'অসমীয়া প্ৰতিদিন'ত মই যে মুকলি মনেৰে কাম কৰিব নোৱাৰিম বুজিবলৈ বেছি দিন নালাগিল। মোৰ বুজি নাপালো ভ্ৰাম্যমাণ থিয়েটাৰৰ খবৰ কিয় সৰুকৈ দিব লাগে ( মই সম্পাদনা কৰা ভিতৰৰ বিশেষ পৃষ্ঠাটোত), নাট্যকাৰ জীতেন শৰ্মাৰ নাটক কিয় কাকত খনৰ প্ৰথম পৃষ্ঠাৰ খবৰ হয়! ( জীতেন শৰ্মাৰ হয়, মৃদুল চুতীয়াৰ নাটকৰ নহয়। কিয়? মৃদুল চুতীয়া এনে এগৰাকী নাট্যকৰ্মী, যি গৰাকীয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো নতুন নতুন নাট্যচিন্তাৰে নাটক কৰি আহিছে।) আৰু বিশেষ ধৰণে (সমালোচনাৰ সাজ পিন্ধাই প্ৰচাৰত সহায় হোৱা) মাজে মাজে অভিজিত ভট্টাচাৰ্যৰ নাটক কেন্দ্ৰিক লেখা ভিতৰৰ আন পৃষ্ঠাত কিয় ছপোৱা হয়! এই যে মই ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ খবৰক কম ঠাই দিবলৈ বাধ্য হৈছিলোঁ, সহজ ভাবে লব পৰা নাছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ কেইবা গৰাকীয়ো প্ৰযোজকে। --প্ৰযোজকৰ এই অসন্তুষ্টিৰ কথা মোক জনাইছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী সংবাদকৰ্মী দিগন্ত কুমাৰ চৌধুৰীয়ে। দিগন্ত সেই সময়ত (চন:২০০৮) একেটা গোষ্ঠীৰে আলোচনী 'নন্দিনী'ৰ সম্পাদনা বিভাগত কাম কৰিছিল। দিগন্তই এনেদৰেও কৈছিল, 'মই প্ৰযোজক কেইগৰাকীক কৈছো, দোষ আপোনাৰ নহয়, তেওলোকে কিন্তু মানি নলয়। ...দাই (প্ৰযোজক গৰাকী আজি আমাৰ মাজত নাই। সেয়েহে নামটো উহ্য ৰাখিলো।) জয়ন্ত বৰুৱা ছাৰক কৈ আপোনাক প্ৰতিদিনৰ আঁতৰোৱাৰ ব্যৱস্থা কৰিম বুলিয়ো কৈছে।' প্ৰযোজক গৰাকীৰ খঙৰ কাৰণ আছিল 'অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ'। মৃদুল চুতীয়াৰ নাট্যকৰ্ম। ডাইনী হত্যা বিষয়বস্তুক আগবঢ়াই নিছিল এটা ত্ৰিকোনীয় প্ৰেমৰ কাহিনীৰে। মূল চৰিত্ৰ তিনিটাত অভিনয় কৰিছিল তপন দাস, জেৰিফা ৱাহিদ আৰু মৃদুল চুতীয়াই। নাটক খনে আমাৰ মন-মগজু চুই গৈছিল। আৰু নিৰ্দিষ্ট শুকুৰবাৰটোত প্ৰযোজক গৰাকীৰ নাট্যদলটোত মঞ্চস্থ নাটক এখনৰ লেখা এটা আঁতৰাই (লে-আউত হোৱাৰ পাছত, শেষ মুহুৰ্তত।) অমৰজ্যোতি ডেকাই লিখা 'অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ'ৰ লেখাটো লগাইছিলোঁ। কাকত খনৰ লে-আউট কোঠাৰ এই খবৰ কোনোবাই হয়তো প্ৰযোজক গৰাকীক জনাইছিল! পাছত প্ৰসংগক্ৰমে প্ৰযোজক গৰাকীয়ে কৈছিল--'মোৰ কথা বাদ দে। নাট্যকাৰৰ কথা বাদ দে। ইখন কাকতৰ সাংবাদিকৰ সৈতে সিখন কাকতৰ সাংবাদিকৰ মিল নাই বুলি কেনেকৈ কবি!" ইংগিতপূৰ্ণ উত্তৰ।
'অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ'ৰ লেখাটোক কেন্দ্ৰ কৰি 'অদ্ভুত ঘটনা' এটা ঘটিছিল। লেখাটো প্ৰকাশ পোৱাৰ পাছতে এখন চিঠি আহিছিল-- 'নাটক খন নকল ...'। পাছত আৰু এখন, আৰু এখন। ১০ খন মান চিঠি আহিছিল। 'অদ্ভুত কথা'টো হ'ল-- একে খন চিঠি। ভিন্ন ঠাই। ভিন্ন নামৰ প্ৰেৰক। তালুকদাৰ উপাধিৰ মধ্যভোগি এগৰাকীয়ে খবৰ আনিছিল-- ভিন্ন নামত অহা এই চিঠি হেনো কম্প'জ কৰোৱাইছিল এগৰাকী নাট্যকাৰে। তালুকদাৰে নাট্যকাৰ গৰাকীৰ নামটো নকলে। ('অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ' কেন্দ্ৰীক চিঠি কেইখন হয়তো ছপা হ'ল হেতেন, যদিহে অচ্যুৎ কুমাৰ পাটোৱাৰী আৰু আমি চিঠি কেইখন মিলাই নাচালো হেতেন!)
--এই লেখা কম্প'জ কৰি থকা সময়ত সামাজিক মাধ্যমত লেখা এটা পালো। কমল কুমাৰ মেধিৰ। মেধিৰ মতে, 'মালাকাৰ উপাধিৰ এজন ডিটিপি অপাৰেটৰ আছিল ৷ ...দাই নিজৰ নাটকৰ সমালোচনা নিজেই মালাকাৰক ডিক্টেচন দি লিখিছিল ৷ সেই সময়ৰ বিভিন্নজন চিত্ৰ সাংবাদিকৰ নামত প্ৰিণ্ট আউট উলিয়াই থৈ দিয়ে ৷ অন্য কাকতলৈ সেইবোৰ গুচি যায় ৷ নিজেই নিজৰ নাটকৰ উচ্চ প্ৰশংসা কৰে বেলেগৰ নাম দি ৷...' এই 'দা' গৰাকীয়ে 'অজানিতে ভাঙি গ'ল মোৰ বুকুৰে ঘৰ' কেন্দ্ৰীক চিঠিৰ লেখক নেকি! --নাই, প্ৰমাণ আমাৰ হাতত নাই।
------------------------------------------
আৰু আছে wait
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন