চাৰ্লি চেপলিনৰ চিনেকৰ্মৰ সৰলতাই মুগ্ধ কৰিছিল মজিদ মাজীদিক।চাৰ্লি চেপলিনৰ চিনেকৰ্মৰ সৰলতাই মুগ্ধ কৰিছিল মজিদ মাজীদিক। "মই চেষ্টা কৰিছো, চাৰ্লি চেপলিনৰ সৰলতাক কিন্তু চুব পৰা নাই। আমাৰ সৰল বিষয়বস্তু জটিল হয়! চেপলিনে জটিল বিষয় সৰলকৈ দেখুৱাই। এই "সৰলতা" গুণৰ বাবেই আন চিনেমা পৰিচালকতকৈ বহু ব্যতিক্ৰম --চাৰ্লি চেপলিন।
চাৰ্লি চেপলিনৰো ধাৰণা আছিল-- "সৰলতা অৰ্জন কৰা কঠিন। সৰলতাৰে সত্য প্ৰকাশ কৰিব পৰাতোৱে সফল শিল্পকৰ্ম।" --"চাৰ্লি চেপলিন" অধ্যয়ণ কৰিলে আৰু বুজা যায়, যি কোনো সৃষ্টিশীল কামৰ স্থায়িত্ব নিৰ্ধাৰণ কৰে বিষয়বস্তুৰ গভীৰতাই। সৰলতাৰে দৰ্শকক গভীৰতালৈ নিব পৰাটোৱা চাৰ্লি চেপলিনৰ চিনে কৰ্মৰ বিশেষত্ব।
আৰু জনা যায়--, "পাগলামি দৃষ্টিকোণেৰে নিজকে বিশ্লেষণ" কৰি চেপলিনে নিজৰ শিল্পকৰ্মক উত্তৰণৰ বাটত গতি দিছিল।
চেপলিনে ছবিক গতি দিয়া "শিল্প"ত তিনিটা বিন্দু স্পষ্ট-- কাহিনী, কাহিনী কেন্দ্ৰীক কেমেৰাৰ ভাষা আৰু আংগিক অভিনয়। বিন্দু তিনিটাক একে স্থানৰ পৰা একে স্থানলৈ গতি কৰায়। বিনোদন চেপলিনৰ "ছবি গতি"ৰ মূল মন্ত্ৰ।

Andrew Sarris --আমেৰিকান চিনেমা সমালোচক। নেতৃস্থানীয় চিনে প্ৰবক্তা Auteur তত্ত্বৰ পণ্ডিত।
ফৰাচী আলোচনী " Cahiers du Cinnamon" আছিল চিনেকৰ্ম, চিনে শৈলীৰ আলোচনাৰ কেন্দ্ৰবিন্দু। এই আলোচনীতে চিনেমাৰ ভাষা বিশ্লেষণ হয়, চিনেমাৰ আলোচনাত সাহিত্যৰ ভাষা-চিনেমেটিক ভাষা বিভাজন হয়-- প্ৰথম বাৰৰ বাবে। চিনেমা তত্ত্ব চৰ্চাও আৰম্ভ হয়-- এই আলোচনী খনতে। এই খন আলোচনীতে মুকলি হোৱা চিনেমা চৰ্চাৰ "চিৰিয়াছ ধাৰা" আগবঢ়াই নি বিশেষ স্তৰত বহুৱাই ফ্রান্সোইস ট্রাফাউটে (François Truffaut)। ১৯৫৪ চনত প্ৰকাশ পায় এই গৰাকী চিনে পণ্ডিতৰ গ্ৰন্থ-- "film quality"। চিনেমা তত্ত্বৰ আশ্ৰয়ত চিনেমাৰ মান বিশ্লেষণ কৰে চিনে পণ্ডিত গৰাকীয়ে। চিনেমা চৰ্চাৰ এই ধাৰাৰ আৰু এখোপ উত্তৰণ হয় Andrew Sarrisৰ কলমত। কোৱা হয়-- এই গৰাকী চিনেমা আলোচকৰ লেখাত "চলমান ছবিৰ স্বতন্ত্ৰ বাট" মুকলি হয়। আৰু পৰৱৰ্তী সময়ত স্পষ্ট হয়-- চিনেমা যে স্বতন্ত্ৰ শিল্প। এই গৰাকী চিনেপণ্ডিতে চিনেমাৰ ভাষা কেন্দ্ৰীক লেখাত এলানি লেখাত চাৰ্লি চেপলিনক বিশেষ ভাবে গুৰুত্ব দিছিল। "চাৰ্লিয়ে সৰল চলচ্চিত্ৰীয় বাস্তৱতা (cinematic realism) বুজিছিল। এই গুনটোৰ বাবে বা দক্ষতাৰ বাবে চাৰ্লি চেপলিনৰ চলমান ছবিয়ে সকলো স্তৰৰ দৰ্শকক চুইছে বা চুব পাৰিছে। এনেদৰে ক'লে ভুল নহব-- চিনেমাৰ বিশুদ্ধ ধাৰণা অনুভৱ কৰিব পাৰি চাৰ্লি চেপলিনৰ চলমান ছবিত।"
আইজেনষ্টাইনৰ চিনেমাতো চলচ্চিত্ৰীয় বাস্তৱতা (cinematic realism) স্পষ্ট; কিন্তু শৈলী, "গল্প" কোৱাৰ কৌশল সৰল নহয়, সহজ নহয়। আন এটা দিশতো স্পষ্ট-- চেপলিন-আইজেনষ্টাইনৰ চিনেকৰ্মৰ দূৰত্ব। চিনেচিন্তৰ সময়ত (আমাৰ এই ধাৰণা নিশ্চয় অশুদ্ধ নহয়।) আইজেনষ্টাইন চিনেকৰ্মৰ বহু ওচৰত, দৰ্শকৰ বহু আতৰত থাকে। চিনে বিজ্ঞানী গৰাকীৰ পৰিচালনা (১৯২৩) Glumov's Diary, (১৯২৫) Strike, (১৯২৫) Battleship Potemkin
(১৯২৮) October: Ten Days That Shook the World, (১৯২৯) The General Line, (১৯৩০) Romance sentimentale, (১৯৩৮) Alexander Nevsky, (১৯৪৪) Ivan the Terrible (দুটা খণ্ড) অধ্যয়ণ কৰিলে এই বিশেষত্ব স্পষ্ট হয়।
--হয়, আইজেনষ্টাইনক চিনেমা পৰিচালক বৃত্তটোতে বন্দি কৰি ৰাখিব নোৱাৰি। আইজেনষ্টাইন চিনেমা লেখক আৰু চিনে বিজ্ঞানীয়ো।
"Total Film" নামৰ বিখ্যাত চিনে আলোচনী খনে আইজেনষ্টাইনৰ "Battleship Potemkin" চিনেমা খনক পাচটা তৰা দিয়ে। আৰু লিখে "Nearly 90 years later, Eisenstein's masterpiece will still guarantee a fast-paced pulse." লগতে লিখে, চিনেমা খনত পৰিচালক গৰাকীৰ কেইবাটাও আৱিস্কাৰ স্পষ্ট। ১৯৭৯ চনত ৩০ গৰাকী Finnish film critics and experts-এ বিশ্ব চিনেমাৰ সৰ্বকালৰ ১০০ খন চিনেমাৰ তালিকাত ২৩ তম স্থানত ৰখা এই চিনেমা খনৰ প্ৰসংগত François Truffaut-এ লিখিছিল, "চিনেমাৰ বৌদ্ধিক চিন্তাৰ বাট মুকলি কৰা এখন চিনেমা 'Battleship Potemkin'ৰ কথা মনত ৰাখি কব পাৰি বিষয়বস্তুক গতি দিয়াৰ লগতে আইজেনষ্টাইনে শ্বট নিৰ্মাণত নতুন-নতুন দিশ আৱিষ্কাৰত গুৰুত্ব দিছিল। এনেদৰেও কব পাৰি-- আইজেনষ্টাইনৰ উদ্দেশ্য আছিল চিনে বিজ্ঞানৰ নতুন নতুন উদ্ভাৱনেৰে চিনেমাৰ পৰিচালনা শৈলীৰ নতুন নতুন বাট মুকলি কৰা।" (আৰু আছে)

প্ৰকাশ: "বিস্ময়"/ মে', ২০২২
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন