সরাসরি প্রধান সামগ্রীতে চলে যান

পুৱতিৰ তৰালি /৪

Tarali Sarma তৰালি শৰ্মা by: Utpal Mena

আমি বহিছিলো।
অপেক্ষা কৰিছিলো।
সময়ত এজন এজনকৈ আঁতৰি গৈছিল ৰাষ্ট্ৰীয় বঁটা পোৱাৰ বাবে শুভেচ্ছা জনাবলৈ অহা সংগীতৰসিক, চিত্ৰৰসিক, গুণমুগ্ধসকল। তৰালি শৰ্মাৰ গুণমুগ্ধসকল। আমি কথা আৰম্ভ কৰিছিলো। কথা আগবাঢ়িছিল। তৰালি শৰ্মাৰ জন্ম 'সংগীত পৰিয়াল 'ত। 'সংগীতৰ পৰিৱেশত। সেয়েহে সম্ভবতঃ 'সংগীত শিল্পী তৰালি শৰ্মা'ৰ নিৰ্মাণপর্ব স্বাভাৱিক।
তৰালি শৰ্মাৰ মাক বেণু শৰ্মাক অৱশ্যেই বহুতে নাজানে 'সংগীতৰ মানুহ' হিচাপে। ৰেণু শৰ্মাৰ তেজতো আছে লোক-সংগীতৰ প্ৰৱাহ। সেয়েহে স্বাভাৱিকতে মাতৃগর্ভতে তৰালিৰ দেহলৈ বৈছিল সংগীত। সন্দেহ নাই— দেউতাক লোক সংগীতৰ ওজা, বাঁহীবাদক প্রভাত শৰ্মাৰ 'সংগীতো' মাতৃগর্ভতে ‘অনুভৱ কৰিছিল 'তৰালিয়ে। সেয়েহে গায়িকাগৰাকীয়ে স্পষ্টভাবে ক'ব নোৱাৰে (যেতিয়া আমি প্রশ্ন কৰোঁ) কেনেকৈ সোমাই পৰিল 'সংগীতৰ পৃথিৱী'ত। "দেউতাক দেখিছিলোঁ, সৰুৰে পৰা কেনেকৈ সংগীতৰ মাজত সোমাই থাকে। সংগীত সাধনা কৰে। কেনেকৈ, কোন সময়ৰ পৰা ক'ব নোৱাৰিম নিজে সংগীতৰ কিবা অনুভৱ কৰাৰ পূর্বেই দেউতাৰ সংগীতৰ পৃথিৱীখনৰ মাজত সোমাই
পৰিছিলোঁ। আৰু এদিন অনুভৱ কৰিছিলোঁ মোৰ বাবেও সংগীতৰ পৃথিৱী খন সুন্দৰ। 'জীৱন জীৱন বৰ অনুপম' যেন মোৰ বাবে— সংগীত, কেৱল সংগীত।"
লাহে লাহে 'সংগীতৰ পৃথিৱীত খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে তৰালি শৰ্মাই। বিশ্লেষণ কৰিলে স্পষ্ট হৈ পৰে— 'সংগীত' জানি বুজিহে আৰম্ভ কৰিছিল সংগীত যাত্রা'।
চন ১৯৯৯। স্থান গুৱাহাটী। ভূপেন হাজৰিকাৰ 'বিশেষ সংগীত অনুষ্ঠান'। এই অনুষ্ঠানত সংগীতসূৰ্যৰ গীতৰ মাজতে দুটি গীত গাইছিল তৰালিয়ে। তৰালিয়ে গাইছিল— 'বনে বাজে কাৰ...। গীতটোৰ সুৰ প্ৰভাত শৰ্মাৰ। গোৱা আনটো গীত ভূপেন হাজৰিকাৰ – “নিজকে দেখি...'। সেই অনুষ্ঠানত ভূপেন হাজৰিকাই তৰালি সম্পৰ্কে কৰা ৰাজহুৱা মন্তব্যটো আছিল এনেধৰণৰ --ভূপেন হাজৰিকাৰ  সংগীতৰ অনুষ্ঠানত, ভূপেন হাজৰিকাৰ গীত গায়ো তৰালি শৰ্মাই নিজৰ ইমেজ অক্ষুন্ন ৰাখিব পাৰিছে। এয়া সহজ নহয়। --সেই সংগীতৰ অনুষ্ঠানতৰ পাছদিনা  সংগীতসূৰ্যই তৰালি শৰ্মাৰ গায়কী প্ৰসংগত প্ৰভাত শৰ্মাক কৈছিল --"তাই লতা মংগেশকাৰো হ'ব পাৰে, পাৰবিন চুলতানাও হ'ব পাৰে। তাইক গাবলৈ দিবা।"
তৰালিৰ ভাষাত এয়া আছিল ভূপেন হাজৰিকাৰ আশীৰ্বাদ । এই 'আশীর্বাদ' সম্ভৱ হৈছিল সেইবাবেই—তৰালিয়ে 'সংগীত' জানি-বুজি সংগীত যাত্ৰা কৰা বাবে।
আমাৰ অনুভৱ --তৰালিৰ 'সংগীত যাত্রা' আছিল মন্থৰ। সংগীত যাত্ৰা সাবধানে কৰা যেন লাগে। সংগীতক লৈ ছিৰিয়াছ। ছিৰিয়াছ হোৱাৰ পিছতো কিন্তু ভুল নকৰাকৈ থকা নাছিল, 'সংগীত মেদ' নবঢ়োৱাকৈ থকা নাছিল। তৰালি শৰ্মাৰ সংগীত কৰ্মৰ তালিকাখনত আছে (সুগম সংগীতৰ এলবাম)— 'লীলা', 'ৰাগশ্ৰী', 'অভিমান', 'তোমাৰ মৰমৰ কোন', "অভিসাৰী প্রিয়া', 'প্রজাপতি', “তৰালিৰ অনুভবৱ', 'পাৰবিন চুলতানাৰ গীত', 'নীলা চৰাই, 'মুকলি', 'হেঙুলীয়া' (অন্যান্য) "বৰগীত', 'স্নেহ', 'ভক্তি' ইত্যাদি। এই শ্ৰব্য সংকলনসমূহত 'গায়িকা তৰালি'ক ভিন্ন ইমেজত অনুভব কৰিব পাৰি। অনুভৱ কৰিব পাৰি তৰালি যে মূলতঃ শাস্ত্ৰীয় আৰু লোক-সংগীতৰ 'শিল্পী।
এইখিনিতে এটা কথা স্পষ্ট নকৰিলে আধৰুৱা হ'ব। অন্যায় হ'ব। হয়তো শ্ৰব্য কেছেট নির্মাতাই 'গায়িকা তৰালি'ক অনুভব কৰিব পৰা নাছিল। নাছিল বাবেই "অ চিজিল' গীত গোৱাইছিল। যিবোৰ গীত আছিল 'বলীউডী চিনেমাৰ তৃতীয় শ্ৰেণী'ৰ দৰ্শকৰ কথা মনত ৰাখি নিৰ্মাণ কৰা গীতৰ সুৰৰ "অপভ্রংশ"। সততে গীত-সংগীতত দখল নথকা 'সুৰে'ৰে সংগীতেৰে বজাৰ দখলৰ তাগিদাত এনে 'অপভ্রংশ'ৰ আশ্রয় লয়। এনে "অপভ্ৰংশ'ৰ কবলত নপৰিলে হয়তো 'মুকলি তৰালি' বা 'হেঙুলীয়া তৰালি'ক সংগীতৰসিকে বহু আগতেই অনুভৱৰ সুযোগ পালেহেঁতেন। অপভ্ৰংশৰে কিছুদিন জনপ্ৰিয় হোৱা সেই 'সংগীত নিৰ্মাতা'ৰ দৰে হয়তো তৰালিও হেৰাই গ'লহেঁতেন, যদিহে গায়িকাগৰাকীৰ নিজৰ সংগীত বুনিয়াদ খন মজবুত নহ'লহেঁতেন! এক সাক্ষাৎ প্রসংগত কথাশিল্পী জাভেদ আখতাবে কৈছিল 'কেৰিয়াৰৰ আৰম্ভণিতে প্ৰতিগৰাকী গায়ক-গায়িকা, নায়ক-নায়িকাই ভুল কৰাটো স্বাভাবিক। এনে ভুল অমিতাভ বচ্চনেও কৰিছিল, আমিৰ মানেও কৰিছিল। আনকি ৰফি চাহাবেও কৰিছিল। দেখা যায় যিসকলৰ মাধ্যমটোৰ বুনিয়াদ মজবুট নহয়, বা কৰা ভুলৰ পৰা শিকনি নলয়, তেওঁলোক হেৰাই যায়। কেতিয়াবা এনেও হয় – কেৰিয়াৰৰ স্বাৰ্থত নতুন নায়ক-নায়িকা বা গায়কই জানিও ভুল কৰে। কিন্তু লক্ষ্য স্থিৰ হৈ থাকে। এনে গায়ক গায়িকা বা নায়ক নায়িকাক এটা বা দুটা ‘ভুলে' নস্যাৎ কৰিব নোৱাৰে। কিছুমান ভুল আর্থিক কাৰণতো কৰা হয়।"
—আকৌ কৈছোঁ তৰালিৰ সংগীতৰ বুনিয়াদ খন মজবুত আছিল।
মজবুত আছিল বাবেই আজিৰ তৰালি নিৰ্মাণ হৈছে। আৰু আজিব ভাৰিখত এয়াও সত্য 'অপভ্রংশ'বোৰ সংগীতৰসিকে কিন্তু বেছি দিনলৈ মনত ৰখা নাছিল, মনত ৰাখিছে 'আহিবা তুমি...', 'অনুৰাগ তোমাৰ বাবে ..', 'সাজৰ তৰা...', হেঙুলীয়া সপোনে....'ৰ দৰে সুৰীয়া গীতবোৰহে।
--আহিছো "ৰাষ্ট্ৰীয় বঁটা" প্ৰসংগলৈ। "আকাশী তৰাৰ কথাৰে..." --শ্রেষ্ঠ অসমীয়া চিনেমা শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা এই চিনেমাখনৰ পৰিচালনা শৈলীয়ে আমাক সন্তুষ্ট কৰিব পৰা নাছিল। বিপৰীতে 'সংগীত' আমাৰ মন-মগজুত বৈ গৈছিল। সুযোগৰ সৎ ব্যৱহাৰ কৰি চিনেমা খনৰ সংগীত পৰিচালক তৰালিয়ে ব্যৱহাৰ কৰিছিল নিজৰ কণ্ঠত ৰেকৰ্ডিং কৰা
"কিমতি ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম-ৰাম
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম..." (ঘোষা ছন্দ) ব্যৱহাৰ কৰিছিল। আৰু এই কাকূতিৰ মন চুই যোৱা গায়কীৰ বাবেই লাভ কৰিছিল শ্ৰেষ্ঠ গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা।
এতিয়া তৰালিয়ে কি কৰিব! তৰালিৰ দায়িত্ব বাঢ়িল বুলি আমি ভাবো। এই প্ৰসংগত তৰালিৰ ব্যাখ্যা কেনে ধৰণৰ হ'ব?
"মই ঠিক তেনেদৰে ভৱা নাই। মানে দায়িত্ব বাঢ়িল বুলিলে যে, সেই কথাটো। মই এতিয়ালৈকে যি কৰিছো, সংগীতৰ যি সামান্য কাম কৰিছো, দায়িত্বৰ বান্ধোনত থাকিয়ে কৰিছো। সংগীতেৰে বা গীতেৰে সমাজৰ কি বা কিমান ভাল কৰিছো মন কব নোৱাৰিম। নিজৰ এনেধৰণৰ কথা নিজে কোৱাও উচিৎ নহয়! কিন্তু ক'ব পাৰো-- এনে গীত গোৱা নাই, সংগীতৰ এনে কাম কৰা নাই, যিয়ে সমাজৰ ক্ষতি কৰিব পাৰে। --এতিয়া মই তেনেদৰেই কাম কৰি যাম, যেনেদৰে কৰি আছো। এই এনেদৰে নাভাবো, এটা বা কেইটামান বঁটাই আমাৰ দৰে সাধাৰণ সংগীত কৰ্মীৰ সংগীত কৰ্মৰ দিশ সলনি কৰি দিব পাৰে। মই অসমত থাকিয়ে অসমীয়া সংগীতৰ কাম কৰি যাম।" --তৰালিয়ে কৈছিল।
আমাৰ যিমান দূৰ মনত পৰে--, শ্ৰেষ্ঠ গায়িকাৰ "ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা" প্ৰাপ্তিৰ বাবে চৰ্চাত থকা সময়তে তৰালি শৰ্মালৈ ভ্ৰাম্যমাণ থিয়েটাৰ নাটকৰ সংগীত পৰিচালনাৰ বাবে প্ৰস্তাৱ আহিছিল, কহিনুৰ থিয়েটাৰৰ সেই সময়ৰ প্ৰযোজক ৰতন লহকৰৰ পৰা। ২০০৫-০৬ নাট্যবৰ্ষত।
--এই যে ৰতন লহকৰে কহিনুৰ থিয়েটাৰত "সংগীত কৰিব লাগিব বুলি" তৰালি শৰ্মাক প্ৰস্তাব দিছিল, স্বাভাৱিকতে সংবাদ মাধ্যমত চৰ্চা হৈছিল। "ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত গায়িকা তৰালি শৰ্মাই ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকত সংগীত দিব" বুলি চৰ্চা হৈছিল কাকত-আলোচনীত। সেই সময়ত আমি দৈনিক কাকত "আজি"ৰ (সম্পাদক : অজিত কুমাৰ ভূঞা) সম্পাদনা বিভাগৰ সৈতে জড়িত। তৰালিৰ "ভ্ৰাম্যমাণ" কেন্দ্ৰীক চৰ্চা আমাৰ কাকততো প্ৰকাশ হৈছিল। মই "আজি"ত যোগ দিয়াৰে পৰা আঁতৰি অহালৈকে নিয়মীয়াকৈ লিখিছিল প্ৰমোদ কলিতাই (সেই সময়ৰ "বিস্ময়"ৰ উপ-সম্পাদক, বৰ্তমান অসম প্ৰকাশন পৰিষদৰ সচিব।)। প্ৰমোদাই কৈছিল-- তৰালিৰ "ভ্ৰাম্যমাণ" কেন্দ্ৰীক চৰ্চা কেতিয়াও যোগাত্মক হ'ব নোৱাৰে। প্ৰমোদাৰ মতে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্তিৰে তৰালিয়ে সংগীতৰ বিশাল পৃথিৱী খনলৈ যোৱাৰ বাট পাইছে। গতিকে অসমত সোমাই থকাৰ কোনো যুক্তি নাই। সেই সময়ত প্ৰমোদদাৰ কথাত আমিয়ো যুক্তি বিছাৰি পাইছিলো। আৰু চৰ্চা কৰিছিলো-- তৰালি শৰ্মাক আমি বলিউডতো বিছাৰো। আজিৰ তাৰিখত কিন্তু আমাৰ ধাৰণা সলনি হৈছে, সলনি কৰি দিছে তৰালিৰ সংগীত কৰ্মই। আজিৰ তাৰিখত (১৮ মাৰ্চ, ২০২২) আমি এনেদৰে ক'ম-- বলিউডৰ বাটত খোজ দিলে হয়তো "গায়িকা তৰালিক" প্ৰশংসা কৰাৰ বহল বাট পালো হেতেন! কিন্তু বৰ্তমান সময়ৰ "সংগীতকাৰ তৰালি শৰ্মা"ক পালো হেতেন নে?
--বলিউডৰ বাটত খোজ আগবঢ়োৱা সহজ নহয়। বলিউডলৈ গৈ দুখোজ মান দি অসমৰ "জনপ্ৰিয়" গায়কো উভতি অহাৰ উদাহৰণ আছে। উভতি আহি "জনপ্ৰিয়" গায়কে কৈছে-- মই অসমত থাকি অসমীয়া সংগীত, সংস্কৃতিৰ কাম কৰিম। বিপৰীতে তৰালিয়ে বলিউডত খোজ পেলোৱাৰ বাট পোৱাৰ সময়তো কৈছে-- "মই আসমীয়া সংগীতৰ মাজত থাকিয়ে সংগীতৰ কাম কৰিম। অসমৰ থলুৱা সংগীতৰ পথাৰ খন বহুত বহল, বহুত ৰসাল, বহুত চহকী। জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড°ভূপেন হাজৰিকাই আমাৰ ৰসাল থলুৱা সংগীতেৰেই 'অসমীয়া সংগীত' চহকী কৰা নাই জানো! মোৰো সেই বাটেৰেহে যোৱাৰ মন! অসমৰ বাহিৰত থাকি সংগীতৰ কাম, অসমীয়া সংগীতৰ কাম কৰাৰ মন নাই।" --সেইদিনা তৰালিয়ে কৈছিল। সেই যে ৰাষ্ট্ৰীয় বঁটা পোৱাৰ বাবে শুভেচ্ছা জনাবলৈ অহা সংগীতৰসিক, চিত্ৰৰসিক, গুণমুগ্ধসকল আঁতৰি গৈছিল, তাৰ পাছত, আমাৰ প্ৰশ্নৰ উত্তৰত।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...