Cannes Film Festival
Cannes Film Festival -- বিশ্বৰ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ আৰম্ভ হৈছিল ১৯৪৬ চনত।
এফআইএপিএফৰ দ্বাৰা আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল১৯৫১ চনত। --এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিনেকৰ্মীয়ে খোজ পেলোৱাৰ সপোন দেখে। মুল শিতানত খোজ পেলাব পাৰিলে নিজকে ভাগ্যৱান বুলি ভাবে।
ভাৰতীয় "চিনেমা"ৰ বাবে দুখৰ বিষয় যোৱা ২৮ বছৰৰো বেছি সময় ধৰি ভাৰতীয় চিনেমাই "কাঁন"ৰ আনুষ্ঠানিক প্রতিযোগিতাৰ দুৱাৰ খুলিব পৰা নাই। ১৯৯৪ চনত শাজি এন কৰুণৰ "SWAHAM"
নামৰ মালায়লাম চিনেমা খনে দুৱাৰ খুলিছিল। নাই, তাৰ পাছত আৰু নাই। এই বাৰো Official competition ভাৰতীয় চিনেমা নাছিল, Un Certain Regard -তো এখনো ভাৰতীয় চিনেমা নাছিল, ভাৰতীয় চিনেমা নাছিল
Out of Competition - শিতনতো। [Un Certain Regard-ত প্ৰদৰ্শন হৈছিল Ishanou (English: The Chosen One)। মনিপুৰৰ চিনেমা। আৰিবাম শ্যাম শৰ্মাৰ পৰিচালনা ১৯৯১ চনত।]
--মে’ ২০২২। মাহটোৱে ভাৰতত চিনেমা পুনৰুদ্ধাৰৰ দুটা উল্লেখযোগ্য খবৰ। যোৱা ৫ তাৰিখে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (এন এফ এ আই)ক ৫০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। আৰু ঘোষনা কৰে-- অনিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰায় ২২০০ খন চিনেমা পুনৰুদ্ধাৰ কৰিবলৈ ৩৬৩ কোটি টকা দিয়া হব।
৭৫ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱে প্ৰকাশ কৰিছিল-- ক্লাছিকছ শিতানত দুখন পুনৰুদ্ধাৰ কৰা ভাৰতীয় চিনেমা প্ৰদৰ্শন কৰা হ’ব: এন এফ এ আইৰ দ্বাৰা পুনৰুদ্ধাৰ কৰা সত্যজিৎ ৰায়ৰ প্ৰতিদ্বন্দী (১৯৭০) আৰু চলচ্চিত্ৰ ঐতিহ্য ফাউণ্ডেচনে পুনৰুদ্ধাৰ কৰা অৰবিন্দনৰ 'থাম্প̄ (১৯৭৮)।
--১৯৫৯ চনত মাৰ্চে ডু ফিল্ম (Marché du Film: Cannes Film Market) আৰম্ভ কৰা হয়। কোৱা হয়, এয়া চিনেমাৰ বৃহত্তম বজাৰ। কাঁন চলচ্চিত্ৰৰ এই অংশলৈ এইবাৰ অসমৰ চিনেমা "বাঘজান" প্ৰেৰণ কৰিছিল NFDCয়ে। চিনেমা খনৰ পৰিচালক জয়ছে জয় দহোটিয়াই আমাক ক'লে-- "কাঁন চলচ্চিত্ৰ মহোৎসৱৰ মাৰ্চু ডি ফিল্মচৰ Goes to Cannesৰ শিতানলৈ 'বাঘজান'ৰ নিৰ্বাচন চিনেমাখনৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ কথা । চিনেমা খনৰ স্পৰ্শকাতৰ বিষয়বস্তু আন্তৰ্জাতিক প্ৰেক্ষাপটত উত্থাপনৰ লগতে চিনেমা খন সম্পূৰ্ণ কৰিবলৈ আৰু তাক আগুৱাই নিবলৈ আমাক সহযোগিতাৰ প্ৰয়োজন। মই আশা কৰিছোঁ Goes to Cannes য়ে আমাক যিখন মঞ্চ প্ৰদান কৰিছে 'বাঘজান'ৰ বাবে ই অতিকৈ এখন উপযুক্ত স্থান । মই ধন্যবাদ জনাইছোঁ NFDC Film Bazaarক, ভাৰত চৰকাৰক। লগতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক. চিনেমা খনৰ Post Productionৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবৰ বাবে আগবাঢ়ি অহাৰ বাবে ।"
--কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৭৫ বছৰ। ভাৰতৰো স্বাধীনতাৰ ৭৫ বছৰ। এই দিশটোৰ কথা মনত ৰাখি এইবাৰ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ছয়খন ভাৰতীয় চিনেমাৰ এটা পেকেজ প্ৰদৰ্শিৰ বাবে প্ৰেৰণ কৰিছিল। পেকেজটোত এখন অসমৰ চিনেমাও আছিল-- বিশ্বজিত বৰাৰ পৰিচালনাৰে নিৰ্মিত "বোম্বা ৰাইড"। এই চিনেমা খন প্ৰদৰ্শন কৰে "Country of the Honour" অংশত। আৰু ভাৰত-ফ্রান্সৰ কূটনৈতিক সম্পর্কৰো ৭৫ বছৰ সম্পুৰ্ণ। এই উপলক্ষে ভাৰতক সম্মান জনালে ফ্রান্সে, "চিনেমা"ৰ মাজেৰে। "কাঁন"ত উপস্থিত থকা "বুম্বা ৰাইড"ৰ পৰিচালক বিশ্বজিত বৰাৰ অনুভৱ-- "অসম বাসী ৰাইজৰ আৰ্শীবাদত যোৱা ২২মে' তাৰিখে Olymplia ৭ থিয়েটাৰত আমাৰ চিনেমা খন প্ৰদৰ্শিত হয়। আশা কৰা ধৰণে যিমান দৰ্শক, পৰিবেশক, বিক্ৰেতাৰ আশা কৰিছিলো, তেনে ধৰণে নহলেও আমাক এজন অষ্ট্ৰেলিয়া, দুজন ভাৰতীয় পৰিবেশকে যোগাযোগ কৰিছে কিনিবৰ বাবে। যিহেতু আমি ইতিমধ্যে আমেৰিকা আৰু কানাডাৰ বজাৰত চিনেমা খন বিক্রী কৰিছোঁ, সেইবাবে World Rights (আমেৰিকা আৰু কানাডা বাদ দি) বিক্রীলেই আমি সফলতা পাইছোঁ বুলি ভাবিম।
Cannes এখন বিশাল সমুদ্ৰ। তাত নিজৰ অস্তিত্ব নিজৰ কামৰ লগতহে প্ৰতিফলিত হয়। এই বছৰত ভাৰতে CANNES মহোৎসৱত COUNTRY OF HONOR হিচাপে পাই যি কেইখন চিনেমা MARCHE DU FILM ত প্ৰদৰ্শনৰ বাবে আনিছে, সকলো খিনিয়েই খুব সুন্দৰ চিনেমা। তাৰ মাজতে আমাৰ 'বুম্বা ৰাইডে' স্থান পোৱাটোতে আমি সন্তুষ্ট।"
-- "বাঘজান" আৰু "বুম্বা ৰাইড" অসমীয়া চিনেমাৰ, অসমৰ চিনে প্ৰেমীৰ বাবে নিশ্চয় গৌৰৱ। এই "গৌৰৱ" নিঃসন্দেহে অসমীয়া চিনেমাৰ উত্তৰণৰ খটখটি হব পাৰে।
|| "Country of the Honour" প্ৰদৰ্শিত চিনেমা ছয় খন ||
১। বুম্বা ৰাইড ( অসমীয়া)
বোম্বা ৰাইড হৈছে ভাৰতৰ গ্ৰাম্য শিক্ষা ব্যৱস্থাত হোৱা দুৰ্নীতিৰ ওপৰত আধাৰিত এখন ব্যংগমূলক কমেডী। কাহিনীটো এনে এখন বিদ্যালয়ৰ ওপৰত আবদ্ধ হৈ আছে যিখন বিদ্যালয় চলাবলৈ সংগ্ৰাম কৰি আছে আৰু য’ত শিক্ষকসকল বিমোৰত পৰিছে কাৰণ ইয়াত মাত্ৰ এজন ছাত্ৰ আছে, বুম্বা। চিনেমা খন পৰিচালনা কৰিছে বিশ্বজিত বৰাই।
২।ৰকেট্ৰি- দ্য নাম্বি ইফেক্ট
(হিন্দী, ইংৰাজী, তামিল)
আৰ মাধৱনৰ পৰিচালনাৰে নিৰ্মিত "ৰকেট্ৰি- দ্য নাম্বি ইফেক্ট"। আৰ মাধৱনে অভিনয় কৰা এই ছবিখনত ইছৰ’ৰ প্ৰাক্তন বিজ্ঞানী তথা এৰোস্পেচ অভিযন্তা নম্বী নাৰায়ণনৰ জীৱনৰ ওপৰত আধাৰিত হৈছে। ১৯৯৪ চনত নাৰায়ণনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা গোপনীয়তা প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও ১৯৯৮ চনত চি বি আই আদালত আৰু উচ্চতম ন্যায়ালয়ে তেওঁক দোষমুক্ত কৰিছিল।মুঠ ৫০ দিন কাৰাগাৰত কটায়। তেওঁক “অপ্ৰয়োজনীয় গ্ৰেপ্তাৰ, হাৰাশাস্তি আৰু মানসিক নিষ্ঠুৰতা”ৰ বাবে উচ্চতম ন্যায়ালয়ে ৫০ লাখ টকা ক্ষতিপূৰণ দিছিল। শ্বাহৰুখ খানৰ এক সাক্ষাৎকাৰত বৰ্ণনা কৰা হৈছে কাহিনীটো। চিনেমা খনৰ প্ৰযোজক সাৰিতা মাধবন, মাধবন। সিনেমাটোগ্রাফি শীর্ষা ৰায়ৰ।
৩।গোদাবৰী (মাৰাঠী)
নিখিল মহাজনৰ পৰিচালনাত নিৰ্মিত এই মাৰাঠী চিনেমা খনত এটা পুৰণি অট্টালিকাত বাস কৰা নিশিকান্ত দেশমুখক অনুসৰণ কৰা হৈছে। তেওঁ আৰু তেওঁৰ পৰিয়ালে চহৰৰ পুৰণি অংশটোৰ চাৰিওফালে থকা বিশাল মাটিত ভাড়া উপাৰ্জন কৰি আহিছে। এই পটভূমিতে গতি লৈছে কাহিনীয়ে। ১৬৯ মিনিট দৈৰ্ঘৰ এই চিনেমা খন প্ৰযোজনা কৰিছে জিতেন্দ্র জোশী, মিতালী জোশী, পবন মালু,নিখিল মহাজনে। অভিনয় কৰিছে অভিনয় নীনা কুলকার্নি, জিতেন্দ্র জোশী, বিক্রম গোখলে আদিয়ে। সিনেমাটোগ্রাফি শামিন কুলকার্নিৰ।
৪। আলফা বিটা গামা (হিন্দী)
শংকৰ শ্ৰীকুমাৰৰ পৰিচালনা। ৰোমান্টিক কমেডী-- ৰূপালী গল্প। কভিড-১৯ লকডাউনৰ সময়। একেলগে আবদ্ধ হৈ থকা এগৰাকী মহিলা, তেওঁৰ অচিৰেই হ’বলগীয়া প্ৰাক্তন স্বামী আৰু তেওঁৰ হ’বলগীয়া স্বামীৰ কাহিনী আছে। ভাৰতৰ ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰিমিয়াৰ হৈছিল চিনেমা খনৰ। গল্প আৰু চিত্রনাট্য মেনকা শর্মা, শঙ্কৰৰ।১১৯ মিনিট দৈৰ্ঘৰ চিনেমা খন প্ৰযোজনা কৰিছে জিথিন ৰাজ, মোনা শঙ্কৰ, টমাস পুন্নুছ আৰু মেনকা শর্মাই। অভিনয় কৰিছে নিশান, অমিত কুমার বশিষ্ঠ,
ৰীনা আগৰৱাল আদিয়ে। সিনেমাটোগ্রাফি
কার্তিক কুমাৰ ভগতৰ।
৫। ধুইন (মৈথিলী)
আঞ্চল মিশ্ৰৰ দ্বাৰা পৰিচালিৰে নিৰ্মিত ধুইন। এজন উচ্চাকাংক্ষী অভিনেতা পংকজৰ বিষয়ে যিয়ে শ্ব’বিজত ডাঙৰ হ’ব বিচাৰে কিন্তু স্থানীয় পৌৰসভাৰ বাবে ষ্ট্ৰীট নাটক পৰিৱেশন কৰি জীৱিকা উপাৰ্জন কৰে। পংকজে এমাহৰ ভিতৰত যথেষ্ট উপাৰ্জন কৰি মুম্বাইলৈ যাবলৈ লক্ষ্য ৰাখিছে যদিও ক’ভিড-১৯ লকডাউনৰ বাবে তেওঁৰ পৰিকল্পনা বিফল হৈছে।
৬| নিৰায় থাঠাকলুল্লা মৰম (মালয়ালম)
জয়ৰাজৰ দ্বাৰা পৰিচালিত মালয়ালম চিনেমা খনত আছে এজন ল’ৰাৰ কাহিনী। যিয়ে এজন দুই চকুৰে নেদেখা বৃদ্ধক ঘৰলৈ উভতি যোৱাৰ পথ বিচাৰি উলিয়াবলৈ সহায় কৰে। মানুহজনে কেৱল নিজৰ নামটোহে মনত পেলাবলৈ সক্ষম হয়।
[আহিছো শিৰাণামলৈ। --হয়, "কান"লৈ যোৱা নাই, শুনিছোহে। বিভিন্ন মাধ্যমত পঢ়িছো, দেখিছো। সেই সময়ত বহু প্ৰচাৰিত অসমীয়া দৈনিক কাকত এখনৰ বিশেষ পৃষ্ঠাৰ দায়িত্বত আছিলো। এদিন পৃষ্ঠাটোৰ কাম প্ৰায় শেষ হোৱাৰ সময়ত "মালিকে (মানে কাকত খনৰ মালিকে) দিয়া নিউজ" বুলি ফটো-লেখাৰ পেকেট এটা দিলে সম্পাদক পৰ্যায়ৰ এগৰাকীয়ে। অসমীয়া চিনেমা এখনৰ পৰিচালকে আৰু চিনেমা খনে "কাঁন"ত বঁটা পোৱাৰ খবৰ আৰু ফটো আছিল পেকেটটোত। আমি খবৰটো মিছা বুলি কৈ নিৰ্দিষ্ট পৃষ্ঠাটোত নলগালো। কিন্তু কাকত খনৰ আন পৃষ্ঠাত খবৰটো লগাইছিল সম্পাদক পৰ্যায়ৰ এগৰাকীয়ে। এনেদৰে কিমান যে মিছা খবৰ প্ৰকাশ, প্ৰচাৰ হয় বিভিন্ন মাধ্যমত! এই বাৰো ব্যতিক্ৰম নহয়। --মিছা খবৰে ভুল তথ্য নিৰ্মাণ নকৰক, সেই উদ্দেশ্যেৰে আমাৰ এই চৰ্চা।]
(ক্ৰমশ:)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন