সরাসরি প্রধান সামগ্রীতে চলে যান

দ্য শ্লেমবুক : এটা প্ৰেমৰ গল্প

"দ্য শ্লেমবুক" --প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনা। কাহিনী-পৰিচালকৰ। চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। 
প্ৰথম কথা-- চিনেমা খনৰ প্ৰযোজকৰ বজাৰ চিন্তা নিশ্চয় কলেজৰ ছাত্ৰ-ছাত্ৰী। গতিকে কব পাৰি বিনোদনৰ বাবে চিনেমা চোৱা কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে "দ্য শ্লেমবুক" পছন্দ কৰিব পাৰে। এটা প্ৰেমৰ গল্প আছে। কলেজীয়া দুষ্টামি আছে, কেমেৰাৰ বিশাল ফ্ৰেমত ধৰি ৰখা সংগীত আছে।
কাহিনী আগবাঢ়ে। কাহিনী কলেজ চৌহদৰ বাহিৰলৈ যায়। কাহিনীৰ নায়কৰ পিতৃৰ কৰ্মস্থান সলনি হয়। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নায়িকাৰ পৰা নায়ক আঁতৰি আহে। 
নায়িকাৰ জীৱনলৈ সমস্যা আহে। নায়িকাৰ সন্ধানত নায়ক হাহাকাৰৰ মাজত সোমাই পৰে। 
আৰু আন দহখন  college love story -ৰ দৰে শেষ হয় চিনেমা খনৰ কাহিনী। 
--কাহিনীৰ প্ৰসংগত আমি এনেদৰে ক'ব পাৰোঁ, নিৰ্দিষ্ট দৰ্শকক চুব পৰা বা আশৰ্ষণ কৰিব পৰা "মৰম লগা গল্প"। আমাৰ ধাৰণাত-- "মৰম লগা গল্প"টোৰ সৌন্দৰ্য কিছু পৰিমাণে হৃাস হৈছে চিত্ৰনাট্য  পৰ্যায়লৈ আহোতে। আৰু কিছু হৃাস হ'ল পৰিচালকৰ হাতত।
আমাৰ ধাৰণাত-- চিত্ৰনাট্যকাৰ পৰিচালকক গল্প কোৱাৰ এটা সুন্দৰ বাট কাটি দিছিল। কেমেৰাৰ ভাষা প্ৰয়োগৰ ধেৰ সুযোগ দিছিল। ফ্লেছবেক প্ৰয়োগৰ ব্লু-প্ৰিণ্ট আছিল পৰিপাটি। কিন্তু পৰিচালকে চিত্ৰনাট্যকাৰে দিয়া সুন্দৰ সুযোগৰ সৎ ব্যৱহাৰ কৰি "চিনে সৌন্দৰ্য" নিৰ্মাণ কৰিব নোৱাৰিলে। --এয়া পৰিচালকৰ প্ৰথম ব্যৰ্থতা।
পৰিচালকৰ দ্বিতীয় ব্যৰ্থতা-- মন্থৰ "চিনে গতিসূত্ৰ" প্ৰয়োগ। ৰৈখিক গতিৰ সললি, বহু সময়ত বৃত্তৰ মাজত সোমাই পৰিছে "কাহিনীৰ গতি"। এই দুৰ্বল দিশটো কেমেৰাৰ ভাষা প্ৰয়োগত সাৱধান হ'লে; আৰু পম্পাদনাৰ টেবুলত কিছু পৰিশ্ৰম কৰিলে হয়তো ঢাক খালে হেতেন! (--হয়, চিনেমা খনৰ আন এটা দুৰ্বল দিশ মম্পাদনা।)
তৃতীয় ব্যৰ্থতা--"কেমেৰা ডিজাইন" ভিডিঅ' চিনেমাৰ পৰ্যয়তে থাকিল। কেইবাটাও বিশাল শ্বট উকা উকা যেন অনুভৱ হ'ল। শ্বটৰ চমক নথকা নহয়; কিন্তু মন চুই যোৱা শ্বট কেইটা, আৰু কেইবাটাও চিকুৱেন্স ৰূপালী গল্পটোৰ সৌন্দৰ্যলৈ ৰূপান্তৰ নহ'ল, অলংকাৰ হৈ থাকিল।
চিনেমা খনৰ দৈৰ্ঘৰ ৭০-৭৫% ভাগতে আমাৰ অনুভৱ-- পৰিচালকৰ পৰিশ্ৰমৰ প্ৰয়োজন আছিল! (যদি "পৰিশ্ৰম"ৰ বাট ইমানতে শেষ-- সেয়া চৰ্চাৰ বাট মুকলি থকা অন্য বিষয়।)
(আৰু আছে)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...