তৰালিক বিছাৰি গৈছিলো। প্রভাতী সুৰো বিছাৰি পাইছিলো। পুৱতিলৈ যোৱা বাটতে পাইছিলো কথা শিল্পীক, গীতি কবিক। লিখিম, সকলো লিখিম। প্ৰথমে আহিছো --বিষয় বস্তুলৈ। বিষয় বস্তু-- তৰালি শৰ্মা।
তৰালি শৰ্মা। তৰালি ‘সংগীতৰ মানুহ'। কিন্তু আমাৰ মাজত গীতৰ কথা হয় কম। কথা প্ৰসংগত জানিব বিচাৰিলোঁ—
তোমাৰ গীত কাৰ বাবে? কিছু সময় ভাবিছিল। তাৰ পাছত কৈছিল। যি কৈছিল সেয়া ব্যাখ্যা কৰিব পৰা যায় এনেদৰে— "মোৰ প্ৰতিটো গীতেই সৃষ্টি হয় মনৰ মাজত। তাৰ পাছত যন্ত্রণা অনুভৱ কৰোঁ মগজুত। কেতিয়াবা প্রথমে সুৰটোৱে আমনি কৰে আৰু কেতিয়াবা গীতৰ কথাই। যেনে— হীৰুদাৰ গীতবোৰ। হীৰুদাৰ শব্দবোৰে মোক চুই যায় আৰু চুই যোৱা শব্দবোৰৰ কথা মনত ৰাখিয়েই সুৰ দিবলৈ চেষ্টা কৰোঁ। চেষ্টা তেতিয়ালৈকে কৰোঁ, যেতিয়ালৈকে মোৰ মন-মগজু সন্তুষ্ট নহয়। ইয়াৰ বিপৰীতে কিছুমান শব্দই মোক আমনি কৰিবলৈ ধৰে। সেই শব্দবোৰ এটুকুৰা কাগজত লিখি যাওঁ। আৰু কেতিয়াবা এনেকুৱাও হয় সুৰটো মোৰ মনলৈ বাৰে বাৰে আহি থাকে। আৰু সেই সুৰটোৰ কথা মনত ৰাখি কিছুমান শব্দৰ মালা গাঁঠিবলৈ চেষ্টা কৰোঁ। কিন্তু এনে নহয়, কেৱল শব্দৰ মালা উঠিয়েই মই সন্তুষ্ট হওঁ। সেই শব্দৰ মালাৰ পৰা অৰ্থ বিচাৰি চাবলৈ চেষ্টা কৰোঁ। যদি কোনো অর্থ বিচাৰি নাপাওঁ, তেতিয়া সেই গীতৰ পৰা মই আঁতৰি আহোঁ।" ইয়াৰ পৰা অনুভৱ কৰিব পাৰি তৰালিৰ গীত প্রথমে নিজৰ বাবে। আৰু এটা কথা উপলব্ধি কৰিব পাৰি তৰালিয়ে গীত নিৰ্মাণ নকৰে, সৃষ্টিহে কৰে। আৰু সম্ভৱতঃ সেই কাৰণেই প্ৰতিটো এলবাম নির্মাণত সময় লয় পাঁচ-ছবছৰ।
মই গায়িকাগৰাকীক ওচৰৰ পৰা জানো। ওচৰৰ পৰা বুজোঁ। দীর্ঘদিনৰ উপলব্ধিৰ পৰা ক'ব পাৰোঁ— আঠটা গীত সৃষ্টিৰ বাবে তৰালিয়ে কষ্ট কৰে কমেও কুৰিটা গীতৰ বাবে। কেতিয়াবা এনেও হৈছে, এটা বিশেষ গীতক লৈ চৰ্চা হৈছে, সেই চৰ্চা প্ৰচাৰ মাধ্যমৰ সহায়ত শ্রোতাৰ ওচৰ পাইছে। কিন্তু সময়ত দেখা যায় সেই বিশেষ গীতটো সেই বিশেষ এলবামটোত নাথাকে। গায়িকাগৰাকীৰ শেহতীয়া এলবাম 'হেঙুলীয়া'ৰ ক্ষেত্ৰত এনেকুৱা হৈছে। --কিয় হয়? "হয়, এলবামটোত হীৰুদাৰ গীত এটা ৰখাৰ কথা চিন্তা কৰিছিলোঁ। প্রথমে তেওঁৰ সৃষ্টিৰ মাজৰ পৰা দুটামান বাছিও লৈছিলোঁ। কিন্তু মোৰ এনে লাগিল হীৰুদাৰ সেই শব্দবোৰৰ মাজলৈ যেন মোৰ সুৰবোৰ যোৱা নাই। ক'ৰবাত কেৰোণ লাগিছে। কথা প্ৰসংগত এদিন ক'লোঁ। হীৰুদাই ক'লে— ভাবিব নালাগে, কিবা এটা লিখি দিম। এই দুটা বাদ দিয়া। বাদ দিছিলোঁ। কিন্তু হীৰুদাৰ পৰা সেই বিশেষ গীতটো পোৱা নাছিলোঁ। মোৰ ভাবি দুখ লাগে মৃত্যুৰ কেইদিনমান পূৰ্বে আকাৰে-ইংগিতে হীৰুদাই মোক বুজাবলৈ চেষ্টা কৰিছিল যে মোৰ বাবে কিবা এটা লিখিছে। লিখি সম্পূৰ্ণ কৰিছে। কিন্তু কি লিখিছে, কি সম্পূৰ্ণ কৰিছে, সেয়া মই আজিলৈকে বিচাৰি উলিওৱাটো সম্ভৱ নহ'ল।"
তৰালি শৰ্মা কোন স্তৰৰ গায়িকা, সেয়া ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। স্পষ্ট হৈছে শ্ৰেষ্ঠ গায়িকাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ সময়ত। সেই বিশেষ গীতটো কোনো শ্রেষ্ঠ গায়কে, শ্রেষ্ঠ সংগীতেৰে, শ্রেষ্ঠ কথাৰে সজোৱ গীত নাছিল। আছিল এফাকি নামঘোষা। গতিকে স্পষ্ট হয় কেৱল গায়কীর বাবেই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছিল।
কেবল গায়কীয়েনে?
মই ভাবো সংগীত ৰচনা, সুৰ ৰচনা, গীত ৰচনাৰ ক্ষেত্ৰতো বিশেষ স্থানত বহুৱাব পাৰি। আমি যদি পর্যালোচনা কৰি চাওঁ দেখিম – এলবাম ‘মুকলি’ আৰু ‘হেঙুলীয়া’ৰ যিকেইটা গীতে শ্রোতাক স্পৰ্শ কৰিছে, সেই আটাইকেইটাৰ কথা, সুৰো তৰালিৰ নিজৰ। এলবাম দুটা সংগীতেৰেও নিজেই সজাইছে। দেখা যায় দুয়োটা এলবামৰ সংগীত আৰু কথাত অসমীয়া লোকগীত আৰু লোকবাদ্যৰ সুপ্ৰয়োগ। এই ফালৰ পৰা ক'ব পাৰি গায়িকাগৰাকীয়ে অসমৰ লোক-সংগীতৰ পৰীক্ষা-নিৰীক্ষাত গুৰুত্ব দিছে। নিশ্চয় গুৰুত্ব দিবলৈ বাধ্য কৰাইছে গায়িকাগৰাকীৰ মন আৰু মগজুৱে। --আহিছো এই গৰাকী তৰালিৰ নিৰ্মাণ প্ৰক্ৰিয়ালৈ।
এদিন, ইটো-সিটো কথাৰ মাঝতে মোৰ প্ৰশ্ন : ময়ো গীত গাম -- এই ধাৰণা কেতিয়া মনলৈ আহিছিল -- মনত আছেনে?
তৰালিয়ে কৈ গৈছিল-- "মনত সঠিককৈ নাই। মনত ইমান খিনিয়ে আছে, গীতৰ মাজত থাকি কিবা ভাল লগা-ভাল লগা অনুভৱ কৰিছিলো, সংগীত বুজাৰ বহু আগৰে পৰা। আচলতে মোৰ প্রথম প্রেম সংগীতৰ লগতে। সেই প্রেমে ভাললগাও আনে-অভিমানো আনে বা বিষাদো আনে মাজে মাজে। সংগীতে ইমান বেছি আৱেগিক কৰি তোলে বা ইমান বেছি গাত লাগি যোৱা হ’ল যে এটা সময়ত সেই কথাটো অনুভৱ কৰা যায়-- যেতিয়া কাৰোবাৰ কাৰোবাৰ লগত সচাঁ প্রেম হয়, ইমান গভীৰলৈ গুচি যোৱা যায় যে এক ঐশ্বৰিক বা স্বর্গীয় অনুভূতি হৈ পৰে গোটেই কথাটো..। তাৰ পিছতে এনে লাগে যেন এই মানুহজনক বাদ দি মই জীৱনটো জীয়াই থাকিব নোৱাৰিম। মোৰ ক্ষেত্রত সংগীত থিক তেনেকুৱাই । এটা সময়ত গান গাই ইমান ভাল পাও, গান শুনি ইমান ভাল পাও-- ক’ৰবাত ইমান বেছি প্রেম হ’ল যে মই গীত নোগোৱাকৈ থাকিব নোৱাৰা অনুভৱ এটা হ’ল। জীয়াই থাকিবলৈ হ’লে মই গান গাবই লাগিব। সংগীত আচলতে জীৱনৰ আহিলা, মই মোৰ লগত প্রেমত পৰাৰ আহিলা, জীৱনৰ প্রেমত পৰাৰ আহিলা। আৰু এই অনুভৱ সেই তেৰ-চৈধ্য বছৰীয়া মইজনী স্কুলত পঢ়াৰ পৰাই। তেতিয়া এটাই উদ্দেশ্য-গান গাব লাগে, ৰেৱাজ কৰিব লাগে। সময়-অসময় পাহৰি ৰেৱাজ কৰো। হাৰমনিয়ামখন একান্ত সংগী হৈ পৰিছিল মোৰ। স্কুলৰ হওক বা ঘৰৰ ওচৰৰ-দূৰৰ বন্ধু-বর্গও যথেষ্ট আছিল। কিন্তু হাৰমনিয়ামখনৰ লগত সময় কটাই আটাইতকৈ বেছি ভাল পাইছিলো সেইসময়ত। আৰু তেতিয়াই মনত সেই কথাটো ভাবি লৈছিলো- যি হ’লেও মই গান গাবই লাগিব। জীয়াই থাকিবলৈ উশাহ যেনেকৈ লৈ থাকিব লাগিব, তেনেকৈয়ে মই গান গাব লাগিব-সংগীতৰ লগত থাকিব লাগিব- এই উপলব্ধি সেই সময়তে কৰিছিলো আৰু সেই উপলব্ধি আজিও আছে জীপাল হৈ মোৰ মন-মগজুত আছে।"
সময় গৈ আছিল। কথা বাঢ়িছিল। তেতিয়া বাহিৰত বলষুণ সৰিছিল। দেওবৰীয়া বৰষুণ। আৰু পুৱতিৰ ভিতৰত তৰালিৰ গীত, তৰালি শৰ্মাৰ কথা। তৰালিয়ে আৰু কৈছিল : প্রায়ে এই প্রশ্নটো শুনো-গায়িকা তৰালি নির্মাণৰ প্রক্রিয়া, সংগীত পৰিচালিকা তৰালি নির্মাণৰ প্রক্রিয়াগায়িকা
উত্তৰ কি দিও কেতিয়াবা আচলতে মই ভাৱিয়েই নাপাও। গান গাও-গান ভাল পাওঁ কাৰণে গান গাও। মই লিখিছোৱে আগতে যে মই গান ইমান ভাল পাওঁ। সংগীত ভাল পাওঁ কাৰণেই পৃথিৱীখন ভাল পাওঁ, প্রকৃতি ভাল পাওঁ। এই ভালপোৱাই মোক মা-দেউতা, স্বামী-পুত্র, বন্ধু-বর্গ বা সচাঁ অর্থত মানু্হক ভাল পাবলৈ শিকাইছে। এই কাৰণে গান গাও আচলতে। কিন্তু কাৰিকৰীভাৱে যদি কও, ঘৰত যেতিয়া দেউতাই হাৰমনিয়ামখন বজাই ল’ৰা-ছোৱালীবোৰক শিকাই থাকে; দেখি দেখিয়েই বজাবলৈ চেষ্টা কৰিছিলোঁ। মোক কোনেও হাৰমনিয়াম বজাবলৈ শিকোৱা নাই। নিজে নিজে বজাই লাহে-লাহে গানবোৰ হাৰমনিয়ামত বজাবলৈ পৰা হৈছিলো। তানপূৰাখন বজাবলৈও নিজেই শিকিছো। গুৰু হিচাপে মোৰ প্রথম গুৰু আছিল শিৱানী দত্ত। তেখেত তেতিয়া আকাশবাণীৰ স্বীকৃতিপ্রাপ্ত কণ্ঠশিল্পী আছিল। দেউতাই সদায় কৈছিল গুৰুৰ এক সুকীয়া গুৰুত্ব আছে জীৱনত। সেই কথা মানিয়েই শিৱানী দত্তৰ ওচৰত মই আৰু মোৰ দেউতাৰ গীতিকাৰ বন্ধু (পেছাত উকীল) বিনোদ পাঠকৰ জীয়ৰী সূর্যশিখাৰ (আমি লুলুমনি বুলি মাতিছিলো) ওচৰত গান শিকিবলৈ গৈছিলো। তাৰপিছত মই পল্লৱ বৰুৱা, অনিতা বুঢ়াগোহাঁই, অজয় বর্মন, দেৱ বর্মন, দ্বিজেন বর্মন আৰু বিশেষ ভাৱে অনন্ত ওজা আদি বহু কেইগৰাকীৰ ওচৰত সংগীতৰ শিক্ষা গ্রহণ কৰিছোঁ। ভাৰতীয় শাস্ত্রীয় সংগীতৰ যি গায়কী সেয়া বিতংকৈ বিশেষভাৱে শিকিছিলো পুস্পৰঞ্জন দে ছাৰৰ ওচৰত। কলিকতাৰ শিপ্রা বোস, জয়শ্রী সেনগুপ্ত তেওঁলোকো মোৰ গুৰু। প্রত্যেকজনৰ পৰাই সংগীতৰ বিভিন্ন দিশৰ কথা শিকিছো। ইতিমধ্যে উল্লেখ কৰা ধৰণে গায়কী যদি পুস্পৰঞ্জন দে ছাৰৰ পৰা শিকিছো, শিপ্রা বোসৰ পৰা পালটা, জয়শ্রী সেনগুপ্তৰ পৰা ভজনৰ শিক্ষা গ্রহণ কৰিছিলো। ভাটখাণ্ডেৰ পাঠদান গ্রহণ কৰি বিশাৰদলৈকে উত্তীর্ণ হৈছিলো। এয়া আছিল সংগীতৰ কাৰিকৰী শিক্ষা।
ব্যৱহাৰিক দিশৰ পৰা গায়িকা হোৱাৰ কথা ক’বলৈ গ’লে মনত পৰে মাইক্র’ফোনৰ সন্মুখত প্রথম গীত গোৱাৰ কথা। অষ্টম মানৰ কথা। আকাশবাণীৰ এটি অনুষ্ঠান “চেমনীয়া চ’ৰা”ত দেউতাৰ শিষ্য তথা সহকর্মী জয়হৰি দাসে মোক লৈ গৈ তাত নামটো ভৰাই দিছিল। তাৰে এটি অনুষ্ঠানত মই গীত গোৱাৰ আমন্ত্রণ পাইছিলো। দেউতাক যেতিয়া কৈছিলো, দেউতাই নলবাৰীৰ কেশৱ দত্তৰ হতুৱাই এটি গীত লিখাই আনি মোৰ হাতত দি কৈছিল- “এইটো গীত- সুৰ কৰা আৰু গোৱা।” এতিয়াও মনত আছে- মোৰ ৰেকর্ডিং আছিল জানুৱাৰী ২৭ তাৰিখে। আগদিনা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ বন্ধ। গোটেই দিনটো মই সুৰ কৰিছিলো আৰু অলপ অভিমানো হৈছিল দেউতাৰ ওপৰত যে মোক গানটো সুৰ কৰি দিয়া নাছিল,আনকি শুনিবলৈ সময়ো হোৱা নাছিল। কিন্তু পিছদিনাখন মই কৰা সুৰেৰেই গীতটো গাইছিলো, গীতটো আছিল “মই ফুলনিৰ ফুল বুটলি...”। কিন্তু মোৰ ইমান সৌভাগ্য- মাইক্র’ফোনৰ সন্মুখত মই প্রথম গীত গাইছো, সুৰ মোৰ নিজৰ, প্রচাৰ হৈছে আকাশবাণীৰ যোগেদি আৰু গীতটো গোৱাৰ সময়ত বাদ্যযন্ত্র বজাইছিল অসমৰ বহুকেইজন বিখ্যাত বাদ্যযন্ত্রীয়ে। তেতিয়া তেওঁলোকে আকাশবাণী গুৱাহাটীতে ষ্টাফ আর্টিষ্ট হিচাপে কাম কৰিছিল। যদিও চেমনীয়া সকলৰ অনুষ্ঠান আছিল “চেমনীয়া চ’ৰা”, তথাপি আকাশবাণীৰ মুখ্য বাদ্যযন্ত্রীসকলে অনুষ্ঠানটিত বাদ্য সংগত কৰিছিল। মোৰ লগত বাঁহী বজাইছিল প্রভাত শর্মাই, একর্ডিয়ান বজাইছিল পার্থপ্রতীম চৌধুৰী, গীটাৰ বজাইছিল হাইদৰ আলি, তবলা বজাইছিল পুস্প বৰা- তেওঁলোক কোনটো উচ্চ স্তৰৰ শিল্পী মই বুজাব নোৱাৰো, মাথো নিজে ধন্য হৈছিলো মোৰ প্রথম গীতটোতে তেওঁলোকক বাদ্যযন্ত্রী হিচাপে পাই। সেয়া সচাঁই এক বুজাব নোৱাৰা অনুভৱ। আৰু এটা কথা আজিও মনত সজীৱ হৈ আছে-গীতটো গোৱাৰ সময়ত ৰেকর্ডিং ৰুমৰ গ্লাছৰ সিটো পাৰে আকাশবাণী কেন্দ্রৰ বহু কর্মচাৰীৰ এটা ভিৰ হৈ গৈছিল। প্রথমে "প্রভাত দা"ৰ জীয়ৰী বুলি গম পোৱা নাছিল, এজনী ছোৱালীয়ে নিজে সুৰ কৰি ভাল গীত গাইছে বুলিয়েই সকলো আহিছিল চাবলৈ। গীত গোৱাৰ পাছত পার্থ প্রতীম চৌধুৰী খুড়াই মোৰ মূৰত হাত থৈ সুৰ আৰু গান ভাল হোৱা বুলি আশীর্বাদ দিছিল, লগতে দেউতাক মোৰ সন্মুখতে আপোনাৰ ছোৱালী ভাল কম্প’জাৰ আৰু গায়িকা হ’ব বুলি ভালকৈ চোৱা-চিতা কৰিবলৈ কোৱাৰ কথা মোৰ মনত পৰে। সেয়াই আছিল আৰম্ভণি। (আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন