সরাসরি প্রধান সামগ্রীতে চলে যান

ছবি >>চলচ্চিত্ৰ>>কথাছবি>>চিনেমা /২

চাৰ্লি চেপলিনৰ নাম সেইসকল পৰিচালকৰ তালিকাত ৰাখিব নোৱাৰি--, যিয়ে 'চিনেমা"ৰ বাবে চিনেমা পৰিচালনা বা নিৰ্মাণ কৰে। "মই ছবিক গতি দি শিল্পকৰ্ম কৰিছো। দৰ্শকক মোৰ কামে আনন্দ দিয়ে। ইমানেই।..." --চাৰ্লি চৰ্চাৰ বাট মুকলি ৰাখি আমি মাজিদ মাজিদীৰ চিনেচিন্তালৈ আহিছো।
--‘চলমান শব্দ’ আৰু ‘চলমান ছবি’য়ে হেনো চিনেমা। মাজিদ মাজিদীয়ে বুজা নাছিল । সেয়েহে চিঞৰাৰ দৰে আচৰণ হৈছিল তেওঁৰ প্ৰশ্ন। উত্তৰত জানিব পাৰিছিল— "চিনেমাত কাহিনী থাকিবই। পৰিচালক মূর্খ নহ'লে সংবাদ থাকিবই। স্বাভাৱিকতে অভিনেতা-অভিনেত্রীয়ে অভিনয় কৰিবই।... কিবা ৰন্ধাৰ সময়ত পানী আৰু জুইৰ ব্যৱহাৰৰ কথা কোৱাৰ প্ৰয়োজন আছে জানো?" ইৰাণৰ বিখ্যাত চিনেমা নির্মাতা মহছেন মাখমলবাদৰ ‘ব্যাখ্যা'। তেতিয়াহে বুজিব পাৰিছিল মাজিদ মাজিদীয়ে। ইৰাণৰ বিখ্যাত পৰিচালক মাজিদে ‘চিনেমা কেৰিয়াৰ’ আৰম্ভ কৰিছিল অভিনেতা হিচাপে। অভিনয় কৰিছিল মহছেন মাখমলবাদৰ 'বয়কট' চিনেমাখনতো। এইখিনিতে উল্লেখ কৰিব পাৰি— মাজিদী তেহৰাণৰ ইনষ্টিটিউট অৱ ড্রামাটিক আৰ্টছৰ ছাত্ৰ আছিল। এক সাক্ষাৎ প্ৰসংগত মাজিদীয়ে কৈছিল— "অভিনয় যেতিয়া বুজিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়াৰ পৰায়ে মোৰ লক্ষ্য বা উদ্দেশ্য আছিল চিনেমা পৰিচালনা কৰা। 'চিনেমা’ শিকাৰ বাবেই চিনেমাৰ অভিনেতা হৈছিলোঁ। চুটি চিনেমা আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিছিলোঁ। ভাবিছিলোঁ— পূর্ণদৈৰ্ঘ্যৰ চিনেমা নিৰ্মাণৰ আগে আগে মোৰ বাবে এই ‘কচৰৎ’ৰ প্ৰয়োজন আছে। এই ‘কচৰত’-এ মোক সাহস দিছিল ‘বাডুক’ পৰিচালনাৰ বাবে..."।
"বাডুক" মাজিদীয়ে পৰিচালনা কৰা প্ৰথম চিনেমা। চিনেমাখনৰ বিষয়বস্তু— ‘শিশু দাসত্ব’। চিনেমাখনৰ কাহিনী আগবাঢ়ে ইৰাণ আৰু পাকিস্তানৰ সীমাত স্মাগলিঙৰ কামত বান্ধোন খোৱা ‘কিশোৰ নায়ক’ক কেন্দ্ৰ কৰি। চিনেমাখনৰ বক্তব্য আছিল সাহসী। কাঁ চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হৈছিল— “ডিক্টেড ফোর্টনাইট’ শিতানত। মাজিদীয়ে কৈছিল— "গৌৰৱ অনুভৱ কৰোঁ, ইৰাণী চিনেমা সুস্থ চিন্তা-চৰ্চাৰে আগবাঢ়িছে। অৰ্থৰ বাবে আমাৰ পৰিচালকসকলে চিনেমা নকৰে। চিনেমাৰে অৱশ্যেই অৰ্থ লাভ কৰে। মই চিনেমা চিন্তাৰ বাবে সুন্দৰ পৰিৱেশ পাইছোঁ। প্ৰথমখন চিনেমাত ইৰাণৰ সন্মানীয় ফজৰ ফিল্ম ফেষ্টিভেলত মোৰ পৰিচালনা শৈলী, মোৰ চিত্ৰনাট্যই ‘বঁটা’ লাভ কৰাত মই সাহস পাইছিলোঁ। কাৰণ বঁটা’টোৱে মোক স্পষ্ট কৰি দিছিল— মই ঠিক বাটে গৈ আছোঁ।”

১৯৯৬ চন। চিত্ৰগৃহলৈ আহে মাজিদৰ দ্বিতীয়খন চিনেমা ‘দ্য ফাজৰ’। ৯৬ মিনিট দৈৰ্ঘ্যৰ ‘ড্ৰামা’। চিনেমাখনত দেখা যায় এটি ১৪ বছৰীয়া কিশোৰ। দুৰ্ঘটনাত দেউতাকক হেৰুৱায়। পৰিয়ালৰ ভৰণ-পোষণৰ বাবে কিশোৰটিয়ে চহৰলৈ যায় কাম কৰিবলৈ। কিশোৰজনে তেনে সময়তে জানিব পাৰে মাকে অন্য এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। প্রথমে সেই ব্যক্তিজনক কিশোৰটিয়ে প্রতিশোধ লোৱাৰ কথা মনলৈ আনে; কিন্তু ঘটনাক্রমে সম্পর্কই অন্য ৰূপ লয়। — এই চিনেমাখনেও পৰিচালকগৰাকীক সন্মান দিয়ে।
--আমাক মাজিদৰ চিনেমাৰ ওচৰলৈ লৈ গৈছিল, পৰিচালকগৰাকীৰ তৃতীয়খন চিনেমাই। 'চিলড্রেন অৱ হেভেন' নামৰ ৯৬ মিনিটৰ ‘ড্ৰামা’খনে। এই চিনেমাখনলৈ আমাৰ ‘যাত্রা’ আৰম্ভ হয় হিন্দী চিনেমা ‘ব’ম ব’ম বোলে'ৰে। ২০১০ চনৰ চিনেমা। অসমৰ এগৰাকী সমালোচকে লিখিলে— "ভূটান চিনেমাৰ দিশত বহুদূৰ আগুৱাই গৈছে। এতিয়া ভূটানৰ পৰা বলীউডেও ‘নকল’ কৰিবলৈ বাধ্য হৈছে। উদাহৰণ ‘ব’ম ব’ম বোলে’। ভূটানৰ গোলেন্ত দৰ্জীৰ চিনেমা ‘ড’ণ্ট টেল মম'(২০০৮)ৰ নকল।..."
—চিত্ৰৰসিক বন্ধু এজনে ক'লে— নহয়, ভুল লিখিছে। জেক নিঅ'ৰ ‘হোমাৰাণ’(২০০৩)ৰহে হিন্দী ৰূপ ‘ব’ম ব’ম বোলে’। সত্য জনাৰ বাবে ‘ইণ্টাৰনেট যাত্রা’ কৰিলোঁ ৷ দেখিলোঁ— 'ব’মবম বোলে’ৰ মূল শিপা মাজিদ মাজিদীৰ ‘ছিলড্রেন অৱ হেভেন (১৯৯৭)। দুটি শিশু। ভাই-ভনী। ভনীয়েকে পড়ে পুৱাৰ স্কুলত। ককায়েকে আবেলিৰ স্কুলত। দুয়োৰে এযোৰে জোটা। চিনেমাৰ কাহিনী আগবাঢ়ে। পৰিচালকে সু-পৰিকল্পিতভাৱে কেমেৰাত বন্দী কৰে ককায়েকে নতুন জোটাক লৈ দেখা সপোন। আন বহু সন্মানৰ লগতে এই চিনেমাখনে লাভ কৰে বিশ্বৰ চিত্ৰ সমালোচকৰ প্ৰশংসা।
মাজিদ মাজিদীৰ ‘মহম্মদ— দ্য মেছেঞ্জাৰ অৱ গড'(২০১৫) আৰু ‘দ্য কালাৰ অৱ পেৰাডাইজ’(২০০০)ৰ দৰ্শক আমি হ'ব পৰা নাই। দৰ্শক হৈছোঁ ‘বাৰাণ’(২০০১), ‘দ্য ইউলো ট্রি’(২০০৫) আৰু ‘দ্য ছং অৱ স্পেন'জ'(২০০৮)ৰ। 
২০১৫ চনত চিত্ৰগৃহলৈ অহা ‘মহম্মদ—দ্য মেছেঞ্জাৰ অৱ গড' বিতৰ্কৰ চাকনৈয়াত সোমাইছিল, চিনেমাখনৰ সংগীত ৰচনা কৰিছিল ভাৰতৰ এ আৰ ৰহমানে—এই দুটা কাৰণতে চিনেমাখনৰ বিষয়ে ‘চৰ্চা’ কৰিছিলোঁ। 'গার্ডিয়ান'ৰ দৰে কাকতে চিনেমাখনৰ প্রসংগত ‘Intellectually honest, committed and poetie' বুলি ব্যাখ্যা কৰিছে। প্ৰশংসা হৈছিল কম। বেছি কটু সমালোচনাহে কৰিছিল। প্ৰদৰ্শন বন্ধৰ দাবী উত্থাপন কৰিছিল।
আমি ‘দর্শক’ হোৱা ‘বাৰণ’ আৰম্ভ হৈছিল ‘শব্দ'ৰে। কিছু সময় পাছতে স্পষ্ট হয় ‘শব্দ’ ৰুটি তৈয়াৰৰ প্ৰস্তুতিৰ। পুৱাৰ পৰিৱেশ। কাহিনী আগবঢ়াৰ লগে লগে দর্শকে জানিব পাৰে চিনেমাখনৰ পটভূমি। তেহৰাণৰ উপকণ্ঠ অঞ্চল। আফগান ৰিফিউজিৰ অস্থায়ী আবাসিক এলেকা। নায়ক আফগান ৰিফিইজি। নায়িকা— ইৰাণী। চিনেমাখনে আমাক চুই গৈছে মূলতঃ কেমেৰাকেন্দ্ৰিক হোৱা বাবে। সংলাপৰ ব্যৱহাৰ অতি কম।
‘দ্য ইউলো ট্রি’ ৯৬ মিনিটৰ ‘ড্ৰামা’। ‘নায়ক’ ইউছুফ। শৈশৱতে দৃষ্টিশক্তি হেৰুৱায়। কিন্তু অন্ধত্বক সি কোনোদিনেই দুৰ্বলতা বুলি ধৰা নাই। নিজৰ চেষ্টাত সমাজত সম্মানীয় ব্যক্তি হৈ আছে। পত্নী-সন্তানৰ সৈতে তাৰ সুখৰ সংসাৰ। জীৱনৰ শেষ সময়ছোৱাত সি দৃষ্টিশক্তি ঘূৰাই পায়, চিকিৎসকৰ চেষ্টাত। দৃষ্টিশক্তি ঘূৰাই পোৱাৰ পাছতে মন মগজুলৈ কিছুমান ইচ্ছা আহে। সংঘাত হয় দৃষ্টি আৰু অন্তর্দৃষ্টিৰ মাজত। অভিনেতা পাৰভেজ পাৰাষ্ট্ৰইক লৈ মাজিদীৰ অনন্য চৰিত্ৰ নিৰ্মাণ— ‘ইউছুফ’।

আৰু ‘দ্য ছং অৱ স্পেন'জ’– তেহৰাণৰ উপকণ্ঠ। উটপক্ষীৰ ফাৰ্ম এখনৰ কৰ্মী— কৰিম। এদিন সি তাৰ ‘কৰ্ম’ হেৰুৱায়। ‘কর্মহীন' হোৱা বাবেই অবাটে যায়; আৰু দুৰ্যোগৰ মাজত সোমাই পৰে। পৰিয়াল আৰু ওচৰৰ মানুহৰ সহায়ত দুৰ্যোগৰ মাজৰ পৰা ওলাই আহে; আৰু পুনৰ উটপক্ষীৰ ফাৰ্মখনত যোগ দিয়ে। কাহিনীভাগ সাধাৰণ। অসাধাৰণ-- পৰিচালনা শৈলী আৰু কৰিমৰ চৰিত্ৰত ৰেজা নাজিকে কৰা অভিনয়।

১৯৮৫ চনৰ পৰা কৰা ‘চিনেকৰ্ম’ৰে ইৰাণী চিনেমাক বিশেষ পর্যায়লৈ লৈ যোৱা মাজিদ মাজিদীৰ পৰিচালনা শৈলী ভিন্ন। বিশেষ বৃত্তৰ মাজত বন্দী নহয়। কোনোখন যদি ‘চৰিত্ৰ’কেন্দ্ৰিক, আন কোনোখন ‘কেমেৰা’কেন্দ্ৰিক। ‘ষ্ট’ৰী টেলাৰ’ বুলিও কব লাগিব। প্রতিখন চিনেমাতে মিল থকা দিশ দুটা হ’ল— কেমেৰাৰ কাম আৰু চৰিত্ৰ নিৰ্মাণ। কেমেৰাৰ ‘স্থান’ত ‘এংগল’ত বিশেষ গুৰুত্ব দিয়ে। এই প্ৰসংগত মাজিদী স্পষ্ট— ‘মোৰ প্ৰথম কাম চৰিত্ৰ নিৰ্মাণ; আৰু কেমেৰাৰ লেন্সেৰে ‘চৰিত্ৰ’ চোৱা৷ মোৰ কোনো শৈলী আছে বুলি নাভাবোঁ। চিনেমাৰ কাহিনী, বিষয়বস্তুৱে নিয়ন্ত্ৰণ কৰে মোৰ পৰিচালনা শৈলী।’ ( মাজিদ মাজিদিৰমাজিদ মাজিদিৰ চিনেমা ‘ব্যাখ্যা’ আৰছদ ৰিয়াজৰ সৌজন্যত/ ক্ৰমশ:) 
       প্ৰকাশ: "বিস্ময়"/ এপ্ৰিল, ২০২২

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...