সরাসরি প্রধান সামগ্রীতে চলে যান

তৰালি শৰ্মা: এক অধ্যায় /৩

২)
সংকত আৰম্ভ হৈছিল ৭০-৮০ৰ দশকত। সংগীতৰ পাছত 'উদ্যোগ’ শব্দটো ব্যৱহাৰ হোৱাৰ পাছৰ পৰাই। কাৰণ স্পষ্ট— ‘উদ্যোগ’ত সৃষ্টি নহয়, নির্মাণহে হয়। নির্মাণেহে গুৰুত্ব পায়। স্বাভাৱিকতে ৭০-৮০ৰ দশকত আৰম্ভ হয় ভাৰতীয় সংগীত নিৰ্মাণ। আৰু ‘নিৰ্মাণ’ বাঢ়িবলৈ ধৰে ১৯৭২-৭৩ চনৰ পৰা। 'হিজ মাষ্টাৰ্ছ' শৈলী আঁতৰি যায় কুন্দনলাল চাইগল, শান্তা আপ্টেৰ পদ্ধতি বা শৈলীৰ পৰা। সংগীত নিৰ্মাণৰ শৈলী বা এই পদ্ধতিৰ বা লাগিল আঞ্চলিক ভাষাৰ সংগীতৰ ক্ষেত্ৰখনতো। অসমৰ সংগীত ক্ষেত্ৰখনতো। আৰু সময় এনে হৈছিল যে, এনেদৰে ক'ব পাৰি— সংগীত নিৰ্মাণৰ গ্ৰাসত পৰি নিস্তেজ হৈ পৰিছিল অসমীয়া সংগীতৰ সৌন্দৰ্য। অসমীয়া গীতৰ নিৰ্মল সৌন্দৰ্যৰ সন্ধানত সংগীতৰসিকে হাহাকাৰ কৰি থকা এই সময়তে ‘বজাৰ'লৈ আহিছিল এটা শ্ৰব্য সংকলন— ‘হেঙুলীয়া’। আঠটা সুগম গীতৰ সংকলন। আৰু আহিছিল তৰালিৰ আন আঠটা গীতৰ সংকলন ‘মুকলি’। এই সংকলন দুটাৰ প্ৰসংগত ক’ব পাৰি ‘কেইখনমান মন-মগজু স্পৰ্শ কৰি যোৱা সংগীতিক পেইণ্টিং’।
‘আকৌ ৰাতি পুৱাল/মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই...',
'অনুৰাগ তোমাৰ বাবে/অনুভূতি তোমাৰ বাবে...’, ‘মন কমোৱা তুলাৰ দৰে...’,
‘ভাগৰুৱা মনৰ নিজান সময়বোৰ...'
—একো একোখন মন-মগজুত ৰৈ যোৱা পেইন্টিং! যেন কেনভাছত বিশুদ্ধ নান্দনিক উপলব্ধি! সুৰেৰে-সংগীতেৰে-গায়কীৰে ‘নিৰ্মাণ’ৰ ঊৰ্ধ্বত থাকি কৰা ‘সেউজ সেউজ’ সৃষ্টি। এই সৃষ্টি যিকোনো লোককে সহজেই স্পৰ্শ কৰি যায়, মনত ৰৈ যায়। গুলজাৰে কোৱাৰ দৰে তৰালি শৰ্মাৰ এই গীতকেইটাৰ প্ৰসংগত এনেদৰে ক’ব পাৰি— ‘গীত মানেই কেইটামান শব্দ নহয়। সংগীত মানেই কোলাহল নহয়। আমি এনেদৰেও ক'ব নোৱাৰোঁ এটা ৰিডমত থাকি কেইটামান শব্দ ক’লেই, কেইপদমান বাদ্যযন্ত্র বজালেই ‘গীত’ হ’ব নোৱাৰে।... গীতে শ্ৰোতাৰ হৃদয়ত বাহ সাজে। গীতে শ্ৰোতাৰ মনলৈ শান্তি আনে।' তৰালিৰ গীতো এনেধৰণৰেই।
সংগীতৰ 'বজাৰ' আৰু সলনি হ'ল। সংগীত সামাজিক মাধ্যমলৈ বিয়পিল, 'youtube'লৈ বিয়পিল। অসমীয়া সংগীতৰ বজাৰ বহল হ'ল। এই যে বজাৰ বহল হ'ল বা বাঢ়িল --এয়া অসমীয়া সংগীতৰ বাবে আষীৰ্বাদ নে অভিশাপ, সেয়া অন্য প্ৰসংগ। কিন্তু এয়া ঠিক-- তৰলিৰ সংগীত, অসমীয়া সংগীত অসম বৃত্তৰ বাহিৰলৈ বিয়পিল। ভাৰতৰ অন্য প্ৰান্তৰ, ভাৰতৰ বাহিৰৰো সংগীত ৰসিকে "তৰালি" শুনিলে, আদৰি ল"লে। ভাষা (গীতৰ কথা) নুবুজাকৈয়ে "তৰালি"ক শুনা, আদৰি লোৱাৰ কাৰণ,   "সংগীত পৰিচালক তৰালি"য়ে গীতত ব্যৱহাৰ কৰা অসমৰ থলুৱা সুৰ।
--তৰালি শৰ্মা ডাঙৰ হৈছে লোক সংগীতৰ মাজত, "সংগীত শিল্পী তৰালি" নিৰ্মান হৈছে সত্ৰ সংগীতৰ মাজত।
"দেউতাই কৈ থকা কাহিনীবোৰ শুনি অনুভৱ কৰিছিলো কিমান ষ্ট্রাগল কৰিব লগা হৈছিল দেউতাই। ভৰ বাৰিষাৰ পানী ভেদি ভেদি সংগীতৰ কাৰণেই ঘুৰি ফুৰা সেই কুমলীয়া বয়সৰ ল'ৰাজন, নাটক-গান কৰি ফুৰা সেই ল'ৰাজন, স্কুলৰ পিছত সংগীতৰ ক্লাছ কৰিবলৈ আগ্রহেৰে বাট চাই থকা ল'ৰাজন, হাতত বাঁহী আৰু বুকুত সুৰবোৰ কঢ়িয়াই ফুৰাৰ দৰেই কঢ়িয়াই ফুৰিছিল সত্রৰ সংগীত আৰু সংস্কৃতি। সুন্দৰীদিয়া সত্রৰ লগতে লাগি থকা আমাৰ দেউতাৰ ঘৰখন। গতিকে  ব্রহ্মপুৱাৰ পৰা চৈধ্য প্রসংগৰ নাম, সত্রত অনুষ্ঠিত অনুষ্ঠান আৰু গীত-মাতবোৰে সমৃদ্ধ কৰি ৰাখিছিল ঘৰৰ প্রত্যেককে। চর্চা চলিছিল বৰগীত, পদ-ঘোষা লগতে লোক-সংগীত আৰু শাস্ত্রীয় সংগীতৰো। নাও খেলৰ গীত, থিয় নাম, হোলী গীতৰ লগতে দেউতাৰ বাঁহীৰ সুৰবোৰ সৰুৰে পৰাই শুনি আহিছিলো। আৰু এই পৰিৱেশতে মোৰ জন্ম। মনত থকাৰ পৰা, বুজা হোৱাৰ পৰা কেৱল গীত আৰু গীত, বাঁহীৰ সুৰ। মুঠতে সংগীত মোৰ চাৰিওকাষে জন্ম হোৱাৰে পৰা। আতাই শিকোৱা সংস্কৃত শ্লোকৰ পৰা আৰম্ভ কৰি দেউতা আৰু খুড়াৰ ওচৰত বৰগীতৰ আদিপাঠ শিকাৰ মাজতে অতিবাহিত হৈছিল মোৰ শৈশৱ। তাতে আকৌ মায়ে গীত গাইছিল, ভায়লিনো বজাইছিল। আজিও শৈশৱলৈ ঘুৰি চালে মনত পৰে সুন্দৰীদিয়াৰ বিভিন্ন গীত-মাতেৰে সমৃদ্ধ গধূলিৰ আখৰাবোৰ। কেতিয়াবা যদি আমাৰ তাত, কেতিয়াবা খুড়াৰ চোতালত।
খোলৰ বোলবোৰ, বৰগীতৰ ৰাগবোৰ, লোকসংগীতৰ কথাবোৰ, ভাৰতীয় শাস্ত্রীয় সংগীতৰ তুলনামূলক চর্চাবোৰ- এইবোৰৰ মাজতে সংগীতৰ ভেঁটিত নির্মাণ হৈছিল আমাৰ পৰিয়ালটো। তাৰ মাজতেই জীৱনটোক লাহে লাহে উপলব্ধি কৰিবলৈ শিকিছিলো মই।" --তৰালিয়ে কৈছিল। আৰু কৈছিল, "। গুৰু দুজনাৰ সংগীত মোৰ মনত শিপাইছিল সৰুতেই, গীত গাম বুলি ভবাৰ বহু আগতেই। তেতিয়া গীত-পদ, ঘোষা, বৰগীতৰ অর্থ বিশেষ একো বুজি নাপাও, কিন্তু দেউতাই যেতিয়া গায় বা সত্রত যেতিয়া কেৱলীয়া ভকতে পুৱাৰ গীত 'তেজৰে কমলাপতি...' গায়, কিবা এক অদ্ভুত ধৰণৰ প্রশান্তি বিচাৰি পাও তাত। সেইটোৱেই এক ধৰণে মোক আকর্ষণ কৰিছিল- স্বৰৰ প্রতি, সুৰৰ প্রতি, ভক্তিৰ প্রতি, সাধনাৰ প্রতি। সেয়া আছিল গুৰুদুজনাৰ সংগীতৰ প্রতি প্রথম আকর্ষণ। তাৰ পিছৰ আকর্ষণ হিচাপে জ্যোতিপ্রসাদ-বিষ্ণুপ্রসাদৰ গীতসমূহো সৰুতেই শিকিছিলো। নাম উল্লেখ কৰিব পৰাকৈ এলাহ নলগাকৈ যাৰ গীত বাৰে বাৰে শুনিছিলো। যি গীতে মোক অত্যন্ত বেছি আকর্ষণ কৰিছিল, সেয়া আছিল পার্বতী প্রসাদৰ গীত। বিশেষকৈ 'জোনাক জোনাক শীতল জোনাক...', 'তোৰ নাই যে বন্ধোৱা বাট...', 'তোমাৰ প্রেমৰ ভোগজৰাটি...' গীত কেইটিয়ে। আৰু দুগৰাকী মান ব্যক্তিৰ কথা মই ক’বই লাগিব। দীপালি বৰঠাকুৰ, হেমলতাৰ মোৰ বৰ প্রিয়। দ্বিতীয়তে যিগৰাকী ব্যক্তিৰ গান শুনি ডাঙৰ হৈছো--লতা মংগেশকাৰ, প্রতি পলে যাৰ গানেৰেই উশাহ-নিশাহ লোৱা বুলি ক’লেও ভুল কোৱা নহ’ব-- ইমান বেছি আকর্ষণ মোৰ বাবে তেওঁৰ মাতটো। তেওঁৰ গায়কী, ভাৱ-ভংগী, তেওঁৰ সুৰ, তেওঁৰ ব্যক্তিত্বই মোক ইমান বেছি প্রভাৱিত কৰিছিল যে সেই আকর্ষণ আজি পর্যন্ত একেই আছে। ভাৰতীয় শাস্ত্রীয় সংগীত যেতিয়া শিকিবলৈ লৈছিলো, তাৰে কেইটিমান ৰাগ যেনে-- মালকোস, ভূপালী, পুৰিয়া ধনশ্রী, তৰী আদিয়ে বিশেষভাৱে আকর্ষণ কৰিছিল। আকর্ষণ কৰিছিল কেশৱ মহন্তৰ গীতৰ কথাবোৰে, ভূপেন হাজৰিকাৰ গীতবোৰে। অৱশ্যে ভূপেন হাজৰিকাৰ গীতবোৰ সৰুতে ভাল লাগে বাবে শুনো যদিও তাৰ প্রকৃত তত্ত্ব জনা-বুজা হোৱাৰ পৰাহে বেছিকৈ উপলব্ধি কৰিবলৈ শিকিছো। অসমৰ বাহিৰৰ সংগীত শিল্পীৰ গীতেও মোক প্রভাৱিত কৰিছিল। ৰবীন্দৰ জৈন আৰু খয়াম-এই দুজন ব্যক্তিয়ে সৃষ্টি কৰা যি সুৰ, সেই সুৰসমূহে বুজাব নোৱাৰাকৈ মোৰ বুকুত চুই গৈছিল সেইসময়ত। দেউতাৰো প্রিয় আছিল দুয়োজন। আচলতে মোৰ এই সংগীত ভালপোৱাৰ আঁৰৰ একো একোটা কাৰণ তেওঁলোক, তেওঁলোকৰ সুৰ, তেওঁলোকৰ সংগীত। ৰবীন্দৰ জৈনৰ সুৰৰ 'গৰিয়া ৰে তেৰে আনে চে চজ গয়ী হামৰী টুটি ফুতি নাও...", 'গীত গাতা চল...', 'আখিয়ৌ কি ঝাৰখোঁ চে...', ঠিক তেনেকৈয়ে খয়ামৰ 'নুৰি' আদি গীতবোৰে সংগীতৰ প্রতি জাগি উঠা ভালপোৱা ক্রমান্বয়ে বঢ়াই গৈছিল।" --তৰালি শৰ্মাৰ এই কথাৰ মাজতে স্পষ্ট হৈ আছে "সংগীত শিল্পী তৰালি শৰ্মা" নিৰ্মাণৰ বুনিয়াদ। থলুৱা সুৰ আৰু ভাল সুৰে প্ৰিয় তৰালিৰ। আৰু নিজে যেতিয়া সুৰ সৃষ্টি কৰে, সেই ভাল লগা সুৰ বোৰ নিশ্চয় প্ৰেৰণা হৈ পৰে।
আন এদিন! জোনাকৰ দিন। জোনাক তেতিয়াও নমা নাছিল। তৰালিয়ে মাতিছিল "ড্ৰিমজ"লৈ। জিণ্টু বৰদলৈৰ ৰেকৰ্ডিং ষ্টুডিঅ' --"ড্ৰিমজ"। (কোন জিণ্টু বৰদলৈ?-- চাউণ্ড ইঞ্জিনীয়াৰ, বাদ্যযন্ত্ৰী। তৰালি-জিণ্টু-- দুয়ো দুয়োৰে জীৱন সংগী। "ড্ৰিমজ" এতিয়া তৰালি শৰ্মাৰো সংগীত সপোন সাকাৰ কৰাৰ "পৃথিৱী"।) গৈ পোৱাৰ পাছতে সংগীতৰ দুৱাৰ। দুৱাৰেৰে জোনাক আহিছিল --"মাতিলেই নামি অহা জোনাক ..."। তৰালিৰ আন এক প্ৰকল্প "ডেউকা"ৰ এটি গীত। কথা, সুৰ, সংগীত, কণ্ঠ তৰালিৰ। তৰালিয়ে এটা গল্প কৈছে, এখন ছবি আকিছে-- শব্দৰে, সুৰেৰে। জোনাকৰ গল্প। -এই গীতটো মুকলি কৰিছে --"youtube"-ত।
আন এদিন। ইটো-সিটোৰ মাজতে তৰালিয়ে কৈছিল সংগীত অনুভৱৰ কথা। সুধিছিলো -- "তৰালিয়ে সংগীত অনুভৱ কেতিয়াৰ পৰা কৰিছিল?
কৈছিল-- "গানবোৰ অথবা সুৰবোৰ যে ক’ৰবাত চুই যোৱা ধৰণৰ অনুভৱ এটা হোৱাৰ পৰাই ইয়াৰ আৰম্ভণি। পার্বতী প্রসাদ বৰুৱাৰ  'তোমাৰ প্রেমৰ ভোগজৰাটি...",
'তোৰ নাই যে বন্ধোৱা বাট...',
'জোনাক জোনাক শীতল জোনাক...'
--এই গীতবোৰ লাহে লাহে বুকুৰ ক’ৰবাত লগা হ’ল, বাৰে বাৰে  ৰিৱাইণ্ড কৰি শুনিব মন যোৱাকৈ। সৰু থাকোতে নেপালী চেন্টাৰ খুউব শুনিছিলো। ৰেডিঅ’ শুনাতো মোৰ চখ আছিল। ৰেডিঅ’টোৰ গীতবোৰ যেতিয়া শুনো, শুনিয়েই থাকো। পাছলৈ এনেকোৱা হৈ গৈছিল যে কোনটোৰ পিছত কোনটো গীত দিব আগতীয়াকৈ জনা হৈ গৈছিলো। আৰু সেই গীতবোৰেও এনেকুৱাকৈ চুই গৈছিল যে সংগীতৰ প্রতি থকা প্রেম এটাই ক’ব নোৱাৰাকৈ ক্রমান্বয়ে ঠাই লৈছিল, বুকুত। থাউকতে মনত পৰাকৈ এই যে দিলীপ দাসৰ কণ্ঠৰ 'ৰ’দ পাই ৰঙা হ’ল সোৱাদ সুমথিৰা...' গীতটো-- ক’ৰবাত কথাখিনি যেতিয়া ব’হাগৰ বতৰত গধূলি সময়ত দূৰৰ পৰা ভাঁহি আহে-- সেই বতাহ, সেই আকাশখন, সেই বিহু বিহু গাত লগাকৈ অহা পৰিৱেশটো.. মানে সেই অনুভৱবোৰ... পাঁচোটা ইন্দ্রিয় সক্রিয় হৈ এটা সময়ত একমুখী হৈ পৰিছিল গানবোৰ শুনি শুনি।
বৰগীতৰ ক্ষেত্রতো তেনেকুৱা। মই শিকা প্রথম বৰগীতটি দেউতাই প্রথম গাই শুনাইছিল। গীতটো আছিল শ্রীমন্ত শংকৰদেৱ বিৰচিত
'প্রাণনাথ নকৰা বঞ্চিত...' বৰগীতটো প্রথম শুনাৰ লগে লগে- ক’ৰবাত যে কিবাকে খুন্দিয়াই যায়, মানে সেই আৱেগবোৰ-- ভৰাই তুলিছিল বুকুখন। বা হিন্দীগীতৰ কথাবোৰো সেই চতুর্থ-পঞ্চম শ্রেণীত পঢ়ি থকা সময়ত বুজা নাছিলো, কিন্তু সুৰবোৰে ইমান চুই যায়, শুনাৰ সময়ত মনটোৱে যেনেকৈ আচৰণ কৰে, লগতে মোৰ চেতনায়ো একেধৰণেই আচৰণ কৰিছিল। মই ভাৱো-তেনে ধৰণেই আৰম্ভ হৈছিল সংগীত বুজাৰ কথাটো বা সংগীত অনুভৱ কৰাতো। মানে সংগীতৰ সাতটা স্বৰ মাত্র গোৱাৰ বাবেই নহয় বা ৰেৱাজৰ বাবেই নহয়, সাধনাৰ আন এটা দিশ হৈছে অনুভৱ কৰাটো। কিবা এটা গান শুনি গোটেই ৰাতিটো বিষাদময় হৈ যায়, বা ক’ৰবাত ভাগিয়েই পৰো জীৱনটো অসাৰ বুলি।কাৰণ গানটোত তেনেকুৱা কথা এটাই কৈছে। কোনোবা এটা গান শুনি এপাক নাচিবলৈও মন যায়, কোনোবা এটা গান শুনি জীৱনটো নতুনকৈ জীয়াবলৈও মন যায়-- হয়তো গানৰ সুৰ বা কথা তেনেধৰণৰ বাবেই। গানৰ এই উপলব্ধিবোৰ যে স্কুলৰ দিনৰ পৰাই, যেতিয়াৰ পৰা বুজা হৈছো, তেতিয়াৰ পৰাই গানবোৰে ক’ব নোৱাৰাকৈ চুবলৈ ধৰিছিল। মানে দেহত এজন মানুহৰ স্পর্শটো যেনেকুৱা-- মোৰ মাৰ স্পর্শটো বা দেউতাৰ স্পর্শ যেনেকুৱা, থিক তেনেকৈ গানবোৰে মোক স্পর্শ কৰিবলৈ ল’লে। সেই স্পর্শবোৰেই এটা সময়ত অনুভৱ হ’লগৈ ছাগে, গম নোপোৱাকৈ.. যিটো অনুভৱত আজিও জীয়াই আছো। সেই অনুভৱৰ কাৰণেই যি নটা ৰস আছে তাক অনুভৱ কৰিব পাৰো; সেই অনুভৱৰ কাৰণেই প্রকৃতিক বিৰাট ভাল পাওঁ; সেই অনুভৱৰ কাৰণেই বতাহ দিলে বেলেগ এটা ভাৱনা বিচাৰি পাওঁ; বৰষুণত তিতিবলৈ, জোনাক চাই উজাগৰী নিশা পাৰ কৰিবলৈ অথবা পাহাৰৰ বুকুত সময় কটাবলৈ ভাল পাওঁ, কিজানি সেই অনুভৱৰ কাৰণেই। সংগীতক তেনেকৈয়ে অনুভৱ কৰো- সাতটা স্বৰৰ মাজত, শব্দৰ মাজত, সুৰৰ মাজত, মনৰ মাজত..."।
****************************************

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...