|| প্রস্তাবনা পর্ব-১ ||
'No music as accompaniment, sup- port or reinforcement. No music at all. ('নোটছ অন্ চিনেমাটোগ্রাফী')।
|| প্ৰস্তাৱনা পর্ব-২ ||
‘সাংগীতিক গতিময়তাকে চিত্রগত গতিময় – তাৰ সংগে, তথা সাংগীতিক ৰূপকল্পকে দৃশ্যগত কল্পমূর্তিৰ সংগে সুনির্দিষ্টভাৱে সমন্বিত করতে পাৰাৰ মধ্যেই চিনেমাৰ সাফল্য' ('চিনেমাৰ আংগিক)
|| পপকর্ণ সংগীত... ||
'Every night in my dreams
I see you, I feel you That is how I know you go on
Far across the distance
And spaces between us You have come to show you go on.
‘এই গীতটোত কি আছে নাজানো, বাৰে বাৰে শুনিছোঁ। প্ৰতিবাৰেই হেঁপাহ বাঢ়িছে। এই গীতটোৰ প’পকৰ্ণৰ সৈতে সম্পর্ক নাই।' —সংগীত ৰসিক আৰছদে কৈছিল। আৰছদ ৰিয়াজ চিনেমা-লেখক, সংগীত-লেখক। আৰছদৰ মতে, সৰহ সংখ্যক ভাৰতীয় চিনেমাতে ব্যৱহাৰ হয় 'পপকর্ণ সংগীত। সংগীতৰ নামত গীত। (চিনেমাৰ আত্মা হ'ব নোৱৰা গীত, গীতৰ সময়ত পপকর্ণ কিনিবলৈ চিত্ৰগৃহৰ বাহিৰলৈ গ'লেও 'গল্প' বুজাত অসুবিধা নোহোৱা গীত।) চিনেমাত গীত থাকিব লাগে বুলিয়ে ব্যৱহাৰ কৰা গীত। এনে গীত চিনেমাৰ অলংকাৰহে মাত্র। কেৱল অলংকাৰৰ দৰে ব্যৱহাৰ হোৱা চিনেমাৰ সংগীতৰ 'বিশুদ্ধতা'ৰ প্ৰশ্ন উত্থাপন হৈ আছে 'ৰাজ কাপুৰৰ সময়'ৰে পৰা। 'সত্যম শিবম সুন্দৰম'ৰ গীতৰ ‘বিশুদ্ধতা'ৰ প্ৰশ্ন উত্থাপন হোৱাত শ্ব’মেন ৰাজ কাপুৰে কৈছিল— "চিনেমাখনত ব্যৱহাৰ হোৱা প্ৰতিটো গীতেই 'বিশুদ্ধ'। চিনেমাখনত গীত অলংকাৰ নহয়, আত্মা। চিনেমাখনৰ আত্মাৰ সৌন্দৰ্য পৰিস্ফুট হৈছে গীতত। চিনেমাখনৰ এটা গীতত কেঁচি চলালেই কাহিনীয়ে ছন্দ হেৰুৱাব।”
ৰাজ কাপুৰৰ চিনেমাত গীত-সংগীতৰ বিশুদ্ধতাৰ প্রশ্ন উত্থাপন কৰাৰ বিপৰীতে সত্যজিত ৰায়ৰ চিনেমাত সংগীতৰ ব্যৱহাৰক প্ৰশংসা কৰা হৈছিল। কোৱা হৈছিল — বিষয়বস্তু, কাহিনী, কাহিনীৰ সময়ৰ মুড বুজি ব্যৱহাৰ কৰা হৈছে ৰবি শংকৰৰ সংগীত। 'পথেৰ পঁচালী'ৰ সংগীত চর্বিহীন, কোলাহল বর্জিত। কাহিনীয়ে চোৱাৰ আগতেই চুই যাব পৰা সংগীত।
চিনেমাখনত 'পেৰেলেল' সংগীতৰ লগতে 'কাউন্টাৰ পইন্ট'ৰ অপূর্ব ব্যৱহাৰ স্পষ্ট।
ভাৰতীয় মিউজিকেল চিনেমাৰ বিশুদ্ধতাক কেন্দ্ৰ কৰিও প্রশ্ন উত্থাপন হৈছে। গীতেৰে ভৰি থকা, ৮-১০টা গীত ব্যৱহাৰ কৰিলেই চিনেমা এখন 'মিউজিকেল' হ'ব নোৱাৰে। ১৪টা গীত ব্যৱহাৰ হোৱা 'হাম আপকে হ্যায় কৌন' বহুতে কোৱাৰ দৰে 'মিউজিকেল' নহয়৷ সাতটা গীত ব্যবহাৰ হোৱা “খামোচী- না মিউজিকেল কিন্তু 'মিউজিকেল'। এই প্ৰসংগতো সংগীতৰ বিশুদ্ধতাৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে।
প্ৰশ্ন উত্থাপন হ'ব পাৰে--
কোনখন মিউজিকেল?
--যিখন চিনেমা সংগীত প্রধান, (বিষয় সংগীত) সেই খন 'মিউজিকেল'!
--যিখন চিনেমাৰ ('বিষয়বস্তু'ক) গতি দায়ে সেই খন 'মিউজিকেল'!
--যিখন চিনেমাৰ আত্মা সংগীত সেই খন 'মিউজিকেল'!
এই প্ৰসংগত ভিন্নজনৰ ভিন্ন মত। এই 'ভিন্নমত' একাকাৰ কৰিলে ক'ব লাগিব ৯৯
শতাংশ ভাৰতীয় চিনেমায়েই 'মিউজিকেল'। কেইবাখনো গ্রন্থ অধ্যয়ন কৰাৰ পিছত আমাৰ ধাৰণা – সেই খনহে বিশুদ্ধ 'মিউজিকেল চিনেমা', যিখনৰ আত্মা সংগীত। সত্যজিত বায়ন মতে, সংগীত ব্যৱহাৰ নোহোৱা চিনেমা এখনো মিউজিকেল' হ'ব পাৰে। কোনো বিশেষ শব্দ, নির্জনতাও চিনেমাৰ সংগীত হ'ব পাৰে।
'চলচ্চিত্র' যেতিয়া 'কথাছবি' হোৱা নাছিল, তেতিয়াই সংগীত ব্যৱহাৰ হৈছিল। প্ৰথম অৱস্থাত কাৰিকৰী কাৰণত, দ্বিতীয় পর্যায়ত গতি পোৱা ছবিৰ সৌন্দর্য বঢ়াবলৈ, তৃতীয় পর্যায় “শিল্প' হিচাপে। তৃতীয় পৰ্যায়ত সংগীত ব্যৱহাৰ হোৱা চিনেকর্ম 'দা গোল্ড ৰাশ' (The Gold Rush), 'বেটলশ্বিপ পটেমকিন' [Battleship Potemkin (Russian: Бронено́сец «Потёмкин», Bronenosets Potyomkin)] ইত্যাদি। সংগীতৰো প্রতিবাদী ভাষা যে থাকিব পাৰে 'বেটলশ্বিপ পটেমকিন'ত স্পষ্ট হৈছিল (এই তথ্য পোৱা যায় চিনে পণ্ডিত গেষ্টল ৰবাৰ্জেৰ ৰচনাত আৰু কেইবাখনো ৰচনাত।) চিনেমাত ব্যৱহাৰ কৰা আবহ সংগীতৰ বাবে জাৰ্মান চৰকাৰে চিনেমাখন দেশত নিষিদ্ধ কৰিছিল। এই কথাত স্পষ্ট সংগীত (গীত, আবহ সংগীত) কেৱল চিনেমাৰ সৌন্দৰ্য্য বঢ়োৱা আহিলা নহয়। বিমূর্ত কলা সংগীত আৰু চিনেমা এটা বিন্দুৰ নহয়, দুটা কিন্দুৰ – সম্পূর্ণ বিপৰীত বিন্দুৰ। গতি কৰা ছবিৰ শৰীৰত বিমূর্ত সংগীত ব্যৱহাৰেৰে এটা বিন্দুত স্থাপন কৰাৰ চেষ্টা আৰম্ভ হৈছিল নিৰ্বাক যুগত। আৰু সফল হৈছিল নিৰ্বাক যুগতে। প্রথম ভাৰতীয় নির্বাক চলচ্চিত্র 'ৰাজা হৰিশ্চন্দ্ৰ'ৰ যিটো প্ৰিণ্ট চোৱাৰ সুযোগ পাইছোঁ সংগীত থকা যেন নালাগিল।কিন্তু প্ৰথম সবাক ভাৰতীয় চিনেমা 'আলম আৰা'ত গীত, আবহ সংগীত ব্যবহাৰ হৈছিল। কোৱা হয়, চিনেমাখনত ব্যৱহাৰ কৰা গীতে কেৱল দৈর্ঘ্য বঢ়াইছিল। -- 'দৈর্ঘ্য বঢ়োৱাৰ’ৰ বাবে গীত ব্যৱহাৰ আজিৰ তাৰিখতো ভাৰতীয় চিনেমাত স্পষ্ট। অসমীয়া চিনেমাতো স্পষ্ট। বিপৰীতে সত্যজিত ৰায়, পদুম বৰুৱা, গুলজাৰৰ দৰে বিশুদ্ধ সংগীত ব্যৱহাৰত সফল পৰিচালকো আছে। (ক্ৰমশ:)
by: Utpal Mena
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন