৰ্দিষ্ট সময়ত ৰোহাত উপস্থিত হৈছিলোঁ। তাৰ পিছত আমি নিৰ্দিষ্ট স্থনলৈ বুলি বাট বিচাৰি ফুৰিছিলোঁ।
মই এজন লোকক কৈছিলোঁ— “মুম্বাইৰ পৰা আহিছোঁ।”
তেওঁ মোক মাৰাঠীত ক’লে— "তুমি মাৰাঠী নাজানা!"
মই ক’লোঁ— "নাজানো। মই অসমৰ। মই অসমীয়া।"
এইবাৰ তেওঁ হিন্দীত ক’লে— "অসমীয়া! তেনেহ’লে ‘দিল হুম হুম...’ গোৱা।”
—অদ্ভুত পৰিস্থিতি! মই অপ্ৰস্তুত হৈছিলোঁ।
মই ক’লোঁ— "মই গীত গোৱা মানুহ নহও।"
তেওঁ হাঁহি ক’লে— “ময়ো জানোঁ তুমি গায়ক নহয়, ময়ো নহওঁ।" তাৰ পাছতে তেওঁ নিজেই ‘দিল হুম হুম...’ গাবলৈ ধৰিলে, সুৰত থাকি। আৰু ক’লে— "তুমি অসমীয়া নহয়! হ’লে ভূপেন হাজৰিকাক লৈ গৌৰৱ কৰিলা হয়, গৌৰৱ কৰিবলৈ তেওঁৰ গীত শিকিলা হয়।"
সেই দিনা ‘অসমীয়া হ’ব নোৱাৰা’ৰ লাজে আজিও মাজে মাজে মোক কষ্ট দিয়ে।
পাছত আৰু এবাৰ— ২০ ছেপ্তেম্বৰ, ২০২১। সেই সংগীত-ৰসিক বিশাল ঘাট্নেৰ সৈতে কথা পাতোঁতে আকৌ একেধৰণৰ লাজ অনুভৱ কৰিলোঁ।
প্ৰথমবাৰ লগ পোৱাৰ পাছত বিশাল ঘাট্নেৰ সৈতে আমাৰ বন্ধুত্ব ধীৰে ধীৰে গভীৰ হৈছিল। মাৰাঠী কাকত-আলোচনীত ‘সংগীত বিশ্লেষক’ হিচাপে তেওঁ #BhupenHazarika -ক কেন্দ্ৰ কৰি কেইবাটাও লেখা লিখিছে।
সেইদিনা কথা প্ৰসংগত মই ক’লোঁ— ভূপেনদাৰ এটা গীত ‘ৰবীন্দ্ৰ সংগীত’ হিচাপে অন্তৰ্ভুক্ত হৈছে। এই বিষয়টো লৈ কিছু চৰ্চা অনুভৱ কৰিছোঁ। মোৰ কথা শুনি বিশাল হাঁহিৰে। ক’লে— "এইটো নতুন কথা নহয়। এই বিষয়ত মই ইতিমধ্যে লিখিছোঁ— প্ৰায় এবছৰ হ’ল। আৰু এটা গীত নহয়, কেইবাটাও।”
কিছু সময়ৰ পাছত তেওঁ এটা লিংক পঠিয়ালে। দেখিলোঁ— এটা নহয়, মুঠ ৪৫টা গীত।
গীতসমূহৰ ভিতৰত আছে—
“মই এটি যাযাবৰ…”,
“মানুহে মানুহৰ বাবে…”,
“দোলা হে দোলা…”,
“বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…”,
“এটি ক’লি দুটি পাত…”,
“এটুকুৰা আলসুৱা মেঘ ভাহি যায়…”,
“আমি একেখন নাৱৰে যাত্ৰী…”,
“কি যে তোমাৰ সংগ প্ৰিয়া…”,
“সহস্ৰ জনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম…”,
“তুমি নতুন পুৰুষ…”,
“আকাশী গংগা বিচৰা নাই…” আদি।
এইবোৰ গীত— ভূপেন হাজৰিকাৰ কণ্ঠত, তেওঁৰ সুৰ আৰু কথাৰ স্পৰ্শ থকা বাংলা গীত। তথাপিও, বকলাত লিখা— "ৰবীন্দ্ৰ সংগীত"। #Description -ত অৱশ্যে ভূপেন হাজৰিকা আৰু শিৱদাস বেনাৰ্জীৰ নাম উল্লেখ কৰা হৈছে।
প্ৰশ্নটো উঠেই— বকলাত "ৰবীন্দ্ৰ সংগীত" কিয়?
—এইটো কেৱল "বিজ্ঞাপন কৌশল" নে?
—নে ইচ্ছাকৃত ভুল?
—নে এক গভীৰ সাংস্কৃতিক অসতৰ্কতা, য’ত সৃষ্টিকাৰীৰ পৰিচয় ধীৰে ধীৰে অস্পষ্ট হৈ পৰে?
কাৰণ যিয়েই নহওক— ফলাফলটো স্পষ্ট: "ভূপেন্দ্ৰ সংগীত"ৰ ক্ষতি হৈছে। আজিয়েই যদি এই ক্ষতিৰ বিৰুদ্ধে সজাগ নহওঁ, তেনেহ’লে ভৱিষ্যতে অধিক ক্ষতি হ’ব পাৰে।
ইতিমধ্যে যেনেকৈ "জোনাকৰে ৰাতি অসমীৰে মাটি…" গীতৰ সুৰ আনৰ নামেৰে পৰিচিত হ’বলৈ ধৰিছে, তেনেকুৱা ঘটনা পুনৰ নহ’ব বুলি ক’বলৈ কোনো দৃঢ় ভিত্তি নাই।
"জোনাকৰে ৰাতি…" গীতখন ১৯৫৬ চনত ৰচিত। ড° ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা "এৰা বাটৰ সুৰ"ত এই গীত ব্যৱহাৰ কৰা হৈছিল। পাছত ১৯৫৮ চনত নিৰ্মিত #Sahara ছবিতো এই সুৰ ব্যৱহাৰ কৰা হয়, সংগীত পৰিচালনা কৰিছিল #HemantKumar- এ, আৰু কণ্ঠ দিছিল #LataMangeshkar- এ।
ফলত, অসমৰ বাহিৰৰ বহু সংগীত-ৰসিকৰ মনত এই সুৰটো অন্যৰ সৃষ্টিৰূপেই অধিক পৰিচিত হোৱাৰ আশংকা সৃষ্টি হৈছে।
[কথা প্ৰসংগত অসমীয়া চিনেমাৰ পৰিচালক, শিল্পী পুলক গগৈয়ে কৈছিল--'সেই সময়ত মই মোম্বাইত (মুম্বাই) আছিলো। ভূপেনদাই চিনেমাৰ পাৰ্টি এটালৈ মোকো লৈ গৈছিল। সেই পাৰ্টিতে লতা মংগেশকাৰে ভূপেনদাক অনুৰোধৰ সুৰত কৈছিল--'মই জোনাকৰে ৰাতি আৰু এবাৰ গাব বিছাৰো, হিন্দীত। আপুনি যদি অনুমতি দিয়ে!' সেই দিনায়ে গীতৰ সুৰটো ব্যৱহাৰ কৰাৰ অনুমতি দিছিল হেমন্ত কুমাৰক।...']
ধৰি ললোঁ— অনুমতি দিয়া হৈছিল। কিন্তু—
"সুৰকাৰ ভূপেন হাজৰিকা"ৰ সৃষ্টিৰ যথোচিত স্বীকৃতি ক’ত? ["দৈনিক অসম"ৰ ২৫ চেপ্তেম্বৰ, ২০২১ সংখ্যাত প্ৰকাশিত চৰ্চা]
--উৎপল মেনা
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন