সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু সান্নিধ্য /৮

মহেন্দ্ৰ বৰঠাকুৰ Mahendra Borthakur
আৱাহন থিয়েটাৰৰ দ্বিতীয় নাট্যবৰ্ষ।
ৰতন লহকৰ-কৃষ্ণ ৰয়ৰ প্ৰযোজনাৰে কহিনুৰ থিয়েটাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ নতুন বাট মুকলি কৰিছিল। এদিন "কহিনুৰ"ৰ পৰা কৃষ্ণ ৰয় আতৰি যায়। আৰম্ভ কৰে নতুন নাট্যদল --আৱাহন থিয়েটাৰ। প্ৰথম নাট্যবৰ্ষৰ নাটক ৪ খন লিখিছিল প্ৰফুল্ল বৰাই। দ্বিতীয় নাট্যৰ্ষত নতুন নাট্যচিন্তা মনলৈ আহিছিল কৃষ্ণ ৰয় আৰু নাট্যদলটোৰ সেই নাট্যবৰ্ষৰ অভিনেতা ভৱেশ বৰুৱাৰ। নতুন নাট্যচিন্তাৰে এটা অংশ আছিল-- মহেন্দ্ৰ বৰঠাকুৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখাৰ মন লৈ অপেক্ষাত আছিল মহেন্দ্ৰ বৰঠাকুৰো। ("ভ্রাম্যমাণ থিয়েটাৰৰ বাবে নাটক লেখা কথাটো মোৰ মনলৈ অহা নাছিল। ভ্রাম্যমাণ থিয়েটাৰ বৰকৈ চোৱাও নাছিলোঁ। '৬৩-'৬৫ চন মানত তিনিচুকীয়াত নটৰাজ থিয়েটাৰ চাইছিলো। কিটিপ-কাটাপ বিলাকে চকু থৰ কৰিছিল। মানুহৰ মুখে মুখে শুনিছিলো নটৰাজ থিয়েটাৰৰ কথা। সেই বাবে নটৰাজ চাবলৈ গৈছিলো আৰু তেওঁলোকৰ সাংগঠনিক শক্তি দেখি বিস্ময় মানিছিলো। কিন্তু নটিকখন চাই অর্থাৎ নাটকৰ বিষয়বস্তু, গাঁঠনি, অভিনয় এইবোৰে মোক আকৰ্ষণ কৰিব পৰা নাছিল। তেতিয়াই মনে মনে ভাব হৈছিল উদ্যোক্তাসকলে ইমান শ্ৰম কৰে, খৰচ কৰে, শিল্পীসকলেও দেহামাৰি কাম কৰে। পোহৰৰ কি সুন্দৰ কৌশল প্রয়োগ হয়, আবহ সংগীতৰ বাবে কি বঢ়িয়া আয়োজন এনে স্থলত এওঁলোকে ভাল নাটক এখন নলয় কেলেই? ভ্রাম্যমানলৈ নাটক লেখাৰ স্পৃহা মোৰ তেতিয়াই হৈছিল।" --মহেন্দ্ৰ বৰঠাকুৰ।) অৱশ্যে সেই সময়ত মন কিছু টেঙাইছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখাৰ অভিজ্ঞতা সুখকৰ নাছিল। "মই অনুভৱ কৰিছিলো অচ্যুত লহকৰৰ অসাধাৰণ চিন্তা। কেৱল ভাল নাটকৰ আকাল। ময়ো  প্লেটফৰ্মখনৰ পৰাই কিবা দিবলৈ চেষ্টা কৰিব পাৰো দেখোন! মই জনাত পৃথিৱীৰ কোন প্রেক্ষাগৃহত একেলগে দুহেজাৰ মানুহে আসনত বহি থিয়েটাৰ চাব পাৰাৰ সুবিধা নাই। আমি এই সুন্দৰ নাটক মঞ্চস্থ ব্যৱস্থাক ভালদৰে ব্যৱহাৰ কৰিব পাৰো দেখোন! নটৰাজ থিয়েটাৰ চোৱাৰ পাছত বহুদিনলৈ মনত ভাবি আছিলো। কিন্তু ১৯৭৫ চন লৈকে ভ্রাম্যমানৰ কোনো মানুহৰ লগত মোৰ কোনোধৰণৰ
যোগসূত্ৰ নাছিল। এদিন কথা প্ৰসংগত হেম ভট্টাচার্য্যই মোক ষ্টাৰ থিয়েটাৰৰ বাবে নাটক লেখাৰ কথা কৈছিল। প্ৰযোজক কুমুদ শৰ্মায়ো কৈছিল-- লিখক। লিখি দিলো-- চাৰিটা মান দৃশ্য। কুমুদ শৰ্মাই চাই বৰ ভাল নাপালে। বৰ ভাল নাপালে' মানে বেয়াই পোৱা যেন লাগিল। নাটক খন শেষ কৰাৰ কথা কৈছিল। শেষ কৰিছিলো। কিন্তু নাটক খন নিবলৈ আৰু মানুহ নাহিল। সেই নাটক খনেই পাছত হেম ভট্টাচাৰ্যই মুকুন্দ থিয়েটাৰত মঞ্চস্থ কৰাইছিল মূল চৰিত্ৰটোত জীৱেশ্বৰ ডেকাই বৰ ভাল অভিনয় কৰিছিল। ( নাটক খনৰ নাম "দধিচী"।) যি নহওক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখা মোৰ প্ৰথম নাটক দৰ্শকে ভাল পাইছিল। প্ৰথম মঞ্চস্থ হৈছিল 'শিমলু চন্দন'হে। কুমুদ শৰ্মাই নাটক খন যে ভাল নাপালে, মই ৰৈ দিছিলো। ভাবিছিলো-- মোৰ দ্বাৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক লিখা নহব! এদিল ভৱেশ বৰুৱাই আহি ক'লে--'কিয় নহব! আপুনি আৱাহন থিয়েটাৰৰ বাবে নাটক লিখক।' ভৱেশ বৰুৱাৰ লগত প্ৰযোজক কৃষ্ণ ৰয়ো আহিছিল। কৃষ্ণ ৰয়ে যোৰ দি কৈছিল-- 'আপুনি লিখক। আমি ভালদৰে প্ৰযোজনা কৰিম। নিৰ্দিষ্ট দিনত নাটক খন লিখি শেষ কৰিছিলো। কৈছিলো -- দিগদাৰ হ'লে বাদ দিব, বা প্ৰয়োজন হ'লে ইটো-সিটো সলাাই লব পৰা যাব। পাছত নাটক চাই মই সন্তুষ্ট হৈছিলো। নাটক খনৰ সৈতে জড়িত এগৰাকীয়ে কৈছিল, নাটকখন প্রযোজনাৰ ক্ষেত্ৰত কৃষ্ণ ৰয়ে বিশেষ চকু দিছিল। এজন নতুন মানুহৰ নতুন নাটক আমি ভালদৰে কৰিব লাগিব বুলি  কৈছিল হেনো! মনটো ভাল লাগিছিল। পাছত আৱাহন থিয়েটাৰে যেতিয়াই বিচাৰিছে, নাটক লিখি সহায় কৰিছো।" --মহেন্দ্ৰ বৰঠাকুৰে কৈছিল, দৈনিক কাকত "আজি"ৰ হৈ কথা পাতোতে। সময়: ২০০৩ চনৰ এটা দিন। সাংবাদিক অনুপম চক্ৰৱৰ্তীৰ গৈছিলো। ফটোগ্ৰাফাৰ বিজু বড়োয়ো আছিল আমাৰ লগত। আমাৰ ইটো-সিটো প্ৰশ্ন, মহেন্দ্ৰ বৱঠাকুৰৰ "উত্তৰ"-এৰে আগবাঢ়িছিল সময়। নিজৰ, আন নাট্যকাৰৰ নাটক-ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকৰ্মীৰ কথায়ো কৈছিল। "ড° ভবেন্দ্ৰ নাথ শইকীয়াক ভ্ৰাম্যমাণৰ মঞ্চলৈ নাট্যকাৰ আৰু পৰিচালক হিচাবে নিব পৰাৰ কৃতিত্ব কৃষ্ণ ৰয়ৰে।" বুলি কৈ মহেন্দ্ৰ বৰঠাকুৰে আৰু কৈছিল-- "কৃষ্ণ ৰয় আৰু ৰতন লহকৰে ব্যৱসায়ৰ কথাত গুৰুত্ব নিদিয়াকৈয়ো ভাল নাটক মঞ্চস্থ কৰাইছিল। আৰু ভাল নাটকৰ দৰ্শক নিৰ্মাণ কৰিছিল। ভ্রাম্যমাণ থিয়েটাৰৰ পৰিকল্পনাত ব্যৱসায়ৰ কথাটোৱেই মুখ্য। এইটো সাংঘাটিক দোষণীয় কথা নহয়। প্ৰতিতো ভ্রাম্যমাণে প্রায় ২৫০ নিশা নাটক অভিনয় কৰে আৰু এটি বুজন সংখ্যক শ্রমিক, শিল্পী, কাৰিকৰী লোকক সংস্থান দিয়ে। গতিকে ব্যৱসায়ৰ কথাটো স্বাভাবিকতেই আহি পৰিব। কিন্তু মই অনুভৱ কৰো ড°শইকীয়াৰ নাটক, মোৰ নাটক লোৱাৰ সময়ত ৰতন লহকৰ, কৃষ্ণ ৰয়ে ব্যৱসায়ক আগস্থান নিদিয়ে। ড°শইকীয়াৰ প্ৰবেশেৰে আৱাহনে ভ্রাম্যমাণত এটি বেলেগ চেতনাৰো জন্ম দিলে। আবাহন থিয়েটাৰক মই যেনেদৰে ৰুচি সন্মত নাটক প্রযোজনা কৰা দল বুলি ভাবো, তেনেদৰে ৰতন লহকৰক দক্ষ নাট্যকৰ্মী বুলি ভাবো। মই "শৰাগুৰি চাপৰি" লিখা বৰ্ষটোত "কহিনুৰ"ৰে "মাটিৰ গড়ী" (নাট্যকাৰ শূদ্রকৰ খ্রীষ্টপূর্ব তৃতীয় শতাব্দীৰ নাটক "মৃচ্ছকটিক"ৰ অসমীয়া অভিযোজন), অৰুন শৰ্মাৰ নাটক 'বাঘজাল' লৈছিল
সেই বছৰ পৰিচালক আছিল কুলদা কুমাৰ ভট্টাচাৰ্য। --এনে শাসহ ৰতন লহকৰেহে কৰিব পাৰে।" ৰতন লহকৰৰ তাগিদাত মহেন্দ্ৰ বৰঠাকুৰে "কহিনুৰ"ৰ বাবে লিখিছিল -- বন্দিনী, ৰজা হৰিচন্দ্ৰ (অভিযোজনা), মানুহ, সম্ৰাট আৰু সুন্দৰী, বলীয়া হাতী, টাৰ্জান টাৰ্জান (সম্পাদনা), তেজ লগা বাট (মূল ডষ্টয়ভস্কিৰ ক্ৰাইম এণ্ড পানিচমেন্ট), মহাবীৰ চিলাৰায়, নৰক বন্দনা, বেনহুৰ (মূল একে নামৰ উপন্যাসৰ আধাৰত), ৰজাৰো ৰজা, হেমলেট, অথেল'  (অনুবাদ), ৰাতিৰ জুই, পোহৰৰ ছাঁ, হে মহানগৰ, প্ৰাৰ্থনা, ডাইনীৰ প্ৰেম, সাগৰলৈ বহুদূৰ (জাহ্নু বৰুৱাৰ একে নামৰ চিনেমাৰ নাট্যৰূপ), পুৰুষ, কাৰাগাৰৰ বাঘ, প্ৰতীক্ষা, বিষ্ণু প্ৰসাদ, মুখাৰ মুখ, প্ৰিয় শত্ৰু আদি । আৰু "আৱাহন"ৰ বাবে লিখিছিল-- এই মাটিতে, বিলকিচ বেগম, কলংকিনি সতী, অমানুহ, সম্ৰাট আদি। মাৰাঠি নাটক "নট সম্ৰাট"ৰ আধাৰত লিখিছিল "সম্ৰাট"। "নট সম্ৰাট" মাৰিঠি ৰূপালী গল্পলৈয়ো ৰূপান্তৰ কৰিছে, মহেশ মাঞ্জেকাৰে। চিনেমা খনত মূল চৰিত্ৰটোত অভিনয় কৰিছিল নানা পাটেকাৰে। অসমীয়া নাটক খনক মাৰাঠি চিনেমা খনে চুব পৰা নাই বা মাৰাঠি চিনেমা খনক অসমীয়া নাটক খনে চুৱা নাই। অসমীয়া নাটক খন চোৱাৰ সময়ত মুল চৰিত্ৰটোৱে দৰ্শকৰ মনলৈ আনি দিছে নটসূৰ্য ফনী শৰ্মাৰ কথা। অসমীয়া নাটক খনৰ মুল চৰিত্ৰত সুৰেণ মহন্তই কৰা অভিনয় সদায় আমাৰ মনত ৰৈ যাব। আমাৰ ধাৰণাত এইটো ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকত মহেন্দ্ৰ বৰঠাকুৰে ৰচনা কৰা দুটা শ্ৰেষ্ঠ চৰিত্ৰৰ এটা। আনটো "দধিচী"ৰ নন্দ পাঠক (অভিনয় কৰিছিল জীৱেশ্বৰ ডেকাই।)।
মহেন্দ্ৰ বৰঠাকুৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ৰচনা কৰা আন কেইখন মান নাটক-- বাঘ হাজৰিকা, আইৰ চকুলো, অসতী কন্যা,দধীচি
হালধীয়া চৰায়ে বাওধান খায় (নাট্যৰূপ/ (হোমেন বৰগোহাঞিৰ একে নামৰ উপন্যাসৰ আধাৰত),
মোৰ আই, বেয়া মানুহ, গোসাঁনী, মকৰাজাল,  মুখ্যমন্ত্ৰী,  ভাল মানুহ, অবতাৰ, পুতলা নাট, কামৰূপ কামাখ্যা, পগলা চহাব, পাখিত জুই, প্ৰিয়া আৰু পুলিচ, কলংকিনী সতী, মহাত্মা, পিতামহ, যদুবংশ, তেজাল ঘোঁৰা, আজলী নবৌ, নেদেখা নদীৰ ঘাট, ডেকা হাকিম, মাতৃহত্যা পৰশুৰাম, চাহাব দাদা, অপহৰণ, বালিঘৰৰ আলহী ((মূল: শ্বেক্সপীয়েৰৰ কীংলেয়ৰ),
মাজ নিশাৰ চিঞৰ, অগ্নিক্ষণ, আধাৰশিলা, অতিথি, জুয়ে পোৰা মানুহ,সমদল,
বলিয়া গোসাঁই, ছাংলট ফেনলা (পৰাগ দাসৰ একে নামৰ উপন্যাসৰ আধাৰত),
, কুৰুক্ষেত্ৰ, বনকুঁৱৰী, অচল সুঁতি, প্ৰেতাত্মা, অৰুণ-তৰুণ, আবেলিৰ ৰং, আইদেউ সন্দিকৈ, অগ্নিক্ষণ (মূল ৰবীন্দ্ৰনাথৰ কাবুলীৱালা গল্প), বনকুঁৱৰী, প্রতীক্ষা (ৰাম গগৈৰ উপন্যাসৰ আধাৰত), আধা পোৱা মানুহ, পঁজাঘৰৰ ৰজা,পুতলা নাচ, পানীত জুই,  ইস্মাইল শেখৰৰ সন্ধানত (হোমেন বৰগোহাঞিৰ একে নামৰ গল্পৰ আধাৰত), জংঘল, এমুঠি তৰাৰ জিলিমিলি (কুমাৰ কিশোৰৰ একে নামৰ উপন্যাসৰ আধাৰত), আদি।
নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখা নাটকসমূহক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি-- পৌৰাণিক, বুৰঞ্জীমূলক আৰু সামাজিক। আৰু বিভক্ত কৰিব পাৰি এনেদৰে-- মৌলিক, নাট্যৰূপ, অনুবাদ আৰু মৌলিক ৰূপান্তৰ। মৌলীক ৰূপান্তৰৰ বিশুদ্ধ উদাহৰণ -- বালিঘৰৰ আলহী। এই নাটক খন মহেন্দ্ৰ বৰঠাকুৰৰ মৌলিক সৃষ্ঠি বুলিলেও আপত্তি কৰাৰ বাট নাথাকিল হেতেন।
--২০০৩ চনৰ সেই বিশেষ দিনটোত আমাৰ প্ৰশ্ন আছিল কেৱল ভ্ৰাম্যমাণ থিয়েটাৰ কেন্দ্ৰিক। পৰৱৰ্তী সময়তহে কথা পাতিছিলো অন্যান্য নাটক, উপন্যাস আদি প্ৰসংগত। এবাৰ ড°ভৱেন্দ্ৰ নাথ শইকীয়াৰ সাক্ষাৎকাৰ লবলৈয়ো গৈছিলো, মহেন্দ্ৰ বৰঠাকুৰৰ সৈতে। ( মহেন্দ্ৰ বৰঠাকুৰৰ জন্ম ১৯৩৫ চনত, কায়িক মৃত্যু ২০০৫ চনত।)

by: Utpal Mena

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...