সরাসরি প্রধান সামগ্রীতে চলে যান

"উপসৰ্গ", "আমিষ", "এমুঠি পুঠি" আদি অসমীয়া চিনেমা স্থানীয় বজাৰত যিমান চলিব লাগিছিল, নচলাৰ কাৰণ এইটোৱে

একাংশ চিনেমা আলোচকে এনেদৰে ব্যাখ্যা কৰে-- চিনেমাৰ বাস্তৱবাদ চিনেমাৰ এটা উপশ্ৰেণী, যাক এনেদৰেও কোৱা হয়-- “Pieces of life"। এনেদৰে কোৱাৰ কাৰণ, "চিনেমা বাস্তৱ হব নোৱাৰে, বাস্তৱৰ শিপা হব পাৰে" ধাৰণা। হয়, এনে ভালেমান সাৰ্থক চিনেমাৰ উদাহৰণ আছে, য'ত দেখা যায় কেৱল বিষয়বস্তুৰ শিপাহে বাস্তৱ। বিষয়বস্তক গতি দিয়াৰ বাবে কাল্পনিক, ফেণ্টাচী কাহিনীৰ আশ্ৰয় লয়। চৰিত্ৰক ঠিয় কৰায় কিন্তু বাস্তৱসন্মত অভিনয় (realistic acting)-ৰে। এই ধাৰণাৰে নিৰ্মাত হোৱা চিনেমাই সততে বজাৰ দখল কৰে। বাস্তৱবাদী (চিনেমাৰ ভুল চৰ্চাৰ বাবে বহুত "আৰ্ট চিনেমা" কয়।) চিনেমাৰ বাবে সমাজৰ পৰা বুটলি লোৱা "কাহিনী" বোৰ সততে ৰংহীন। স্বাভাৱিকতে এনে বাস্তৱতা যথেষ্ট বিৰক্তিকৰ হ’ব পাৰে। গতিকে "বাস্তৱৰ সীমা ঠেলি পৰিচালকে ৰংহীন জীৱনত (চিনেমাৰ চৰিত্ৰত) ৰং সানিব লাগিব। অন্যথা চিত্ৰৰসিকৰ বাবে বিৰক্তিকৰ হোৱাটোৱে স্বাভাৱিক।" (Christopher Nolan -ৰ ব্যাখ্যা)
এই লেখাৰ আৰম্ভনীতে উল্লেখ কৰা "বজাৰ সফল" চিনেমা কেইখন এই ধাৰণাৰে নিৰ্মিত। চিনেমা কেইখনৰ কাহিনী, অভিনয় বাস্তৱৰ ওচৰৰ ; কিন্তু কাহিনী কোৱা শৈলী "বাস্তৱবাদ"ৰ ওচৰৰ নহয়। এই খিনিত আমি উল্লেখ কৰিব পাৰো, দক্ষিণ ভাৰতৰ বজাৰ কেন্দ্ৰীক চিনমাৰো চৰিত্ৰ বাস্তৱসন্মত অভিনয় (realistic acting)-ৰে নিৰ্মাণ কৰাৰ উদাহৰণ আছে। বিপৰীতে অসমীয়া বাস্তৱবাদী চিনেমাৰো চৰিত্ৰ নিৰ্মাণ কৰা হয় "নাটকীয়" অভিনয়ৰে। এই খিনিতে অসমীয়া চিনেমাৰ তিনিগৰাকী অভিনেতাৰ নাম উল্লেখ কৰিম, বাস্তৱসন্মত অভিনয় (realistic acting)-ৰে চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দিয়া বাবে-- বিজু ফুকন, অৰুণ নাথ, বিদ্যুৎ চক্ৰবৰ্তী। --হয়, অভিনেতা তিনি গৰাকীয়ে গুৰুত্ব দিছিল। এয়া স্পষ্ট হব অভিনেতা তিনি গৰাকীৰ অভিনয়ৰে নিৰ্মিত "চৰিত্ৰ" বিশ্লেষণ কৰি চালে। যি শৈলীৰ চিনেমাক বহুত "আৰ্ট চিনেমা" কয়, তেনে বহু চিনেমাত, অসমীয়া চিনেমাত দেখা যায় নাটকীয় (dramatic) অভিনয়। এনে অসমীয়া "আৰ্ট চিনেমা"ও আছে, প্ৰতিটো চৰিত্ৰই সজাই পৰাই যুক্তিৰ মাজেৰে কথা কয়। স্বাভাৱিকতে এনে চিনেমাৰ অভিনয় বাস্তৱসন্মত অভিনয় (realistic acting)-ৰ বহু আঁতৰতে থাকি যায়। আনহাতে "বাস্তৱবাদ"ক দোহাই দি পোহৰ-আন্ধাৰৰ মাজত "আৰ্ট" সাধনা কৰে। ( কোনো কোনো চিনেমাত পৰিচালকে কেৱল নান্দনিক বাস্তৱবাদৰ আশ্ৰয়ত গল্প কয়, অভিনয় শিল্পীক "পেইন্টিং শিল্প"ৰ বৃত্তত ঠিয় কৰায়। ৰূপালী পৰ্দাক কেনভাচলৈ ৰূপান্তৰ কৰি কেমেৰাৰে ছবি আঁকে বা আঁকিবলৈ চেষ্টা কৰে। বাস্তৱসন্মত অভিনয় বহু দূৰতে থাকি যায়। তিনিটা উদাহৰণ-- গজ গামিনী, ৰং ৰছিয়া, মির্জ্যা। --এনে শৈলীৰ চিনেমাৰ কথা কোৱা নাই।) চিনেমাৰ "গল্প" দৰ্শকক বুজাবলৈ details যোৱাৰ নামত অযথা ফুটেজ খৰচ কৰে, গতি মন্থৰ কৰে। এনে চিনেমাই বজাৰ নোপোৱাটোৱে স্বাভাৱিক। এনে ধৰণৰ চিনেমাই স্থানীয় বজাৰত "আৰ্ট চিনেমা" নচলে ধাৰণা দৰ্শকৰ মাজলৈ লৈ গৈছে, দৰ্শক-ভাল চিনেমাৰ মাজত দূৰত্ব বঢ়াইছে। "উপসৰ্গ", "আমিষ", "এমুঠি পুঠি" আদি অসমীয়া চিনেমা স্থানীয় বজাৰত যিমান চলিব লাগিছিল, নচলাৰ কাৰণ এইটোৱে।
এই খিনিতে মনলৈ আহিছে ড°ভূপেন হাজৰিকা-ড°ভৱেন্দ্ৰ নাথ শইকীয়াৰ কথোপকথনৰ একাংশ।
ড°ভূপেন হাজৰিকা: ভবেন, কলিকতাৰ Statesman এ ছবিখন (সন্ধ্যাৰাগ) ২.৩০ ঘণ্টাৰ দৈৰ্ঘ্যৰ নহলেও হ'লহেঁতেন বুলি সমালোচনা কৰিছে।
ড°ভৱেন্দ্ৰ নাথ শইকীয়া: হয়। তেওঁলোকে ভালকৈ বুজিব পৰা নাই। ম‍ই তেওঁলোকলৈ লিখিছোঁ।
ড°ভূপেন হাজৰিকা: সেইবোৰ ওলাব নিশ্চয়। —তুমি গল্প লিখা খুব details দি। সেই details গল্পৰ ফিল্মটো অধিককৈ ৰাখিবলৈ লোভ সামৰিব নোৱাৰিলা বুলি ভাবা নেকি ?
ড°ভৱেন্দ্ৰ নাথ শইকীয়া: ভূপেনদা, আপুনি জানেই, মই মোৰ গল্পত সূক্ষ্ম বস্তু বর্ণাও। ফিল্মতো সেই সৰলতা বা দুর্বলতা মোৰ আছিল।
ড°ভূপেন হাজৰিকা: এতিয়া যদি 'সন্ধ্যাৰাগ'ৰ details খিনি কাটিবলগা হয়, তুমি কিমান ফিট কাটি পেলাই দিবা?
ড°ভৱেন্দ্ৰ নাথ শইকীয়া: যদি বাহিৰলৈ ছবিখন যায় (যাৰ বাবে ইংৰাজী Sub-title কৰিছোঁ) মই প্রায় ৯০০ ফিট কাটি পেলাম।
ড°ভূপেন হাজৰিকা: বাহিৰৰ কাৰণে তুমি ৯০০ ফিট কাটিবা অথচ ভাৰতত দেখুৱাবলৈ সেই ৯০০ ফিট details ৰাখিছা। এই পার্থক্য কিয়? অসমৰ কাৰণেও এই ৯০০ ফিট (অতিৰিক্ত বুলি ভবা) কিয় ৰাখি থৈছা ? —অসমীয়া সাধাৰণ ৰাইজে সেই details বোৰ ভাল পাব বুলি । ...

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...