জুবিনৰ "অনামিকা"ৰ জনপ্ৰিয় গীত দুটা হ'ল --"গানে কি আনে..." কথা: হীৰেন
ভট্টাচাৰ্য, কণ্ঠ: জুবিন গাৰ্গ), "অনামিকা..." (কথা-কণ্ঠ: জুবিন গাৰ্গ)। সংকলনটোৰ
আন কেইটা গীত-- "পথে পথে..." ( কথা: সবিতা শৰ্মা কণ্ঠ:কবিতা কৃষ্ণমূৰ্তি) ,"হিয়া
দহে..." কথা-কণ্ঠ: জুবিন গাৰ্গ),
"প্ৰীতিৰ সুবাসে..." কথা: ৰেনু শৰ্মা, কণ্ঠ:জুবিন গাৰ্গ ), "মনৰ নিজানত...
( কথা-কণ্ঠ:জুবিন গাৰ্গ),
"কিয় জানো আজি..." কথা: জুবিন গাৰ্গ, কণ্ঠ: কবিতা কৃষ্ণমূৰ্তি-জুবিন
গাৰ্গ), "শুনা শুনা..." কথা: জুবিন গাৰ্গ , কণ্ঠ:জুবিন গাৰ্গ-কবিতা
কৃষ্ণমূৰ্তি)। --এই গীত ৮ টাৰ "অনামিকা..." আৰু "শুনা শুন..." গীত দুটিৰ
সুৰ যুটীয়াভাৱে জুবিন আৰু উৎপল শৰ্মাৰ। বাকীকেইটি গীতৰ সুৰকাৰ জুবিনৰ। শ্ৰোতাই
গায়কী আৰু সুৰৰ মাজত অনুভৱ কৰিছিল-- অসমীৰ থলুৱা সুৰৰ সৈতে পশ্চিমীয়া ৰক সংগীতৰ
মিশ্ৰণ ঘটাই নিৰ্মণ কৰা "নতুন ধৰণৰ অসমীয়া গীত"। এন কে প্ৰডাক্চনৰ বেনাৰত
নিৰ্মাণ কৰা এই শ্ৰব্য সংকলটোৱে লাহে লাহে বজাৰ দখল কৰে। --এই সংকলটোত
স্বাভাৱিকতে "জুবিন"ক বিশ্বাসত লোৱা নাছিল, কবিতা কৃষ্ণমূৰ্তিৰ সৈতে জুবিনক
হাইলাইটলৈ অনিবলৈ চেষ্টা কৰিছিল। কিন্তু সময়ত জুবিন চৰ্চালৈ আহিছিল নিজৰে গায়কী
শক্তিৰে। যি গায়কী শক্তিয়ে পূৰ্ণতা পাইছিল "মায়া"ত। মনত আছে, ভালদৰে মনত আছে
জুবিনৰ সাংগিতিক উত্থান স্পষ্ট হৈছিল। আৰু জুবিনৰ উত্থানত শংকিত হৈছিল সেই সময়ৰ
কেইবা গৰাকীয়ো জনপ্ৰিয় সংগীত শিল্পী, গায়ক। এই যে শংকিত হৈছিল, সেই সকলৈ সংবাদ
মাধ্যমৰ সহায়ত এটা ঢৌ বোৱাবলৈ চেষ্টা কৰিছিল এই বুলি-- জুবিনে অসমৰ থলুৱা সংগীতৰ
ক্ষতি কৰিব। জুবিনে পশ্চিমৰ সুৰেৰে অসমীয়া থলুৱা সুৰত দাগ লগাব। এনে ধৰণৰ চৰ্চা
চলি থকা সময়তে আমি অসম এৰিছিলোঁ। গৈ মুম্বাই পাইছিলোঁ।
যি সময়ত মুম্বাই পাইছিলো, মুম্বাইত আছিলো, সেই সময়ত সামাজিক মাধ্যম ইত্যাদি
নাছিল। স্বাভাৱিকতে "জুবিন"ৰ আঁতৰি গৈছিলো, মনত ৰখা নাছিলোঁ। মোৰ সংবাদকৰ্ম চলাই
ৰাখিছিলোঁ "বিস্ময়"ত। তাৰিখ, চন স্পষ্ট মনত নাই-- "বিস্ময়"ৰ গুৱাহাটীৰ কাৰ্যলয়ৰ
পৰা কোৱা হৈছিল, জুবিন গাৰ্গ বলিউদত ব্যস্ত। কেইবাখনো চিনেমাৰ বাবে গীত গাইছে।
গতিকে জুবিনৰ বলিউদ ব্যস্ততা কেন্দ্ৰীক লেখা এটা মুম্বাইৰ পৰা প্ৰেৰণ কৰিব লাগে।
মন ভৰাইছিল "জুবিনৰ সফলতা"ই (!)। আমি আগবাঢ়িছিলোঁ "জুবিনৰ সফলতা"ৰ সংবাদৰ
সন্ধানত। কিন্তু আমি বলিউদৰ বাটে-ঘাটে সন্ধান কৰি, সুভাষ ঘাই আদিৰ কাৰ্যলয়ত খবৰ
কৰি "জুবিনৰ সফলতা"ৰ খবৰ গোটাব পৰা নাছিলোঁ। অসমৰ দৈনিক কাকত দুখন মানত প্ৰকাশ
পাইছিল জুবিনে গীত গোৱা হিন্দী চিনেমাৰ দীঘল তালিকা। চিনেমাৰ তালিকাত সুভাষ ঘাইৰ
"তাল" ইত্যাদি আছিল। আমি স্পষ্ট হৈছিলোঁ-- সজোৱা খবৰ! একাংশ সাংবাদিকে তৈয়াৰ কৰি
"জুবিনৰ বলিউদ সফলতা"ৰ খবৰ উৰাইছিল। সন্দেহ নাই সেই "উৰা খবৰ"-এ জুবিন গাৰ্গৰ
ক্ষতি কৰিছিল। (আজিৰ তাৰিখতো ভাবি ভাবি উত্তৰ নাপালো, জুবিন কেন্দ্ৰীক সেই মিছা
খবৰ "উৰাইছিল" কিয়? জুবিনৰ "গীত"ক লৈ বেপাৰ কৰিব খোজাৰ "পেইড নিউজ" নাছিলতো!)
--আমি "জুবিনৰ সফলতা"ৰ সন্ধান কৰা সময়ত বলিউদে জুবিন গাৰ্গক নাজানিছিল। কিন্তু
পৰৱৰ্তী সময়ত জুবিন কণ্ঠই বলিউদ কপাইছিল। বিশেষকৈ "য়া আলি..."ৰে (চিনেমা:
গেংষ্টাৰ) বলিউদত উজলিছিল জুবিন কণ্ঠ। জুবিনে এই গীতটোৰে লাভ কৰিছিল ২০০৭
চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, ষ্টাৰডাষ্ট এৱাৰ্ড-- শ্ৰেষ্ঠ নেপথ্য সংগীত
শিল্পীৰ (পুৰুষ) শিতানত। ফিল্মফেয়াৰ এৱাৰ্ড আদিৰ মঞ্চতো চৰ্চা হৈছিল "য়া
আলি" জুবিনৰ। আৰু কেইবখনো হিন্দী চিনেমাৰ বাবে জুবিনে গীত গাইছিল। কিন্তু ...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন