সরাসরি প্রধান সামগ্রীতে চলে যান

কিয় সফল হৈছিল "ৰত্নাকৰ", কিয় সফল "শ্ৰী ৰঘুপতি" /১

"Eye-catching colors, larger-than-life typography, and exciting graphics help to conjure up a cinematic experience in static form, while images of well-known movie stars help to connect with fans." --এই প্ৰসংগ আগলৈ।
-----------------------------------------------------------
চিনেমাৰ প্ৰচাৰ পৰিকল্পনা (Publicity Design) -ৰ শিক্ষা film journalism -ৰে এটা ভাগ। মুম্বাইৰ পৰা উভতি আহি ঠিক কৰিছিলোঁ-- অসমীয়া চিনেমাৰ প্ৰচাৰ পৰিকল্পনাৰ কামো কৰিম সাংবাদ কৰ্মৰ লগতে! ২০০২ চনৰ শেষৰ ফালে দৈনিক কাকত "আজি"ত যোগ দিলোঁ। আৰু সেই সময়তে কেইবা গৰাকীও চিনেমা নিৰ্মাতাৰ ওচৰলৈ গৈছিলো-- প্ৰচাৰ পৰিকল্পনাৰ কাম বিছাৰি। 
বহু চেষ্টাৰ পাছত এটা কাম পাইছিলোঁ। নিৰ্মাতা গৰাকীয়ে নিৰ্দিষ্ট তাৰিখ এটাত মাতি মোৰ হাতত বন্ধ খাম এটা তুলি দিছিল। কৈছেল-- "পেকেজৰ প্ৰথম অংশ!" মই লৈ যোৱা প্ৰচাৰ পৰিকল্পনাৰ ব্লু-প্ৰিণ্ট খন দেখুৱাব খোজাত নিৰ্মাতা গৰাকীয়ে কোৱা "কথা"ৰ পৰা বুজিছিলো-- প্ৰচাৰ পৰিকল্পনাৰ কোনো প্ৰয়োজন নাই! "পেকেজৰ প্ৰথম অংশ!" বুলি দিয়া বন্ধ খামত চিনেমা খনৰ "খবৰ" আৰু টকা এহেজাৰ আছে। "আজি"ৰ নিৰ্দিষ্ট পৃষ্ঠাটোত ছপালে হ'ল।
"পেকেজৰ প্ৰথম অংশ" নিৰ্মাতা গৰাকীক উভতাই দি মই ওভতিছিলো।
 তেতিয়াৰ পৰা বুজিছিলোঁ-- "প্ৰচাৰ পৰিকল্পনা" প্ৰতি আগ্ৰহ নাই অসমীয়া চিনেমাৰ নিৰ্মাতাৰ! শ্বুটিং ৰিপ'ৰ্ট, গতানুগতিক খবৰ, সাক্ষাৎকাৰ আদিৰে চলি থাকিল অসমীয়া চিনেমাৰ প্ৰচাৰ। এই যে শ্বুটিং ৰিপ'ৰ্ট ইত্যাদিৰে "প্ৰচাৰ", কোনো "প্ৰচাৰ পৰিকল্পনা" অংশ নাছিল। নিৰ্দিষ্ট কাকত-আলোচনীৰ সাংবাদিকৰহে "চিন্তা" বা "চখ" আছিল।
 আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ "প্ৰচাৰ পৰিকল্পনা"ৰ গুৰুত্ব বাঢ়িল সামাজিক মাধ্যমৰ গুৰুত্ব বঢ়াৰ পাছত। আৰম্ভ হয়-- জুবিন গাৰ্গৰ "মিছন চাইনা"ৰে। 
 জুবিনৰ চিনেমা, "জুবিন ইমেজ"ৰ চিনেমা!
 --প্ৰচাৰ পৰিকল্পনা আছিল আছিল জুবিন কেন্দ্ৰীক। "জুবিন ইমেজ"ৰ বুনিয়াদত ঠিয় হৈ জুবিনে কৰা প্ৰচাৰ পৰিশ্ৰমৰ বাবে এটা ঢৌৰ সৃষ্টি হৈছিল, চিনেমা প্ৰেমীৰ মুখে মুখে বাগৰিছিল-- "দৌৰি দৌৰি যাম,মিচন চাইনা চাম"। (সেই সময়ত বিভিন্ন "কাৰণ"ত চৰ্চাৰ মাজত জুবিন সোমাই পৰিছিল যে! --সেয়াও প্ৰচাৰৰে অংশ আছিল নেকি?) 
চিত্ৰগৃহলৈ আহিছিল জুবিন গাৰ্গৰ "কাঞ্চনজংঘা"। জুবিন গাৰ্গৰ এই চিনেমা খন চিনেমাৰ পৰিচালনাত বিশেষ প্ৰচাৰত নতুনত্ব নাছিল। একে ধৰণে, পূৰ্বৰ খনৰ দৰে প্ৰচাৰ চলাই গৈছিল! "জুবিনৰ চিনেমাৰ ঢৌ" কিছু কমিছিল।
অসমীয়া চিনেমাৰ বজাৰৰ সীমা "মিছন চাইনা"তে শেষ নেকি? --এনে ধৰণৰ চৰ্চা হোৱাৰ সময়তে চিত্ৰগৃহলৈ আহিছিল "ৰত্নাকৰ"। যতীন বৰাৰ পৰিচালনা। এই চিনেমা খনেই দিছিল চৰ্চাৰ উত্তৰ, অসমীয়া চিনেমাৰ বজাৰ "মিছন চাইনা"তে শেষ নহয়। 
"ৰত্নাকৰ"ৰ  box office collection (total) collection  ৯,৪৮,১৬,২৬০ টকা। ("ৰত্নাকৰ" চৰ্চা পাছলৈ ৰাখিলো।) 
আৰু শেহতীয়া চৰ্চা: "শ্ৰী ৰঘুপতি"ৰ box office collection (total) ১০ কোটি টকাতকৈ বেছি, মাত্ৰ ২১ দিনত। 
--চিনেমা খনৰ এই সফলতাৰ কাৰণ? 
সু-পৰিকল্পিত প্ৰচাৰ। 
আমাৰ ধাৰণাত "আমি প্ৰচাৰ কৰা নাই" বুলিয়ো সুন্দৰ প্ৰচাৰ কৰিলে চিনেমা খনৰ নায়ক ৰবি শৰ্মাই। 
চিনেমাত সু-পৰিকল্পিত "ৰাজনৈতিক প্ৰচাৰ" প্ৰথম বাৰলৈ অনুভৱ কৰিলোঁ। 
           প্ৰচাৰৰ প্ৰথম বিন্দু -- "কা আন্দোলন"।
           দ্বিতীয় বিন্দু-- মুখ্যমন্ত্ৰী, সীমান্ত শেখৰ ...।
           তৃতীয় বিন্দু-- কংগ্ৰেছ নেতা।
           চতুৰ্থ বিন্দু-- অখিল গগৈ।
           --এই বিন্দু কেইটা কেনেদৰে "প্ৰচাৰ ৰেখা"লৈ ৰূপান্তৰ হৈছে চৰ্চা কৰিম। আগলৈ। (ক্ৰমশ:)
   

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...