সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৭

আত্মা ৰাম (Atma Ram Padukone / 1930–94)। পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক। ("বোম্বেৰ ফিল্ম-জগতত সেই সময়ত আত্মাৰাম,গুৰুদত্তৰ যথেষ্ট নাম-যশ আছিল। তেতিয়ালৈকে তেওঁলোকৰ লগত মোৰ চিনাকি হোৱা নাছিল। মাথোঁ নামহে শুনিছিলোঁ। তেওঁলোকেও মোৰ বিষয়ে জানিছিল। এনেতে আত্মাৰামে নগা-পাহাৰৰ পটভূমিত এখনি বোলছবি কৰিবলৈ আগুৱাই আহিল। নাম— 'ইয়ে গুলিস্তাঁ হামাৰা'। এই ছবিখনৰ কাম হাতত লৈ তেওঁ গুৱাহাটী পালেহি। গুৱাহাটীৰ যিখন হোটেলত তেওঁ আছিলহি, পিচদিনা ৰাতিপুৱা সেইখন হোটেলৰে কাউণ্টাৰত থকা ৰেডিঅ'ত মোৰ গান এটা বাজি আছিল। গানটো আত্মাৰামে খুব মন দি শুনাৰ পাচতেই কাউণ্টাৰৰ মানুহজনক সুধিলে— “এই গানটো কোনে গাইছে?'
—কাউণ্টাৰৰ মানুহজনে ক'লে, ভূপেন হাজৰিকাই।
—তেওঁ ক'ত থাকে? -তেওঁৰ ঘৰ ইয়াতেই, গুৱাহাটীত।
-গুৱাহাটীৰ কোনখিনিত?
—নাজানো। আপুনি ৰেডিঅ' চেণ্টাৰত খবৰ কৰক। তেওঁলোকেহে ভালকৈ ক'ব পাৰিব।
আত্মাৰাম গুচি গ'ল গুৱাহাটীৰ ৰেডিঅ' চেণ্টাৰলৈ। সুধিলে— 'ভূপেন হাজৰিকাৰ ঘৰটো কোনখিনিত?' উত্তৰ দিলে— নিজৰাপাৰত।
—ঘৰলৈ গ'লে তেওঁক লগ পোৱা যাবনে?
—পাবও পাৰে। কিন্তু তেওঁ শ্বিলঙতো থাকে। তেওঁ এতিয়া এম. এল. এ. আকৌ কলিকতাতো থাকে।
—এম. এল. এ. ? ৰাজনীতিও কৰে। গানো গায়। এয়া কেনেকুৱা কথাহু আত্মাৰাম স্তম্ভিত হৈ ৰ'ল।
তাৰ পাচত ৰেডিঅ' চেণ্টাৰৰপৰা নিজৰাপাৰলৈ যাবৰ কাৰণে বাট-পথৰ বিষয়ে বুজি লৈ আমাৰ ঘৰ পালেগৈ। ঘৰলৈ গৈ জানিব পাৰিলে যে—মই কলিকতাত আছে । কলিকতাৰ ঘৰৰ ঠিকনা, ফোন নম্বৰ আদি লৈ আত্মাৰামে সেইদিনাই কলিকতা পালেগৈ।
তাতেই তেওঁ মোক লগ পাই অনুৰোধ জনালে— 'ইয়ে গুলিস্তাঁ হামাৰা’ ছবিৰ উপদেষ্টা ৰূপে কাম কৰিবলৈ। লগতে ছবিখনৰ সঙ্গীত পৰিচালনা কৰিবলৈও মোক অনুৰোধ কৰিলে।" --ভূপেন হাজৰিকা / মই এটি যাযাবৰ ) আত্মা ৰামে "ইয়ে গুলিস্তাঁ হামাৰা" (Ye Gulistan Hamara / 1972) হিন্দী ড্ৰামা চিনেমা খনত সংগীত পৰিচালনা কৰিবলৈ ভূপেন হাজৰিকাক অনুৰোধ কৰিলে। 
ভূপেন হাজৰিকাই লিখিছিল, "প্রথম চিনাকিতে আত্মা ৰামক মোৰ কিয়নো ইমান ভাল লাগি গ'ল। বন্ধুত্ব হ'ল। তেওঁৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই সম্মতি জনালোঁ।" কিন্তু "ইয়ে গুলিস্তাঁ হামাৰা" সংগীত পৰিচালনা কৰিছিল এছ ডি বৰ্মনে (S. D. Burman.)। ভূপেন হাজৰিকাই নকৰাৰ ৰহস্য? --বা কাৰণ? বলিউডত খোজ দিয়ে ভূপেন হাজৰিকাই কোনো পক্ষৰ পৰা বাধা পোৱা নাছিলতো! এছ ডি বৰ্মনৰ সৈতে ভূপেন হাজৰিকাৰ সম্পৰ্ক মধুৰ নাছিল জানো! --এছ ডি বৰ্মনৰ সৈতে লতা মংগেশকাৰৰো সম্পৰ্ক মধুৰ আছিল; কিন্তু এনে সময়ো আহিছিল, লতা মংগেশকাৰে "আৰু এছ ডি বৰ্মনৰ সৈতে কাম" নকৰো বুলিছিল। সেয়া বাৰু অন্য প্ৰসংগ। যথাস্থানত চৰ্চা কৰিম।
--এনে ধৰণৰ কথা শুনা যায়, ভূপেন হাজৰিকাই "ইয়ে গুলিস্তাঁ হামাৰা"ত উপদেষ্টাৰ দায়িত্বহে পালন কৰিছিল। পৰিচলকৰ হৈ কিছু সংগীতৰ চিন্তা কৰিছিল। শুনা যায়, পৰিছালকৰ হৈ চিনেমা খনৰ সংগীতৰ সম্পাদনা কৰিছিল। চিনেমা খনৰ বাবে এছ ডি বৰ্মনে সাতটা গীত সাজু কৰিছিল। (চিনেমা খনত ছয়টা গীতহে ব্যৱহাৰ হৈছিল। পাচটা গীতত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে। গীত লিখিছিল আনন্দ বক্সীয়ে। --এই গীত কেইটাৰ মাজত ভূপেন হাজৰিকাৰ 'সংগীত চিন্তা' সোমাই আছে বুলিয়ো শুনা যায়। ভূপেন হাজৰিকাই কিন্তু এই প্ৰসংগত কোনো কথা, কোনো মাধ্যমত লিখা, কোৱা আমাৰ চকুত পৰা নাই। এই খিনিতে এই কথাও উল্লেখ কৰিব লাগিব হেমন্ত কুমাৰে যে "জোনাকৰে ৰাতি ..." গীতটো ভূপেন হাজৰিকাৰ নাম উল্লেখ নকৰাকৈ চিনেমাত ব্যৱহাৰ কৰিছিল-- এই প্ৰসংগতো কোনো কথা, কোনো মাধ্যমত লিখা, কোৱা আমাৰ চকুত পৰা নাই। এই "সংগীত শোষন" সম্ভৱ হৈছে "কোনো কালে সংগীতৰ বেপাৰ নকৰো" বুলি স্থিৰ হৈ থকা ভূপেন হাজৰিকাৰ "দুৰ্বলতা"ৰ বাবে।) গীত কেইটা চিনেমা খনত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আত্মা ৰামে ভূপেন হাজৰিকাৰ সহায় লৈছিল। লতা মংগেশকাৰ আৰু ডেনি ডেনজংপাৰ কণ্ঠত ৰেকৰ্ডিং কৰা চিনেমা খনৰ এটা গীত-- "মেৰা নাম আও..."। লোকগীত, নাগালেণ্ডৰ আও নগা সম্প্ৰদায়ৰ। গীতটো চিত্ৰায়ণ কৰা হৈছিল চীনৰ সীমান্তত বসবাস কৰা এটা জনজাতীয় সম্প্ৰদায়ক মনত ৰাখি। (চিনেমা খনৰ ৩০-৪০% শতাংশৰ চিত্ৰগ্ৰহণ কৰা হৈছিল অৰুণাচলত) আত্মা ৰামে কৈছিল-- "কেইবাটাও গীত নিৰ্মাণত মোক সহায় কৰিছিল ভূপেন হাজৰিকাই। কাগজত ছবি আকি দিছিল। 'মেৰা নাম আও...'গীতটোৰ ৯০% শতাংশ পৰিকল্পনা আছিল হাজৰিকাৰ।" (উৎস: মায়াপুৰী/ ৪৬৪ সংখ্যা)
--সেয়া যি নহওক, "আৰোপ"ৰ সংগীতৰ কাম কৰিলে ভূপেন হাজৰিকাই। "আৰোপ" --আত্মা ৰামৰ আন এক পৰিচালনা। ("Aarop is a 1974 Indian Hindi romance film, laced with crime and suspense...") চিনেমা খনৰ বাবে ভূপেন হাজৰিকাই ৰচনা কৰিছিল আঠটা গীত। সংগীতৰ কাম কৰি গৈছিল চিনেমা খনৰ চিত্ৰগ্ৰহণৰ কামৰ সমান্তৰালকৈ। "চিত্ৰনাট্য আলোচনা"ৰ সময়ত নহয়, হঠাতে এদিন চিনেমা খনৰ বাবে ৰচনা কৰিছিল "নেইনো মে দর্পন হে..."ৰ সুৰ। ("১৯৭২ চনত ‘আৰোপ’ ছবিত সুৰ দিয়াৰ কামত ব্যক্ত হৈ থাকোঁতে আঘাবাস। এদিন ক'লে— 'হাজৰিকা, ব’লক এদিন শ্বিলং পিকলৈ যাওঁ। গ'লোঁ। সেয়া আছিল অক্টোবৰ মাহ। শ্বিলং পিকত দুয়ো থাকোঁতে দেখিলোঁ, এজন খাচী গৰখীয়া ল’ৰাই ফটা হাফ পেণ্ট এটা পিন্ধি গৰু চৰাই আছে— আৰু গুণ তৈ আওৰাইছে এটি গানৰ সুৰ। হয়তো সেইটো আছিল সিহঁতৰ একেবাৰে গাঁৱলীয়া গাঁচৰ সুৰ। সুৰটো মোৰ বৰ ভাল লাগি গ'ল। ল'ৰাটোক মই মাতি আনিলোঁ আৰু সি গাই থকা সুৰৰ গানটো সিহঁতৰ ভাষাতেই গাবলৈ ক'লোঁ।— শুনিলোঁ আৰু সুৰটো বুকুৰ মাজতে লৈ গুচি আহিলোঁ। সেইদিনাই ৰাতি কাৰোবাৰপৰা হাৰমনিয়াম এটি খুজি আনি সেই গৰখীয়া ল'ৰাৰ সুৰৰ আলমতে তৈয়াৰ কৰিলোঁ এটি গীতৰ সুৰ। সেই সুৰৰ সৈতে যাপ খুৱাই ৰচনা কৰিলোঁ এটি অসমীয়া গীত
"তোমাৰ উশাহ কঁহুৱা কোমল শেৱালি কোমল হাঁহি।
হাঁহিয়ে হৃদয় হৰিলে শুনাই
এটি কিবা মিঠা বাঁহী।
শাৰদীয় চেনেহীৰে কঁকাল ইমান লাহী। ..."
তাৰ পাচত আত্মাৰামক সুধিলোঁ— 'আৰোপ' ছবিত কিবা প্ৰেমৰ গান আছে নেকি। তেওঁ ক'লে, 'আছে।' এই কথা জনাৰ পাচত সেই খাচী গৰখীয়াৰ conventional অসমীয়া গীতটিৰ সুৰতেই সৃষ্টি কৰা হ’ল সেই জনপ্রিয় হিন্দী গীত--
'নয়নো মে দর্পণ হ্যায়
দৰ্পণ মে কোই...এই গীতটোৱেই হৈছে হিন্দী কথাছবিত মোৰ প্ৰথম গীত।" --ভৃপেন হাজৰিকা) হঠাতে ৰচনা হোৱা সেই "সুৰে" দেশৰ সংগীত ৰসিকৰ ওচৰলৈ লৈ গৈছিল ভৃপেন হাজৰিকাক। চিনেমা খনত ব্যৱহাৰ কৰা
"এ জয় ৰঘুৰ নন্দন হে ৰাঘৱ
ৰামে জয় ৰঘুৰ নন্দন...", আৰু
"মাই হেৰে যশোৱা
আমাক' লাগিয়া
অলপ তোৰ মৰমো নাই..."ৰ সুৰেৰে ৰচনা কৰা গীত দুটাও চিনেমা খনৰ সৌন্দৰ্য।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...