মোৰ দেউতাৰ খুড়াৰ সৰু ল'ৰা —উগ্ৰ মেনা। গতিকে মোৰ — খুড়া। মোৰ ঘৰৰে নাট্যকাৰ। 'নাটক' নুবুজা সময়ৰে পৰা দেখোঁ— মে' মাহৰ প্ৰথম সপ্তাহমানৰ পৰা খুড়া খুউব ব্যস্ত হৈ পৰে। [খুড়াক আমি মাতিছিলোঁ সৰপিতে (সৰু পিতা) বুলি।] অভিনয় কৰা মানুহে ভিৰ কৰে। যেতিয়া ভিৰ নোহোৱা হয় কলম কাগজ লৈ ব্যস্ত হৈ পৰে। আমি জানিছিলোঁ — নাটক লিখাত ব্যস্ত হয়। সেই সময়ত খুড়াই নাটক লিখিছিল কেৱল মকুন্দ থিয়েটাৰৰ বাবে। মকুন্দ থিয়েটাৰ বেলশৰলৈ আহিলে আমাক ‘মিউজিক বক্স' ত, ডাঙৰ কাঠৰ বাকচত বহি নাটক চোৱাৰ সুবিধা কৰি দিছিল । সেয়া আছিল এক অনুভৱ, নাটক চোৱাৰ উত্তেজনা। --'নাটক' বুজাৰ বয়সত, সেই কাঠৰ বাকচত বহিয়ে চাইছিলোঁ ‘কমলা কুঁৱৰী', ‘বিপ্লবীৰ চেতনা', 'বঞ্চিতা' আদি। ‘কমলা কুঁৱৰী’ত 'কমলা কুঁৱৰী ৰাইজৰ ঈশ্বৰী...' গীতটো অতি সুন্দৰভাৱে ব্যৱহাৰ কৰিছিল, এটা পাৰিবাৰিক কাহিনীৰ সৈতে। সেই নাটকখনৰ বিষয়ে লিখি মই শ্ৰদ্ধাৰ কনক সেন ডেকাৰ হাতত দিছিলোঁ। সম্পাদিত ৰূপত প্ৰকাশ পাইছিল 'তিনি দিনীয়া অগ্রদূত ত। —কনক সেন ডেকা বেলশৰৰ গৌৰৱ; আৰু সেই সময়ত 'বেলশৰীয়া' কনক সেন ডেকাৰ ‘অগ্ৰদূত' আছিল আমাৰ গাঁৱৰ বহুতৰে ঘৰতে। আছিল মানে,লৈছিল। গতিকে 'কমলা কুঁৱৰী' সম্পৰ্কীয় লেখাটো খুড়াৰ চকুত পৰিছিল। লেখাটো পঢ়াৰ পাছত মোক কৈছিল— 'যি কোনো লেখায়ে লেখকে নিজৰ বাবে লিখিব লাগে। তই মোৰ বাবে লিখিলি।' মই বুজা নাছিলোঁ। বুজাই দিছিল. - ... নাটকখনৰ ভাল দিশৰ কথাহে লিখিছ। দুর্বল দিশো আছিল। দুৰ্বল দিশবোৰ হয়তো তোৰ চকুত পৰা নাই। যদি পৰা নাই— তই নাটকখন চাব জনা নাই। 'নাটক'ৰ কিতাপ কিছুমান আছে, সেইবোৰ পঢ়িব লাগিব। — পাছত মোক কেইখনমান কিতাপ আনি দিছিল। বহু দিন খুড়াৰ নাটকৰ বিষয়ে লিখা নাছিলোঁ। মোৰ মনত সোমাইছিল 'মই ভ্ৰাম্যমাণ থিয়েটাৰ'ৰ বিষয়ে, বিশেষকৈ ‘নাটকৰ সমালোচনা' লিখিব পৰা হোৱা নাই। মোৰ মনত সোমাই থকা সেই ভাবটো বাহিৰ হৈছিল সুৰদেৱী থিয়েটাৰৰ প্রযোজক ধৰণী বৰ্মনক লগ পোৱাৰ পাছত। তেতিয়া মই নৱম শ্ৰেণীৰ ছাত্ৰ। চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। মোৰ এজন বন্ধু আছিল (দুঃখিত নামটো মনলৈ আনিব পৰা নাই।); 'নাট্যকর্মী', 'চং'খ্যাত ৰমণী বৰ্মনৰ ভায়েক। সেই বন্ধুজনেই ‘সুৰদেৱী'ৰ প্রযোজকগৰাকীৰ, আমাৰ বিদ্যালয়ৰ ওচৰত থকা ঘৰলৈ লৈ গৈছিল। দুই, তিনিবাৰ । দ্বিতীয়বাৰ যাওঁতে কৈছিল— 'তোৰ লেখা এটা পঢ়িলো। ফণী শৰ্মাৰ ‘এমুঠি চাউল'ৰ বিষয়ে যে লিখিছ, 'দৈনিক অসমত । ভাল লিখিছ। বহুতে 'আজকাল'ৰ কথা উল্লেখ নকৰে। নকৰে মানে, নাজানেই... । তই নাটকৰ সমালোচনা লিখ। পাৰিবি...' লিখিছিলোঁ। আকৌ উগ্র মেনাৰ নাটক। সেই নাট্যবৰ্ষত 'হিট' হৈছিল মকুন্দ থিয়েটাৰৰ 'মামৰে ধৰা অলংকাৰ'। নাটকখনৰ সমালোচনা পঢ়ি খুড়াই আনন্দ প্ৰকাশ কৰিছিল। নাটকখন 'মৌলিক' বুলি ‘চৰ্চা হৈ আছিল; কিন্তু মই লিখিছিলোঁ 'মাটিৰ ঘৰ' নামৰ বাংলা নাটক এখনৰ সৈতে 'প্রায় একেই। অভিনেতা অভিনেত্রীর অভিনয়ো আলোচনা কৰিছিলোঁ।
'মামৰে ধৰা অলংকাৰ'ৰ বিষয়ে যিটো 'লেখা' লিখিছিলোঁ, সেইটো আজিৰ অসম' (সেই সময়ত পৃষ্ঠাটো সম্পাদনা কৰিছিল মোহন কাকতিয়ে। পৰৱৰ্তী সময়ত মোহন দাৰ সৈতে কাম কৰিছিলোঁ 'আজি'ত। 'আধুনিক চিন্তাৰ সাংবাদিক মোহন দা।) ত প্ৰকাশ পোৱাৰ দিনা মুখামুখি হৈছিলোঁ ভবেন বৰুৱাৰ সৈতে। শিল্পীগৰাকীয়ে সেইদিনা মোক উগ্ৰ মেনাৰ কথা কৈছিল। – ঠিক আছে, তুমি যেনেদৰে ভাবিছা 'মামৰে ধৰা অলংকাৰ'ৰ বিষয়ে তেনেদৰেই লিখিছা। এই বিষয়ত মই একো নকওঁ । ...এটা কাম কৰিব নোৱাৰানে? ... তোমাৰ ঘৰৰে নাট্যকাৰগৰাকীৰ বিষয়ে লিখিব নোৱাৰানে? এবাৰ ভাবাচোন— উগ্ৰ মেনাৰ 'নাটক' বহুতে জানে; কিন্তু উগ্র মেনাক কিমানে জানে? উগ্ৰ মেনাৰ অভিনয় দক্ষতাৰ কথা কিমানে জানে ? ... হয়তো তুমিয়ে নাজানা।সঁচাকৈয়ে জনা নাছিলোঁ। তাৰ দুদিন পাছত উগ্ৰ মেনাৰ সৈতে বহু সময় কথা পাতিছিলোঁ। যি ‘কথা’ পাতিছিলোঁ প্ৰকাশ পাইছিল পষেকীয়া আলোচনী 'সমকাল'ত। উগ্ৰ মেনাই কৈছিল-- "তেতিয়া মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। তেল শোধনাগাৰ আন্দোলনত যোগ দি গুৱাহাটীৰ কাছাৰীত। পিকেটিং কৰাৰ অপৰাধত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। সেই সময়তে ব্যাপক ৰূপত গুৱাহাটীবাসীক ইনফ্লুয়েঞ্জা ৰোগে গ্ৰাস কৰে। মইও আক্রান্ত হ'লোঁ। আৰু গণৰাজ্য দিৱস উপলক্ষে মুক্তি দিয়াত ঘৰৰ ল'ৰা ঘৰলৈ গুচি আহিলোঁ। — পঢ়া জীৱনৰ যতি পৰিল আগলৈও নপঢ়োঁ বুলি মন কোচাই ল'লোঁ'। ...
সেই সময়তে নাট্য সাহিত্য আৰু অভিনয়ৰ প্ৰতি মোৰ অনুৰাগ প্ৰকাশ্যভাৱে তীব্র হৈ পৰিল। আৰু 'কঠালবাৰী নাট্য সমিতি'ত যোগ দিলোঁ।চনটো আছিল ১৯৫৮। মোৰ কাম আছিল বাংলা নাটক আক্ষৰিক অনুবাদ কৰা আৰু হৈ নাটক স্মৰণ কৰোৱা। কিন্তু কেইগৰাকীমান বন্ধুৰ হেঁচাত অতি কম দিনৰ ভিতৰতে নাট্য সমিতি এৰি গুৱাহাটী কটন কলেজিয়েট ভর্তি হওঁ। সেই সময়ছোৱাত সুকণ্ঠী গায়ক 'নলিনী চৌধুৰী, 'নতুন পৃথিৱী' চলচ্চিত্রৰ নায়িকা মীনাক্ষি চৌধুৰী আদিৰ লগ হৈ মই লিখা কেইবাখনো নাটক মঞ্চস্থ কৰো।
১৯৬৬ চনত বেলশৰ 'কামৰূপ নাট্য কলাকেন্দ্র'ত অভিনয়কে জীবিকা ৰূপে গ্ৰহণ কৰি আজিলৈকে ভ্রাম্যমাণ নাট্যদলৰ নাট্যকাৰ আৰু পৰিচালকৰূপে সাঙোৰ খাই আছোঁ। সেই সময়ত ভ্ৰাম্যমাণত অভিনয় কৰিবলৈ বাংলা নাটক অনুবাদ কৰি লোৱা হৈছিল। ৭২ চনলৈকে ময়ো তাকেই কৰিছিলোঁ যদিও আক্ষরিক অনুবাদ নকৰি বাংলা ভাষা আৰু আচাৰ-ব্যৱহাৰৰ প্ৰতিফলন নপৰাকৈ অসমীয়া সাঁচত নিজৰ কথাৰে লিখিছিলোঁ। 'মিলন মালা' নাটকখন মূল বাংলাৰ পৰা এনে সতর্কতাৰে যুগুতোৱা হৈছিল যে, প্ৰতিজন দৰ্শকৰ মনত গভীৰ ৰেখাপাত কৰিবলৈ সমৰ্থ হৈছিল । ভ্রাম্যমাণ যাত্ৰা জগতত এইখনেই মোৰ প্ৰথম সামাজিক নাটক। ৭৩ চনত 'মকুন্দ থিয়েটাৰ'ত যোগদান কৰাৰ পাছত নাটৰ লিখন ৰীতি সলনি কৰিলোঁ। দুই-এখন হিন্দী আৰু বাংলাৰ পৰা সম্পাদনা কৰি, উপন্যাসৰ আধাৰত নাট লিখিব ল'লোঁ। আৰু বছৰেকত এখনকৈ হ'লেও মৌলিক নাট ৰচনা কৰাত মনোযোগ দিলোঁ । আর্তনাদ এটি নিশাৰ' --মোৰ প্ৰথম স্বৰচিত পূৰ্ণাংগ নাটক। পূৰ্বতে উল্লেখ কৰা পদ্ধতিৰে যুগুতোৱা আৰু ৰচনা কৰা পূৰ্ণাংগ নাটৰ সংখ্যা প্ৰায় এশ হ'বগৈ। ইয়াৰ বাহিৰেও পোন্ধৰখন মান একাংকিকা বন্ধু-বান্ধৱৰ তাগিদাত লিখিছিলোঁ ছাত্রাবস্থাতে। ৬৫ চনত নলবাৰীত অনুষ্ঠিত সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত 'জোৰণ' উল্লেখযোগ্য।
আৰু পৰিচালক ? --অপেচাদাৰী নাট্যদলত স্বয়ম্ভু নাট পৰিচালক হ'লেও ভ্ৰাম্যমাণত পৰিচালকৰ দায়িত্ব ভাৰ অৰ্পণ কৰে ভাগ্যদেৱী'ৰ প্ৰযোজক শৰৎ মজুমদাৰে। তেতিয়াৰে পৰাই আজিলৈকে 'মকুন্দ থিয়েটাৰেও পৰিচালনাৰ ভাৰ মোৰ ওপৰত থাপিছে। সময়ৰ গতিবেগত এই ভাৰ গ্ৰহণ কৰা মোৰ আৰ্থিক পৰিবেশবিহীন এজন নিঃসহায় লোকৰ বাবে অতি কষ্টকৰ।" ( "সমকাল" / ১৯ ৮৬)
--কায়িক উগ্ৰ মেনা আজি আমাৰ মাজত নাই। নাটক বোৰো হেৰাই থাকিল। কিন্তু ভ্ৰামমাণ থিয়েটাৰৰ ইতিহাস কোনেও নিলিখিব উগ্ৰ মেনাক বাদ দি।
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন