সরাসরি প্রধান সামগ্রীতে চলে যান

এটা কাম কৰিব নোৱাৰানে? ... তোমাৰ ঘৰৰে নাট্যকাৰগৰাকীৰ বিষয়ে লিখিব নোৱাৰানে?

উগ্ৰ মেনা by: Utpal Mena
মোৰ দেউতাৰ খুড়াৰ সৰু ল'ৰা —উগ্ৰ মেনা। গতিকে মোৰ — খুড়া। মোৰ ঘৰৰে নাট্যকাৰ। 'নাটক' নুবুজা সময়ৰে পৰা দেখোঁ— মে' মাহৰ প্ৰথম সপ্তাহমানৰ পৰা খুড়া খুউব ব্যস্ত হৈ পৰে। [খুড়াক আমি মাতিছিলোঁ সৰপিতে (সৰু পিতা) বুলি।] অভিনয় কৰা মানুহে ভিৰ কৰে। যেতিয়া ভিৰ নোহোৱা হয় কলম কাগজ লৈ ব্যস্ত হৈ পৰে। আমি জানিছিলোঁ — নাটক লিখাত ব্যস্ত হয়। সেই সময়ত খুড়াই নাটক লিখিছিল কেৱল মকুন্দ থিয়েটাৰৰ বাবে। মকুন্দ থিয়েটাৰ বেলশৰলৈ আহিলে আমাক ‘মিউজিক বক্স' ত, ডাঙৰ কাঠৰ বাকচত বহি নাটক চোৱাৰ সুবিধা কৰি দিছিল । সেয়া আছিল এক অনুভৱ, নাটক চোৱাৰ উত্তেজনা। --'নাটক' বুজাৰ বয়সত, সেই কাঠৰ বাকচত বহিয়ে চাইছিলোঁ ‘কমলা কুঁৱৰী', ‘বিপ্লবীৰ চেতনা', 'বঞ্চিতা' আদি। ‘কমলা কুঁৱৰী’ত 'কমলা কুঁৱৰী ৰাইজৰ ঈশ্বৰী...' গীতটো অতি সুন্দৰভাৱে ব্যৱহাৰ কৰিছিল, এটা পাৰিবাৰিক কাহিনীৰ সৈতে। সেই নাটকখনৰ বিষয়ে লিখি ম‍ই শ্ৰদ্ধাৰ কনক সেন ডেকাৰ হাতত দিছিলোঁ। সম্পাদিত ৰূপত প্ৰকাশ পাইছিল 'তিনি দিনীয়া অগ্রদূত ত। —কনক সেন ডেকা বেলশৰৰ গৌৰৱ; আৰু সেই সময়ত 'বেলশৰীয়া' কনক সেন ডেকাৰ ‘অগ্ৰদূত' আছিল আমাৰ গাঁৱৰ বহুতৰে ঘৰতে। আছিল মানে,লৈছিল। গতিকে 'কমলা কুঁৱৰী' সম্পৰ্কীয় লেখাটো খুড়াৰ চকুত পৰিছিল। লেখাটো পঢ়াৰ পাছত মোক কৈছিল— 'যি কোনো লেখায়ে লেখকে নিজৰ বাবে লিখিব লাগে। তই মোৰ বাবে লিখিলি।' মই বুজা নাছিলোঁ। বুজাই দিছিল. - ... নাটকখনৰ ভাল দিশৰ কথাহে লিখিছ। দুর্বল দিশো আছিল। দুৰ্বল দিশবোৰ হয়তো তোৰ চকুত পৰা নাই। যদি পৰা নাই— তই নাটকখন চাব জনা নাই। 'নাটক'ৰ কিতাপ কিছুমান আছে, সেইবোৰ পঢ়িব লাগিব। — পাছত মোক কেইখনমান কিতাপ আনি দিছিল। বহু দিন খুড়াৰ নাটকৰ বিষয়ে লিখা নাছিলোঁ। মোৰ মনত সোমাইছিল 'ম‍ই ভ্ৰাম্যমাণ থিয়েটাৰ'ৰ বিষয়ে, বিশেষকৈ ‘নাটকৰ সমালোচনা' লিখিব পৰা হোৱা নাই। মোৰ মনত সোমাই থকা সেই ভাবটো বাহিৰ হৈছিল সুৰদেৱী থিয়েটাৰৰ প্রযোজক ধৰণী বৰ্মনক লগ পোৱাৰ পাছত। তেতিয়া মই নৱম শ্ৰেণীৰ ছাত্ৰ। চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। মোৰ এজন বন্ধু আছিল (দুঃখিত নামটো মনলৈ আনিব পৰা নাই।); 'নাট্যকর্মী', 'চং'খ্যাত ৰমণী বৰ্মনৰ ভায়েক। সেই বন্ধুজনেই ‘সুৰদেৱী'ৰ প্রযোজকগৰাকীৰ, আমাৰ বিদ্যালয়ৰ ওচৰত থকা ঘৰলৈ লৈ গৈছিল। দুই, তিনিবাৰ । দ্বিতীয়বাৰ যাওঁতে কৈছিল— 'তোৰ লেখা এটা পঢ়িলো। ফণী শৰ্মাৰ ‘এমুঠি চাউল'ৰ বিষয়ে যে লিখিছ, 'দৈনিক অসমত । ভাল লিখিছ। বহুতে 'আজকাল'ৰ কথা উল্লেখ নকৰে। নকৰে মানে, নাজানেই... । তই নাটকৰ সমালোচনা লিখ। পাৰিবি...' লিখিছিলোঁ। আকৌ উগ্র মেনাৰ নাটক। সেই নাট্যবৰ্ষত 'হিট' হৈছিল মকুন্দ থিয়েটাৰৰ 'মামৰে ধৰা অলংকাৰ'। নাটকখনৰ সমালোচনা পঢ়ি খুড়াই আনন্দ প্ৰকাশ কৰিছিল। নাটকখন 'মৌলিক' বুলি ‘চৰ্চা হৈ আছিল; কিন্তু ম‍ই লিখিছিলোঁ 'মাটিৰ ঘৰ' নামৰ বাংলা নাটক এখনৰ সৈতে 'প্রায় একেই। অভিনেতা অভিনেত্রীর অভিনয়ো আলোচনা কৰিছিলোঁ।
'মামৰে ধৰা অলংকাৰ'ৰ বিষয়ে যিটো 'লেখা' লিখিছিলোঁ, সেইটো আজিৰ অসম' (সেই সময়ত পৃষ্ঠাটো সম্পাদনা কৰিছিল মোহন কাকতিয়ে। পৰৱৰ্তী সময়ত মোহন দাৰ সৈতে কাম কৰিছিলোঁ 'আজি'ত। 'আধুনিক চিন্তাৰ সাংবাদিক মোহন দা।) ত প্ৰকাশ পোৱাৰ দিনা মুখামুখি হৈছিলোঁ ভবেন বৰুৱাৰ সৈতে। শিল্পীগৰাকীয়ে সেইদিনা মোক উগ্ৰ মেনাৰ কথা কৈছিল। – ঠিক আছে, তুমি যেনেদৰে ভাবিছা 'মামৰে ধৰা অলংকাৰ'ৰ বিষয়ে তেনেদৰেই লিখিছা। এই বিষয়ত মই একো নকওঁ । ...এটা কাম কৰিব নোৱাৰানে? ... তোমাৰ ঘৰৰে নাট্যকাৰগৰাকীৰ বিষয়ে লিখিব নোৱাৰানে? এবাৰ ভাবাচোন— উগ্ৰ মেনাৰ 'নাটক' বহুতে জানে; কিন্তু উগ্র মেনাক কিমানে জানে? উগ্ৰ মেনাৰ অভিনয় দক্ষতাৰ কথা কিমানে জানে ? ... হয়তো তুমিয়ে নাজানা।সঁচাকৈয়ে জনা নাছিলোঁ। তাৰ দুদিন পাছত উগ্ৰ মেনাৰ সৈতে বহু সময় কথা পাতিছিলোঁ। যি ‘কথা’ পাতিছিলোঁ প্ৰকাশ পাইছিল পষেকীয়া আলোচনী 'সমকাল'ত। উগ্ৰ মেনাই কৈছিল-- "তেতিয়া ম‍ই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। তেল শোধনাগাৰ আন্দোলনত যোগ দি গুৱাহাটীৰ কাছাৰীত। পিকেটিং কৰাৰ অপৰাধত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। সেই সময়তে ব্যাপক ৰূপত গুৱাহাটীবাসীক ইনফ্লুয়েঞ্জা ৰোগে গ্ৰাস কৰে। মইও আক্রান্ত হ'লোঁ। আৰু গণৰাজ্য দিৱস উপলক্ষে মুক্তি দিয়াত ঘৰৰ ল'ৰা ঘৰলৈ গুচি আহিলোঁ। — পঢ়া জীৱনৰ যতি পৰিল আগলৈও নপঢ়োঁ বুলি মন কোচাই ল'লোঁ'। ...
সেই সময়তে নাট্য সাহিত্য আৰু অভিনয়ৰ প্ৰতি মোৰ অনুৰাগ প্ৰকাশ্যভাৱে তীব্র হৈ পৰিল। আৰু 'কঠালবাৰী নাট্য সমিতি'ত যোগ দিলোঁ।চনটো আছিল ১৯৫৮। মোৰ কাম আছিল বাংলা নাটক আক্ষৰিক অনুবাদ কৰা আৰু হৈ  নাটক স্মৰণ কৰোৱা। কিন্তু কেইগৰাকীমান বন্ধুৰ হেঁচাত অতি কম দিনৰ ভিতৰতে নাট্য সমিতি এৰি গুৱাহাটী কটন কলেজিয়েট ভর্তি হওঁ। সেই সময়ছোৱাত সুকণ্ঠী গায়ক 'নলিনী চৌধুৰী, 'নতুন পৃথিৱী' চলচ্চিত্রৰ নায়িকা মীনাক্ষি চৌধুৰী আদিৰ লগ হৈ মই লিখা কেইবাখনো নাটক মঞ্চস্থ কৰো।
১৯৬৬ চনত বেলশৰ 'কামৰূপ নাট্য কলাকেন্দ্র'ত অভিনয়কে জীবিকা ৰূপে গ্ৰহণ কৰি আজিলৈকে ভ্রাম্যমাণ নাট্যদলৰ নাট্যকাৰ আৰু পৰিচালকৰূপে সাঙোৰ খাই আছোঁ। সেই সময়ত ভ্ৰাম্যমাণত অভিনয় কৰিবলৈ বাংলা নাটক অনুবাদ কৰি লোৱা হৈছিল। ৭২ চনলৈকে ময়ো তাকেই কৰিছিলোঁ যদিও আক্ষরিক অনুবাদ নকৰি বাংলা ভাষা আৰু আচাৰ-ব্যৱহাৰৰ প্ৰতিফলন নপৰাকৈ অসমীয়া সাঁচত নিজৰ কথাৰে লিখিছিলোঁ। 'মিলন মালা' নাটকখন মূল বাংলাৰ পৰা এনে সতর্কতাৰে যুগুতোৱা হৈছিল যে, প্ৰতিজন দৰ্শকৰ মনত গভীৰ ৰেখাপাত কৰিবলৈ সমৰ্থ হৈছিল । ভ্রাম্যমাণ যাত্ৰা জগতত এইখনেই মোৰ প্ৰথম সামাজিক নাটক। ৭৩ চনত 'মকুন্দ থিয়েটাৰ'ত যোগদান কৰাৰ পাছত নাটৰ লিখন ৰীতি সলনি কৰিলোঁ। দুই-এখন হিন্দী আৰু বাংলাৰ পৰা সম্পাদনা কৰি, উপন্যাসৰ আধাৰত নাট লিখিব ল'লোঁ। আৰু বছৰেকত এখনকৈ হ'লেও মৌলিক নাট ৰচনা কৰাত মনোযোগ দিলোঁ । আর্তনাদ এটি নিশাৰ' --মোৰ প্ৰথম স্বৰচিত পূৰ্ণাংগ নাটক। পূৰ্বতে উল্লেখ কৰা পদ্ধতিৰে যুগুতোৱা আৰু ৰচনা কৰা পূৰ্ণাংগ নাটৰ সংখ্যা প্ৰায় এশ হ'বগৈ। ইয়াৰ বাহিৰেও পোন্ধৰখন মান একাংকিকা বন্ধু-বান্ধৱৰ তাগিদাত লিখিছিলোঁ ছাত্রাবস্থাতে।  ৬৫ চনত নলবাৰীত অনুষ্ঠিত সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত 'জোৰণ' উল্লেখযোগ্য।
আৰু পৰিচালক ? --অপেচাদাৰী নাট্যদলত স্বয়ম্ভু নাট পৰিচালক হ'লেও ভ্ৰাম্যমাণত পৰিচালকৰ দায়িত্ব ভাৰ অৰ্পণ কৰে ভাগ্যদেৱী'ৰ প্ৰযোজক শৰৎ মজুমদাৰে। তেতিয়াৰে পৰাই আজিলৈকে 'মকুন্দ থিয়েটাৰেও পৰিচালনাৰ ভাৰ মোৰ ওপৰত থাপিছে। সময়ৰ গতিবেগত এই ভাৰ গ্ৰহণ কৰা মোৰ আৰ্থিক পৰিবেশবিহীন এজন নিঃসহায় লোকৰ বাবে অতি কষ্টকৰ।" ( "সমকাল" / ১৯ ৮৬)
--কায়িক উগ্ৰ মেনা আজি আমাৰ মাজত নাই। নাটক বোৰো হেৰাই থাকিল। কিন্তু ভ্ৰামমাণ থিয়েটাৰৰ ইতিহাস কোনেও নিলিখিব উগ্ৰ মেনাক বাদ দি।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...