দক্ষিণ ভাৰতীয় চিনেমা মানেই "মাৰ পিট" কেন্দ্ৰীক চিনেমা নহয়। নায়ক-খলনায়কে অস্বাভাবিক আচৰণ কৰা চিনেমা নহয়। "Hello Guru Prema Kosame", "Fida" দৰে ভালেমান প্ৰেমৰ নিৰ্মল ৰূপালী গল্প, "Dhruva"ৰ দৰে পৰিপাটি ক্রাইম-থ্রিলাৰো নিৰ্মণ হয় দক্ষিণ ভাৰতৰ চিনেমাৰ ক্ষেত্ৰ খনত। "Koozhangal", "Rocketry: The Nambi Effect", "Pushpaka Vimana", "Nayakan"ৰ দৰে ভালেমান চিনেকৰ্ম হৈছে, হৈ আছে দক্ষিণ ভাৰতৰ চিনেমাৰ ক্ষেত্ৰখনত।
চিনেমাৰ তথাকথিত বিভাজনৰ উৰ্ধত থাকি কব পাৰো-- ভিন্ন শৈলীৰ ভাল-বেয়া চিনেকৰ্ম হৈছে, হৈ আছে দক্ষিণ ভাৰতৰ চিনেমাৰ ক্ষেত্ৰখনত।
--হয়, কথাটো এনেধৰণৰো নহয়, দক্ষিণ ভাৰতৰ চিনেমা মানেই অসাধাৰণ সু-পৰিকল্পিত চিনেকৰ্ম। বছৰি নিৰ্মাণ হোৱা ৭০% শতাংশ চিনেমায়ে সাধাৰণ মানৰ, ব্যৱসায়িক দিশতো অসফল। বছৰি নিৰ্মাণ হোৱা ১০-২০ খন চিনেমাই "টলিউদ বজাৰ" নিয়ন্ত্ৰনত ৰাখে। আৰু বছৰি ফিল্ম শিল্পৰ উত্তৰণ দেখা যায় ৬০-৮০ খন চিনেমাত। (উৎস: CINESPRINT) --এই যে ফিল্ম শিল্পৰ উত্তৰণ দেখা যায়, সেই চিনেকৰ্মত "বজাৰ সফল" চিনেমাও আছে। অসমৰ দৰে দক্ষিণ ভাৰতত "বঁটা প্ৰাপ্ত চিনেমা মানেই শ্ৰেষ্ঠ বা মহৎ চিনেমা" ধাৰণাটো নাই। ক'লা-ব্যৱসায়িক কেন্দ্ৰীক বিভাজন ধাৰণাটোও ক্ষীণ। দক্ষিণ ভাৰতীয় কেন্দ্ৰীক কেইবাখনো জাৰ্ণেলে আমাক ধাৰণা দিছে --টলিউদৰ চিনেকৰ্ম "ভাৰতীয় চিনেমাৰ বিভাজন"ৰ উৰ্ধত বা বহিৰত আছিল, আছে। সৰহ সংখ্যক চিনেমাৰে বিষয়বস্তু বাস্তৱৰ সমস্যা, গল্প কোৱাৰ কৌশল ভিন্ন।
"Irumbu Thirai" --পি.এস. মিথৰানৰ পৰিচালনা। তামিল ভাষাৰ একশ্বন থ্রিলাৰ। মাৰ-পিটৰ নামত ফুটেজ খৰচ কৰা এই চিনেমা খনৰ বিষয়বস্তু বৰ্তমান সময়ৰ এটি ডাঙৰ সমস্যা। এই যে হঠাতে কোনো লোকৰ বেংক একাউণ্টৰ পৰা টকা নোহোৱা হয়, কেনেকৈ, কলৈ যায়-- সেয়াই চিনেমা খনৰ বিষয়বস্তু। চাইবাৰ ক্রাইম নেটৱার্ক, ডার্ক নেট ইত্যাদি চিনেমা খনৰ গল্পলৈ আনিছে। ১৪ কোটি টকা বাজেটৰ এই চিনেমা খনে ব্যবসায় কৰিছিল ১০৫ কোটি টকা।
--তেনেদৰে বক্স অ'ফিচ সফল, কে এছ ৰবিকুমাৰৰ তামিল ভাষাৰ একশ্বন ড্রামা ১৬৫ কোটি টকা ব্যবসায় কৰা "Lingaa", এছ. শঙ্কৰৰ
৮১৪ কোটি টকা ব্যবসায় কৰা তামিল বিজ্ঞান কল্পকাহিনী "2.O" আদি চিনেমাৰো বিষয় বস্তু বৰ্তমান সময়ৰ একোটা সমস্যা।
"2.O"ৰ বিষয়বস্তু --বৰ্তমান সময়ত মোবাইল নেটৱার্কৰ ক্রমবর্ধমান প্রতিযোগিতাৰ বাবে ক্রমশঃ ট্রান্সমিশন ফ্রিকোয়েন্সি বাঢ়ি গৈছে। ফলত যাতনা ভূগিছে চৰায়ে। মোবাইল টাৱাৰৰ পৰা নিঃসৃত ৰেডিয়েছন মৃতুৰ কাৰণ হৈছে হাজাৰ হাজাৰ চৰাই। "Lingaa"ৰ কাহিনীলৈয়ো আহিছে "সমস্যা"--নদীবান্ধ, দুৰ্নীতি। --এয়া মাত্ৰ উদাহৰণৰ বাবেহে (এই লেখা লিখি থকা সময়ত মনলৈ অহা) কেইখনমান চিনেমাৰ নাম উল্লেখ কৰিলো। উল্লেখ কৰা চিনেমা কেইখন বজাৰ চিন্তাৰে কৰা বিনোদন প্ৰধান বুলি কব পাৰি। কব পাৰি, বিনোদনৰ মাজেৰেও "সংবাদ" দিয়াৰ চেষ্টাত থাকে দক্ষিণ ভাৰতৰ বেছি সংখ্যক চিনেকৰ্মীয়ে।
"কে জি এফ-টু", "আৰ আৰ আৰ", "পুষ্পা: দ্য ৰাইজ" দৰে চিনেমাতো "সংবাদ" আছে; কিন্তু "সংবাদ" কেন্দ্ৰীক নহয়।
দক্ষিণ ভাৰতীয় কেন্দ্ৰীক কেইবাখনো জাৰ্ণেলে আমাক আৰু ধাৰণা দিছে-- দক্ষিণ ভাৰতৰ চিনেমা পৰিচালক সকলৰ বেছি ভাগেই বিশেষ শৈলীৰ বৃত্তৰ মাজত বন্দী নহয়, বিষয়বস্তুৰ দ্বাৰাহে নিয়ন্ত্ৰিত পৰিচালনা শৈলী। এই ধাৰণাৰ বিপৰীতে অসমীয়া চিনেমাৰ পৰিচালকে "কলা-বাণিজ্য" বিভাজন বৃত্তৰ মাজত বন্দী হৈয়ে চিনেকৰ্ম কৰি আছে।
অসমত বজাৰ চিন্তাৰে নিৰ্মাণ হোৱা অসমীয়া চিনেমা এখন ৬০-৭০ খন স্ক্ৰীনত প্ৰদৰ্শন হব পাৰে, আজিৰ তাৰিখত। অসমীয়া চিনেমাৰ দৰ্শকৰ মনত "কলা-বাণিজ্য" বিভাজন ( চিনেমাৰ ভুল চৰ্চাৰ বাবে) শিপাই থকা বাবে "কলা ধৰ্মী" চিনেমা চাবলৈ ইচ্ছা নকৰে। বছৰটোৰ মে' মাহত চিত্ৰগৃহলৈ আহিছে দুখন অসমীয়া চিনেমা--"গংগা" আৰু "লোকেল উৎপাত" (২৭ মে'ত আহিব "ক্ৰান্তি")। এই বছৰটোত চিত্ৰগৃহলৈ আৰু আহিব " চন্দ্ৰ সূৰ্য আদি" , "ৰাজনীতি", "এমুঠি পুঠি", "জনকনন্দিনী", "ডেউকা", "গুৱাহাটী ডায়েৰিজ", "বুম্বা ৰাইড", "ব্ৰিজ", "কস্তুৰী", "বেলকনিত ভগৱান", "লখিমী", "বন্ধু", "খং", "মোৰ শেষ গান", "বুৰ্বকৰ খেল", "উপসৰ্গ" আদি। অহা সাতটা মাহত কুৰি খন অসমীয়া চিনেমা চিত্ৰগৃহলৈ অহাৰ আাশা আছে। কিন্তু আশা নাই চিনেমা কেইখনৰ এখনেও যে "ৰত্নাকৰ"ৰ (ব্যৱসায় কৰিছিল প্ৰায় ১০ কোটি টকা)
দৰে ব্যৱসায় কৰিব। গতিকে আমি অসমীয়া চিনেমা চিত্ৰগৃহত চলাবলৈ বা চলোৱাৰ স্বাৰ্থত আন ভাষাৰ ব্যৱসায় সফল চিনেমা চলোৱাত বাধা দিব নালাগিব। এই খিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব অসমীয়া চিনেমা "ৰত্নাকৰ" টলিউড আৰু বলিউডৰ দুখন চিনেমাৰ "cocktail" ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন