"Eye-catching colors, larger-than-life typography, and exciting graphics help to conjure up a cinematic experience in static form, while images of well-known movie stars help to connect with fans." --এই প্ৰসংগ আগলৈ।
চিনেমাৰ প্ৰচাৰ পৰিকল্পনা (Publicity Design) -ৰ শিক্ষা film journalism -ৰে এটা ভাগ। মুম্বাইৰ পৰা উভতি আহি ঠিক কৰিছিলোঁ-- অসমীয়া চিনেমাৰ প্ৰচাৰ পৰিকল্পনাৰ কামো কৰিম সাংবাদ কৰ্মৰ লগতে! ২০০২ চনৰ শেষৰ ফালে দৈনিক কাকত "আজি"ত যোগ দিলোঁ। আৰু সেই সময়তে কেইবা গৰাকীও চিনেমা নিৰ্মাতাৰ ওচৰলৈ গৈছিলো-- প্ৰচাৰ পৰিকল্পনাৰ কাম বিছাৰি।
বহু চেষ্টাৰ পাছত এটা কাম পাইছিলোঁ। নিৰ্মাতা গৰাকীয়ে নিৰ্দিষ্ট তাৰিখ এটাত মাতি মোৰ হাতত বন্ধ খাম এটা তুলি দিছিল। কৈছেল-- "পেকেজৰ প্ৰথম অংশ!" মই লৈ যোৱা প্ৰচাৰ পৰিকল্পনাৰ ব্লু-প্ৰিণ্ট খন দেখুৱাব খোজাত নিৰ্মাতা গৰাকীয়ে কোৱা "কথা"ৰ পৰা বুজিছিলো-- প্ৰচাৰ পৰিকল্পনাৰ কোনো প্ৰয়োজন নাই! "পেকেজৰ প্ৰথম অংশ!" বুলি দিয়া বন্ধ খামত চিনেমা খনৰ "খবৰ" আৰু টকা এহেজাৰ আছে। "আজি"ৰ নিৰ্দিষ্ট পৃষ্ঠাটোত ছপালে হ'ল।
"পেকেজৰ প্ৰথম অংশ" নিৰ্মাতা গৰাকীক উভতাই দি মই ওভতিছিলো।
তেতিয়াৰ পৰা বুজিছিলোঁ-- "প্ৰচাৰ পৰিকল্পনা" প্ৰতি আগ্ৰহ নাই অসমীয়া চিনেমাৰ নিৰ্মাতাৰ! শ্বুটিং ৰিপ'ৰ্ট, গতানুগতিক খবৰ, সাক্ষাৎকাৰ আদিৰে চলি থাকিল অসমীয়া চিনেমাৰ প্ৰচাৰ। এই যে শ্বুটিং ৰিপ'ৰ্ট ইত্যাদিৰে "প্ৰচাৰ", কোনো "প্ৰচাৰ পৰিকল্পনা" অংশ নাছিল। নিৰ্দিষ্ট কাকত-আলোচনীৰ সাংবাদিকৰহে "চিন্তা" বা "চখ" আছিল।
আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ "প্ৰচাৰ পৰিকল্পনা"ৰ গুৰুত্ব বাঢ়িল সামাজিক মাধ্যমৰ গুৰুত্ব বঢ়াৰ পাছত। আৰম্ভ হয়-- জুবিন গাৰ্গৰ "মিছন চাইনা"ৰে।
জুবিনৰ চিনেমা, "জুবিন ইমেজ"ৰ চিনেমা!
--প্ৰচাৰ পৰিকল্পনা আছিল আছিল জুবিন কেন্দ্ৰীক। "জুবিন ইমেজ"ৰ বুনিয়াদত ঠিয় হৈ জুবিনে কৰা প্ৰচাৰ পৰিশ্ৰমৰ বাবে এটা ঢৌৰ সৃষ্টি হৈছিল, চিনেমা প্ৰেমীৰ মুখে মুখে বাগৰিছিল-- "দৌৰি দৌৰি যাম,মিচন চাইনা চাম"। (সেই সময়ত বিভিন্ন "কাৰণ"ত চৰ্চাৰ মাজত জুবিন সোমাই পৰিছিল যে! --সেয়াও প্ৰচাৰৰে অংশ আছিল নেকি?)
চিত্ৰগৃহলৈ আহিছিল জুবিন গাৰ্গৰ "কাঞ্চনজংঘা"। জুবিন গাৰ্গৰ এই চিনেমা খন চিনেমাৰ পৰিচালনাত বিশেষ প্ৰচাৰত নতুনত্ব নাছিল। একে ধৰণে, পূৰ্বৰ খনৰ দৰে প্ৰচাৰ চলাই গৈছিল! "জুবিনৰ চিনেমাৰ ঢৌ" কিছু কমিছিল।
অসমীয়া চিনেমাৰ বজাৰৰ সীমা "মিছন চাইনা"তে শেষ নেকি? --এনে ধৰণৰ চৰ্চা হোৱাৰ সময়তে চিত্ৰগৃহলৈ আহিছিল "ৰত্নাকৰ"। যতীন বৰাৰ পৰিচালনা। এই চিনেমা খনেই দিছিল চৰ্চাৰ উত্তৰ, অসমীয়া চিনেমাৰ বজাৰ "মিছন চাইনা"তে শেষ নহয়।
"ৰত্নাকৰ"ৰ box office collection (total) collection ৯,৪৮,১৬,২৬০ টকা। ("ৰত্নাকৰ" চৰ্চা পাছলৈ ৰাখিলো।)
আৰু শেহতীয়া চৰ্চা: "শ্ৰী ৰঘুপতি"ৰ box office collection (total) ১০ কোটি টকাতকৈ বেছি, মাত্ৰ ২১ দিনত।
--চিনেমা খনৰ এই সফলতাৰ কাৰণ?
সু-পৰিকল্পিত প্ৰচাৰ।
আমাৰ ধাৰণাত "আমি প্ৰচাৰ কৰা নাই" বুলিয়ো সুন্দৰ প্ৰচাৰ কৰিলে চিনেমা খনৰ নায়ক ৰবি শৰ্মাই।
চিনেমাত সু-পৰিকল্পিত "ৰাজনৈতিক প্ৰচাৰ" প্ৰথম বাৰলৈ অনুভৱ কৰিলোঁ।
প্ৰচাৰৰ প্ৰথম বিন্দু -- "কা আন্দোলন"।
দ্বিতীয় বিন্দু-- মুখ্যমন্ত্ৰী, সীমান্ত শেখৰ ...।
তৃতীয় বিন্দু-- কংগ্ৰেছ নেতা।
চতুৰ্থ বিন্দু-- অখিল গগৈ।
--এই বিন্দু কেইটা কেনেদৰে "প্ৰচাৰ ৰেখা"লৈ ৰূপান্তৰ হৈছে চৰ্চা কৰিম। আগলৈ। (ক্ৰমশ:)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন