"অনুৰ" চালোঁ। চিনেমা খনৰ গতি, কাহিনীৰ গতি "চৰিত্ৰ" কেন্দ্ৰীক। এটা চৰিত্ৰক কেন্দ্ৰ কৰি আগ বঢ়াই নিছে; আৰু সেই "চৰিত্ৰ"টোতে শেষ কৰিছে। চৰিত্ৰটোৰ নাম-- অনুপমা বৰুৱা। চৰিত্ৰটো নিৰ্মানত পৰিচালক-চিত্ৰনাট্যকাৰ মঞ্জুল বৰাই "গতি"ত গুৰুত্ব দিয়া নাই, "পূৰ্ণতা"ত গুৰুত্ব দিছে। চৰিত্ৰটো বিন্যাসত অধিক ফুটেজ ব্যৱহাৰ কৰিছে। এনে "সম্পূৰ্ণ নাৰী চৰিত্ৰ" অসমীয়া চিনেমাত খুউব কম নিৰ্মাণ হৈছে। আমাৰ মনত ইমান দিনে সেউজ হৈ থকা জাহ্নু বৰুৱাৰ "ফিৰিঙতি"ৰ শিক্ষয়ত্ৰী (মলয়া গোস্বামী) গৰাকী, ভৱেন্দ্ৰ নাথ শইকীয়াৰ "অগ্নিস্নান"ৰ মেনকা (মলয়া গোস্বামী) যেন ধূসৰ হৈছে মঞ্জুল বৰুৱাৰ "অনুপমা বৰুৱা" (ডাঃ জাহানাৰা বেগম) অনুভৱ কৰি থকা সময়ত। ইয়াৰ কাৰণ কেৱল অভিনয় নহয়, চৰিত্ৰ নিৰ্মাণ শৈলী আৰু দৈৰ্ঘয়ো। উল্লেখ কৰা বিশেষ পৰিচালক দুগৰাকীৰ বিশেষ চৰিত্ৰ দুটা নিৰ্মাণ হৈছিল কাহিনী কোৱাৰ বাবে, বিষয়বস্তু উত্থাপনৰ বাবে। আৰ্থাৎ কাহিনীৰ বাবে চৰিত্ৰ। কিন্তু "অনুৰ"ৰ কাহিনী চৰিত্ৰ (অনুপমা বৰুৱা) কেন্দ্ৰীক। "অনুপমা বৰুৱা" বিন্দুটোৰ সৰল ৰৈখিক গতিয়ে কাহিনীৰ আকাৰ লৈছে, কাহিনী শেষ হৈছে। "অনুপমা বৰুৱা" বিন্দুটোৱে চুই গৈছে আন কেইটা মান বিন্দু। কেইটা মানৰে এটা-- ওম জ্যোতি দাস (বলৰাম দাস)। মঞ্জুলে নিৰ্মাণ কৰা চিনেমা খনৰ আন এটা পৰিপাটি চৰিত্ৰ। সামান্যও সন্দেহ নৰখাকৈ ক'ব পৰি অভিনেতা গৰাকীৰ বাস্তৱিক অভিনয় (realistic acting) ৰূপালী গল্পটোৰ অনন্য সৌন্দৰ্য। আন কেইটামান বিন্দু-- এমিনা, নিজু, অভিষেক, লছিথ মডলিয়াৰ। লছিথ মডলিয়াৰ অনুপমা বৰুৱাৰ প্ৰতিবেশী। জিলা শাসন কৰা ( প্ৰাক্তন জিলা উপায়ুক্ত...) লছিথ মডলিয়াৰ দুখ-- নিজৰ ঘৰ খনেই শাসন কৰিব নোৱাৰিলে। কাম কৰা ল'ৰা এজনৰ সৈতে জীৱন পাৰ কৰিছে। এই চৰিত্ৰটো মঞ্জুলে নিৰ্মাণ কৰিছে ভাৰতীয় চিনেমাৰ প্ৰথম শ্ৰেণীৰ অভিনেতা (নাট্যকৰ্মী, চিনেকৰ্মী) ৰজত কাপুৰক লৈ। এই চৰিত্ৰটোৰ লগতে নিজু বড়ো (বিদ্যা ভাৰতী), এমিনা (ৰাজশ্ৰী শৰ্মা), আৰক্ষী বিষয়া (বিভূতি ভূষণ হাজৰিকা), অনুপমা-পুত্ৰ অভিষেক (উদয়ন দুৱৰা) কে ধৰি প্ৰতিটো চৰিত্ৰ "বাস্তৱ সমাজৰ চৰিত্ৰ"লৈ ৰূপান্তৰ কৰাতো পৰিচালক সফল। চৰিত্ৰৰ চিনমেটিক সৌন্দৰ্য (Cinematic beauty) বুলি যে কোৱা হয়, "অনুৰ"ৰ ক্ষেত্ৰতো ক'ব পাৰি।
অনুপমা বৰুৱাৰ মন্থৰ বিন্যাসৰ বিপৰীতে আন কেইটা চৰিত্ৰৰ বিন্যাস দ্ৰুত। দ্ৰুত, স্পষ্ট।
পৰিচালকৰ উদ্দেশ্য ইয়াত স্পষ্ট-- অনুৰ গল্প কোৱা। অনুপমা বৰুৱাৰ গল্প কোৱা। আঙ্গিক, সাত্ত্বিক অভিনয়ত গুৰুত্ব দি কেমেৰাৰ ভাষাৰে চৰিত্ৰটোৰ নিৰ্মাণ কাৰ্য আগুৱাই নিছে। মেদহীন সংলাপ। দৰ্শকে জানিব পাৰে মানুহ গৰাকী অকলে থাকে। inverterটো বেয়া (inverterটোও এটা চৰিত্ৰ। বেয়া হৈছে। ভাল কৰিব দিছে। ভাল কৰাৰ পাছত আকৌ লগাইছে। Short circuit হয়।ৰূপালী গল্পটো শেষ হৈছে এই "চৰিত্ৰ"টোৰে দৰ্শকক ভৱাৰ অৱকাশ দি।) হৈছে। পুত্ৰ-বোৱাৰী আৰু একমাত্ৰ নাতি বিদেশত থাকে। নাতি-আইতাকৰ খবৰ সম্পৰ্কৰ মাধ্যম "ফোন"। স্বামীহীনা বৃদ্ধা অনুৰ পুত্ৰ অভিষেকেও মাকৰ নিৰন্তৰ খবৰ ৰাখে "ফোন"ত। দৰ্শকে অনুভৱ কৰে অনুৰ, মানে অনুপমা বৰুৱাৰ নিঃসংগতা, মনৰ ভয়। "চাইক'ছিছ" বা "ইল্যুশ্যনেল ফিয়াৰ"। --মহানগৰীৰ অকলশৰীয়াকৈ থকা মানুহৰ নিৰাপত্তাহীনতাৰ "খবৰে" চুই যায় অনুপমা বৰুৱাক। ভয় বাৰে। ৰ'দ লগাবলৈ অহা লছিথ মডলিয়াৰো (নিজৰ "ৰ'দালি এপাৰ্টমেন্ট"ত ৰ'দ নপৰে। অনুপমা বৰুৱাৰ চোতালত ৰ'দ লগাব আহে! অপূৰ্ব।) ভয়ৰ কাৰণ হৈ পৰে।
আৰু কাহিনী আগবঢ়াৰ পাছত অনুপমা বৰুৱাৰ অতি ওচৰৰ হৈ পৰে লছিথ মডলিয়াৰ।
কাষে-পাজৰে থকা "ফোন"ৰ সংগীয়ে দিব নোৱাৰা নিৰাপত্তাৰ অনুভৱ কৰে লছিথ মডলিয়াৰ ওচৰত। পুত্ৰই অনুপমাক নিজৰ সৈতে বিদেশলৈ নিয়াৰ কথা কয়, লছিথ মডলিয়াৰে কয়
-- আপুনি যাওক গৈ।
অনুপমাৰ উত্তৰ-- "আপোনাক এৰি যাব পাৰিম জানো!"
-- লছিথ মডলিয়া। অসমতে কাম কৰি অৱসৰ লোৱা এজন হিন্দীভাষী আইএএচ বিষয়া। নিজৰ ফ্লেটত ৰ'দ নপৰে। চিকিৎসকৰ পৰামৰ্শ গাত ৰ'দ লগাব লাগে। গতিকে প্ৰতিবেশী অনুপমা বৰুৱাৰ ঘৰলৈ ৰ'দ লগাবলৈ আহে। এই যে ৰ'দ লগাবলৈ আহে সহজ ভাবে লব পৰা নাছিল অনুপমা, ওম, এমিনাই। কাহিনী আগবাঢ়ে।
নিশা অনুপমাক মাৰি-বান্ধি কোনোৱে কিবা-কিছু লৈ যায়। লছিথ মডলিয়াৰ সহায়ত অসুস্থ হৈ পৰা অনুপমা হাস্পাটাল পায়। আৰু আগবাঢ়ে এটা প্ৰেমৰ কাহিনী। "আপোনাক এৰি যাব পাৰিম জানো!" --এই সংলাপটোতে পূৰ্ণতা পায় প্ৰেমৰ কাহিনী ভাগ। পৰিচালক-চিত্ৰনাট্যকাৰ সু-পৰিকল্পিত সংমিশ্ৰণ, নিঃসংগতা-প্ৰেম কাহিনী।
--কোৱা হয়, কেমেৰাৰ ভাষাৰ পাছতে চিনেমাৰ প্ৰধান অলংকাৰ সংগীত-শব্দ আৰু সংলাপ। সংগীত তৰালি শৰ্মাৰ। শব্দ সংযোজন অমৃত প্ৰীতমৰ, স্থলশব্দ সংযোজন দেৱজিত গায়নৰ। চিনেমা খনত সংগীত-শব্দই background music-ৰ "কাম" কৰিছে।
চিনেমাত background music-এ বক্তব্যক সহজ, অৰ্থপূৰ্ণ আৰু সতেজ কৰি তোলে। "অনুৰ"ত কেতিয়াবা শব্দহীনতাও সংগীতলৈ ৰূপান্তৰ হৈছে, শব্দহীন ঘৰটোত ঘড়ীটোৰ টিকটিকেও যেন সংগীত হৈ পৰিছে। (টিক টিক শব্দই নিৰৱতাক আৰু নিৰৱতাৰ অনুভৱ দিছে। "সময়" আগুৱাই নিছে।) স্কুটিখন দূৰলৈ গুছি যোৱা, পাচলি বেপাৰীৰ মাত, এম্বুলেঞ্চৰ চাইৰেন ইত্যাদি (শব্দ সংযোজন) আৱহ সংগীতলৈ ৰূপান্তৰ হৈ ৰূপালী গল্পটো "বাস্তৱ"ৰ ওচৰলৈ যোৱাত সহায় কৰিছে, কাহিনীক গতি দিছে। ব্যৱহাৰ কৰা ( - 'ধূলিয়ৰি বাট /সময়ৰ ছাঁত/আপোন-পৰ কোন কি - হিচাপ...', 'দিন যায় ৰাতি নুপুৱায়/ক্ষণ যায় ক্ষণ নাযায়...' তৰালি শৰ্মাৰ কথা-সংগীত, ৰূপম ভূঞাৰ কণ্ঠ। ‘শুকান শুকান মন হ'ল জীপাল/অকলশৰে ফুল ফুলা ডাল...' তৰালি শৰ্মাৰ কণ্ঠ। কথা-সুৰ তৰালি শৰ্মা। চুই যোৱা সুৰ, মনত ৰৈ যোৱা কথা। চিনেমাৰ গল্প যি বাটে আগবাঢ়িছে, সেই "বাট"ৰে ছবি আঁকিছে কথাৰে, সুৰেৰে।) গীতাংশই পৰিৱেশ নিৰ্মাণ কৰিছে, গল্পৰ গতিত সহায় কৰিছে।
--চিনেমা নিৰ্মাণ কৰে "চিনেমা"ৰ বাবে।
--চিনেমা নিৰ্মাণ কৰে "চিনেমাৰ বজাৰ"ৰ বাবে।
-- বজাৰ কেন্দ্ৰীক চিন্তাৰেও "চিনেমা"ৰ বাবে চিনেমা নিৰ্মাণ কৰে।
--মঞ্জুল বৰুৱা "চিনেমা"ৰ বাবে চিনেমা পৰিচালনা কৰা পৰিচালক। এই "ধাৰা"ৰ পৰিচালকৰ পৰিচালনা শৈলীৰ বিশেষ লক্ষ্য থাকে। আমাৰ ধাৰণাত "অনুৰ"ত মঞ্জুলৰ লক্ষ্য চৰিত্ৰ নিৰ্মাণ। জনপ্ৰিয় সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ মন চুই যোৱা গল্প "ভালপোৱাৰ সময়"ৰ বুনিয়াদত চৰিত্ৰ নিৰ্মাণ কৰিছে, চৰিত্ৰক গতি দিছে। মূল "গল্প"টোৰ পৰা চিত্ৰনাট্যকাৰ মুক্ত। এই যে মুক্ত, সেয়া স্বাভাৱিক, মাধ্যম দুটা (সাহিত্য, চিনেমা)-ৰ দূৰত্বৰ বাবে।
--"মুক্ত"হৈ যে বৃদ্ধাৱস্থাৰ নিঃসংগতা আৰু নিৰাপত্তাহীনতাৰ মুক্তিৰ সন্ধান কৰিছে, চিনেমেটিক কাৰবাৰেৰে, তাতেই মঞ্জুলৰ চিনে দক্ষতা স্পষ্ট। এই চিনে সফলতাৰ পাছতো কিন্তু ক'ব লাগিব-- সম্পাদনাৰ টেবুলত কিছু পৰিশ্ৰমৰ প্ৰয়োজন আছিল, কঠোৰ হোৱাৰ প্ৰয়োজন আছিল। কিছু সংকোচনৰ প্ৰয়োজন আছিল।আৰু দুই-এক ত্ৰুটি অৱশ্যেই আছে। কিন্তু ত্ৰুটি চিনে সৌন্দৰ্যত দাগ হোৱা পৰ্যায়ৰ নহয়।
শেষত অৱশ্যেই প্ৰশংসা কৰিম পৰিচালকৰ প্ৰধান সেনাপতি সুমন দুৱৰাক। --হয়, দক্ষ চিত্ৰগ্ৰহণকাৰী গৰাকীয়ে পৰিচালকৰ নিৰ্দেশত কেমেৰাত ধৰি ৰাখিছিল অনুৰ নিঃসংগতা ইত্যাদি।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন