"মুম্বাইত আয়োজিত Ficci Frames 2022 অনুষ্ঠানত অসম ৰাজ্যিক চলচ্চিত্ৰ ( বিত্ত আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা অংশগ্ৰহণ কৰিছিল বিভাগটোৰ অধ্যক্ষ সীমান শেখৰৰ নেতৃত এটা তিনি নে চাৰিজনীয়া দলে। অধ্যক্ষ গৰাকীয়ে সামাজিক মাধ্যমত জনাইছিল-- "এই অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি সকলৰ সৈতে Shooting Locations সমূহৰ লগতে বিভিন্ন Film Policy সমূহৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। ..." --আমি অধ্যক্ষ গৰাকীৰ পৰা জানিব বিচাৰিছিলোঁ, এই যে বৰ্তমান অনুষ্ঠানটোত অংশ লৈছে, আপোনাৰ ধাৰণাত ইয়াৰ পৰা "অসমীয়া চিনেমা"ৰ কি লাভ হব? আমাক অধ্যক্ষ গৰাকীয়ে Ficci Frames 2022 অনুষ্ঠানত অংশ লৈ থকাৰ মাজতে সময় উলিয়াই যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে নিজে ফোন কৰি জনাইছিল কেইবাটাও "লাভ"ৰ কথা। এটা "লাভ" --বজাৰ নিৰ্মাণ। অধ্যক্ষ গৰাকীয়ে কোৱা কথাৰ পৰা বুজিছিলোঁ এনে ধৰণৰ অনুষ্ঠানত অংশলৈ অসমীয়া চিনেমাৰ বাবে অসমৰ বাহিৰত বজাৰ নিৰ্মাণৰ চেষ্টাত আছে "অসমীয়া চিনেমাৰ উন্নতিৰ স্বাৰ্থত কাম কৰা" চৰকাৰী বিভাগটো। (এই দিশত সফল হওক! আমাৰ শুভেচ্ছা থাকিল। আমি আশাৰে ৰৈ আছো, সোনকালে বিভাগটোৱে অসমৰ বাহিৰত অসমীয়া চিনেমাৰ বাবে নিৰ্মাণ কৰা বা সন্ধান পোৱা "বজাৰ" কেইখন মুকলিকৈ সকলোকে জনাব।) আমাৰ ধাৰণাত কিন্তু হাতত চিনেমা লৈহে "বজাৰৰ সন্ধান" কৰিব লাগিছিল। --এয়া প্ৰথম কথা।
দ্বিতীয়তে "বজাৰৰ সন্ধান"ৰ বাবে চৰকাৰী (জনসাধাৰণৰ) টকা খৰচ কৰি ঘূৰি ফুৰাতকৈ দেশৰ, দেশৰ বাহিৰৰ "চিনেমাৰ বজাৰ"ৰ অভিজ্ঞতা থকা অসমৰে জাহ্নু বৰুৱা, উৎপল বৰপূজাৰী, বিতোপন বৰবৰা, ৰীমা দাসৰ সৈতে অধ্যক্ষ গৰাকীয়ে, অধ্যক্ষ গৰাকীৰ "বিশেষজ্ঞ দলে" মত বিনিময় নকৰে কিয়?
তৃতীয় আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল-- অসমৰ চিনেমাৰ বজাৰ খন নিৰ্মাণত গুৰুত্ব নিদিয়ে কিয়? বিভাগটোৱে মিনি চিত্ৰগৃহ নিৰ্মাণ আৰু ভ্ৰাম্যমাণ চিত্ৰগৃহৰে অসমীয়া চিনেমাৰ সৰু বজাৰ খন বহল কৰিব নোৱাৰাৰ কাৰণ নিশ্চয় নাই।
-- বৰাক উপত্যকাকে ধৰি অসমৰে কিছু অঞ্চলত "অসমীয়া চিনেমা নচলে" বুলি এৰি দিয়া হয়। এই যে এৰি দিয়া হয়, এই অঞ্চলত ৰাজ্যৰ বাহিৰত "বজাৰ" নিৰ্মণ কৰিব খোজা বিভাগটোৱে অসমৰে ভিতৰৰ এই অঞ্চলত অসমীয়া চিনেমা চলাৰ পৰিবেশ নিৰ্মাণ কৰক। বিভাগটোৱে অনুভৱ কৰিলে ভাল হয়-- অসমতে আছে অসমীয়া চিনেমাৰ বহল বজাৰৰ সম্ভাৱনা। বৰ্তমানৰ "সৰু বজাৰ" খনতে এখন অসমীয়া চিনেমাই ৬০-৬৫ খন স্ক্ৰীনৰ পৰা ৯-১০ কোটি টকাৰ ব্যৱসায় কৰাৰ উদাহৰণ আছে। ৰাজ্যৰ প্ৰায় ৩ কোটি ৪০ লাখ জনসংখ্যাৰ ৰাজ্যখনৰ মাত্ৰ ১ লাখ মানুহেও এখন অসমীয়া চিনেমা চালে সহজতে বজাৰ সফল চিনেমাৰ তালিকা ভুক্ত নোহোৱাৰ কাৰণ নাই। প্ৰয়োজন মাত্ৰ ভাল চিনেমা আৰু দৰ্শকৰ ওচৰত-- চিত্ৰগৃহ।
বহুতে ওপৰে ওপৰে 'বজাৰ' কেন্দ্ৰীক চিনেমাৰ চৰ্চা হ'লেই দিয়ে 'দক্ষিণ'ৰ চিনেমাৰ উদাহৰণ। বিশ্লেষণ কৰি চায় বা চাব নাজানে দক্ষিণ ভাৰতৰ চিনেমা মানেই এটা ভাষাৰ চিনেমা নহয়। দক্ষিণ ভাৰতৰ অধিকাংশ লোকেই তামিল, তেলুগু, কন্নড় আৰু মালয়ালম—এই চাৰিটা দ্রাবিড় ভাষাত কথা কয়, জানে। শ্রীলঙ্কা, ইন্দোনেছিয়া, থাইলেন্ড আৰু মালয়েচিয়াতো এই চাৰিটা ভাষা জনা, কথা কোৱা মানুহ আছে। --এই বৃহৎ বজাৰ খনত 'দক্ষিণৰ চিনেমা" বুলি চলোৱা হয় তামিল, তেলুগু, কন্নড় আৰু মালয়ালম ভাষাৰ চিনেম। এখন চিনেমা এই চাৰিটা ভাষাত বা ইয়াৰে দুটা মান ভাষাতো প্ৰথম পৰ্যায়তে নিৰ্মাণ কৰা হয়। ইয়াৰো পৰি হিন্দী ভাষাতো। আৰু ব্যৱসায় হয় এই বজাৰ খনত, হিন্দী চিনেমাৰো বজাৰ খনত। "আৰ আৰ আৰ" চিনেমা খনে যে ১,১১১-১,২০০ কোটি টকা ব্যৱসায় কৰিছে এটা ভাষাৰে নহয়, হিন্দী আৰু তামিল, তেলেগু আদি যিমানটা ভাষাৰে চিত্ৰগৃহলৈ আহিছে, আটাইকেইটা সংস্কৰণ মিলি। এই বক্স অ'ফিছ কালেক্সনক আমি এনে দৰে চৰ্চা কৰো, যেন এটা ভাষাতহে ইমান হাজাৰ কোটি টকা ব্যৱসায় কৰিছে! ৫৫০ কোটি টকাৰ 'আৰ আৰ আৰ'-এ প্ৰায় ১২০০ কোটি টকা ব্যৱসায় কৰিছে।
আৰু ইয়াৰ বিপৰীতে অসমীয়া চিনেমালৈ চালে দেখিম-- ১.৫ (ডেৰ) কোটি টকাৰো কম বাজেটৰ এটা ভাষাৰ 'ৰত্নাকৰ'-এ এখন ৰাজ্যৰ কেইটামান চিত্ৰগৃহত প্ৰায় ১২ কোটি টকা ব্যৱসায় কৰিছে। --অসমীয়া চিনেমাৰ "সৰু বজাৰ" খনত 'ৰত্নাকৰ' বিগ বাজেটৰ বিগ হিট (ছুপাৰ হিট) বুলি নিশ্চয় কব পাৰো। (আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন