অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (ASFFDC) ৰ ফালৰ পৰা এখন চিঠিৰে মোক আমন্ত্ৰণ জনাইছিল। চিঠিত উল্লেখ আছিল-- ৰাজ্যিক চলচ্চিত্ৰ বঁটা কেন্দ্ৰিক আলোচনা হ'ব.....। যথা সময়ত উপস্থিত হৈছিলোঁ। উপস্থিত আছিল উৎপল বৰপূজাৰী, নয়ন প্ৰসাদ, মঞ্জু বৰা, চন্দ্ৰ মুদৈ, জয়ছেং জয় দহোতিয়া, সান্ত্বনা বৰদলৈ, অশোক কুমাৰ বিষয়া আৰু কেইবা গৰাকীয়ো অসমীয়া চিনেমাৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষ ভাবে জড়িত ব্যক্তি। অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত কাম কৰা চৰাকাৰী বিভাগটোৰ (অসমীয়া চিনেমাৰ উত্তৰণৰ স্বাৰ্থত কিমান কাম কৰিছে সেয়া অন্য প্ৰসংগ।) বৰ্তমানৰ অধ্যক্ষ সীমান্ত শেখৰ, উপ-অধ্যক্ষ অলেক্ষ্য বৰুৱা উপস্থিতিত সেইদিনা চৰ্চা হৈছিল --ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০১৮ আৰু ২০১৯ বৰ্ষক কেন্দ্ৰ কৰি। ভিন্ন জনে ভিন্ন মত আগ বঢ়াইছিল। আমাৰ ধাৰণাত কথাটো এনেধৰণৰ, বঁটা কেনেদৰে দিয়া হ'ব বিভাগটোৰ ফালৰ পৰা "ব্লু-প্ৰিণ্ট" সাজু কৰা হৈছিল, আমাক শুনোৱা হৈছিল মাত্ৰ! গোটেই "চৰ্চা"টোত মোৰ কিবা গুৰুত্ব থকা বুলি ধাৰণা নকৰিলোঁ, মোক কিয় আমন্ত্ৰণ কৰা হৈছিল-- নুবুজিলোঁ। গতিকে সেই প্ৰসংগ সিমানতে মনৰ পৰা উলিয়াই, "চৰকাৰী কাম এনে ধৰণৰে" বুলি ধৰি লৈ নিজৰ কামত মন দিলোঁ।
কিছু দিন পাছত মনৰ পৰা উলিয়াই দিয়া "বঁটা প্ৰসংগ" আকৌ মনত পেলাই দিলে অধ্যক্ষ সীমান্ত শেখৰৰ "ফোন"-এ। অধ্যক্ষ গৰাকীয়ে ক'লে-- "আপোনাক ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জুৰী হিচাবে ৰাখিব খুজিছোঁ, আপোনালৈ ২০১৯ বৰ্ষৰ তালিকা খন পঠিয়াই আছো, কিবা প্ৰকাৰে চিনেমা কেইখনৰ সৈতে জড়িত আছে নেকি! জনাব।" --তালিকা খনৰ অপেক্ষাত থাকিলোঁ। (মই চিনেমাত অভিনয় নকৰো, চিত্ৰনাট্য নিলিখো, প্ৰচাৰৰ "ঠিকা"ও নলও। গতিকে মই জড়িত হোৱাৰ কথা নাই। এনেদৰে "ফোন"তে স্পষ্ট কৰি দিয়া বাবে হয়তো!) তালিকা খন কিন্তু নাহিল। (আজিলৈকে অহা নাই।) আহিল এখন "মেইল", "জুৰী" হোৱাৰ আমন্ত্ৰণ। "মেইল"ক গুৰুত্ব দিয়া নাছিলোঁ। ASFFDC -ৰ পৰা "ফোন" আহিছিল, ব্যস্ততাৰ বাবে সহাৰি জনাব পৰা নাছিলোঁ (পাছত "চেক" কৰি দেখিছিলোঁ ৩টা "মিছকল", ১+২) আকৌ অধ্যক্ষ গৰাকীৰ "ফোন"। মোক ASFFDC -ৰ পৰা অহা "ফোন ধৰিবলৈ" আনুৰোধ। আৰু "মেইল" খনৰ কথা মনত পেলাই দিলে। ("মেইল" খনত আছিল-- "The people of Assam feel proud of you about your immense contribution to the Indian Film Industry and we are glad to cordially invite you to the 8th State Film Awards, 2023 as a Jury Member of the Feature Film Section which were certified by Censor Board between 1.1.2019 and 31.12.2019. ...")
মই অধ্যক্ষ গৰাকীৰ অনুৰোধক সন্মান জনাই "মেইল"ৰ উত্তৰ দিলোঁ -- "ধন্যবাদ, আমন্ত্ৰণৰ বাবে। যথা সময়ত নিশ্চয় উপস্থিত থাকিম।" মোৰ উত্তৰৰ পাছতে ASFFDC-ৰ ফালৰ পৰা ফোন। মোৰ ঘৰৰ ঠিকনা বিছাৰিলে। আৰু নিৰ্দিষ্ট দিন কেইটাত গাড়ীৰে লৈ যোৱা হ'ব বুলি জনালে, পুৱা ৮-৩০ বজাত সাজু হৈ থকাৰ কথা ক'লে।
--মই নিজকে সাজু কৰিলোঁ। "জাৰ্নেল" দুখন মানৰ পৃষ্ঠা লুটিয়াই শেহতীয়া কাৰিকৰী তথ্য, চিনেমাৰ ভাষা ইত্যাদিৰ মাজত সোমাই থকাৰ মাজতে অচিনাকী নম্বৰ এটাৰ "ফোন" আহিল। চিনাকী দিলে ASFFDC-ৰ বিষয়া। ক'লে --যি কামৰ বাবে আমাক সাজু হৈ থকাৰ কথা কৈছিল, সেই কামটো "Postponed... পাছত যেতিয়া হ'ব জনাম।" আনহাতে অধ্যক্ষ গৰাকীয়ে জনালে--, মোক "২০১৮ বৰ্ষৰ জুৰী"লৈ নিছে। আৰু কিছু কথা।
--তেনেতে পালো আৰু কেইটা মান খবৰ, সেই "কেইটামান" খবৰৰ এটা, "জুৰী" নিৰ্বাচনৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিছে এক বিশেষ "লবী'য়ে। এই খবৰ কিমান সত্য? বিশ্বাস কৰিম জানো!
এই খিনিতে মনলৈ অহা প্ৰশ্ন-- ASFFDC-ৰ বিষয়া গৰাকীৰ সৈতে অধ্যক্ষ গৰাকীৰ কথাৰ মিল নাই কিয়? --এগৰাকী বিষয়াই সাজু হ'বলৈ দি, কেইঘণ্টা মান পাছত আন এগৰাকী বিষয়াই চিনেমা নিৰ্বাচনৰ কাম "Postponed..." বুলি জনালে কিয়? (মইতো নিজে বা আনৰ হতুৱাই হেচা দি "জুৰী" হ'বলৈ যোৱা নাছিলোঁ!)
--মই "জুৰী"ৰ পৰা আঁতৰি অহাৰ মূল কাৰণ "খেলিমেলি" নহয়। মূল কাৰণ "জুৰী" হোৱা খবৰটো গোপন হৈ থকা নাছিল। চিনেমা নিৰ্বাচন প্ৰক্ৰিয়া শেষ হোৱাৰ আগলৈকে "জুৰী"ৰ নাম প্ৰচাৰ হোৱা কথাটো সহজ ভাৱে লব পৰা বিষয় নহয়। অন্ততঃ মই সহজ ভাৱে লৱ নোৱাৰিলোঁ। নোৱাৰোঁ। (কিয়? চৰ্চা কৰিম আগলৈ। আৰু চৰ্চা কৰিম মোৰ লগতে কোন কেইগৰাকী "জুৰি"ৰ নাম প্ৰচৰ হৈছিল। "প্ৰচাৰ" হোৱা "জুৰী" কেইগৰাকী মানৰ নাম ইতিমধ্যে ASFFDC-ৰ অধ্যক্ষ গৰাকীক জনাইছোঁ। যদি আমি দিয়া নাম কেইটা "জুৰি"ৰ আসনত আছে...? "চিনেমা" নিৰ্বাচন প্ৰক্ৰিয়াত "প্ৰশ্নোবোধক" থাকি নাজাব নে?)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন