"দ্য শ্লেমবুক" --প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনা। কাহিনী-পৰিচালকৰ। চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ।
প্ৰথম কথা-- চিনেমা খনৰ প্ৰযোজকৰ বজাৰ চিন্তা নিশ্চয় কলেজৰ ছাত্ৰ-ছাত্ৰী। গতিকে কব পাৰি বিনোদনৰ বাবে চিনেমা চোৱা কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে "দ্য শ্লেমবুক" পছন্দ কৰিব পাৰে। এটা প্ৰেমৰ গল্প আছে। কলেজীয়া দুষ্টামি আছে, কেমেৰাৰ বিশাল ফ্ৰেমত ধৰি ৰখা সংগীত আছে।
কাহিনী আগবাঢ়ে। কাহিনী কলেজ চৌহদৰ বাহিৰলৈ যায়। কাহিনীৰ নায়কৰ পিতৃৰ কৰ্মস্থান সলনি হয়। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নায়িকাৰ পৰা নায়ক আঁতৰি আহে।
নায়িকাৰ জীৱনলৈ সমস্যা আহে। নায়িকাৰ সন্ধানত নায়ক হাহাকাৰৰ মাজত সোমাই পৰে।
আৰু আন দহখন college love story -ৰ দৰে শেষ হয় চিনেমা খনৰ কাহিনী।
--কাহিনীৰ প্ৰসংগত আমি এনেদৰে ক'ব পাৰোঁ, নিৰ্দিষ্ট দৰ্শকক চুব পৰা বা আশৰ্ষণ কৰিব পৰা "মৰম লগা গল্প"। আমাৰ ধাৰণাত-- "মৰম লগা গল্প"টোৰ সৌন্দৰ্য কিছু পৰিমাণে হৃাস হৈছে চিত্ৰনাট্য পৰ্যায়লৈ আহোতে। আৰু কিছু হৃাস হ'ল পৰিচালকৰ হাতত।
আমাৰ ধাৰণাত-- চিত্ৰনাট্যকাৰ পৰিচালকক গল্প কোৱাৰ এটা সুন্দৰ বাট কাটি দিছিল। কেমেৰাৰ ভাষা প্ৰয়োগৰ ধেৰ সুযোগ দিছিল। ফ্লেছবেক প্ৰয়োগৰ ব্লু-প্ৰিণ্ট আছিল পৰিপাটি। কিন্তু পৰিচালকে চিত্ৰনাট্যকাৰে দিয়া সুন্দৰ সুযোগৰ সৎ ব্যৱহাৰ কৰি "চিনে সৌন্দৰ্য" নিৰ্মাণ কৰিব নোৱাৰিলে। --এয়া পৰিচালকৰ প্ৰথম ব্যৰ্থতা।
পৰিচালকৰ দ্বিতীয় ব্যৰ্থতা-- মন্থৰ "চিনে গতিসূত্ৰ" প্ৰয়োগ। ৰৈখিক গতিৰ সললি, বহু সময়ত বৃত্তৰ মাজত সোমাই পৰিছে "কাহিনীৰ গতি"। এই দুৰ্বল দিশটো কেমেৰাৰ ভাষা প্ৰয়োগত সাৱধান হ'লে; আৰু পম্পাদনাৰ টেবুলত কিছু পৰিশ্ৰম কৰিলে হয়তো ঢাক খালে হেতেন! (--হয়, চিনেমা খনৰ আন এটা দুৰ্বল দিশ মম্পাদনা।)
তৃতীয় ব্যৰ্থতা--"কেমেৰা ডিজাইন" ভিডিঅ' চিনেমাৰ পৰ্যয়তে থাকিল। কেইবাটাও বিশাল শ্বট উকা উকা যেন অনুভৱ হ'ল। শ্বটৰ চমক নথকা নহয়; কিন্তু মন চুই যোৱা শ্বট কেইটা, আৰু কেইবাটাও চিকুৱেন্স ৰূপালী গল্পটোৰ সৌন্দৰ্যলৈ ৰূপান্তৰ নহ'ল, অলংকাৰ হৈ থাকিল।
চিনেমা খনৰ দৈৰ্ঘৰ ৭০-৭৫% ভাগতে আমাৰ অনুভৱ-- পৰিচালকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল! (যদি "পৰিশ্ৰম"ৰ বাট ইমানতে শেষ-- সেয়া চৰ্চাৰ বাট মুকলি থকা অন্য বিষয়।)
(আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন