সরাসরি প্রধান সামগ্রীতে চলে যান

তৰালি শৰ্মা: এক অধ্যায় /৩

২)
সংকত আৰম্ভ হৈছিল ৭০-৮০ৰ দশকত। সংগীতৰ পাছত 'উদ্যোগ’ শব্দটো ব্যৱহাৰ হোৱাৰ পাছৰ পৰাই। কাৰণ স্পষ্ট— ‘উদ্যোগ’ত সৃষ্টি নহয়, নির্মাণহে হয়। নির্মাণেহে গুৰুত্ব পায়। স্বাভাৱিকতে ৭০-৮০ৰ দশকত আৰম্ভ হয় ভাৰতীয় সংগীত নিৰ্মাণ। আৰু ‘নিৰ্মাণ’ বাঢ়িবলৈ ধৰে ১৯৭২-৭৩ চনৰ পৰা। 'হিজ মাষ্টাৰ্ছ' শৈলী আঁতৰি যায় কুন্দনলাল চাইগল, শান্তা আপ্টেৰ পদ্ধতি বা শৈলীৰ পৰা। সংগীত নিৰ্মাণৰ শৈলী বা এই পদ্ধতিৰ বা লাগিল আঞ্চলিক ভাষাৰ সংগীতৰ ক্ষেত্ৰখনতো। অসমৰ সংগীত ক্ষেত্ৰখনতো। আৰু সময় এনে হৈছিল যে, এনেদৰে ক'ব পাৰি— সংগীত নিৰ্মাণৰ গ্ৰাসত পৰি নিস্তেজ হৈ পৰিছিল অসমীয়া সংগীতৰ সৌন্দৰ্য। অসমীয়া গীতৰ নিৰ্মল সৌন্দৰ্যৰ সন্ধানত সংগীতৰসিকে হাহাকাৰ কৰি থকা এই সময়তে ‘বজাৰ'লৈ আহিছিল এটা শ্ৰব্য সংকলন— ‘হেঙুলীয়া’। আঠটা সুগম গীতৰ সংকলন। আৰু আহিছিল তৰালিৰ আন আঠটা গীতৰ সংকলন ‘মুকলি’। এই সংকলন দুটাৰ প্ৰসংগত ক’ব পাৰি ‘কেইখনমান মন-মগজু স্পৰ্শ কৰি যোৱা সংগীতিক পেইণ্টিং’।
‘আকৌ ৰাতি পুৱাল/মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই...',
'অনুৰাগ তোমাৰ বাবে/অনুভূতি তোমাৰ বাবে...’, ‘মন কমোৱা তুলাৰ দৰে...’,
‘ভাগৰুৱা মনৰ নিজান সময়বোৰ...'
—একো একোখন মন-মগজুত ৰৈ যোৱা পেইন্টিং! যেন কেনভাছত বিশুদ্ধ নান্দনিক উপলব্ধি! সুৰেৰে-সংগীতেৰে-গায়কীৰে ‘নিৰ্মাণ’ৰ ঊৰ্ধ্বত থাকি কৰা ‘সেউজ সেউজ’ সৃষ্টি। এই সৃষ্টি যিকোনো লোককে সহজেই স্পৰ্শ কৰি যায়, মনত ৰৈ যায়। গুলজাৰে কোৱাৰ দৰে তৰালি শৰ্মাৰ এই গীতকেইটাৰ প্ৰসংগত এনেদৰে ক’ব পাৰি— ‘গীত মানেই কেইটামান শব্দ নহয়। সংগীত মানেই কোলাহল নহয়। আমি এনেদৰেও ক'ব নোৱাৰোঁ এটা ৰিডমত থাকি কেইটামান শব্দ ক’লেই, কেইপদমান বাদ্যযন্ত্র বজালেই ‘গীত’ হ’ব নোৱাৰে।... গীতে শ্ৰোতাৰ হৃদয়ত বাহ সাজে। গীতে শ্ৰোতাৰ মনলৈ শান্তি আনে।' তৰালিৰ গীতো এনেধৰণৰেই।
সংগীতৰ 'বজাৰ' আৰু সলনি হ'ল। সংগীত সামাজিক মাধ্যমলৈ বিয়পিল, 'youtube'লৈ বিয়পিল। অসমীয়া সংগীতৰ বজাৰ বহল হ'ল। এই যে বজাৰ বহল হ'ল বা বাঢ়িল --এয়া অসমীয়া সংগীতৰ বাবে আষীৰ্বাদ নে অভিশাপ, সেয়া অন্য প্ৰসংগ। কিন্তু এয়া ঠিক-- তৰলিৰ সংগীত, অসমীয়া সংগীত অসম বৃত্তৰ বাহিৰলৈ বিয়পিল। ভাৰতৰ অন্য প্ৰান্তৰ, ভাৰতৰ বাহিৰৰো সংগীত ৰসিকে "তৰালি" শুনিলে, আদৰি ল"লে। ভাষা (গীতৰ কথা) নুবুজাকৈয়ে "তৰালি"ক শুনা, আদৰি লোৱাৰ কাৰণ,   "সংগীত পৰিচালক তৰালি"য়ে গীতত ব্যৱহাৰ কৰা অসমৰ থলুৱা সুৰ।
--তৰালি শৰ্মা ডাঙৰ হৈছে লোক সংগীতৰ মাজত, "সংগীত শিল্পী তৰালি" নিৰ্মান হৈছে সত্ৰ সংগীতৰ মাজত।
"দেউতাই কৈ থকা কাহিনীবোৰ শুনি অনুভৱ কৰিছিলো কিমান ষ্ট্রাগল কৰিব লগা হৈছিল দেউতাই। ভৰ বাৰিষাৰ পানী ভেদি ভেদি সংগীতৰ কাৰণেই ঘুৰি ফুৰা সেই কুমলীয়া বয়সৰ ল'ৰাজন, নাটক-গান কৰি ফুৰা সেই ল'ৰাজন, স্কুলৰ পিছত সংগীতৰ ক্লাছ কৰিবলৈ আগ্রহেৰে বাট চাই থকা ল'ৰাজন, হাতত বাঁহী আৰু বুকুত সুৰবোৰ কঢ়িয়াই ফুৰাৰ দৰেই কঢ়িয়াই ফুৰিছিল সত্রৰ সংগীত আৰু সংস্কৃতি। সুন্দৰীদিয়া সত্রৰ লগতে লাগি থকা আমাৰ দেউতাৰ ঘৰখন। গতিকে  ব্রহ্মপুৱাৰ পৰা চৈধ্য প্রসংগৰ নাম, সত্রত অনুষ্ঠিত অনুষ্ঠান আৰু গীত-মাতবোৰে সমৃদ্ধ কৰি ৰাখিছিল ঘৰৰ প্রত্যেককে। চর্চা চলিছিল বৰগীত, পদ-ঘোষা লগতে লোক-সংগীত আৰু শাস্ত্রীয় সংগীতৰো। নাও খেলৰ গীত, থিয় নাম, হোলী গীতৰ লগতে দেউতাৰ বাঁহীৰ সুৰবোৰ সৰুৰে পৰাই শুনি আহিছিলো। আৰু এই পৰিৱেশতে মোৰ জন্ম। মনত থকাৰ পৰা, বুজা হোৱাৰ পৰা কেৱল গীত আৰু গীত, বাঁহীৰ সুৰ। মুঠতে সংগীত মোৰ চাৰিওকাষে জন্ম হোৱাৰে পৰা। আতাই শিকোৱা সংস্কৃত শ্লোকৰ পৰা আৰম্ভ কৰি দেউতা আৰু খুড়াৰ ওচৰত বৰগীতৰ আদিপাঠ শিকাৰ মাজতে অতিবাহিত হৈছিল মোৰ শৈশৱ। তাতে আকৌ মায়ে গীত গাইছিল, ভায়লিনো বজাইছিল। আজিও শৈশৱলৈ ঘুৰি চালে মনত পৰে সুন্দৰীদিয়াৰ বিভিন্ন গীত-মাতেৰে সমৃদ্ধ গধূলিৰ আখৰাবোৰ। কেতিয়াবা যদি আমাৰ তাত, কেতিয়াবা খুড়াৰ চোতালত।
খোলৰ বোলবোৰ, বৰগীতৰ ৰাগবোৰ, লোকসংগীতৰ কথাবোৰ, ভাৰতীয় শাস্ত্রীয় সংগীতৰ তুলনামূলক চর্চাবোৰ- এইবোৰৰ মাজতে সংগীতৰ ভেঁটিত নির্মাণ হৈছিল আমাৰ পৰিয়ালটো। তাৰ মাজতেই জীৱনটোক লাহে লাহে উপলব্ধি কৰিবলৈ শিকিছিলো মই।" --তৰালিয়ে কৈছিল। আৰু কৈছিল, "। গুৰু দুজনাৰ সংগীত মোৰ মনত শিপাইছিল সৰুতেই, গীত গাম বুলি ভবাৰ বহু আগতেই। তেতিয়া গীত-পদ, ঘোষা, বৰগীতৰ অর্থ বিশেষ একো বুজি নাপাও, কিন্তু দেউতাই যেতিয়া গায় বা সত্রত যেতিয়া কেৱলীয়া ভকতে পুৱাৰ গীত 'তেজৰে কমলাপতি...' গায়, কিবা এক অদ্ভুত ধৰণৰ প্রশান্তি বিচাৰি পাও তাত। সেইটোৱেই এক ধৰণে মোক আকর্ষণ কৰিছিল- স্বৰৰ প্রতি, সুৰৰ প্রতি, ভক্তিৰ প্রতি, সাধনাৰ প্রতি। সেয়া আছিল গুৰুদুজনাৰ সংগীতৰ প্রতি প্রথম আকর্ষণ। তাৰ পিছৰ আকর্ষণ হিচাপে জ্যোতিপ্রসাদ-বিষ্ণুপ্রসাদৰ গীতসমূহো সৰুতেই শিকিছিলো। নাম উল্লেখ কৰিব পৰাকৈ এলাহ নলগাকৈ যাৰ গীত বাৰে বাৰে শুনিছিলো। যি গীতে মোক অত্যন্ত বেছি আকর্ষণ কৰিছিল, সেয়া আছিল পার্বতী প্রসাদৰ গীত। বিশেষকৈ 'জোনাক জোনাক শীতল জোনাক...', 'তোৰ নাই যে বন্ধোৱা বাট...', 'তোমাৰ প্রেমৰ ভোগজৰাটি...' গীত কেইটিয়ে। আৰু দুগৰাকী মান ব্যক্তিৰ কথা মই ক’বই লাগিব। দীপালি বৰঠাকুৰ, হেমলতাৰ মোৰ বৰ প্রিয়। দ্বিতীয়তে যিগৰাকী ব্যক্তিৰ গান শুনি ডাঙৰ হৈছো--লতা মংগেশকাৰ, প্রতি পলে যাৰ গানেৰেই উশাহ-নিশাহ লোৱা বুলি ক’লেও ভুল কোৱা নহ’ব-- ইমান বেছি আকর্ষণ মোৰ বাবে তেওঁৰ মাতটো। তেওঁৰ গায়কী, ভাৱ-ভংগী, তেওঁৰ সুৰ, তেওঁৰ ব্যক্তিত্বই মোক ইমান বেছি প্রভাৱিত কৰিছিল যে সেই আকর্ষণ আজি পর্যন্ত একেই আছে। ভাৰতীয় শাস্ত্রীয় সংগীত যেতিয়া শিকিবলৈ লৈছিলো, তাৰে কেইটিমান ৰাগ যেনে-- মালকোস, ভূপালী, পুৰিয়া ধনশ্রী, তৰী আদিয়ে বিশেষভাৱে আকর্ষণ কৰিছিল। আকর্ষণ কৰিছিল কেশৱ মহন্তৰ গীতৰ কথাবোৰে, ভূপেন হাজৰিকাৰ গীতবোৰে। অৱশ্যে ভূপেন হাজৰিকাৰ গীতবোৰ সৰুতে ভাল লাগে বাবে শুনো যদিও তাৰ প্রকৃত তত্ত্ব জনা-বুজা হোৱাৰ পৰাহে বেছিকৈ উপলব্ধি কৰিবলৈ শিকিছো। অসমৰ বাহিৰৰ সংগীত শিল্পীৰ গীতেও মোক প্রভাৱিত কৰিছিল। ৰবীন্দৰ জৈন আৰু খয়াম-এই দুজন ব্যক্তিয়ে সৃষ্টি কৰা যি সুৰ, সেই সুৰসমূহে বুজাব নোৱাৰাকৈ মোৰ বুকুত চুই গৈছিল সেইসময়ত। দেউতাৰো প্রিয় আছিল দুয়োজন। আচলতে মোৰ এই সংগীত ভালপোৱাৰ আঁৰৰ একো একোটা কাৰণ তেওঁলোক, তেওঁলোকৰ সুৰ, তেওঁলোকৰ সংগীত। ৰবীন্দৰ জৈনৰ সুৰৰ 'গৰিয়া ৰে তেৰে আনে চে চজ গয়ী হামৰী টুটি ফুতি নাও...", 'গীত গাতা চল...', 'আখিয়ৌ কি ঝাৰখোঁ চে...', ঠিক তেনেকৈয়ে খয়ামৰ 'নুৰি' আদি গীতবোৰে সংগীতৰ প্রতি জাগি উঠা ভালপোৱা ক্রমান্বয়ে বঢ়াই গৈছিল।" --তৰালি শৰ্মাৰ এই কথাৰ মাজতে স্পষ্ট হৈ আছে "সংগীত শিল্পী তৰালি শৰ্মা" নিৰ্মাণৰ বুনিয়াদ। থলুৱা সুৰ আৰু ভাল সুৰে প্ৰিয় তৰালিৰ। আৰু নিজে যেতিয়া সুৰ সৃষ্টি কৰে, সেই ভাল লগা সুৰ বোৰ নিশ্চয় প্ৰেৰণা হৈ পৰে।
আন এদিন! জোনাকৰ দিন। জোনাক তেতিয়াও নমা নাছিল। তৰালিয়ে মাতিছিল "ড্ৰিমজ"লৈ। জিণ্টু বৰদলৈৰ ৰেকৰ্ডিং ষ্টুডিঅ' --"ড্ৰিমজ"। (কোন জিণ্টু বৰদলৈ?-- চাউণ্ড ইঞ্জিনীয়াৰ, বাদ্যযন্ত্ৰী। তৰালি-জিণ্টু-- দুয়ো দুয়োৰে জীৱন সংগী। "ড্ৰিমজ" এতিয়া তৰালি শৰ্মাৰো সংগীত সপোন সাকাৰ কৰাৰ "পৃথিৱী"।) গৈ পোৱাৰ পাছতে সংগীতৰ দুৱাৰ। দুৱাৰেৰে জোনাক আহিছিল --"মাতিলেই নামি অহা জোনাক ..."। তৰালিৰ আন এক প্ৰকল্প "ডেউকা"ৰ এটি গীত। কথা, সুৰ, সংগীত, কণ্ঠ তৰালিৰ। তৰালিয়ে এটা গল্প কৈছে, এখন ছবি আকিছে-- শব্দৰে, সুৰেৰে। জোনাকৰ গল্প। -এই গীতটো মুকলি কৰিছে --"youtube"-ত।
আন এদিন। ইটো-সিটোৰ মাজতে তৰালিয়ে কৈছিল সংগীত অনুভৱৰ কথা। সুধিছিলো -- "তৰালিয়ে সংগীত অনুভৱ কেতিয়াৰ পৰা কৰিছিল?
কৈছিল-- "গানবোৰ অথবা সুৰবোৰ যে ক’ৰবাত চুই যোৱা ধৰণৰ অনুভৱ এটা হোৱাৰ পৰাই ইয়াৰ আৰম্ভণি। পার্বতী প্রসাদ বৰুৱাৰ  'তোমাৰ প্রেমৰ ভোগজৰাটি...",
'তোৰ নাই যে বন্ধোৱা বাট...',
'জোনাক জোনাক শীতল জোনাক...'
--এই গীতবোৰ লাহে লাহে বুকুৰ ক’ৰবাত লগা হ’ল, বাৰে বাৰে  ৰিৱাইণ্ড কৰি শুনিব মন যোৱাকৈ। সৰু থাকোতে নেপালী চেন্টাৰ খুউব শুনিছিলো। ৰেডিঅ’ শুনাতো মোৰ চখ আছিল। ৰেডিঅ’টোৰ গীতবোৰ যেতিয়া শুনো, শুনিয়েই থাকো। পাছলৈ এনেকোৱা হৈ গৈছিল যে কোনটোৰ পিছত কোনটো গীত দিব আগতীয়াকৈ জনা হৈ গৈছিলো। আৰু সেই গীতবোৰেও এনেকুৱাকৈ চুই গৈছিল যে সংগীতৰ প্রতি থকা প্রেম এটাই ক’ব নোৱাৰাকৈ ক্রমান্বয়ে ঠাই লৈছিল, বুকুত। থাউকতে মনত পৰাকৈ এই যে দিলীপ দাসৰ কণ্ঠৰ 'ৰ’দ পাই ৰঙা হ’ল সোৱাদ সুমথিৰা...' গীতটো-- ক’ৰবাত কথাখিনি যেতিয়া ব’হাগৰ বতৰত গধূলি সময়ত দূৰৰ পৰা ভাঁহি আহে-- সেই বতাহ, সেই আকাশখন, সেই বিহু বিহু গাত লগাকৈ অহা পৰিৱেশটো.. মানে সেই অনুভৱবোৰ... পাঁচোটা ইন্দ্রিয় সক্রিয় হৈ এটা সময়ত একমুখী হৈ পৰিছিল গানবোৰ শুনি শুনি।
বৰগীতৰ ক্ষেত্রতো তেনেকুৱা। মই শিকা প্রথম বৰগীতটি দেউতাই প্রথম গাই শুনাইছিল। গীতটো আছিল শ্রীমন্ত শংকৰদেৱ বিৰচিত
'প্রাণনাথ নকৰা বঞ্চিত...' বৰগীতটো প্রথম শুনাৰ লগে লগে- ক’ৰবাত যে কিবাকে খুন্দিয়াই যায়, মানে সেই আৱেগবোৰ-- ভৰাই তুলিছিল বুকুখন। বা হিন্দীগীতৰ কথাবোৰো সেই চতুর্থ-পঞ্চম শ্রেণীত পঢ়ি থকা সময়ত বুজা নাছিলো, কিন্তু সুৰবোৰে ইমান চুই যায়, শুনাৰ সময়ত মনটোৱে যেনেকৈ আচৰণ কৰে, লগতে মোৰ চেতনায়ো একেধৰণেই আচৰণ কৰিছিল। মই ভাৱো-তেনে ধৰণেই আৰম্ভ হৈছিল সংগীত বুজাৰ কথাটো বা সংগীত অনুভৱ কৰাতো। মানে সংগীতৰ সাতটা স্বৰ মাত্র গোৱাৰ বাবেই নহয় বা ৰেৱাজৰ বাবেই নহয়, সাধনাৰ আন এটা দিশ হৈছে অনুভৱ কৰাটো। কিবা এটা গান শুনি গোটেই ৰাতিটো বিষাদময় হৈ যায়, বা ক’ৰবাত ভাগিয়েই পৰো জীৱনটো অসাৰ বুলি।কাৰণ গানটোত তেনেকুৱা কথা এটাই কৈছে। কোনোবা এটা গান শুনি এপাক নাচিবলৈও মন যায়, কোনোবা এটা গান শুনি জীৱনটো নতুনকৈ জীয়াবলৈও মন যায়-- হয়তো গানৰ সুৰ বা কথা তেনেধৰণৰ বাবেই। গানৰ এই উপলব্ধিবোৰ যে স্কুলৰ দিনৰ পৰাই, যেতিয়াৰ পৰা বুজা হৈছো, তেতিয়াৰ পৰাই গানবোৰে ক’ব নোৱাৰাকৈ চুবলৈ ধৰিছিল। মানে দেহত এজন মানুহৰ স্পর্শটো যেনেকুৱা-- মোৰ মাৰ স্পর্শটো বা দেউতাৰ স্পর্শ যেনেকুৱা, থিক তেনেকৈ গানবোৰে মোক স্পর্শ কৰিবলৈ ল’লে। সেই স্পর্শবোৰেই এটা সময়ত অনুভৱ হ’লগৈ ছাগে, গম নোপোৱাকৈ.. যিটো অনুভৱত আজিও জীয়াই আছো। সেই অনুভৱৰ কাৰণেই যি নটা ৰস আছে তাক অনুভৱ কৰিব পাৰো; সেই অনুভৱৰ কাৰণেই প্রকৃতিক বিৰাট ভাল পাওঁ; সেই অনুভৱৰ কাৰণেই বতাহ দিলে বেলেগ এটা ভাৱনা বিচাৰি পাওঁ; বৰষুণত তিতিবলৈ, জোনাক চাই উজাগৰী নিশা পাৰ কৰিবলৈ অথবা পাহাৰৰ বুকুত সময় কটাবলৈ ভাল পাওঁ, কিজানি সেই অনুভৱৰ কাৰণেই। সংগীতক তেনেকৈয়ে অনুভৱ কৰো- সাতটা স্বৰৰ মাজত, শব্দৰ মাজত, সুৰৰ মাজত, মনৰ মাজত..."।
****************************************

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...