সরাসরি প্রধান সামগ্রীতে চলে যান

যাদৱ পায়েং

এখন গ্ৰন্থ। কম পৃষ্ঠাৰ। মাত্ৰ ৩২ পৃষ্ঠা। ইংৰাজী ভাষাত লিখা-- "The Boy who grew a forest: The True Story of Jadav Payeng" (অৰণ্য গঢ়া ল'ৰাজন: যাদৱ পায়েঙৰ সঁচা কাহিনী)। কিশোৰ সকলৰ কথা মনত ৰাখি লিখা গ্ৰন্থ। ছ'ফিয়া গোলজে লিখা এই গ্ৰন্থ খনে দেশ-বিদেশত বিয়পাইছিল যাদৱ পায়েঙৰ সেউজ কৰ্ম। ভালেমান সন্মান-বঁটা প্ৰাপ্ত কিশোৰ গ্ৰন্থখনৰ বিষয়ে লিখিছে-- "In India, there is a boy who loves nature. The boy treasures his precious river-island and the wildlife who share it with him. But each year he witnesses animals displaced from loss of habitat, while his island slowly erodes away. He worries that if animals whither without trees, people will too. With nothing but a handful of bamboo saplings, the boy sets out on a mission to reclaim the land the river has taken.
    The Boy Who Grew A Forest follows the true story of Mishing tribesman, Jadav Payeng, who single-handedly planted over twelve hundred acres of lush forest on a once barren island in northeastern India."
    --এই গৰাকী যাদৱ পায়েং এতিয়া "পৃথিৱী বিখ্যাত"। বিশ্বৰ দৃশ্য-শ্ৰব্য সংবাদ মাধ্যমৰ আগ্ৰহৰ বিষয়। বিখ্যাত discovery channel তো দেখা গৈছে-- "JADAV PAYENG THE FOREST MAN"। 
TIMES NOW ত দেখা গৈছে "Amazing Indians: Jadav Molai Payeng: The eco saviours"। (এয়া দুটা উদাহৰণ  মাত্ৰ) 
যাদৱ পায়েঙৰ প্ৰতি আগ্ৰহ দেশ-বিদেশৰ শিক্ষা প্ৰতিষ্ঠানৰো। 
        ("We've made environmental science          and botany a part of our curriculums. 
        But students across the country are           not being taught enough. And it's not
       the students' problem. It's because our
        teachers themselves do not have
        enough knowledge. We've had
        scientists who have come here and              never seen certain types of plants                outside of textbooks. How can you
         expect their students to know any
 better? Both our students and teachers
 need practical knowledge and getting them to plant trees and look after them
 will help improve their knowledge." Like a parent who's raised a child, a child who's
 raised a tree will not allow it to be cut, he reasons. "They will also protect the animals that seek a tree's shade and the birds that nest in it. Our kids will protect the environment in ways that we've failed." --Nast Traveller India)
      --কাৰণ?
      --যাদৱ পায়েঙে যি শিকিছে, দেখি-বুজি। যাদৱ পায়েঙে "প্ৰকৃতি" কেন্দ্ৰীক যি শিক্ষা দিব পাৰিব, পঢ়ি-শুনি শিক্ষা লোৱা শিক্ষকে দিব নোৱাৰে। গতিকে প্ৰকৃত প্ৰকৃতি শিক্ষাৰ বাবে "প্ৰকৃতি শিক্ষক" গৰাকীৰ প্ৰতি আগ্ৰহ।
২২ এপ্ৰিল ২০১২ চনত ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ পৰিবেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰিছিল। জনসভাৰ কেন্দ্ৰবিন্দু আছিল যাদৱ পায়েং। সেই জনসভাত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপোৰিয়ে পায়েঙক Forest man of India (ভাৰতৰ অৰণ্য মানৱ) আখ্যা দিয়ে।
--হয়, যাদৱ পায়েং "Forest man of India"। অৰণ্যয়ে জীৱন, অৰণ্যয়ে সপোন যি গৰাকী মানুহৰ, সেই গৰাকী "Forest man"ৰ বাহিৰে আন কি হ'ব পাৰে!

১৯৮০ চন। যাদৱ পায়েঙৰ বয়স ১৭ বছৰ। গোলাঘাট জিলাৰ বন বিভাগে ককিলামুখাৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰিছিল। সেই আঁচনিৰ এগৰাকী কৰ্মী আছিল-- মুলাই। মুলাই নামেৰে জনজাত যাদল পায়েং। যথা সময়ত কাম শেষ। বিশেষ প্ৰকল্পটোৰ কাম শেষ হোৱাৰ পাছত কৰ্মী সকল ঘৰাঘৰি হ'ল। ৰৈ গ'ল মাথো মুলাই। মুলাই ইচ্ছা, লক্ষ্য-- আৰু গছ পুলি ৰোৱা, ৰোৱা গছপুলিৰ যতন লোৱা।

এটা ঘটনা: ২০০৮ চন। ঔনাচাপৰি নামৰ গাওঁ এখনত হাতী-মানুহৰ সংঘাত। গাঁৱৰ মানুহৰ সম্পত্তি ধ্বংস কৰে এজাক হাতীয়ে। প্ৰায় ১০০টা হাতীৰ জাক। এই বৃহৎ হাতীৰ জাকটো আহিল ক'ৰ পৰা! বন বিভাগৰ সন্ধানত স্পষ্ট হ'ল গাওঁ খনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ থকা এখন "অৰণ্য"ৰ পৰা আহিছে, যি খন "অৰণ্য"ক সেই অঞ্চলৰ লোকে "মুলাই কাঠনিবাৰী" বুলি কয়। (সেই সময়ত অসমৰ বণ বিভাগৰ ভূগোলত "মুলাই কাঠনিবাৰী" নামৰ "অৰণ্য" খন নাছিল।)
--হয়, সেই যে মুলায়ে লক্ষ্য স্থিৰ কৰি লৈছিল, আৰু গছ পুলি ৰোৱাৰ, সেই ইচ্ছাৰে ফচল "মুলাই কাঠনিবাৰী"। 
--বন বিভাগৰ কৰ্মীয়ে জানিব পাৰিলে, সেই অৰণ্য খনলৈ প্ৰতি বছৰে ১০০টা মান হাতীৰ জাক এটা আহে। ছমাহমান মান সময় থাকে। 
আৰু?
কেৱল হাতীয়ে নহয়, সেই "আৰণ্য"লৈ আহে নানা পশু-পখী। আছে  ঢেঁকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে। 
মুলায়ে জনালে বন বিভাগক প্ৰায় ৫৫০ হেক্টৰজুৰি কেৱল বাঁহ গছেই আছে। আৰু আছে-- শিমলু, বাঁহ, শিশু, ডিমৰু, ভেলকৰ, অৰ্জুন, এজাৰ, বগৰী, গমাৰি, সোণাৰু, কৃষ্ণচূড়া, চেগুন আদিকে ধৰি কেইবা হাজাৰো গছ।

সময় আগবাঢ়ে, মুলাইৰ সেউজকৰ্ম বাঢ়ে। আৰু স্বাভাৱিকতে গুৰুত্ব বাঢ়ে মুলাইৰ, যাদৱ পায়েঙৰ।
--সেউজকৰ্ম যাদৱ পায়েঙৰ পেছা নাছিল, নহয়। পেছা-- গো-ম'হ পালন, গাখীৰ বিক্ৰী কৰা। 
"মুলাই অৰণ্য"তে পঁজাঘৰ সাজি সংসাৰ পাতিছে। সংসাৰত পত্নী বিনীতা পায়েং, দুই পুত্ৰ আৰু একমাত্ৰ জীয়ৰি। কিন্তু যাদৱ পায়েঙে কয়-- "আমি চাৰিজনেই নহয়, এই অৰণ্যত থকা চৰাই, হাতী, বাঘ আদিয়ো মোৰ পৰিয়ালৰে।"
মিছিং সম্প্ৰদায়ৰ যাদৱ পায়েংঙৰ জন্ম হৈছিল ১৯৬৩ চনত (সঠিক চন-তাৰিখ তেওঁৰ ভালকৈ মনত নাই যাদৱ পায়েঙৰ।), যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰৰ মাজৰ বৰঘোগ চাপৰিত। পিতৃ লক্ষীৰাম পায়েং। মাতৃ আফুলি পায়েং। তেৰটা সন্তানৰ ভিতৰত যাদৱ আছিল-- তৃতীয়। আৰ্থিক চেপাৰ মাজতে শৈশৱ পাইছিল। অধ্যয়ণৰ মন এটা আছিল বাবেই হয়তো লোকৰ ঘৰত আশ্ৰয় লৈ, কাম কৰি যোৰহাটৰ বালিগাঁৱৰ জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠ বিদ্যালয়ত অধ্যয়ণ পৰ্ব আৰম্ভ কৰিছিল। আগবাঢ়িব নোৱাৰিলে, দশম শ্ৰেণীতে ইতি, আৰ্থিক কাৰণত। "কি কৰিম!" মনত লৈ ঘুৰি ফুৰোতে কৃষি বিজ্ঞানী ড০ যদুনাথ বেজবৰুৱাক লগ পায়। সেই বিজ্ঞানী গৰাকীয়ে আছিল যাদৱ পায়েঙক সেউজবাটৰ সন্ধান দিয়া, গাখীৰ বিক্ৰী কৰি জীৱন বাটত আগবঢ়াৰ বাবে প্ৰেৰণা দিয়া একমাত্ৰ ব্যক্তি।
পায়েং এতিয়াও ৰৈ যোৱা নাই, সেই সাধাৰণ জীৱনশৈলীৰে আজিও নিয়মীয়াকৈ গছ ৰোৱা, গছ প্ৰতিপাল কৰা কাম কৰি আছে। 

         সন্মান ইত্যাদি:
         >> তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত
         কৰা হয়, ২০১৫ চনত।
         >> ১২৮ সংখ্যক কমনৱেলথ পইণ্টছ্ 
        অৱ লাইট এৱাৰ্ড" বঁটাৰ বাবে নিৰ্বাচিত কৰা          হয়, ২০২০ চনত।
        >> মেক্সিকোৰ "আজটেকা" নামৰ বেচৰকাৰী
         সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তিত
         স্বাক্ষৰ, উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ           আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি           ৰোৱাৰ সিদ্ধান্ত।
          >> ইত্যাদি, ইত্যাদি

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...