সরাসরি প্রধান সামগ্রীতে চলে যান

অসমীয়া চিনেমাৰ গীত /১

অসমীয়া চিনেমাৰ গীত
মূল ধাৰা আৰু সমান্তৰাল ধাৰা নামেৰে ভাৰতীয় চিনেমাক দুটা শিবিৰত ভাগ কৰা হৈছিল সত্তৰৰ দশকত। মূল ধাৰাত ৰখা হৈছিল গীত নৃত্য থকা চিনেমাসমূহক। কাৰণ গীত-নৃত্যক গুৰুত্ব দি আৰম্ভ কৰা হৈছিল ভাৰতীয় চিনেমাৰ 'সবাক যুগ'। জ্যোতিপ্ৰসাদ আগৰৱালায়ো মূল ধাৰাটোৰ কথা মনত ৰাখিছিল প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী' পৰিচালনা কৰাৰ সময়ত। চিনেমাখনত গীত আৰু নৃত্য পৰিচালনাৰ কামো পৰিচালক জ্যোতিপ্ৰসাদে নিজে কৰিছিল। —জ্যোতি প্ৰসাদ আগৰৱালা আছিল সংগীতৰ মানুহ। গীত ব্যৱহাৰৰ বাবেই এদিন নাট্যকৰ্মত ব্যস্ত হৈছিল। আৰু স্বাভাৱিকতে চিনে কৰ্মটো গীত-সংগীতক গুৰুত্ব দিছিল। ব্যখ্যাৰ নিশ্চয় প্ৰয়োজyন নাই, প্ৰথম চিনে কৰ্মৰ গীত কেইটা আজিৰ তাৰিখতো 'চিৰ সেউজ' গীত হৈ আছে, আজিৰ তাৰিখতো। 'জয়মতী ৰ গীত' বুলি নহয়, 'জ্যোতি সংগীত'হৈ আজিৰ তাৰিখতো সংগীত ৰসিকৰ ওচৰতে আছে — লুইতৰে পানী যাবি অ' বৈ--
লুইতৰে পানী যাবি অ' বৈ 
সন্ধিয়া লুইতৰে পানী সোণোৱালী 
চহৰে-নগৰে যাবি অ' বৈ 
জয়াৰে কীৰিতি দেশে-বিদেশে 
সাগৰে নগৰে ফুৰিবি কৈ। 
 মাটিৰে দেহাটি এৰি জয়মতী 
জ্যোতিৰে দেহাটি লৈ 
যাউতিযুগীয়া কীৰিতি ৰাখিলা 
চানেকি জগতলৈ। 
 এটুপি-দুটুপি তেজে তিনি টুপি 
দেশৰ হকে জয়াই গ'লে বিলাই 
অসমৰ জীয়ৰী অসমৰ বোৱাৰী 
এটুপি চকুলো যোৱা পেলাই।
 (কথা : জোতিপ্রসাদ আগৰৱালা, কণ্ঠ : দিলীপ শৰ্মা, আৰতি শৰ্মা) 
 —ছবি (picture) -য়ে গতি পাইছিল। চলচ্চিত্ৰ (movie) -লৈ শব্দ প্ৰয়োগৰ সুবিধা আহিছিল (১৮৯৪ ৰ পাছৰ সময় চোৱাৰ পৰা)। সংগীত ব্যৱহাৰ কৰা হৈছিল (১৯২০ চনৰ আগে-পাছে)। সেই সময়ৰে পৰা স্পষ্ট হৈছিল চিনেমাৰ মূল বিভাগ — দৃশ্য (visual) আৰু ধ্বনি (sound)। ক্ৰমে স্পষ্ট হয় ধ্বনিৰ তিনিটা দিশ – সংলাপ, বিশেষ ধ্বনিকৌশল (sound effect) আৰু সংগীত। জ্যোতি প্ৰসাদ আগৰৱালাই সংগীত (আৱহ সংগীত আৰু গীত) প্ৰয়োগত বিশেষ গুৰুত্ব দিছিল। চিনেমা অধ্যয়ণ কৰিহে চিনেকৰ্ম কৰা পৰিচালক গৰাকীয়ে বুজিছিল গীত যে ধ্বনি সৌন্দৰ্যৰ মূলমন্ত্ৰ। আৰু সেয়েহে সম্ভৱতঃ ব্যৱহাৰ কৰিছিল ১২টা গীত, গীতাংশ। গীতি সৌন্দৰ্যৰ বাবে চিনেমা খনত ব্যৱহাৰ কৰিছিল -- 
 সোণৰে পালেণ্ডত অ' মনে তৰা 
 সোণৰে পালেঙত অ' মনে তৰা।  
 ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে 
 কপাহৰে তলিচা পৰা মনে তৰা।। 
 সোণৰে পালেঙত... 
 চাতোনৰ দলিচা পাৰি দিম শুবলৈ অ' মনেতৰা বগলীৰ পাখিৰে গাৰু দিম শুবলৈ অ' মনেতৰা ওপৰে তৰি দিম ম'ৰাৰে পাখিৰে 
চান্দোৱা তৰাফুল বছা মনেতৰা ।।
 সোণৰে পালেঙত... 
 পদুমৰ পাহিৰে গুঠি দিম বিচনী
 বা দিম সুৰভি ভৰা মনেতৰা 
কাষতে লিগিৰী বহিনো নামে গাম 
কোনোবা বিতোপন দেশৰে সাধু ক'ম নিশাটো কাষতে বহি মনেতৰা 
টোপনি টোপনি অ' মনেতৰা 
আহিব টোপনি অ' মনেতৰা।। 
(কথা : জ্যোতিপ্রসাদ আগৰৱালা, কণ্ঠ : আৰতি শৰ্মা) 
-------------------  
আগবাৰীত ফুলিলে
 সোণে মোৰ চম্পা 
সেউতী মালতী 
সোণে মোৰ চম্পা
 গোন্ধৰ গুটিমালী 
ৰঙাকৈ ৰেৱতী
 আমোলে মোলে ঐ 
সোণে মোৰ চম্পা। 
সোণৰে পখিলা 
ৰূপৰে পখিলা 
ফুলনি জিলিকি উৰে
সোণে মোৰ চম্পা। 
ক'ৰে বনৰীয়া
 ফুটুকা ধুনীয়া
 চৰায়ে বিনালে 
অময়া সুৰেৰে 
সোণে মোৰ চম্পা।। 
(কথা : জ্যোতিপ্রসাদ আগৰৱালা, কণ্ঠ : আৰতি শৰ্মা) 
------------- 
অসমা সুষমা নিৰুপমা 
কামৰূপা কামদা 
জয়তু জননী ধৰিত্ৰী দুহিতা 
হিমাচলো তুংগ উদীচি দিশা 
জিমুতভূত সলিলা 
লৌহিত্য মধ্য প্রবাহশীলা কামৰূপা কামদা।
 স্বর্ণশস্য মালিকা কামৰূপা কামদা।।

প্রাগইব জ্যোতিৰাণনা 
গৌৰৱদীপ্ত নয়না অনন্তৰত্ব প্রভৱা
স্বৰ্ণশষ্য মালিকা কামৰূপা কামদা
(কথা : চন্দ্ৰ কুমাৰ আগৰৱালা, কন্ঠ : দিলীপ শৰ্মা, নিৰ্মল মজুমদাৰ, সুধাংশু সেনগুপ্ত, আৰতি শৰ্মা, মিনতি শৰ্মা)
------------
খোপাতে পিন্ধিম মই বিজুলীৰে ফুল
 কাণত পদুমৰে কেৰু 
 গলতে আঁৰিম মই ফুলৰ সাতেসৰী 
 হাতত মৃণালৰে খাৰু।।
(কথা : জ্যোতিপ্রসাদ আগৰৱালা, কণ্ঠ : মিনতি শৰ্মা)
-----
মোৰে ভাৰতৰে 
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি।

সেউজীয়া বনতে 
সেউজীয়া মনতে
বিকশি প্রকাশি উঠা

নৱ জনজীৱনৰে অভিনৱ জ্যোতি। 
আজি শিল্পী-মনৰ প্ৰণতি
আজি শিল্পী প্ৰাণৰ ভকতি 
জয় অজেয় আলোকময় বিশ্বৰূপী 
অনন্ত বিজয়ী
জনগণমন মুকুতি
প্রণতি প্রণতি।
(কথা : জ্যোতিপ্ৰসাদ আগৰৱালা, কণ্ঠ : আৰতি শৰ্মা)
------------
আদি গীত। চিত্ৰায়ণ কৰিছিল পৰিচালক গৰাকীয়ে নিজে। এই গীত কেইটা অৱশ্যেই শুনিছোঁ, চোৱাৰ সুযোগহে পোৱা নাপালো। চোৱাৰ সুযোগ পোৱা দুটা গীত (সেই সময়ত চিনেমা বুজাৰ বয়স হোৱা নাছিল। আমি আমাৰ গাঁও বেলশৰত দেখুওৱা "ছায়াবাজি" এই গীত দুটা চাইছিলো।) --
ল'ৰা বুঢ়া কাক কয় 
ডালিমী নুবুজে তাক,
 পর্বতে হাঁহে নৈয়ে নাচে
 উৰিছে পখিলাৰে জাক 
 পুৰণি আকাশ ফুলাম তৰাৰে 
 ল'ৰাতকৈও ল'ৰা
 পুৰণি পৃথিৱী ফুটুকী ফুলেৰে 
 তাতোকৈয়ো যে চৰা।
  অনেক কলীয়া নাহৰ জোপাই 
  পেলাই কোমল কলি
   কৌটি কলীয়া মেঘৰ লগত
    বিজুলী থাকে উমলি।।
(কথা : লক্ষ্মীনাথ বেজবৰুৱা, কণ্ঠ : মিনতি শৰ্মা)
-----
পৰ্বতৰ ঢেঁকীয়া লিহিৰি পটীয়া
বতাহতে হালে জালে  
অ' মোৰ পখিলী অ'
ক'লা আকাশতে বগে জাকে
পাতি উৰা মাৰে অ' মোৰ পখিলী অ'
পখিলী উৰিলে উৰিব ডালিমী 
লগৰে লগৰী পাই – মোৰে পখিলী অ'।
মনৰে সখীয়তী উৰা মাৰি যাব
কলে’নো উৱাদিহ নাই মোৰে পখিলী অ’
 অ' মোৰ পখিলী – অ' মোৰ পখিলী অ'।
(কথা: লক্ষ্মীনাথ বেজবৰুৱা, কণ্ঠ : মিনতি শৰ্মা) গীত দুটাৰ সুৰ আছিল স্বাভাৱিকতে জ্যোতি প্ৰসাদ আগৰৱালাৰ।
****************
জ্যোতি প্ৰসাদ আগৰৱালাৰ দ্বিতীয় চিনেকৰ্ম --'ইন্দ্ৰ-মালতী'।দ্বিতীয় খন অসমীয়া চিনেমা। প্ৰথম খনৰ দৰে এই খনৰো সংগীত পৰিচালনা কৰিছিল জ্যোতি প্ৰসাদ আগৰৱালাই। এই খনতো সংগীতৰ গুৰত্ব স্পষ্ট। এই চিনেমা খনত পৰিচালক গৰাকীয়ে কিশোৰ ভূপেন হাজৰিকাক লৈ এটা চৰিত্ৰ নিৰ্মাণ কৰিছিল, এটা গীতো গোৱাইছিল। অভিনয় কৰি ভূপেন হাজৰিকাই গাইছিল--
বিশ্ববিজয়ী নৱ জোৱান
          বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
          ওলাই আহাঁ, ওলাই আহাঁ
                   সন্তান তুমি বিপ্লৱৰ৷
সমুখ সমৰ সমুখতে
          মুক্তি যুঁজাৰু হুঁচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব
          স্বাধীনতাৰ খুলি দুৱাৰ৷৷
  --এই গীতটোৰে চিনেমা বুজাৰ আগতেই চিনেকৰ্মৰ মাজত সোমাই পৰিছিল ভূপেন হাজৰিকা-- ক'ব পাৰি এই গীতটোৰে আৰম্ভ হৈছিল অসমীয়া চিনেমাৰ "ভূপেন হাজৰিকা যুগ"।
"ইন্দ্ৰ-মালতী"ৰ আন দুটা গীত--
মোৰ মন বনতে তই কি বাঁহী বজালি
অ' সুন্দৰ—
সুন্দৰ সখা মোৰ চিৰ সুন্দৰ।
নিশা চন্দ্ৰাৱলী
তাতে তাৰে দীপিকাৱলী পাতি দিলি
নিশাৰ এন্ধাৰ তই হাঁহিৰে উজলালি
আনি দিলি পুৱতীৰ অৰুণাৱলী
সুৰৰে কোঠালি মোৰ
ৰ'দালিৰে কৰি সোণোৱালী
অন্তৰ ভৰি মোৰ বিকশিলে কত- শত
শুকুলা শেৱালি
পাহিৰে কোলাতে পৰি
তোৰ মৰম নিয়ৰৰে মুকুতাৱলী।
(কথা : জ্যোতিপ্ৰসাদ আগৰৱালা )
------------
ৰূপৰে পানীতে সোণৰে পানচৈ
মেলি দে ঐ
মেলি দে, মেলি দে, মেলি দে ঐ
পখিলা পাখিৰে পালে উৰুৱাই
ফুলৰে পাতৰে ছৈ
সৌ নীল আকাশৰ কোন সীমনাত
বাজে অসীমৰে বাঁহী
তাত নিদ্ৰাৰ আন্ধাৰ ভেদি
জাগে অৰুণৰে হাঁহি
তালৈ, তালৈ
মেলি দে, মেলি দে, মেলি দে ঐ
জীৱন পাৰৰ সেউজী পথাৰ
ফুলা ফুলনিৰ জেউতি অপাৰ
মৰণক আকুল ফেনে-ফোটোকাৰে
পাছত এৰি থৈ
বিৰহৰে বেজাৰত আনন্দ জিলিকে
মিলনতে বিৰহ লিখা
জীৱন মৰণ জিনি জিলিকে
প্ৰণয়ৰে ধ্ৰুৱতৰা
উজলি উজলি মাতিছে ঐ
পোহৰলৈ, পোহৰলৈ
জ্যোতিৰ দেশলৈ।
(কথা : জ্যোতিপ্ৰসাদ আগৰৱালা)
----
এই গীত দুটা জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমা খনৰ বাবে লিখা নাছিল। চিনেমা খনত পৰপাটিকৈ ব্যৱহাৰ কৰিছিল। এই চিনেমা খনৰ গীতাংশ চিত্ৰায়ন কৰিছিল গজেন বৰুৱাই। এই খিনিতে নিশ্চয় উল্লেখ কৰিব পাৰি--, "জয়মতী"ৰ দৰে "ইন্দ্ৰ-মালতী"ৰো গীত কেইটা, আজিৰ তাৰিখতো সংগীত ৰসিকৰ মাজত আছে, সেউজ হৈ।
(সৌজন্য: অসমীয়া চিনেমাৰ গীত/উৎপল মেনা/চিত্ৰচল/২০০৭)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...