সরাসরি প্রধান সামগ্রীতে চলে যান

শ্বেইক্সপীয়েৰৰ নাটকৰ ‘নতুন চিন্তা’ৰ এক অধ্যায়

‘নতুন চিন্তা’ নে ‘আধুনিক চিন্তা' বুলিলে বিশুদ্ধ হ'ব? 'আধুনিক চিন্তা' বুলিলে ব্যাখ্যাৰ প্ৰয়োজন হ'ব। এটা 'বস্তু' বা 'সৃষ্টি' এটা সময়ত ‘আধুনিক’ হ’ব পাৰে। পৰৱৰ্তী সময়ত সেই 'বস্তু' বা 'সৃষ্টি' আধুনিক নহ'বও পাৰে। আজিৰ ৫০ বছৰ, ১০০ বছৰৰ আগৰ নাটক এখন, গীত এটা সেই সময়ত 'আধুনিক' নাছিল জানো ? — শ্বেইক্সপীয়েৰৰ নাটকসমূহো আধুনিকেই আছিল। বহু ফালৰ পৰা সেই নাটকসমূহ আজিৰ তাৰিখতো ‘আধুনিক' হৈয়ে আছে; কিন্তু 'আধুনিক' বুলিলে বিশুদ্ধ নহব। গতিকে আমি ‘নতুন চিন্তা' বুলিয়ে ক'ম।
স্পষ্ট কৰি দিছোঁ – এই লেখাত শ্বেইক্সপীয়েৰৰ নাটকক লৈ হোৱা ‘ভাৰতীয় নতুন চিন্তা’ বিষয়েহে আলোচনা কৰিম।
"হেমলেট'। 'শ্বেইক্সপীয়েৰ চৰ্চা কৰাসকলে নিশ্চয় জানে নাটকখনৰ কাহিনী আগ বাঢ়ে ডেনমাৰ্কৰ বিখ্যাত ৰজাসকলৰ এজনৰ পুত্ৰ হেমলেটক কেন্দ্ৰ কৰি। হেমলেটৰ পিতৃৰ মৃত্যু, মৃত্যুৰ লগে লগে খুড়াকৰ সৈতে মাতৃৰ বিবাহ। তাৰ পাছত ? নাটকখনৰ কাহিনী বর্ণনা আমাৰ এই লেখাৰ "বিষয়বস্তু" নহয়। "বিষয়বস্তু"ৰ স্বাৰ্থত চৰিত্ৰ তিনিটা উল্লেখ কৰিলোঁ। নাটকখনৰ এই চৰিত্ৰ তিনিটাক লৈ মাৰাঠী ভাষাত ৰচনা হৈছিল 'আজছা হেমলেট' নামৰ নাটক এখন। নাটকখন প্ৰথমবাৰ মঞ্চস্থ হৈছিল ১৯৩৮ চনত। লেখক অজয় মাহৰেৰ "ৰচনা"ত পোৱা যায়-- নাটক খনৰ পার্টভূমি মুম্বাইলৈ অনা হৈছিল। পাৰিবাৰিক নাটকৰ গঢ় দিয়াৰ চেষ্টা চলিছিল। স্বাভাবিক সেই সময়ৰ মাৰঠী সমাজে বা 'নাট্যৰসিকে' নাটকখন আদৰি নল'লে। সমালোচক সকসকলে -- "অ-নাটক"ৰ তালিকাভুক্ত কৰিলে। কোনো কোনোৱে মাৰাঠী সমাজৰ অদ্ভুত ঘটনা' বুলি ব্যাখ্যা কৰিলে।
শ্বেইক্সপীয়েৰৰ আন এক সেউজ নাট্যকৰ্ম -- "মেকবেথ" (Macbeth / সম্পূৰ্ণ নাম "The Tragedy of Macbeth")। আনুমানিক ১৬০৬ চনত  এই  প্রথম মঞ্চায়িত হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে মঞ্চস্থ হৈ আছে, বিশ্বৰ বিভিন্ন ভাষাত। ৰাজনৈতিক বা ক্ষমতাৰ উচ্চাকাংক্ষা নাটক খনৰ বিষয়বস্তু। দুঃসাহসী সেনাপ্রধান মেকবেথ আৰু ৰজা ডানকান নাটক খনৰ দুটা বিন্দু। আন এটা বিন্দু তিন ডাইনিৰ ভবিষ্যতবাণী। আৰু এক বিন্দু মেকবেথৰ পত্নী। এই বিন্দুকেইটাক লৈ ভালেমান নাট্যকৰ্ম, চিনেকৰ্ম হৈছে। আজিৰ তাৰিখতো হৈ আছে। তিনি ডাইনি কেন্দ্ৰীক নাট্য-চিনেকৰ্মও হৈছে। কলকাতাৰ পৰা প্ৰকাশ পোৱা আলোচনী "নন্দন"ত প্ৰকাশ পোৱা লেখা এটাত পঢ়িছিলোঁ "নাটকখনত তিনি পিশাচিনীয়ে কোৱা ভবিষ্যতবাণী যে দৰাচলতে মূল বিষয়বস্তু। ভৱিষ্যতবাণীত যি কোৱা হৈছে, সেয়া মানুহৰ মনৰ মাজত লুকাই থকা কথা। মেকবেথে নিজৰ বাবে বা লেডী মেকবেথৰ উচ্চ অভিলাষৰ বাবে মনত লুকাই থকা 'বেয়া ইচ্ছা' দমন কৰিব পৰা নাছিল। দমন কৰিব নোৱৰাটোৱে শেষত মেকবেথৰ ধ্বংসৰ কাৰণ হৈছিল। এই বিষয়বস্তুক লৈ হিন্দী ভাষাত ৰচনা হৈছিল 'তিন ডায়েন'নামৰ নাটক এখন। প্ৰথমবাৰ মঞ্চস্থ হৈছিল ১৯৫৭ চনত। নাটকখনৰ বঙালী অনুবাদ মঞ্চস্থ হৈছিল কলকাতাত, ১৯৭০ চনৰ শেষৰ ফালে। জনা যায় এই নাটকখনৰ বিষয়বস্তুক লৈ ৰচনা হৈছে কমেও ৫০ খন নাটক। দুখৰ বিষয় সেই নাটকসমূহৰ সৰহভাগেই পোৱা নাযায়।” 
নাট্যকর্মী ৰতন থিয়ামৰ ব্যাখ্যা – "মেকবেথ সাম্প্রতিক পৃথিৱীত দ্রুত গতিৰে বাঢ়ি অহা হতাশা আৰু তথাকথিত উন্নয়নশীল সভ্যতাৰ ৰোগাক্ৰান্ত অৱস্থিতি।"
- মণিপুৰৰ নাট্যকর্মীগৰাকীয়ে পৰিচালনা কৰা "মেকবেথ"ত সু- পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিছিল মণিপুৰী পৰম্পৰাগত নৃত্য-নাট্যৰ আংগিক। নাটকখনত স্পষ্ট সমৰকলা থাংটা, তৰোৱাল যুদ্ধৰ নান্দনিক প্রয়োগ । থিয়ামৰ নাট্যচিন্তাৰ বিশেষ দিশটো হ'ল-- প্রাচীন গ্রীক ট্রেজেদী, জাপানৰ নৌ নাট "কাবুকী"। আৰু ভৰত মুনিৰ নাট্যশাস্ত্ৰৰ প্ৰতিফলন 'মেকবেথ'ত স্পষ্ট। নাট্যকর্মীগৰাকীৰ মতে, শ্বেইক্সপীয়েৰে "মেকবেথ"ত নাট্যশৈলী প্রয়োগৰ নাট্যচিন্তাৰ ‘বহু বাট’ দি গৈছে। সেইবাবেই "অথেলো" আদিৰ পৰীক্ষা-নিৰীক্ষা আজিও চলি আছে, চলি থাকিব। নাট্যকর্মী গৰাকীয়ে বিশেষভাৱে "অথেলো'ৰ নাম উল্লেখ কৰিছে। ইয়াৰ কাৰণ নথকা নহয়। এতিয়ালৈকে এই নাটকখনক লৈ চিনেকৰ্ম হৈছে কমেও দুই হাজাৰ। (তথ্যঃ 'দ্য ষ্টেজ’/ জানুৱাৰী, ২০১৭) ‘চিনেকর্ম’ বিশেষভাৱে উল্লেখ কৰিব পাৰোঁ ১৯৫১ চনত Orsar Welles এ পৰিচালনা কৰা ৯১ মিনিটৰ, ১৯৯৫ চনত Stuart Burge ৰে পৰিচালনা কৰা ১৬৫ মিনিটৰ ‘অথেলো'। ইয়াৰ উপৰি ‘অথেলো'ক বিষয়বস্তুক বা কাহিনীক ‘নতুন চিন্তা’ৰে ‘চিনেৰূপ’ দিছে, মঞ্চ ৰূপ দিছে অনেক। শেহতীয়াভাৱে চৰ্চালৈ অহা 'অথেলো'ৰ ‘ভাৰতীয় চিনে চিন্তা’হ'ল 'ওমকাৰা’। বিশাল ভৰদ্বাজৰ পৰিচালনা । 'দ্য ষ্টেজ'ৰ তথ্যমতে, এনে ধৰণৰ ‘চিনেকৰ্ম ৰ সংখ্যা ২০১৬ চনলৈকে ৭৮২। ইয়াৰ বিপৰীতে আলোচনীখনৰ প্ৰতিবেদকে উল্লেখ কৰিছে –কিমান বাৰ বিশ্বৰ বিভিন্ন মঞ্চত 'অথেলো' মঞ্চস্থ হৈছে তাৰ তথ্য পোৱা নাযায়। অসম্ভৱ।
অসমতো নাটকখন কিমানবাৰ মঞ্চস্থ হৈছে তাৰ শুদ্ধ তথ্য পোৱা নাযায়। কহিনুৰ থিয়েটাৰ, বাহাৰুল ইছলামৰ 'ছিগাল' আদিকে ধৰি কেইবাটাও "নাট্যগোটে" নাটকখন মঞ্চস্থ কৰিছে। — শ্বেইক্সপীয়েৰৰ আন নাটকসমূহো মঞ্চস্থ কৰিছে। কেৱল অনুবাদেই মঞ্চস্থ হোৱা নাই; ‘নতুন চিন্তা’ৰে অসমীয়াত লিখা 'নাট্যকর্ম ত মঞ্চস্থ হৈছে। ১৮৮৬-১৮৮৭ চনৰ সময়ছোৱাত ইংৰাজী শিক্ষাৰে শিক্ষিত অসমৰ ডেকাৰ মাজত শ্বেইক্সপীয়েৰ নাটকৰ গুৰুত্ব বাঢ়ে। সেই সময়তে ৰত্নকান্ত বৰুৱা, গুঞ্জানন শৰ্মা, ঘনশ্যাম বৰুৱা আৰু ৰমাকান্ত বৰকাকতিয়ে অনুবাদ কৰে 'The Comedy of Errors'। ইয়াৰ পাছৰ সময়ছোৱাত সত্য প্ৰসাদ বৰুৱা, ডাঃ দীনেশ শর্মা, প্রদীপ শ‍ইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ আদিয়ে শ্বেইক্সপীয়েৰৰ কেইবাখনো নাটক অনুবাদ কৰে। মঞ্চস্থ কৰায়। মহেন্দ্ৰ বৰঠাকুৰে বিশ্ববিখ্যাত নাট্যকাৰগৰাকীৰ ‘নাটক’ক অসমৰ পটভূমিলৈ আনি ‘নতুন চিন্তাৰে নাটকো ৰচনা কৰে। তেনে এক সফল ‘চিন্তা' কিংলিয়েৰ'ৰ আধাৰত ৰচনা কৰা ‘বালিঘৰ’। (প্ৰকাশ পাইছে গ্ৰন্থ "ছেইক্সপীয়েৰৰ সুৱাস"ত)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...