সরাসরি প্রধান সামগ্রীতে চলে যান

ছবি >>চলচ্চিত্ৰ>>কথাছবি>>চিনেমা /4

""RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব, অসমীয়া চিনেমা চাওক" --জুবিন গাৰ্গে কৈছিল। গায়ক, সুৰকাৰ, সংগীত পৰিচলক জুবিন গাৰ্গৰ আৰু দুটা পৰিচয় --চিনেমা পৰিচালক, অভিনেতা। "তুমি মোৰ মাথো মোৰ", "মিছন চাইনা", "কাঞ্চনজংঘা" নামৰ অসমীয়া চিনেমা তিনিখনৰ পৰিচালক জুবিন গাৰ্গ। অভিনেতা-পৰিচালক গৰিকীয়ে কোৱাৰ দৰে আমিয়ো কম-- "অসমীয়া চিনেমা চাওক"। কিন্ত "RRR, KGF ৰ দৰে ফটুৱা চিনেমা নাচাব" তে শেষ নকৰি আমি কম-- ফটুৱা অসমীয়া চিনেমাও নাচাব! বিশেষকৈ বলিউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলীৰে নিৰ্মাণ কৰা "ফটুৱা" অসমীয়া চিনেমা। জুবিন গাৰ্গৰ পৰিচালনা শৈলীয়ো জুবিনে কোৱা "ফটুৱা" শৈলীৰে। "মিছন চাইনা"ই মনত পেলাই দিয়ে নীৰজ পাণ্ডেৰ "Baby" , প্ৰভু দেৱাৰ "Rowdy Rathore" আদি চিনেমা। বলিউদৰ এই চিনেমা দুখনৰ শিপা দক্ষিন ভাৰতীয় চিনেমাৰ। তেনেদৰে জুবিনৰ "কাঞ্চনজংঘা"ৰ মূল চৰিত্ৰ নিৰ্মাণো দক্ষিণ  ভাৰতীয় চিনেমাৰ শৈলীৰে। আজিৰ তাৰিখত এয়াই সত্য-- দক্ষিণ ভাৰতীয় চিনেকৰ্মীৰ চিনেচিন্তাৰে "চিনেমাৰ বেপাৰ" চলাই আছে ভাৰতৰ অন্য প্ৰান্তৰ চিনেমা পৰিচালক-প্ৰযোজক সকলে। --হয়, বলিউদৰ প্ৰযোজক সকলেও। আৰু এয়াই সত্য-- প্ৰত্যক্ষ বা পৰোক্ষ ভাবে ভাৰতৰ চিত্ৰগৃহ চলাই আছে দক্ষিণ ভাৰতৰ "চিনেমা"-ই।
জুবিন গাৰ্গে এনেদৰে ক'লেহে নিশ্চয় চিত্ৰৰসিকে সুখ অনুভৱ কৰিলে হেতেন-- "ফাল্টু চিনেমা" নাচাব, সু-চিনেচিন্তাৰ চিনেমা চাওক!
--হয়, সু-চিনেচিন্তাৰ চিনেমা। সু-চিনেচিন্তাৰ অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িছে। নতুন চিনেচিন্তাৰে নিৰ্মাণ কৰা অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িছে। মৌলিক চিনেচিন্তাৰ আসমীয়া চিনেমাৰ সংখ্যা অৱশ্যে বঢ়া নাই। বঁটাপ্ৰাপ্ত অসমীয়া চিনেমাতো মৌলিক চিন্তা কম দেখা যায়। বহু বঁটা প্ৰাপ্তিৰে চৰ্চাত থকা অসমীয়া চিনেমা এখনত দেখিলো-- ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ", জাহ্নু বৰুৱাৰ "সাগৰলৈ বহুদুৰ" আৰু আন কেইবাখনো চিনেমাৰ "ককটেল"। বিষয়বস্তু, শ্বট নিৰ্মাণত নকল কৰাৰ প্ৰৱণতা (Propensity) স্পষ্ট। এনে ধৰণৰ "নকল" চিনেমাই অৱশ্যে চিনেমাৰ সুষ্ট পৰিবেশ গঢ়াত সহায় কৰে, চিনেমাৰ সুষ্ট পৰিবেশ নিৰ্মাণত ব্যাঘাত নজন্মায়। কাৰণ? --কাৰণ পৰিচালনা শৈলী "অসমীয়া-অসমীয়া", গল্প কোৱাৰ কৌশলত পৰিচালকে কিছু হ'লেও পৰিশ্ৰম কৰে। বিপৰীতে দক্ষিণ ভাৰতীয়, বলীউডি শৈলীৰ অসমীয়া চিনেমাই "অসমীয়া চিনেমা"ৰ সুষ্ট গতিত ব্যাঘাত জন্মায়। --ভাৰতীয় চিনেমাৰ বুনিয়াদ আজিৰ তাৰিখতো মজবুট কৰি ৰাখিছে নিজা নিজা শৈলীৰে নিৰ্মাণ কৰা আঞ্চলিক ভাষাৰ চিনেমাই। ভাৰতীয় চিনেমাক চহকী কৰা আঞ্চলিক ভাষাৰ চিনেমাৰ তালিকাত অসমীয়া চিনেমাও আছে। পদুম বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা, জয়ছেং জয় দহোটিয়া, মুনিন বৰুৱা, বিদ্যুৎ চক্ৰৱৰ্তী, সঞ্জীৱ হাজৰিকা, ৰীমা দাস, মঞ্জু বৰা, অৰূপ মান্না, ভাস্কৰ হাজৰিকা, মঞ্জুল বৰুৱা, অনুপম কৌশিক বৰা, হিমাংশু প্ৰসাদ দাস আদিয়ে ভাৰতীয় চিনেমাৰ বুনিয়াদ মজবুট কৰাত সহায় কৰিছে। আৰু অসমত সুষ্ট চিনেচৰ্চাৰ বাট মুকলি কৰিছে, আগুৱাই নিছে। অসমত এই সুষ্ট চিনে চৰ্চা আগুৱাই থকা সময়তে দক্ষিণ ভাৰতীয় চিনেমাৰ জনপ্ৰিয় শৈলীৰে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা অসমীয়া চিনেমাই দুখোজ পিছুৱাই নিছে।
--"আমাৰ প্ৰতিনিধি"ত (অক্টোবৰ, ১৯৭৭) ড°ভূপেন হাজৰিকাই লিখিছিল-- "আঞ্চলিক ছবি জগততো যে সদায় সৎ ৰুচি থাকে এনে নহয়। কমার্চিয়েল মনোভাব তাতো আহিছে। পিছে হিন্দীতকৈ বহু কম। শক্তি সামন্ত বাঙালী মানুহ। তেওঁ 'অমানুষ' (বাংলা) কৰি সত্যজিৎ-মৃণাল-তপনৰ সুস্থ ছবিৰ আন্দোলনক বঙ্গদেশত ১৫ বছৰ পিছুৱাই নিয়াটোও বঙ্গদেশৰ সমালোচকে মানি লৈছে। অতি সাধাৰণ আৰু অতি শিক্ষিত (1) বাংলা ৰাইজেও তাকে দহবাৰকৈ চোৱাটোও সত্য। কাৰণ নিজৰ ভাষাত হিন্দী টাইপ' পাইছে যে। কাক দোষ দিব? এতিয়াতো 'বাবা তাৰকানাথ' ‘বেউলা লক্ষীন্দৰ’, ‘জাল সন্নাসী'ৰ যুগ বঙ্গদেশতো!..."
আৰু আজি অসমত?
"অসমীয়া চিনেমা" বলিউৰ বাটেৰে আগবাঢ়িছে, দক্ষিণ ভাৰতীয় চিনে চিন্তাৰে। বিপৰীতে সুস্থ চিনে আন্দোলনো আগবাঢ়িছে।
আহিছো "আইজেনষ্টাইন' প্ৰসংগলৈ। আইজেনষ্টইনে "আঞ্চলিক চিনেমা"ৰ পৰা আতৰি গৈ আন ভাষাৰ চিনেমাতো ব্যস্ত হব পাৰিলে হেতেন! সেই সময়ত কেচা ফিল্মৰ অভাৱৰ বাবে ৰাচিয়াৰ সৰহ সংখ্যক চিনেকৰ্মীয়ে কৰ্ম স্থান সলনি কৰিছিল। আইজেনষ্টাইনে জন্মস্থান Riga-ত থাকিয়ে পুৰণি ৰিলেৰে চিনেমাৰ ভাষাৰ নতুন বাট মুকলি কৰিছিল। নতুন "বাট"টোৰ নাম ৰাখিছিল-- "মণ্টাজ"। "মণ্টাজ" ফৰাছি শব্দ। অর্থ-- Editing, সম্পাদনা। অৰ্থ সম্পাদনা যদিও বিভিন্ন ফ্রেম,ইমেজ, শ্বট জোৰা লগোৱা কাৰ্য মাত্ৰেই মণ্টাজ নহয়। মণ্টাজে নতুন অৰ্থ নিৰ্মাণ কৰে, শ্বট সংযোগেৰে ছিকুৱেঞ্চক মনস্তাত্ত্বিক ভাবে উচ্চ পর্যায়লৈ নিয়ে, নান্দনিক সৌন্দৰ্য বঢ়ায়। সত্যজিৎ ৰায়ৰ ভাষাত, "চলচ্চিত্রে যে অন্য শিল্প সাহিত্যেৰ লক্ষণ আছে,তাতে কোন সন্দেহ নেই। নাটকেৰ দ্বন্দ্ব,উপন্যাসেৰ কাহিনী ও পৰিবেশ বর্ণনা,সংগীতেৰ গতি ও ছন্দ,পেইন্টিংসুলভ আলোছায়াৰ ব্যঞ্জনা,এ সবই চলচ্চিত্রে স্থান পেয়েছে।কিন্তু ইমেজ ও ধ্বনির যে ভাষা,দেখানো-শোনানোর বাইরে যার প্রকাশ নেই, সে একেবারে স্বতন্ত্র ভাষা। চলচ্চিত্রেৰ এই ভাষা তাৰ নিজস্বৰূপে প্রকাশ পায় মন্তাজ এৰ মাধ্যমে।" --এই খিনিতে উল্লেখ কৰিব পাৰি মণ্টাজৰ উৎস হাইকু কবিতা।
উদাহৰণ:
A lonely crow
On leafless bough
One autumn eve. (আৰু আছে)
উৎস: নন্দন, The Cinema of Eisenstein, গণকণ্ঠ, আনন্দ আলো।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...