সরাসরি প্রধান সামগ্রীতে চলে যান

যাদৱ পায়েং

এখন গ্ৰন্থ। কম পৃষ্ঠাৰ। মাত্ৰ ৩২ পৃষ্ঠা। ইংৰাজী ভাষাত লিখা-- "The Boy who grew a forest: The True Story of Jadav Payeng" (অৰণ্য গঢ়া ল'ৰাজন: যাদৱ পায়েঙৰ সঁচা কাহিনী)। কিশোৰ সকলৰ কথা মনত ৰাখি লিখা গ্ৰন্থ। ছ'ফিয়া গোলজে লিখা এই গ্ৰন্থ খনে দেশ-বিদেশত বিয়পাইছিল যাদৱ পায়েঙৰ সেউজ কৰ্ম। ভালেমান সন্মান-বঁটা প্ৰাপ্ত কিশোৰ গ্ৰন্থখনৰ বিষয়ে লিখিছে-- "In India, there is a boy who loves nature. The boy treasures his precious river-island and the wildlife who share it with him. But each year he witnesses animals displaced from loss of habitat, while his island slowly erodes away. He worries that if animals whither without trees, people will too. With nothing but a handful of bamboo saplings, the boy sets out on a mission to reclaim the land the river has taken.
    The Boy Who Grew A Forest follows the true story of Mishing tribesman, Jadav Payeng, who single-handedly planted over twelve hundred acres of lush forest on a once barren island in northeastern India."
    --এই গৰাকী যাদৱ পায়েং এতিয়া "পৃথিৱী বিখ্যাত"। বিশ্বৰ দৃশ্য-শ্ৰব্য সংবাদ মাধ্যমৰ আগ্ৰহৰ বিষয়। বিখ্যাত discovery channel তো দেখা গৈছে-- "JADAV PAYENG THE FOREST MAN"। 
TIMES NOW ত দেখা গৈছে "Amazing Indians: Jadav Molai Payeng: The eco saviours"। (এয়া দুটা উদাহৰণ  মাত্ৰ) 
যাদৱ পায়েঙৰ প্ৰতি আগ্ৰহ দেশ-বিদেশৰ শিক্ষা প্ৰতিষ্ঠানৰো। 
        ("We've made environmental science          and botany a part of our curriculums. 
        But students across the country are           not being taught enough. And it's not
       the students' problem. It's because our
        teachers themselves do not have
        enough knowledge. We've had
        scientists who have come here and              never seen certain types of plants                outside of textbooks. How can you
         expect their students to know any
 better? Both our students and teachers
 need practical knowledge and getting them to plant trees and look after them
 will help improve their knowledge." Like a parent who's raised a child, a child who's
 raised a tree will not allow it to be cut, he reasons. "They will also protect the animals that seek a tree's shade and the birds that nest in it. Our kids will protect the environment in ways that we've failed." --Nast Traveller India)
      --কাৰণ?
      --যাদৱ পায়েঙে যি শিকিছে, দেখি-বুজি। যাদৱ পায়েঙে "প্ৰকৃতি" কেন্দ্ৰীক যি শিক্ষা দিব পাৰিব, পঢ়ি-শুনি শিক্ষা লোৱা শিক্ষকে দিব নোৱাৰে। গতিকে প্ৰকৃত প্ৰকৃতি শিক্ষাৰ বাবে "প্ৰকৃতি শিক্ষক" গৰাকীৰ প্ৰতি আগ্ৰহ।
২২ এপ্ৰিল ২০১২ চনত ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ পৰিবেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰিছিল। জনসভাৰ কেন্দ্ৰবিন্দু আছিল যাদৱ পায়েং। সেই জনসভাত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপোৰিয়ে পায়েঙক Forest man of India (ভাৰতৰ অৰণ্য মানৱ) আখ্যা দিয়ে।
--হয়, যাদৱ পায়েং "Forest man of India"। অৰণ্যয়ে জীৱন, অৰণ্যয়ে সপোন যি গৰাকী মানুহৰ, সেই গৰাকী "Forest man"ৰ বাহিৰে আন কি হ'ব পাৰে!

১৯৮০ চন। যাদৱ পায়েঙৰ বয়স ১৭ বছৰ। গোলাঘাট জিলাৰ বন বিভাগে ককিলামুখাৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰিছিল। সেই আঁচনিৰ এগৰাকী কৰ্মী আছিল-- মুলাই। মুলাই নামেৰে জনজাত যাদল পায়েং। যথা সময়ত কাম শেষ। বিশেষ প্ৰকল্পটোৰ কাম শেষ হোৱাৰ পাছত কৰ্মী সকল ঘৰাঘৰি হ'ল। ৰৈ গ'ল মাথো মুলাই। মুলাই ইচ্ছা, লক্ষ্য-- আৰু গছ পুলি ৰোৱা, ৰোৱা গছপুলিৰ যতন লোৱা।

এটা ঘটনা: ২০০৮ চন। ঔনাচাপৰি নামৰ গাওঁ এখনত হাতী-মানুহৰ সংঘাত। গাঁৱৰ মানুহৰ সম্পত্তি ধ্বংস কৰে এজাক হাতীয়ে। প্ৰায় ১০০টা হাতীৰ জাক। এই বৃহৎ হাতীৰ জাকটো আহিল ক'ৰ পৰা! বন বিভাগৰ সন্ধানত স্পষ্ট হ'ল গাওঁ খনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ থকা এখন "অৰণ্য"ৰ পৰা আহিছে, যি খন "অৰণ্য"ক সেই অঞ্চলৰ লোকে "মুলাই কাঠনিবাৰী" বুলি কয়। (সেই সময়ত অসমৰ বণ বিভাগৰ ভূগোলত "মুলাই কাঠনিবাৰী" নামৰ "অৰণ্য" খন নাছিল।)
--হয়, সেই যে মুলায়ে লক্ষ্য স্থিৰ কৰি লৈছিল, আৰু গছ পুলি ৰোৱাৰ, সেই ইচ্ছাৰে ফচল "মুলাই কাঠনিবাৰী"। 
--বন বিভাগৰ কৰ্মীয়ে জানিব পাৰিলে, সেই অৰণ্য খনলৈ প্ৰতি বছৰে ১০০টা মান হাতীৰ জাক এটা আহে। ছমাহমান মান সময় থাকে। 
আৰু?
কেৱল হাতীয়ে নহয়, সেই "আৰণ্য"লৈ আহে নানা পশু-পখী। আছে  ঢেঁকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে। 
মুলায়ে জনালে বন বিভাগক প্ৰায় ৫৫০ হেক্টৰজুৰি কেৱল বাঁহ গছেই আছে। আৰু আছে-- শিমলু, বাঁহ, শিশু, ডিমৰু, ভেলকৰ, অৰ্জুন, এজাৰ, বগৰী, গমাৰি, সোণাৰু, কৃষ্ণচূড়া, চেগুন আদিকে ধৰি কেইবা হাজাৰো গছ।

সময় আগবাঢ়ে, মুলাইৰ সেউজকৰ্ম বাঢ়ে। আৰু স্বাভাৱিকতে গুৰুত্ব বাঢ়ে মুলাইৰ, যাদৱ পায়েঙৰ।
--সেউজকৰ্ম যাদৱ পায়েঙৰ পেছা নাছিল, নহয়। পেছা-- গো-ম'হ পালন, গাখীৰ বিক্ৰী কৰা। 
"মুলাই অৰণ্য"তে পঁজাঘৰ সাজি সংসাৰ পাতিছে। সংসাৰত পত্নী বিনীতা পায়েং, দুই পুত্ৰ আৰু একমাত্ৰ জীয়ৰি। কিন্তু যাদৱ পায়েঙে কয়-- "আমি চাৰিজনেই নহয়, এই অৰণ্যত থকা চৰাই, হাতী, বাঘ আদিয়ো মোৰ পৰিয়ালৰে।"
মিছিং সম্প্ৰদায়ৰ যাদৱ পায়েংঙৰ জন্ম হৈছিল ১৯৬৩ চনত (সঠিক চন-তাৰিখ তেওঁৰ ভালকৈ মনত নাই যাদৱ পায়েঙৰ।), যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰৰ মাজৰ বৰঘোগ চাপৰিত। পিতৃ লক্ষীৰাম পায়েং। মাতৃ আফুলি পায়েং। তেৰটা সন্তানৰ ভিতৰত যাদৱ আছিল-- তৃতীয়। আৰ্থিক চেপাৰ মাজতে শৈশৱ পাইছিল। অধ্যয়ণৰ মন এটা আছিল বাবেই হয়তো লোকৰ ঘৰত আশ্ৰয় লৈ, কাম কৰি যোৰহাটৰ বালিগাঁৱৰ জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠ বিদ্যালয়ত অধ্যয়ণ পৰ্ব আৰম্ভ কৰিছিল। আগবাঢ়িব নোৱাৰিলে, দশম শ্ৰেণীতে ইতি, আৰ্থিক কাৰণত। "কি কৰিম!" মনত লৈ ঘুৰি ফুৰোতে কৃষি বিজ্ঞানী ড০ যদুনাথ বেজবৰুৱাক লগ পায়। সেই বিজ্ঞানী গৰাকীয়ে আছিল যাদৱ পায়েঙক সেউজবাটৰ সন্ধান দিয়া, গাখীৰ বিক্ৰী কৰি জীৱন বাটত আগবঢ়াৰ বাবে প্ৰেৰণা দিয়া একমাত্ৰ ব্যক্তি।
পায়েং এতিয়াও ৰৈ যোৱা নাই, সেই সাধাৰণ জীৱনশৈলীৰে আজিও নিয়মীয়াকৈ গছ ৰোৱা, গছ প্ৰতিপাল কৰা কাম কৰি আছে। 

         সন্মান ইত্যাদি:
         >> তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত
         কৰা হয়, ২০১৫ চনত।
         >> ১২৮ সংখ্যক কমনৱেলথ পইণ্টছ্ 
        অৱ লাইট এৱাৰ্ড" বঁটাৰ বাবে নিৰ্বাচিত কৰা          হয়, ২০২০ চনত।
        >> মেক্সিকোৰ "আজটেকা" নামৰ বেচৰকাৰী
         সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তিত
         স্বাক্ষৰ, উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ           আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি           ৰোৱাৰ সিদ্ধান্ত।
          >> ইত্যাদি, ইত্যাদি

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...