অসমীয়া চিনেমাৰ সংখ্যা বাঢ়িছে। পৰিচালকৰ সংখ্যা বাঢ়িছে। ভাল লগা দিশটৌ হ'ল-- নতুন পৰিচালকৰ নতুন চিনেচিন্তা। নতুন পৰিচালকৰ একাংশই 'চিনেমা' জানি, 'চিনেমা' শিকি 'চিনেমা' মাধ্যমটোত কাম কৰিবলৈ আহিছে। নতুন চিনে চিন্তাৰে অসমীয়া চিনেমা পৰিচালনা কৰি, অসমীয়া চিনেমাৰ গুৰুত্ব বঢ়াইছে, দেশ-বিদেশৰ চিনে মহোৎসৱত। কিন্তু দুখৰ বিষয় সৰহ সংখ্যক পৰিচালকৰে বজাৰ চিন্তা-- সূন্য। আমি নাজানো, যদি
"আমি দৰ্শকক দেখুৱাবলৈ চিনেমা নিৰ্মাণ
কৰা নাই, চলচ্চিত্ৰ মহোৎসৱ বা বঁটাৰ
বাবে কৰিছোঁ"
ধাৰণাৰে চিনেমা পৰিচালনা,নিৰ্মাণ কৰিছে সেয়া অন্য প্ৰসংগ। চৰ্চাৰ অৱকাশ থকা প্ৰসংগ। (পাছত, যথা স্থানত চৰ্চা কৰিম।)
"আমি কষ্ট কৰি চিনেমা কৰিছোঁ, দৰ্শক নাই! অসমতে অসমীয়া দৰ্শকে অসমীয়া চিনেমা নাচায়" বুলি আক্ষেপ কৰা পৰিচালক-প্ৰযোজকক আমি লগ পাইছো। আক্ষেপ কৰা প্ৰযোজক-পৰিচালকৰ সৰহ সংখ্যকে কিন্তু প্ৰচাৰত গুৰুত্ব নিদিয়ে। এনে ধাৰণা দিয়ে-- আমি চিনেমা নিৰ্মাণ কৰিছোঁ, দৰ্শকে "অসমীয়া চিনেমা" বুলি চাব লাগে! চোৱাতো দায়িত্ব!
এনেদৰে ক'বলৈহে বাকী--
"আমি যে অসমীয়া চিনেমা নিৰ্মাণ কৰিছোঁ,
সেয়া দৰ্শকে খবৰ ৰাখিব লাগে। আৰু
সকলো কাম বাদ দি অসমীয়া চিনেমা
চিত্ৰগৃহলৈ আহিলেই চাব লাগে!"
প্ৰযোজক-পৰিচালকৰ এনে ধাৰণাৰ (ভেমৰ) বাবে অসমীয়া চিনেমাৰ স্থানীয় বজাৰত সমস্যা বাঢ়িছে। অসমীয়া চিনেমা চিত্ৰগৃহলৈ আহিছে, গৈছে। প্ৰায়ে দৰ্শকে "চিনেমা খন" চিত্ৰগৃহৰ পৰা যোৱাৰ পাছতহে খবৰ পায়-- "... অসমীয়া চিনেমা খন চিত্ৰগৃহলৈ আহিছিল!" (ক্ৰমশ:)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন