সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /১০

ভূপেন হাজৰিকা bhupen hazarika
ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা অসমীয়া চিনেমা কেইখন: সতী বেউলা (১৯৫৪), পিয়লী ফুকন (১৯৫৫), এৰা বাটৰ সুৰ (১৯৫৬), ধুমুহা (১৯৫৭), কেঁচা সোণ (১৯৫৯), পুৱতি নিশাৰ সপোন (১৯৫৯), শকুন্তলা (১৯৬১), মণিৰাম দেৱান (১৯৬৪), প্রতিধ্বনি (১৯৬৫), লটিঘটি (১৯৫৬), চিকমিক বিজুলী (১৯৬৯), খোজ (১৯৭৫), চামেলি মেমচা'ব (১৯৭৫), পলাশৰ ৰং (১৯৭৬), বনহংস (১৯৭৭), বনজুই (১৯৭৮), মন প্রজাপতি (১৯৭৯), অকণ (১৯৮০), অপৰূপা (১৯৮২), অংগীকাৰ (১৯৮৫), যুগে যুগে সংগ্রাম (১৯৮৬), মা (১৯৮৬), সংকল্প (১৯৮৬), জিউনি সিমাং (১৯৮৭), প্রতিশোধ (১৯৮৭), চিৰাজ __(১৯৮৮), প্রিয়জন (১৯৯৩), অশান্ত প্ৰহৰ (১৯৯৪), পানী (১৯৯৫) আৰু বড়ো ভাষাৰ "জিউনী চিৎমা" (১৯৮৭ চন)
আৰু হিন্দী চিনেকৰ্ম (সংগীত) : আৰোপ (১৯৭৩),
মেৰা ধৰতি মেৰী মা (১৯৭৭) অপেক্ষা (১৯৮৪) একপল (১৯৮৬), ৰুডালি (১৯৯৩ চন) প্রতিমূর্তি (১৯৯৩ ) ছাজ ( ১৪৮ মিনিট দৈৰ্ঘৰ চিনেমা খনৰ সংগীত পৰিচালক আছিল তিনি গৰাকী-- ভূপেন হাজৰিকা, জাকিৰ হুচেইন, ৰাজ কমল/ ১৯৯৮) দো ৰাহে (১৯৯৭ চন) দাৰ্মিয়াঁ (১৯৯৭ চন) গজগামিনি (২০০০), দমন (২০০১ ), কৌন? (২০০৩)।
--সংগীতেৰে সজোৱা বাংলা চিনেমাৰ তালিকাত আছে: জীবন তৃষ্ণা (১৯৫৭ চন) কড়ি ও কোমল (১৯৫৭ চন) অসমাপ্ত (১৯৫৭ চন) জোনাকিৰ আলো (১৯৫৮ চন), দুই বেচেৰা ("১৩ জুলাই, ১৯৭৬। পালি হিলছত থকা গুলজাৰৰ ঘৰত। গুলজাৰ, মোৰ আৰু সুনীল দত্তৰ মাজত নানা কথাৰ আলোচনা চলিল। গুলজাৰে সুনীল দত্তক ক'লে— 'ভূপেনদাই তাহানিৰ ১৯৫৯ চনত বাংলা ছবি 'দুই বেচাৰা'ত এটা হিন্দী গীত বিচাৰিছিল। মই লিখি দিছিলোঁ। গতিকে, মোৰ জীৱনৰ প্ৰথম গীতৰ সুৰ দিছে ভূপেনদাই।' ..." --ভূপেন হাজৰিকা) / ১৯৫৯ চন) সীমানা পেৰিয়ে (১৯৭৫ চন) দম্পত্তী (১৯৭৫ চন) কালো সিদূৰ (১৯৮৪ চন), এখানে পিণ্ডৰ,চামেলি মেম্‌চাব (১৯৭৫ চন), দেৱদাস (১৯৭৯)।
আৰু পৰিচালনা? --ভূপেন হাজৰিকাই পৰিচালনা কৰিছে ৮ খন চিনেমা।অসমীয়া চিনেমা "এৰা বাটৰ সুৰ" (১৯৫৬), "শকুন্তলা" (১৯৬১), "প্রতিধ্বনি", (১৯৬৫), "লটিঘটি" (১৯৬৬), "চিকমিক বিজুলী" (১৯৬৯), "মন প্রজাপতি" (১৯৭৯), "চিৰাজ" (১৯৮৮) আৰু হিন্দী চিনেমা "মেৰা ধৰতি মেৰী মা" (১৯৭৬)। আন এক "বিশেষ" চিনেকৰ্ম  "মাহুত বন্ধুৰে"।
"মাহুত বন্ধুৰে"ৰ প্ৰসংগত সংগীত সূৰ্যই কৈছিল--"ছবি খন চোৱাৰ সময়ত, বহুতে মোক কৈছিল 'অদ্ভুত' ছবি। এনে কথাছবি নেদেখা বুলিয়ো কৈছিল। কৈছিল--কাহিনী ছবিয়ো নহয়, তথ্যচিত্ৰ বুলিয়ো কব নোৱাৰি! সুধিছিল-- বাংলা ছবি নেকি?মই কৈছিলো গোৱালপৰীয়া ছবি। অসমীয়া ছবি। বুজাইছিলো। কি বুজিছিল নাজানো। মূৰ দুপিয়াই দুপিয়াই বুজা যেন দেখুৱাইছিল।" ভূপেন হাজৰিকাৰ এই বিশেষ চিনেকৰ্ম সেই সময়ৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুই চাইছিল। (" ১৯৫৮ চনত 'মাহুত বন্ধুৰে' কৰিলোঁ। গোৱালপৰীয়া ভাষাত... ল'ৰা-ছোৱালীবোৰক হাতীক লৈ সেইখন কৰিলোঁ। 'মাহুত বন্ধুৰে'ৰ গানবিলাকৰ বিষয়ে কলিকতাত কয়  এইবোৰতো বাংলা নহয়, গুৱাহাটীৰ আকাশবাণীৰ সঞ্চালকৰ ওচৰলৈ পঠোৱাত কয়— 'এইবোৰতো অসমীয়া নহয়'। "গেইলে কি আছিবেন মোৰ মাহুত বন্ধুৰে...' — এওঁলোকে কয়া, বাংলা নহয়, তেওঁলোকে কয় অসমীয়া নহয়। মই প্ৰথমবাৰৰ যে গোৱালপাৰাৰ সাংস্কৃতিক উদ্ধাৰ কৰি আনি দুয়োখন ৰাজ্যৰ ড্রইং ৰূমত এৰি দিলো।  “আমাৰ গোৱালপাৰাৰ গীত' বুলি, কলিকতাত আমাদেৰ গোয়ালপাড়াৰ গীত তুলি কয়, ৰবীন্দ্ৰ সদনত প্ৰতিমা বৰুৱাক সন্মান যাচে, গীতবোৰক সন্মান কৰে। মই আৰু অলকেশ বৰুৱাই হাতত কোনো পইচা নথকাতো খিচিৰি খাই খাই কোনো সূচী নোহোৱাকৈ 'মাহুত বন্ধুৰে' উলিয়াই দিলোঁ। সুন্দৰভাৱে চলিল। সাংঘাতিক নাম কৰিলোঁ।...সেইখন কৰি নতুন লহৰৰ আৰু এটা হুলস্থূল লগাই দিলোঁ। জৱাহৰলাল নেহৰুৱে মাতি লৈ গৈছিল। গোটেই বিদেশী দূতাৱাসবোৰলৈ সেইখন পঠিয়াই দি ক'লৈ, 'এইখন বৰ অদ্ভুত ছবি হৈছে। কাৰণ তাত কোনো ষ্টাৰকাষ্ট নাই।'..." -ভূপেন হাজৰিকা)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...