সরাসরি প্রধান সামগ্রীতে চলে যান

অসমীয়া চিনেমাৰ গীত /১

অসমীয়া চিনেমাৰ গীত
মূল ধাৰা আৰু সমান্তৰাল ধাৰা নামেৰে ভাৰতীয় চিনেমাক দুটা শিবিৰত ভাগ কৰা হৈছিল সত্তৰৰ দশকত। মূল ধাৰাত ৰখা হৈছিল গীত নৃত্য থকা চিনেমাসমূহক। কাৰণ গীত-নৃত্যক গুৰুত্ব দি আৰম্ভ কৰা হৈছিল ভাৰতীয় চিনেমাৰ 'সবাক যুগ'। জ্যোতিপ্ৰসাদ আগৰৱালায়ো মূল ধাৰাটোৰ কথা মনত ৰাখিছিল প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী' পৰিচালনা কৰাৰ সময়ত। চিনেমাখনত গীত আৰু নৃত্য পৰিচালনাৰ কামো পৰিচালক জ্যোতিপ্ৰসাদে নিজে কৰিছিল। —জ্যোতি প্ৰসাদ আগৰৱালা আছিল সংগীতৰ মানুহ। গীত ব্যৱহাৰৰ বাবেই এদিন নাট্যকৰ্মত ব্যস্ত হৈছিল। আৰু স্বাভাৱিকতে চিনে কৰ্মটো গীত-সংগীতক গুৰুত্ব দিছিল। ব্যখ্যাৰ নিশ্চয় প্ৰয়োজyন নাই, প্ৰথম চিনে কৰ্মৰ গীত কেইটা আজিৰ তাৰিখতো 'চিৰ সেউজ' গীত হৈ আছে, আজিৰ তাৰিখতো। 'জয়মতী ৰ গীত' বুলি নহয়, 'জ্যোতি সংগীত'হৈ আজিৰ তাৰিখতো সংগীত ৰসিকৰ ওচৰতে আছে — লুইতৰে পানী যাবি অ' বৈ--
লুইতৰে পানী যাবি অ' বৈ 
সন্ধিয়া লুইতৰে পানী সোণোৱালী 
চহৰে-নগৰে যাবি অ' বৈ 
জয়াৰে কীৰিতি দেশে-বিদেশে 
সাগৰে নগৰে ফুৰিবি কৈ। 
 মাটিৰে দেহাটি এৰি জয়মতী 
জ্যোতিৰে দেহাটি লৈ 
যাউতিযুগীয়া কীৰিতি ৰাখিলা 
চানেকি জগতলৈ। 
 এটুপি-দুটুপি তেজে তিনি টুপি 
দেশৰ হকে জয়াই গ'লে বিলাই 
অসমৰ জীয়ৰী অসমৰ বোৱাৰী 
এটুপি চকুলো যোৱা পেলাই।
 (কথা : জোতিপ্রসাদ আগৰৱালা, কণ্ঠ : দিলীপ শৰ্মা, আৰতি শৰ্মা) 
 —ছবি (picture) -য়ে গতি পাইছিল। চলচ্চিত্ৰ (movie) -লৈ শব্দ প্ৰয়োগৰ সুবিধা আহিছিল (১৮৯৪ ৰ পাছৰ সময় চোৱাৰ পৰা)। সংগীত ব্যৱহাৰ কৰা হৈছিল (১৯২০ চনৰ আগে-পাছে)। সেই সময়ৰে পৰা স্পষ্ট হৈছিল চিনেমাৰ মূল বিভাগ — দৃশ্য (visual) আৰু ধ্বনি (sound)। ক্ৰমে স্পষ্ট হয় ধ্বনিৰ তিনিটা দিশ – সংলাপ, বিশেষ ধ্বনিকৌশল (sound effect) আৰু সংগীত। জ্যোতি প্ৰসাদ আগৰৱালাই সংগীত (আৱহ সংগীত আৰু গীত) প্ৰয়োগত বিশেষ গুৰুত্ব দিছিল। চিনেমা অধ্যয়ণ কৰিহে চিনেকৰ্ম কৰা পৰিচালক গৰাকীয়ে বুজিছিল গীত যে ধ্বনি সৌন্দৰ্যৰ মূলমন্ত্ৰ। আৰু সেয়েহে সম্ভৱতঃ ব্যৱহাৰ কৰিছিল ১২টা গীত, গীতাংশ। গীতি সৌন্দৰ্যৰ বাবে চিনেমা খনত ব্যৱহাৰ কৰিছিল -- 
 সোণৰে পালেণ্ডত অ' মনে তৰা 
 সোণৰে পালেঙত অ' মনে তৰা।  
 ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে 
 কপাহৰে তলিচা পৰা মনে তৰা।। 
 সোণৰে পালেঙত... 
 চাতোনৰ দলিচা পাৰি দিম শুবলৈ অ' মনেতৰা বগলীৰ পাখিৰে গাৰু দিম শুবলৈ অ' মনেতৰা ওপৰে তৰি দিম ম'ৰাৰে পাখিৰে 
চান্দোৱা তৰাফুল বছা মনেতৰা ।।
 সোণৰে পালেঙত... 
 পদুমৰ পাহিৰে গুঠি দিম বিচনী
 বা দিম সুৰভি ভৰা মনেতৰা 
কাষতে লিগিৰী বহিনো নামে গাম 
কোনোবা বিতোপন দেশৰে সাধু ক'ম নিশাটো কাষতে বহি মনেতৰা 
টোপনি টোপনি অ' মনেতৰা 
আহিব টোপনি অ' মনেতৰা।। 
(কথা : জ্যোতিপ্রসাদ আগৰৱালা, কণ্ঠ : আৰতি শৰ্মা) 
-------------------  
আগবাৰীত ফুলিলে
 সোণে মোৰ চম্পা 
সেউতী মালতী 
সোণে মোৰ চম্পা
 গোন্ধৰ গুটিমালী 
ৰঙাকৈ ৰেৱতী
 আমোলে মোলে ঐ 
সোণে মোৰ চম্পা। 
সোণৰে পখিলা 
ৰূপৰে পখিলা 
ফুলনি জিলিকি উৰে
সোণে মোৰ চম্পা। 
ক'ৰে বনৰীয়া
 ফুটুকা ধুনীয়া
 চৰায়ে বিনালে 
অময়া সুৰেৰে 
সোণে মোৰ চম্পা।। 
(কথা : জ্যোতিপ্রসাদ আগৰৱালা, কণ্ঠ : আৰতি শৰ্মা) 
------------- 
অসমা সুষমা নিৰুপমা 
কামৰূপা কামদা 
জয়তু জননী ধৰিত্ৰী দুহিতা 
হিমাচলো তুংগ উদীচি দিশা 
জিমুতভূত সলিলা 
লৌহিত্য মধ্য প্রবাহশীলা কামৰূপা কামদা।
 স্বর্ণশস্য মালিকা কামৰূপা কামদা।।

প্রাগইব জ্যোতিৰাণনা 
গৌৰৱদীপ্ত নয়না অনন্তৰত্ব প্রভৱা
স্বৰ্ণশষ্য মালিকা কামৰূপা কামদা
(কথা : চন্দ্ৰ কুমাৰ আগৰৱালা, কন্ঠ : দিলীপ শৰ্মা, নিৰ্মল মজুমদাৰ, সুধাংশু সেনগুপ্ত, আৰতি শৰ্মা, মিনতি শৰ্মা)
------------
খোপাতে পিন্ধিম মই বিজুলীৰে ফুল
 কাণত পদুমৰে কেৰু 
 গলতে আঁৰিম মই ফুলৰ সাতেসৰী 
 হাতত মৃণালৰে খাৰু।।
(কথা : জ্যোতিপ্রসাদ আগৰৱালা, কণ্ঠ : মিনতি শৰ্মা)
-----
মোৰে ভাৰতৰে 
মোৰে সপোনৰে
চিৰ সুন্দৰ সংস্কৃতি।

সেউজীয়া বনতে 
সেউজীয়া মনতে
বিকশি প্রকাশি উঠা

নৱ জনজীৱনৰে অভিনৱ জ্যোতি। 
আজি শিল্পী-মনৰ প্ৰণতি
আজি শিল্পী প্ৰাণৰ ভকতি 
জয় অজেয় আলোকময় বিশ্বৰূপী 
অনন্ত বিজয়ী
জনগণমন মুকুতি
প্রণতি প্রণতি।
(কথা : জ্যোতিপ্ৰসাদ আগৰৱালা, কণ্ঠ : আৰতি শৰ্মা)
------------
আদি গীত। চিত্ৰায়ণ কৰিছিল পৰিচালক গৰাকীয়ে নিজে। এই গীত কেইটা অৱশ্যেই শুনিছোঁ, চোৱাৰ সুযোগহে পোৱা নাপালো। চোৱাৰ সুযোগ পোৱা দুটা গীত (সেই সময়ত চিনেমা বুজাৰ বয়স হোৱা নাছিল। আমি আমাৰ গাঁও বেলশৰত দেখুওৱা "ছায়াবাজি" এই গীত দুটা চাইছিলো।) --
ল'ৰা বুঢ়া কাক কয় 
ডালিমী নুবুজে তাক,
 পর্বতে হাঁহে নৈয়ে নাচে
 উৰিছে পখিলাৰে জাক 
 পুৰণি আকাশ ফুলাম তৰাৰে 
 ল'ৰাতকৈও ল'ৰা
 পুৰণি পৃথিৱী ফুটুকী ফুলেৰে 
 তাতোকৈয়ো যে চৰা।
  অনেক কলীয়া নাহৰ জোপাই 
  পেলাই কোমল কলি
   কৌটি কলীয়া মেঘৰ লগত
    বিজুলী থাকে উমলি।।
(কথা : লক্ষ্মীনাথ বেজবৰুৱা, কণ্ঠ : মিনতি শৰ্মা)
-----
পৰ্বতৰ ঢেঁকীয়া লিহিৰি পটীয়া
বতাহতে হালে জালে  
অ' মোৰ পখিলী অ'
ক'লা আকাশতে বগে জাকে
পাতি উৰা মাৰে অ' মোৰ পখিলী অ'
পখিলী উৰিলে উৰিব ডালিমী 
লগৰে লগৰী পাই – মোৰে পখিলী অ'।
মনৰে সখীয়তী উৰা মাৰি যাব
কলে’নো উৱাদিহ নাই মোৰে পখিলী অ’
 অ' মোৰ পখিলী – অ' মোৰ পখিলী অ'।
(কথা: লক্ষ্মীনাথ বেজবৰুৱা, কণ্ঠ : মিনতি শৰ্মা) গীত দুটাৰ সুৰ আছিল স্বাভাৱিকতে জ্যোতি প্ৰসাদ আগৰৱালাৰ।
****************
জ্যোতি প্ৰসাদ আগৰৱালাৰ দ্বিতীয় চিনেকৰ্ম --'ইন্দ্ৰ-মালতী'।দ্বিতীয় খন অসমীয়া চিনেমা। প্ৰথম খনৰ দৰে এই খনৰো সংগীত পৰিচালনা কৰিছিল জ্যোতি প্ৰসাদ আগৰৱালাই। এই খনতো সংগীতৰ গুৰত্ব স্পষ্ট। এই চিনেমা খনত পৰিচালক গৰাকীয়ে কিশোৰ ভূপেন হাজৰিকাক লৈ এটা চৰিত্ৰ নিৰ্মাণ কৰিছিল, এটা গীতো গোৱাইছিল। অভিনয় কৰি ভূপেন হাজৰিকাই গাইছিল--
বিশ্ববিজয়ী নৱ জোৱান
          বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
          ওলাই আহাঁ, ওলাই আহাঁ
                   সন্তান তুমি বিপ্লৱৰ৷
সমুখ সমৰ সমুখতে
          মুক্তি যুঁজাৰু হুঁচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব
          স্বাধীনতাৰ খুলি দুৱাৰ৷৷
  --এই গীতটোৰে চিনেমা বুজাৰ আগতেই চিনেকৰ্মৰ মাজত সোমাই পৰিছিল ভূপেন হাজৰিকা-- ক'ব পাৰি এই গীতটোৰে আৰম্ভ হৈছিল অসমীয়া চিনেমাৰ "ভূপেন হাজৰিকা যুগ"।
"ইন্দ্ৰ-মালতী"ৰ আন দুটা গীত--
মোৰ মন বনতে তই কি বাঁহী বজালি
অ' সুন্দৰ—
সুন্দৰ সখা মোৰ চিৰ সুন্দৰ।
নিশা চন্দ্ৰাৱলী
তাতে তাৰে দীপিকাৱলী পাতি দিলি
নিশাৰ এন্ধাৰ তই হাঁহিৰে উজলালি
আনি দিলি পুৱতীৰ অৰুণাৱলী
সুৰৰে কোঠালি মোৰ
ৰ'দালিৰে কৰি সোণোৱালী
অন্তৰ ভৰি মোৰ বিকশিলে কত- শত
শুকুলা শেৱালি
পাহিৰে কোলাতে পৰি
তোৰ মৰম নিয়ৰৰে মুকুতাৱলী।
(কথা : জ্যোতিপ্ৰসাদ আগৰৱালা )
------------
ৰূপৰে পানীতে সোণৰে পানচৈ
মেলি দে ঐ
মেলি দে, মেলি দে, মেলি দে ঐ
পখিলা পাখিৰে পালে উৰুৱাই
ফুলৰে পাতৰে ছৈ
সৌ নীল আকাশৰ কোন সীমনাত
বাজে অসীমৰে বাঁহী
তাত নিদ্ৰাৰ আন্ধাৰ ভেদি
জাগে অৰুণৰে হাঁহি
তালৈ, তালৈ
মেলি দে, মেলি দে, মেলি দে ঐ
জীৱন পাৰৰ সেউজী পথাৰ
ফুলা ফুলনিৰ জেউতি অপাৰ
মৰণক আকুল ফেনে-ফোটোকাৰে
পাছত এৰি থৈ
বিৰহৰে বেজাৰত আনন্দ জিলিকে
মিলনতে বিৰহ লিখা
জীৱন মৰণ জিনি জিলিকে
প্ৰণয়ৰে ধ্ৰুৱতৰা
উজলি উজলি মাতিছে ঐ
পোহৰলৈ, পোহৰলৈ
জ্যোতিৰ দেশলৈ।
(কথা : জ্যোতিপ্ৰসাদ আগৰৱালা)
----
এই গীত দুটা জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমা খনৰ বাবে লিখা নাছিল। চিনেমা খনত পৰপাটিকৈ ব্যৱহাৰ কৰিছিল। এই চিনেমা খনৰ গীতাংশ চিত্ৰায়ন কৰিছিল গজেন বৰুৱাই। এই খিনিতে নিশ্চয় উল্লেখ কৰিব পাৰি--, "জয়মতী"ৰ দৰে "ইন্দ্ৰ-মালতী"ৰো গীত কেইটা, আজিৰ তাৰিখতো সংগীত ৰসিকৰ মাজত আছে, সেউজ হৈ।
(সৌজন্য: অসমীয়া চিনেমাৰ গীত/উৎপল মেনা/চিত্ৰচল/২০০৭)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...