Bakul Phular Dare
বকুল ফুলৰ দৰে by: Utpal Mena
#হলধৰ (১৯৯২), #মীমাংসা (১৯৯৪), #মৎসগন্ধা (২০০০) -ৰ পাছত "বকুল ফুলৰ দৰে'--
#সঞ্জীৱ_হাজৰিকা ৰ চিনেমা। সুদীৰ্ঘ ২২ বছৰৰ মুৰত।
----========
এখন অসমীয়া চিনেমা। "হলধৰ"। "ধৰ ধৰ নাঙল চোৰক ধৰ"-- চিনেমা খন চোৱাৰ পাছত মনৰ মাজত বাজি আছিল। মনৰ পৰ্দাত ভাহি আছিল "নাঙল চোৰ" অতুল পাচনী।
গতানুগতিক অসমীয়া চিনেমাৰ পৰা বহু আঁতৰৰ-- ‘হলধৰ’। ‘ধৰ ধৰ নাঙল চোৰক ধৰ...' আমাৰেই নহয়, চিত্রগৃহৰ পৰা ওলাই অহা প্ৰতিগৰাকী দর্শকৰ মনতো হয়তো বাজি আছিল এই সংলাপ। --এই সংলাপৰ মাজতেই স্পষ্ট হৈ আছে চিনেমাখনৰ বিষয়বস্তু। চিনেমাখনত নাঙলখনক ব্যৱহাৰ কৰা হৈছে ‘ছিম্বল' হিচাপে। মহাজনে গাঁৱৰে খেতিয়ক সোমেশ্বৰৰ হতুৱাই নাঙল চুৰি কৰায়। শেষত দৰিদ্ৰ খেতিয়ক সোমেশ্বৰে অনুভৱ কৰে বাস্তৱতা । পৰিশ্ৰমী কৃষক বলোৰামৰো ‘অনুভৱৰ পৃথিৱী'ত স্পষ্ট হয়— মহাজনৰ আঘাত, আত্মাত দিয়া আঘাত। —এই চিনেমাখন সঞ্জীৱ হাজৰিকাৰ প্ৰথম পৰিচালনা। চিনেমাখনৰ স্পৰ্শ কৰা দিশটো হ'ল পৰিচালনা শৈলী। গল্প কোৱাৰ চিনেমেটিক গণিত আছিল --গতি + বিনোদন। গতি-বিনোদনৰ সহায়ত ‘গভীৰ বিষয়বস্তু’ ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে। ১০৭ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৩ চেপ্তেম্বৰ ১৯৯৩ -ত।
শুনা-পঢ়া, দূৰৰ পৰা কৰা অনুভৱেৰে মানুহে আন এজন মানুহক এটা "ইমেজ"ত বন্দী কৰি লয়। বিশেষকৈ সৃষ্টি কৰ্মত জড়িত সকলৰ, "জনপ্ৰিয় লোক"ৰ। আমাৰ অনুভৱত সঞ্জীৱ হাজৰিকা "ছিৰিয়াছ মানুহ", ধৰণা কৰিছিলোঁ --"চিৰিয়াছ মানুহ" জনে আধা পোহৰ, আধা ছাঁত সমস্যাৰ হেচাত পোন হব নোৱাৰা "চৰিত্ৰ" কেইটা মানে মন্থৰ গতিত অভিনয় কৰা "আৰ্ট চিনেমা" এখন নিৰ্মাণ কৰিব! তেনে ধাৰণা লৈয়ে চিনেমা খন চাইছিলোঁ। চোৱাৰ সময়ত আমি আচৰিত হৈছিলো--, চিনেচমকত।
--সেই চিনেচমক লৈ ফুৰা সময়তে এদিন লগ পাইছিলোঁ সঞ্জিৱ হাজৰিকাক। ৰবীন্দ্ৰ ভৱন নে ভাস্কৰ নাট্যমন্দিৰৰ সন্মুখত। তপনদা (লেখক-অভিনেতা তপন দাস), বিদ্যুৎদা (অভিনেতা-পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তী)ৰ সৈতে কথা পাতি আছিলোঁ। ("সাংবাদিকতা" কৰিম বুলি তেতিয়া গুৱাহাটীলৈ আহিছিলোহে! এখন সাপ্তাহিক কাকতৰ সাংস্কৃতিক পৃষ্ঠাত লিখা আৰু লে-আউট কৰাৰ কাম পাইছিলোঁ।) যিমান দূৰ মনত পৰে এখন নাটকৰ অপেক্ষাত আছিলো, সেইদিনা। সঞ্জীৱ হাজৰিকাইও সম্বৱতঃ নাটক খন চাবলৈ আহিছিল। চিনেমা খনৰ প্ৰসংগত কথা পাতিবলৈ চেষ্টা কৰিছিলো। বিশেষ গুৰুত্ব দিয়া যেন নালাগিল। তাৰ পাছত, দ্বিতীয়বাৰ লগ পাইছিলো ২০০৩ চনতহে। লগ পোৱা নাছিলোঁ মাজৰ এই সময় চোৱা মোৰ কৰ্মস্থান মুম্বাই আছিল বাবে। এই সময় চোৱাত সঞ্জীৱ হাজৰিকাৰ পৰিচালনাৰে নিৰ্মাণ হৈছিল আৰু দুখন চিনেমা-- "মীমাংসা" (১৯৯৪) আৰু "মৎস্যগন্ধা" (২০০০)। আৰু শেহতীয়া পৰিচালনা "বকুল ফুলৰ দৰে" (সম্পূৰ্ণ হৈছে ২০২২ -ত, চিত্ৰগৃহলৈ অহা নাই।)
দেখা যায় সঞ্জীৱ হাজৰিকাৰ চিনেমা কেইখনৰ চিত্ৰনাট্যৰ শিপা "সাহিত্য" (গল্প বা উপন্যাস)। "সাহিত্যের চলচ্চিত্রায়ন" (Filming of literature) প্ৰসংগত বিশেষ ভাবে চৰ্চা হৈছে "পথেৰ পাঁচালী"ৰ সফলতাৰ পাছত। "যি সকল পৰিচালে ভাবে চিনেমাৰ আত্মা গল্প আৰু বিষয়বস্তু, সেই সকল পৰিচালকৰ প্ৰথম পছন্দ উন্নত মানৰ গল্প বা উপন্যাস, দ্বিতীয় পছন্দ উন্নত মানৰ নাটক।" (আজছা চিত্ৰপট/ অজয় মাহ্ত্ৰে) গতিকে আমি কব পাৰো নেকি-- সঞ্জীৱ হাজৰিকাৰ চিন্তাতো গল্প আৰু বিষয়বস্তু চিনেমাৰ আত্মা! "হলধৰ" (৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত, পৰিচালকৰ প্ৰথম চিনেমাৰ শিতানৰ"ইন্দিৰা গান্ধী বঁটা") "মীমাংসা", "মৎস্যগন্ধা", "বকুল ফুলৰ দৰে" ক্ৰমে অপূৰ্ব শৰ্মা, নিৰুপমা বৰগোহাঞি, হোমেন বৰগোহাঞি, মৃণাল কলিতাৰ "সাহিত্য"।
এই খিনিতে উল্লেখ কৰিব পাৰি পুলক গগৈ, ভবেন্দ্ৰনাথ শইকীয়াৰ সৈতে চিনেমা পৰিচালনাৰ কাম কৰিছিল (পৰিচালনাত সহায় কৰিছিল) সঞ্জীৱ হাজৰিকাই। এই দুগৰাকী পৰিচালকৰো চিত্ৰনাট্যৰ শিপা আছিল-- সাহিত্য। (আৰু আছে। wait😊 )

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন